SCERT class 7 Assamese Chapter 1 তেজৰে কমলাপতি free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 1 ( পাঠ ১ তেজৰে কমলাপতি) solutions.
তেজৰে কমলাপতি
পাঠ ১
(পুৱা গোৱা বৰগীত)
ৰাগ – শ্যাম
শ্ৰী শ্ৰী মাধৱদেৱ
জানো আহা
শব্দ | অৰ্থ | শব্দ | অৰ্থ |
ধ্ৰু (ধ্ৰুপদ, ধ্ৰুৱপদ) | ধুৰা, গীতৰ দোহাৰ, যিবোৰ মাজে মাজে পুনৰাবৃত্তি | বেণু | বাহীঁ, মুৰুলী |
তেজৰে | এৰা, ত্যাগ কৰা | সকালে | পুৱা |
কমলাপতি | লক্ষ্মীপতি, বিষ্ণু, ভগৱান | মেলিয়ো | মুকলি কৰা, মেলা |
পৰভাত | প্ৰভাত, পুৱা | কহয় | কয় |
নিন্দ | নিদ্ৰা, টোপনি, ঘুমটি | মাই | আই, মা |
চান্দ | চন্দ্ৰ, জোন | বলৰাম | শ্ৰী কৃষ্ণৰ ককায়েকৰ নাম |
পেখোঁ | দেখোঁ, চাওঁ | নন্দ | শ্ৰী কৃষ্ণৰ পিতৃ |
ৰয়নী | ৰজনী, ৰাতি | পাল | গৰু, ম’হ আদিৰ জাক |
হাম্বালাৱে | হেম্বেলিয়ায় | গোপাল | শ্ৰী কৃষ্ণৰ আন এটা নাম |
ধেনু | পোৱালী হোৱা গাই, খীৰতী গাই | ক্ষীৰ | তপতাই ঘন বা ডাঠ কৰা গাখীৰ |
তুৱা/তেৰি | তোৰ/ তোমাৰ | ত্ৰিজগত | স্বৰ্গ, মত্য আৰু পাতাল |
গোৱিন্দ | শ্ৰী কৃষ্ণৰ অন্য এটা নাম | বিদূৰ | আতঁৰা, অধিক দূৰত থকা |
ধৱলী | বগা বৰণ | তিমিৰ | আন্ধাৰ, তমসা |
বৰণ | বৰ্ণ, ৰং | উৰায় | উৰে |
কিৰণ | পোহৰ | ব্ৰজবধূ | ব্ৰজধামৰ বোৱাৰী |
শতপত্ৰ | পদুম | বাথান | গৰু আৰু ম’হৰ খুঁটি |
বিকশিত | ফুলা, প্ৰস্ফুটিত | গোৱাল | গৰু, ম’হৰ প্ৰতিপালক |
ভ্ৰমৰ | ভোমোৰা | সুৰভী | কামধেনু, যিহকে লাগে তাকে দিব পৰা গাই |
দধি | দৈ | শিঙা | শিঙেৰে সজা ফুঁ দি বজোৱা এবিধ বাদ্য-যন্ত্ৰ |
গুণ | যশস্যা, স্বভাৱ, ধৰ্ম | বাজে | বাহিৰ |
আসিল | আহিল | ৰাখোৱাল | ৰখীয়া, গৰখীয়া |
পতি | স্বামী | ডাকে | মাতে |
বৎস | পোৱালী | লৈয়া | লৈ |
লৱনু | মাখন, লনী | ফেৰিয়া | ফালি |
Class 7 Assamese Lesson 1
ক – পাঠভিত্তিক ক্ৰিয়া
ক্ৰিয়া-কলাপ
প্ৰশ্ন ১ । বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
প্ৰশ্ন ২। বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া।
উত্তৰ—
ধ্ৰুং- তেজৰে কমলাপতি পৰভাতে নিন্দ।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোৱিন্দ ।।
পদ- ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।।
শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়।
ব্ৰজবধূ দধি মথে তুৱা গুণ গাই।।
দাম-সুদাম ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম।।
নন্দ গেল বাথানে গোৱাল গেল পাল।
সুৰভী চাৰিতে লাগে উঠৰে গোপাল।।
ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু।
সকালে মেলিয়ো বৎস হাম্বালাৱে ধেনু।।
কহয় মাধৱ মাই। কিনু তপসাইলা।
ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা।।
প্ৰশ্ন ৩। তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।
(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?
উত্তৰ— বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্রীমাধৱদেৱ ।
(খ) ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক কোন?
উত্তৰ— ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক- শ্ৰীশ্রীমাধৱদেৱ ।
(গ) ‘তিমিৰ ফেৰিয়া’ কি বাজ হয় ?
উত্তৰ— ‘তিমিৰ ফেৰিয়া’ ৰবিৰ কিৰণ অর্থাৎ সূৰ্যৰ পােহৰ বাজ হয়।
(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?
উত্তৰ— যশোদাই কৃষ্ণক পুৱা গৰু (সুৰভি) চৰাবলৈ যাবৰ জগাইছিল ।
ব্যাখ্যা কেনেকৈ কৰিব লাগে জানি লোৱাব্যাখ্যা কৰোঁতে সাধাৰনতে তলৰ স্তৰ তিনিটা ৰক্ষা কৰিব লাগে। প্ৰথম স্তৰ: প্ৰসংগ- প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা, কি পাঠৰ পৰা লোৱা হৈছে লিখিব লাগে। পাৰিলে মূল গ্ৰন্থৰ নাম উল্লেখ কৰিব লাগে। দ্বিতীয় স্তৰ: সংগতি- প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে, কেতিয়া, কাক কি প্ৰসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে। তৃতীয় স্তৰ: ব্যাখ্যা- এই স্তৰত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনিৰ মূলভাৱ সহজ-সৰল ভাষাত বুজাই লিখিব লাগিব। পুৰণি অসমীয়া ভাষাৰ ব্যাখ্যা কৰিবলৈ দিলে ব্যাখ্যাৰ তলত কঠিন শব্দৰ অৰ্থ দিব লাগে। ব্যাখ্যা কৰা (উদাহৰণ)– ‘কহয় মাধৱ মাই ! কিনু তপসাইলা। ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা’।। প্ৰসংগ– উক্ত পদফাকি আমাৰ পাঠ্যপুথি ‘অংকুৰণ’ (সপ্তম ভাগ)ৰ ‘তেজেৰে কমলাপতি’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্ৰজাৱলী ভাষাৰ এই বৰগীতৰ অংশটো শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা। সংগতি ব্ৰজৰ শিশুসকলে পুৱাই গৰু চৰাবলৈ ওলাইছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম-সুদামেও শ্ৰীকৃষ্ণক মাতিবলৈ ধৰিছে। শ্ৰীকৃষ্ণ কিন্তু গভীৰ নিদ্ৰাত। দাম-সুদাম আদিয়ে কৃষ্ণক মতা বুলি কৈ মাক যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে । এই প্ৰসংগতে মহাপু্ৰুষ মাধৱদেৱে উদ্ধৃত কথাষাৰ কৈছে। ব্যাখ্যা– ৰজা নন্দ আৰু যশোদাই ভগৱানক পুত্ৰৰূপে পাবলৈ তপস্যা কৰিছিল। ভগৱান ভক্তৰ অধীন। তেওঁলোকৰ মনোবাঞ্চা পূৰণৰ বাবে ত্ৰিজগতৰ পতি অৰ্থাৎ স্বৰ্গ, মৰ্ত্য, পাতালৰ গৰাকী ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত নন্দ-যশোদাৰ ঘৰত পুত্ৰৰূপে আছেহি। তেনে এজন শ্ৰীকৃষ্ণক মাতৃ যশোদাই আন গোপ-বালকসকলৰ লগত গৰু চৰাবলৈ পঠিয়াবলৈ বিচাৰিছে; মহাপুৰুষ মাধৱদেৱে কৈছে যে যিজন ভগৱান কৃষ্ণক পাবলৈ দেৱ-নৰ সকলোৱে হাবিয়াস কৰে, সেই পৰমপুৰুষক যশোদাই গৰখীয়াৰূপে অশেষ তপস্যাৰ ফলতহে লাভ কৰিছে। কঠিন শব্দৰ অৰ্থ– ত্ৰিজগত – স্বৰ্গ, মৰ্ত্য, পাতাল। ৰাখোৱাল – ৰখীয়া, গৰখীয়া। |
প্ৰশ্ন ৪। তলত দিয়া পদ দুশাৰীত কোনে, কাক, কি কৈছে—
নিজৰ কথাৰে লিখা।
নন্দ গেল বাথানে গোৱালে গেল পাল।
সুৰভী চাৰিতে লাগি উঠৰে গোপাল।।
উত্তৰ— উপৰোক্ত পদ দুশাৰীত যশােদাই শুই থকা শিশু কৃষ্ণক কৈছে যে নন্দ বাথানলৈ , অর্থাৎ গৰু ম’হ ৰখা ঠাইলৈ গ’ল , গােৱালবিলাকেও গৰুৰ পাল লৈ চৰাবলৈ গ’ল । গতিকে গােপাল তুমিও উঠি সুৰভি গাইজনীক চৰাবলৈ নিব লাগে ।
প্ৰশ্ন ৫। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।
কমলাপতি | শ্রীকৃষ্ণ |
শতপত্ৰ | পদুম |
তিমিৰ | আন্ধাৰ |
ভ্ৰমৰ | ভোমোৰা |
ডাকে | মাতে |
ত্ৰিজগত | স্বর্গ, মর্ত্য, পাতাল |
ব্ৰজবধু | ব্রজধামৰ বােৱাৰী |
ৰয়নী | ৰজনী , নিশা |
প্ৰশ্ন ৬। বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বণৰ্না দিয়া।
উত্তৰ— অন্ধকাৰ আঁতৰি ধৰা ধামলৈ পোহৰ নামি আহিছে। পদুম ফুল ফুলি উঠাত তাত ভােমােৰাই গুণ গুণ কৰি উৰিছে । শ্রীকৃষ্ণনাম – গুণ গাই ব্রজধামৰ বােৱাৰীসকলে দধি মথিব লাগিছে । শ্রীকৃষ্ণৰ বন্ধু দাম – সুদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে । দাদাক বলৰামো ইতিমধ্যে বিছনাৰ পৰা উঠিছে । ৰজা নন্দও খুঁটিলৈ গ’ল । আনকি গােৱালসকলো গৰুৰ পাল লৈ চৰাবলৈ গ’ল । শ্রীকৃষ্ণও সােনকালে উঠি ক্ষীৰ – লৱণু , শিঙা , বেত , বেণু লৈ সুৰভী গাইজনী চৰাবলৈ নিব লাগে ।
প্ৰশ্ন ৭। তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা।উত্তৰ— ৰাতিপুৱাৰ সময়। উদিত সূৰ্যৰ হেঙুলীয়া আভাই পৃথিবীখনক অনন্য ৰূপত সজাই তুলিছে। ফুলি থকা পদুম ফুল, ঢৌ খেলি থকা পানী, উৰি থকা চৰাইৰ জাকে পুৱাৰ পৃথিৱীৰ এক শান্ত সৌম্য পৰিবেশ সুন্দৰকৈ ফুটাই তুলিছে।
খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্ৰশ্ন ৮ (ক) শব্দৰ আগত ‘ত্ৰি’ শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা।
জগত, শূল, ভুজ, কোণ, কাল, নয়ন
উত্তৰ— জগত → ত্ৰিজগত
শূল → ত্ৰিশূল
ভুজ → ত্ৰিভুজ
কোণ → ত্ৰিকোণ
কাল → ত্ৰিকাল
নয়ন → ত্ৰিনয়ন
(খ) তলত দিয়া শব্দবোৰৰ আগত ‘বি’ পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা।
মুখ, দূৰ, কিৰণ, নন্দ
উত্তৰ—
মুখ → বিমুখ
দূৰ → বিদূৰ
কিৰণ → বিকিৰণ
নন্দ → বিনন্দ
বিমুখ → শ্ৰম বিমুখ মানুহ কেতিয়াও জীৱনত সফল হ’ব নোৱাৰে।
বিদূৰ → দুষ্ট মানুহৰ পৰা সদায় দূৰতে বিদূৰ হ’ব লাগে।
বিকিৰণ → অনুপমৰ ককায়েকে বিকিৰণ আৰু তেজস্ত্ৰিয়তাৰ ওপৰত গৱেষণা কৰি আছে।
বিনন্দ → সদায় বিনন্দ মনেৰে থাকিলে স্বাস্থ্য ভালে থাকে।
প্ৰশ্ন ৯। তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধূনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।
(ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
উত্তৰ— অন্ধকাৰ আঁতৰি চাৰিওদিশ পোহৰ হ’ল।
(খ) শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়।
উত্তৰ— ফুলি থকা পদুমত ভোমোৰা উৰিছে।
(গ) দাম-সুদামে ডাকে তেৰি লৈয়া নাম।
উত্তৰ— দাম–সুদামে তােমাৰ নাম ধৰি মাতিব লাগিছে ।
(ঘ) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু।
উত্তৰ— ক্ষীৰ, মাখন, শিঙা , এচাৰি লোৱা আৰু গৰু চৰাবলৈ যােৱা ।
প্ৰশ্ন ১০। এটা শব্দত প্ৰকাশ কৰা।
গৰু বন্ধা ঠাই _____ ।
উত্তৰ— গোহালি ।
যিজন সকলোৰে মাজত প্ৰিয় ______ ।
উত্তৰ— জনপ্ৰিয় ।
যিয়ে ৰাতি নেদেখে।
উত্তৰ— কুকুৰীকণা ।
যাক সহজে লাভ কৰিব নোৱাৰি।
উত্তৰ— দুৰ্লভ ।
যিজনে সকলো জানে ______ ।
উত্তৰ— সৰ্বজ্ঞ ।
যিজনে বিষ্ণুক উপাসনা কৰে ______ ।
উত্তৰ— বৈষ্ণৱ ।
SL. No. | Contents |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপোৰ |
পাঠ-3 | পণ্ডিত আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ মানসিকতা |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্ৰত্যাহ্বান |
পাঠ-11 | গছ ভালপোৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
গ- জ্ঞান সম্প্ৰসাৰণ (Class 7 Assamese)
প্ৰশ্ন ১১ । বৰগীতটোত চাৰিটা আখৰেৰে গঠিত এটা শব্দ আছে।সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি ‘বল’ বুজায় আৰু শেষৰ আখৰ দুটা মিলি ‘মানুহৰ নাম’ বুজায়।শব্দটো বিচাৰি উলিয়াই লিখা।
উত্তৰ—
ব | ল | ৰা | ম |
সেই শব্দটোৰ-
প্ৰথম আৰু তৃতীয়ই মিলি কি বুজায়?
ব | ৰা |
দ্বিতীয় আৰু তৃতীয়ই মিলি কি বুজায়?
ল | ৰা |
আৰু চতুৰ্থ আৰু দ্বিতীয়ই মিলি কি বুজায়?
ৰা | ম |
প্ৰশ্ন ১২ । ব্ৰজাৱলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা।
কথা:
গোপী বোল: আহে কানাই ! তোহাক হামু উত্তৰে নাহি পাৰলো। আজু তোহাৰি মাৱক আগু সৱ কথা কহিয়ে হামো তোহাক যে জানো তা কৰব।
সূত্ৰ
ওহি বুলি গোপী পাৰাক গোপীসৱক ডাকিয়ে এক থানে হোৱে সৱহি গিয়া যশোদাক আগু কহল, তা দেখহ।
কথা:
গোপী বোল: হে মাই যশোদে! তোহাৰি বালক কানাই হামাক যে অপকাৰ কৰত তা শুনহ। হামাৰ গৃহে দধি দুগ্ধ লৱনু ৰহয়ে নাহি। শ্ৰী কৃষ্ণ বানৰ সৱ সহিতে সৱ নাশ কয়ল।
কথা:
অপৰ গোপী বোল: হে মাই! হামু ওহি কৃষ্ণক কথা কত কহব। হামাৰ সঞ্চিত লৱনু চুৰি কৰি খাই জোখাক ভাণ্ড ভাঙ্গি পেলাৱল।
(ওপৰৰ কথাখিনি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ‘পিম্পৰা গুচোৱা’ নাটৰ পৰা তুলি দিয়া হৈছে।)
(adsbygoogle = window.adsbygoogle || []).push({});