SCERT class 7 Assamese Chapter 14 বিদ্যা free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Assamese Chapter 14
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese chapter 14 ( পাঠ ১৪ বিদ্যা) solutions.
বিদ্যা
পাঠ ১৪
ক- পাঠভিত্তিক ক্ৰিয়া
ক্ৰিয়া-কলাপ
প্ৰশ্ন ১ ৷ পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া ৷
উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে পঢ়া ৷
প্ৰশ্ন ২ ৷ পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখা ৷
উত্তৰ— প্রয়ােজনীয় আহিলা–পাতি অবিহনে কোনো কাম সুকলমে কৰিব নোৱাৰি ৷ যেনে- কলম নহ’লে লিখিব নােৱাৰি, হাল নহ’লে কৰ্ষন কৰিব নােৱাৰি, চৰু নহ’লে ৰান্ধিব নােৱাৰি । ভাল আহিলা–পাতি থাকিলেহে যেনেকৈ কামটো কৰিব পাৰি, তাত সফলতা লাভ কৰিব পাৰি ঠিক তেনেদৰে আমি জীৱনত উন্নতি কৰিবৰ বাবেও তাৰ আহিলা স্বৰূপ বিদ্যা লাগিব ৷ বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ কঠিন ৷ পৃথিৱীত নাম জ্বলা ব্যক্তিসকলৰ জীৱনলৈ চালেই এই কথাৰ উমান পোৱা যায় ৷ অৰ্থাৎ বিদ্যাৰ গৰাকীয়েহে পৃথিৱীত নাম জ্বলাব পাৰে ৷
বিদ্যাই মানুহৰ মন পােহৰ কৰে ৷ বিদ্যাই মনৰ আন্ধাৰ দূৰ কৰি মন ফৰকাল নকৰিলে জগতত এখােজো দিব নােৱাৰে ৷ গতিকে উদ্গতি কৰিবলৈ হ’লে বিদ্যা অর্জন কৰিবই লাগিব ।
প্ৰশ্ন ৩ ৷ উত্তৰ লিখা ৷
(ক) লিখন, কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় ?
উত্তৰ— লিখন কাম কৰিবলৈ কাপ, কর্ষণ কাম কৰিবলৈ হাল আৰু ৰন্ধন কাম কৰিবলৈ চৰুৰ প্রয়ােজন হয় ৷
(খ) সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয় ?
উত্তৰ— সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলা-পাতিৰ প্রয়ােজন হয় ৷
(গ) উদ্গতিৰ ঘাই আহিলা কি ?
উত্তৰ— উদ্গতিৰ ঘাই আহিলা বিদ্যা ৷
(ঘ) বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে ?
উত্তৰ— বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে ৷
(ঙ) কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় ?
উত্তৰ— বিদ্যাৰে মন পােহৰাই ল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় ৷
(চ) পৃথিৱীত নাম উজলাবলৈ কি আয়ত্ত কৰিব লাগিব ?
উত্তৰ— পৃথিৱীত নাম উজলাবলৈ বিদ্যা আয়ত্ত কৰিব লাগিব ৷
(ছ) কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে ?
উত্তৰ— লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নােৱাৰে ৷
প্ৰশ্ন ৪ ৷ সত্য নে অসত্য লিখা ৷
(ক) কাপ নহ’লে লিখন কাম কৰিব নোৱাৰি ৷
উত্তৰ— সত্য ৷
(খ) বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে ৷
উত্তৰ— অসত্য ৷
(গ) হাল ন’হলে কৰ্ষন কৰিব নোৱাৰি ৷
উত্তৰ— সত্য ৷
(ঘ) আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল ৷
উত্তৰ— অসত্য ৷
প্ৰশ্ন ৫৷ খালী ঠাই পূৰ কৰা ৷
(ক) লাগতিয়াল ——- যতনাই নল’লে কোনো কাম ——- কৰিব নোৱাৰি ৷
উত্তৰ— লাগতিয়াল আহিলা–পাতি যতনাই নল’লে কোনো কাম সুকলমে কৰিব নোৱাৰি ৷
(খ) এইবোৰ কামৰ যেনে ——- আহিলা আছে, ——– কামৰো তেনে সুকীয়া ——- আছে ৷
উত্তৰ— এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদগতিৰ কামৰো তেনে সুকীয়া আহিলা আছে ৷
(গ) বিদ্যাই ——- কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ——– লগাবলৈ ঠাই দেখা নাপায় ৷
উত্তৰ— বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায় ৷
(ঘ) ——- নহ’লে লিখন কাম কৰিব নোৱাৰি ৷
উত্তৰ— কাপ নহ’লে লিখন কাম কৰিব নোৱাৰি ৷
(ঘ) বিদ্যাৰে মন ——- নল’লে সংসাৰত ——- কৰিবলৈ সুচল নহয় ৷
উত্তৰ— বিদ্যাৰে মন পােহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয় ৷
খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ) – Class 7 Assamese
জানো আহাকাপ নহ’লে লিখন কাম কৰিব নোৱাৰিচৰু নহ’লে ৰান্ধন কাম কৰিব নোৱাৰি ৷ওপৰত উল্লেখ কৰা বাক্য দুটাত থকা ‘লিখন’ আৰু ‘ৰান্ধন’ শব্দ দুটাই কোনো কাৰ্যৰ বিষয়ে বুজাইছে ৷ এইদৰে যি পদে ক্ৰিয়াৰ কাৰ্য বুজায় তাক ক্ৰিয়াবাচক বিশেষ্য বোলে ৷ ‘ৰান্ধন’, ‘লিখন’ শব্দ দুটাৰ দৰে, ‘খাৱন’, ‘শোৱন’, ‘পঠন’ আদি ক্ৰিয়াবাচক বিশেষ্য বোলে ৷ ‘ৰান্ধন’, ‘লিখন’ শব্দ দুটাৰ দৰে, ‘খাৱন’, ‘শোৱন’, ‘পঠন’ আদি ক্ৰিয়াবাচক বিশেষ্য ৷ |
প্ৰশ্ন ৬ ৷ তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্ৰিয়াবাচক বিশেষ্য পদবোৰ বাছি উলিওৱা ৷
পোহৰাই, খোৱা, ৰান্ধন, কথন, লিখন, শোৱা, দাৱন, পঢ়ন |
উত্তৰ— প্রশ্নত দিয়া শব্দবােৰৰ ভিতৰত ৰান্ধন, কথন, লিখন, দাৱন, পঢ়ন — এই শব্দকেইটা ক্রিয়াবাচক বিশেষ্য পদ ৷
প্ৰশ্ন ৭ ৷ উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা ৷
উত্তৰ—
শ্ৰী + মন্ত = শ্ৰীমন্ত | সুশ্ৰী, ৰূপৱন্ত |
শক্তি + মন্ত = শক্তিমন্ত | সবল, শক্তিশালী |
খ্যাতি + মন্ত = খ্যাতিমন্ত | সুনাম থকা ব্যক্তি |
ৰূপ + ৱন্ত = ৰূপৱন্ত | ধুনীয়া, অপৰূপ |
আঢ্য + ৱন্ত = আঢ্যৱন্ত | ধনৱান, ধনাঢ্য |
গুন + ৱন্ত = গুনৱন্ত | গুনৱান, সদগুণী |
প্ৰশ্ন ৮ ৷ সমাৰ্থক শব্দবোৰ আঁচ টানি মিলোৱা ৷
উত্তৰ—
সুকলমে | অনায়েসে |
সুকীয়া | পৃথক |
বৃথা | নিষ্ফল |
ফৰকাল | পৰিষ্কাৰ |
পোহৰ | আলোক |
লাগতিয়াল | প্ৰয়োজনীয় |
প্ৰশ্ন ৯ ৷ বাঁওফালৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোৰ ভিতৰত লিখা ৷
উত্তৰ—
শব্দ | বিপৰীত অৰ্থ বুজোৱা শব্দ |
লাগতিয়াল | অলাগতীয়াল |
উদ্গতি | অধোগতি |
বিদ্যাহীন | বিদ্যাৱন্ত |
আন্ধাৰ | পোহৰ |
প্ৰশ্ন ১০ ৷ বাক্য ৰচনা কৰা ৷
খ্যাতিমন্ত, উদ্গতি, পৃথিৱী, খনিকৰ, বৃথা
উত্তৰ—
খ্যাতিমন্ত → খ্যাতিমন্ত ব্যক্তিসকলৰ জীৱনী পঢ়ি বহু কথা শিকিব পাৰি ৷
উদ্গতি → নিয়মানুৱৰ্ততা হৈছে উদ্গতি লাভৰ প্ৰথম ঢাপ ৷
পৃথিৱী → পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে ৷
খনিকৰ → লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নােৱাৰে ৷
বৃথা → শিক্ষা অবিহনে জীৱন বৃথা ৷
প্ৰশ্ন ১১ ৷ দলত আলোচনা কৰি লিখা ৷
‘ৰান্ধন’ শব্দটোৰ পৰা ৰান্ধনি, ৰান্ধনী, ৰান্ধনিশাল, ৰান্ধনি-বেলি আদি অনেক শব্দ সাজিব পাৰি ৷ ‘বিদ্যা’ শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা ৷
উত্তৰ— ‘বিদ্যা’ শব্দটোৰ পৰা সাজিব পৰা শব্দবোৰ হৈছে- বিদ্যাৱন্ত, বিদ্যাৱতী, বিদ্যালয়, বিদ্যাহীন ৷
SL. No. | Contents (Class 7 Assamese) |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপোৰ |
পাঠ-3 | পণ্ডিত আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ মানসিকতা |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্ৰত্যাহ্বান |
পাঠ-11 | গছ ভালপোৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
প্ৰশ্ন ১২ ৷ তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা ৷ (অভিধানৰ ক্ৰমত)
যশস্যা, সকাম, সুচল, কৰ্ষণ, আলম, লিখনি, ৰশ্মি, বৃথা, চৰু, গভীৰ, খনিকৰ, ধন ৷
উত্তৰ— আলম , কর্ষণ , খনিকৰ , গভীৰ , চক , বৃথা , যশস্যা , ৰশ্মি , লিখনি , সকাম , সুচল ৷
গ- জ্ঞান সম্প্ৰসাৰণ (Class 7 Assamese Chapter 14)
প্ৰশ্ন ১৩ ৷ তুমি পঢ়া শিশু আলোচনী এখনৰ পৰা তোমাৰ ভাল লগা কবিতা বা গল্প দলত পঢ়ি শুনোৱা ৷
কাৰ কি মাত
বাঘ সিংহই গোজৰ মাৰে
পাৰই দিয়ে ৰুণ,
ভোমোৰা আৰু মৌ-মাখিয়ে
কৰে গুণ্ গুণ্ ৷
শিয়ালে কৰে হোৱা হোৱা
কুকুৰবোৰে ভুকে,
মেকুীয়ে মিউ মিউকৈ
ফুৰে চুকে চুকে ৷
ছাগলীবোৰে বেবাই ফুৰে
গৰুৱে হেম্বেলিয়ায়,
কাউৰীবোৰে গছৰ আগত
থাকে ৰমলিয়াই ৷
চিৰিক্ চিৰিক্ কৰি মাতে
ঘৰ-চিৰিকা জাকে,
সোণ মইনাই কি কৰেনো?
কলকলাই থাকে ৷
প্রশ্ন ১৪। আগৰ দিনত ৰন্ধনৰ কাৰণে ‘চৰু’ ব্যৱহাৰ কৰিছিল । বর্তমান সময়ত আমি ‘চৰু’ৰ উপৰি আন কি কি আহিলাৰে বন্ধা-বঢ়া কৰোঁ, লিখা ৷
উত্তৰ— বর্তমান সময়ত ‘চৰু’ৰ উপৰি কেৰাহী, চচ, কুকাৰ, পিতলৰ টৌ আদি ব্যৱহাৰ কৰা হয় ৷
প্রশ্ন ১৫। খেতি কৰিবলৈ যিদৰে আমাৰ কেইবা বিধো সঁজুলিৰ প্রয়ােজন, ঠিক সেইদৰে লিখা-পঢ়া কৰিবলৈ প্রয়ােজন হােৱা সামগ্রীবােৰ কি কি ?
উত্তৰ— ফলি, পেঞ্চিল, কাগজ, কাঠ-পেঞ্চিল, ৰবৰ, স্কেল, পেন, কিতাপ আদি ব্যৱহাৰ কৰা হয় ৷
(adsbygoogle = window.adsbygoogle || []).push({});