SCERT class 7 Assamese Chapter 9 অসম free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Assamese Chapter 9
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 9 ( পাঠ 9 অসম) solutions.
অসম
পাঠ ৯ (Class 7 Assamese)
ক- পাঠভিত্তিক ক্ৰিয়া
ক্ৰিয়া-কলাপ
প্ৰশ্ন ১। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া ৷
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷
প্ৰশ্ন ২। কোৱা
(ক) লেখকে কোনখন ঠাইক ‘স্বৰ্গতো অধিক জনমভূমি’ বুলি কৈছে ৷
উত্তৰ— লেখকে অসমখনক ‘স্বৰ্গতাে অধিক জনম ভূমি’ বুলি কৈছে ।
(খ) প্রাচীন কালত আমাৰ ৰাজ্যৰ কোন ছােৱাক সৌমাৰপীঠ বােলা হৈছিল ?
উত্তৰ— প্রাচীন কালত আমাৰ ৰাজ্যৰ ৰাজ্যৰ উজনি ছােৱাক সৌমাৰপীঠ বােলা হৈছিল ।
(গ) ইতিহাসৰ মতে কাৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ’ল ?
উত্তৰ— ইতিহাসৰ মতে আহােমসকলৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ’ল ।
(ঘ) আমাৰ সকলাে শক্তি কিহৰ সেৱাত লগাব লাগিব ?
উত্তৰ— আমাৰ সকলাে শক্তি স্বদেশৰ সেৱাত লগাব লাগিব ।
(ঙ) ইংৰাজ গৱৰ্ণমেন্টে প্রথমে এই দেশৰ নাম কি বুলি লিখিছিল ?
উত্তৰ— ইংৰাজ গৱৰ্ণমেন্টে প্রথমে এই দেশৰ নাম ‘ASAM ‘ বুলি লিখিছিল ।
(চ) অসমক কোনে ‘অসমৰ দেশ‘ বুলি কৈছিল ?
উত্তৰ— অসমক মুছলমান বুৰঞ্জী লেখকে ‘অসমৰ দেশ’ বুলি কৈছিল ।
প্ৰশ্ন ৩। উত্তৰ লিখা ৷
(ক) প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল ?
উত্তৰ— প্রাচীন কামৰূপৰ দক্ষিণ সীমা বঙ্গোপসাগৰলৈকে বিস্তৃত আছিল ।
(খ) সৌম্য ৰাজ্যত থকা আর্য সন্তানসকলক কি বােলা হৈছিল ?
উত্তৰ— সৌম্য ৰাজ্যত থকা আর্য সন্তানসকলক সৌম্য বা সোম বােলা হৈছিল ।
(গ) সৌমাৰৰ সােমসকলে স্বান জাতীয় লােকলক কি বুলি মাতিছিল ?
উত্তৰ— সৌমাৰৰ সােমসকলে স্বান জাতীয় লােকসকলক ‘আসােম’ বা ‘অসম‘ বুলি মাতিছিল ।
(ঘ) চুকাফা ৰজাই কি পর্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল ?
উত্তৰ— চুকাফা ৰজাই পাটকাই পর্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল ।
প্ৰশ্ন ৪। ‘ক’ অংশৰ বাকচত থকা শব্দ কেইটাৰ অৰ্থ ‘গ’ অংশৰ বাকচত আছে । এতিয়া তাৰ পৰা উপযুক্ত অর্থ বিচাৰি ‘খ’ অংশৰ বাকচত লিখা ।
‘ক’ অংশ | ‘খ’ অংশ | ‘গ’ অংশ |
চিৰস্মৰণীয় | প্রাণপণ চেষ্টা | |
কীর্তিকলাপ | গভীৰভাৱে তথ্য বিচাৰি চোৱা , অন্বেষণ | |
আহােপুৰুষাৰ্থ | মাটিৰ তলৰ পৰা পানী ওলােৱাৰ বাট বা বিন্ধা | |
অনুসন্ধান | স্বাধীন | |
স্বতন্ত্ৰ | ভাল কামৰ পৰিচয়মূলক কার্যাৱলী | |
সন্তোষ | সদায় মনত ৰাখিবৰ যােগ্য | |
উঁহ | আনন্দ, হৰ্ষ |
উত্তৰ—
‘ক’ অংশ | ‘খ’ অংশ |
চিৰস্মৰণীয় | সদায় মনত ৰাখিবৰ যােগ্য |
কীর্তিকলাপ | ভাল কামৰ পৰিচয়মূলক কার্যাৱলী |
আহােপুৰুষাৰ্থ | প্রাণপণ চেষ্টা |
অনুসন্ধান | গভীৰভাৱে তথ্য বিচাৰি চোৱা , অন্বেষণ |
স্বতন্ত্ৰ | স্বাধীন |
সন্তোষ | আনন্দ, হৰ্ষ |
উঁহ | মাটিৰ তলৰ পৰা পানী ওলােৱাৰ বাট বা বিন্ধা |
প্ৰশ্ন ৫। উত্তৰ লিখা ৷
(ক) অসম নামৰ উৎপত্তি কেনেকৈ হ’ল ?
উত্তৰ— স্বান জাতীয় চুকাফা ৰজাই পাটকাই পর্বত পাৰ হৈ আহি উজনিৰ সৌম্যৰাজ্য অধিকাৰ কৰে ৷ সৌম্য ৰাজ্যৰ সােমবিলাকে স্বান জাতীয় মানুহবিলাকক ‘আসােম’ বা ‘অসম’ বুলিছিল ৷ ‘আসােম’ বা ‘অসম’ শব্দ পিছত ‘আহােম’ বা ‘অসম’লৈ ৰূপান্তিত হ’ল ৷ আহােম বা অসম জাতিয়ে অধিকাৰ কৰা ৰাজ্যখনৰ নামাে অসম বুলি জনাজাত হ’ল ৷ এইদৰেই অসম নামৰ উৎপত্তি হ’ল ৷
(খ) বর্তমান অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে ?
উত্তৰ— বর্তমান অসমীয়া জাতিটো অনেক জাতি আৰু উপজাতি, আর্য আৰু অনাৰ্যৰ সংমিশ্রণত গঠিত হৈছে ৷
(গ) অসমীয়া জাতিক এটা আদর্শ জাতিৰূপে গঢ়িবলৈ আমি কি কি কৰা উচিত ?
উত্তৰ— অসমীয়া জাতিক এটা আদর্শ জাতিৰূপে গঢ়িবলৈ আমি প্রথমতে আমাৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব; সাধাৰণ শিক্ষাৰ সোঁত প্রবলভাৱে বােৱাই দিব লাগিব আৰু ধর্মনীতিৰ বিমল কিৰণেৰে গােটেই দেশক আলােকিত কৰিব লাগিব ৷
(ঘ) অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে ?
উত্তৰ— অসমৰ গৌৰৱ বঢ়াবলৈ আমি অসমৰ ভাষা–সাহিত্য–সংস্কৃতিৰ পূর্ণ বিকাশ ঘটাবলৈ অহােপুৰুৰ্থ কৰিব লাগে । বিভিন্ন জাতি– জনগােষ্ঠীৰ বাসস্থান অসমত ঐক্য–সংহতিৰে শান্তি–সম্প্রীতি বজাই ৰাখিবলৈ সচেষ্ট হ’ব লাগিব । শিক্ষা আৰু ধর্মনীতিৰ বিমল কিৰণেৰে অসমক আলােকিত কৰিব লাগিব ।
প্ৰশ্ন ৬। বিভিন্ন কালত অসমক কি কি নামেৰে জনা গৈছিল , ক-অংশৰ লগত খ-অংশ মিলােৱা ৷
‘ক’ অংশ ইংৰাজৰ শাসনকালত বৈদিক যুগত পৌৰাণিক যুগত তান্ত্রিক যুগত বর্তমান যুগত মুছলমানৰ শাসনকালত |
‘খ’ অংশ অসমৰ দেশ কামৰূপ অসম প্ৰাকী দেশ প্ৰাগজ্যোতিষপুৰ ASAM |
উত্তৰ—
‘ক’ অংশ ইংৰাজৰ শাসনকালত বৈদিক যুগত পৌৰাণিক যুগত তান্ত্রিক যুগত বর্তমান যুগত মুছলমানৰ শাসনকালত |
‘খ’ অংশ ASAM প্ৰাকী দেশ প্ৰাগজ্যোতিষপুৰ কামৰূপ অসম অসমৰ দেশ |
প্রশ্ন ৭। তলৰ কথা কেইশাৰীৰ তাৎপর্য বহলাই লিখোঁ আহা—
(ক) ‘আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰৰ লগত মিলিব পাৰিব ৷’
উত্তৰ— নিজৰ জন্মভূমিৰ কিদৰে বিকাশ কৰিব পাৰি আৰু গৌৰৱ বঢ়াব পাৰি তাকে ক’বলৈ যাওঁতে লেখকে তুলনামূলকভাৱে এই কথাষাৰি উল্লেখ কৰিছে ৷ ক্ষুদ্ৰ নিজৰা এটি বৰ নৈৰ দৰে সাগৰলৈ বেগেৰে বৈ যাব নােৱাৰে ৷ বৈ গৈ হয়তাে ক’ৰবাত বৈ যায় বা নিঃচিহ্ন হৈ যায় ৷ সেই নিজৰাটি তেনেকৈ ৰৈ নাযাবলৈ বা নিঃচিহ্ন নহ’বলৈ বৰনৈৰ দৰে বেগেৰে গৈ সাগৰত পৰিবলৈ বিশেষ যত্নেৰে লােৰ কাটি বােৱাই নিব লাগিব ৷ তেতিয়া ক্ষুদ্র নিজৰাটিয়েও বৰ নৈৰ গতিতে সাগৰ পাবগৈ ৷
ঠিক সেইদৰে সমগ্ৰ বিশ্বৰ কথা চিন্তা কৰাৰ আগত নিজৰ জন্মভূমিৰ কথাহে চিন্তা কৰিব লাগিব ৷ জন্মভূমিৰ উন্নতিয়েই দেশৰ উন্নতি , দেশৰ উন্নতিয়েই বিশ্বৰ উন্নতি ৷
(খ) ‘সৰুটি হৈহে সংসাৰত সৰকিব পাৰি, ভেম আৰু আলাসেৰে উৰ্গতি কৰিব নােৱাৰি ।’
উত্তৰ— ‘সৰুটি হৈহে ’ মানে বিনয়ী আৰু নম্র মনােভাবৰ কথা কৈছে ৷ ভেম আৰু আলাহ মানে মিছা অহংকাৰ আৰু এলেহুৱা স্বভাবৰ কথা বুজোৱা হৈছে ৷ বিনয়ী, নম্র ভাবৰ মানুহক সকলােৱে আদৰ-সন্মান আৰু মৰম কৰে ৷ তেনে লােকে সকলােৰে আদৰ-সন্মানত জীৱনত উদগতি কৰিবলৈ দাৰুণ প্ৰেৰণা পায় আৰু মানসিকভাৱে শক্তি পায় ৷ কিন্তু ভেম আৰু আলাহ থকা ব্যক্তিক কোনেও ভাল নাপায়, সমাজেও তেনে লােকক ঘৃণা কৰে ৷ যিকোনাে কথাতে তেওঁ বাধাৰ সন্মুখীন হয় ৷
খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
প্রশ্ন ৮। ‘অসম’ পাঠটিৰ পৰা তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দবােৰ বাছি উলিয়াই লিখা ।
উত্তৰ—
পৰাধীন | স্বাধীন |
অসন্তোষ | সন্তোষ |
বিদেশ | স্বদেশ |
অনুচিত | উচিত |
নিৰানন্দ | আনন্দ |
বৰ্জন | গ্ৰহণ |
প্রশ্ন ৯। সন্ধি গঠন কৰা আৰু ভাঙা ৷
উত্তৰ— যথা + অর্থ = যথার্থ দেৱালয় = দেৱ + আলয়
বিদ্যা + আলয়= বিদ্যালয় নৰেন্দ্ৰ= নৰ + ইন্দ্ৰ
উৎ + গতি= উদগতি উন্নতি= উৎ + নতি
উৎ + + যাপন= উদযাপন উদ্ভৱ = উৎ + ভৱ
প্রশ্ন ১০। তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজা ৷
অসম, জনমভূমি, জনাজাত, অনুসন্ধান, সংগ্রহ, সংসাৰ, ক্ষুদ্ৰ
উত্তৰ— অসম→ অসম ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত এখন ৰাজ্য ৷
জনমভূমি→ অসম আমাৰ জনমভূমি ৷
জনাজাত→ বৰাক উপত্যকা দক্ষিণ অসম বুলিও জনাজাত ৷
অনুসন্ধান→ যঠেষ্ট অনুসন্ধান কৰাৰ পাছতো অমলৰ দেউতাকক বিচাৰি পোৱা নগ’ল ৷
সংগ্রহ→ ডাক টিকট সংগ্রহ কৰাতো বিমলৰ অন্যতম এক চখ ৷
সংসাৰ→ সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখহে পায় ৷
প্রশ্ন ১১। তোমালোকে তলৰ শব্দকেইটাৰ প্রত্যেয়বােৰ ভাঙি দেখুওৱা ৷
শাৰীৰিক, দৈহিক, মৌখিক, সামাজিক
উত্তৰ— শাৰীৰিক = শৰীৰ + ইক ৷
দৈহিক = দেহ + ইক ৷
মৌখিক = মুখ + ইক ৷
সামাজিক = সমাজ + ইক ৷
গ— জ্ঞান সম্প্ৰসাৰণ (Class 7 Assamese Chapter 9)
SL. No. | Contents (Class 7 Assamese) |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপোৰ |
পাঠ-3 | পণ্ডিত আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ মানসিকতা |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্ৰত্যাহ্বান |
পাঠ-11 | গছ ভালপোৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
প্রশ্ন ১২। দেশৰ সেৱা কৰা মানে দেশৰ বাবে কৰা সকলাে সৰু–বৰ কাম । তােমালােকে বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী হিচাপে কেনেদৰে দেশৰ সেৱা কৰিবা ?
উত্তৰ— আমি ছাত্ৰাৱস্থাতে শিক্ষক-শিক্ষয়িত্রী, পিতৃ-মাতৃ তথা জ্যেষ্ঠজনৰপৰা সুশৃংখলতা, নিয়মানুৱর্তিতা, কর্মতৎপৰতা , কঠোৰ শ্ৰম, ভাতৃত্ববােধ, উদাৰতা আদি গুণবোৰ আয়ত্ব কৰি লোৱা উচিত ৷ কাৰণ দেশৰ সু-নাগৰিক হ’বৰ বাবে এনেবােৰ গুণ অপৰিহার্য । গতিকে প্ৰথমেই আমি এনে গুণৰ অধিকাৰী হ’বলৈ চেষ্টা কৰিম । ভালদৰে পঢ়া-শুনা কৰি দেশ তথা সমাজৰ সকলাে কামতে সহযােগ আগবঢ়াবলৈ চেষ্টা কৰিম । গাঁৱৰ মানুহৰ মাজত আমাৰ জ্ঞান আৰু সাধ্যানুসাৰে পৰিৱেশ প্ৰদূষন, চাফ-চিকুণতা, আৰু ভাতৃত্ববােধৰ কথা প্রচাৰ কৰি সমাজখনক সঠিক দিশত আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম । লগতে বৃক্ষৰোপণৰ দৰে কিছুমান কাম নিজে কৰি ছাত্ৰাৱস্থাতো বিভিন্ন ধৰণৰ সৰু-বৰ কামৰ যোগেদি দেশ সেৱা কৰিবৰ চেষ্টা কৰিম ৷
প্রশ্ন ১৩। আহােম ৰজাৰ দিনৰ কি কি কীর্তি চিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ, নামবােৰ লিখা ৷
উত্তৰ— আহােম ৰজাৰ দিনৰ এতিয়াও দেখিবলৈ পােৱা কীৰ্তিচিহ্নবােৰ হ’ল- ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়সাগৰ, জয়দৌল, চৰাইদেউৰ মৈদাম, নামদাঙৰ শিলৰ সাঁকো, গৌৰীসাগৰ, মােমাই কটা গড় ৷
প্রশ্ন ১৪। এই পাঠটোৰ আৰু ‘অ’ মােৰ আপােনাৰ দেশ’ গীতটিৰ লেখকজনৰ নাম লিখি তেখেতৰ দেশসেৱাৰ বিষয়ে কেইশাৰীমান বাক্য লিখা ।
উত্তৰ— এই পাঠটোৰ আৰু ‘অ’ মােৰ আপােনাৰ দেশ’ গীতটিৰ লেখকজনৰ নাম হ’ল – সাহিত্যৰথী তথা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৷ অসমীয়া সাহিত্যলৈ বেজবৰুৱাদেৱৰ অৱদান অমূল্য ৷ কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল ৷ প্ৰথমটো অসমীয়া চুটি গল্পও তেখেতেই লিখিছিল ৷ ১৯০৯ চনত তেওঁ ‘বাঁহী’ আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ তেখেতৰ প্ৰায়বােৰ ৰচনাতে , কবিতাই হওক , প্রবন্ধই হওক , সকলােতে দেশপ্রেমৰ ভাব ফুটি ওলাইছে । জন্মভূমিক ভাল পােৱা মানে দেশক ভাল পােৱা । তেখেতে লিখা ‘ অ‘ মােৰ আপােনাৰ দেশ’ এই গীতটি অসমৰ জাতীয় সংগীত । এই গীতটি দেশ প্রেমৰ তথা দেশ-সেৱাৰ অপূর্ব নিদর্শন ৷
ঘ— প্ৰকল্প (Class 7 Assamese Chapter 9)
প্রশ্ন ১৫। তোমাৰ জিলাত থকা মন্দিৰ, দৌল আৰু দেৱালয়ৰ তথ্য সংগ্ৰহ কৰি এখন তালিকা প্ৰস্তুত কৰা ৷
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷
প্রশ্ন ১৬। ছবি দুখন পৰ্যৱেক্ষণ কৰা আৰু প্ৰতিখন ছবিৰ বিষয়ে একোটাকৈ টোকা লিখা ৷
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷
(adsbygoogle = window.adsbygoogle || []).push({});