গড়গাঁও Class 7 Assamese Chapter 15

SCERT class 7 Assamese Chapter 15 গড়গাঁও free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Assamese Chapter 15

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese chapter 15 ( পাঠ ১৫ গড়গাঁও) solutions.

গড়গাঁও

পাঠ ১৫

ক- পাঠভিত্তিক ক্ৰিয়া

ক্ৰিয়া-কলাপ

প্ৰশ্ন ১ ৷ কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া ৷

ত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে কৰা ৷

প্ৰশ্ন ২ ৷ ছন্দ, লয় ৰক্ষা কৰি কবিতাটো আবৃত্তি কৰা ৷

ত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে কৰা ৷

প্ৰশ্ন ৩ ৷ তলৰ দফাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া ৷

ধোদৰ আলি— আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত নিৰ্মিত এটা আলি ৷ এই আলিটো বৰ্তমানেও আছে ৷ আলিটোৰ এমূৰে আছে বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু আনটো মূৰে আছে বৰ্তমানৰ গোলাঘাট জিলাৰ কমাৰবন্ধা ৷ আলিটো দীঘলে প্ৰায় ২১০ কিল’মিটাৰ ৷ এই আলিটো স্বৰ্গদেউৱে কাম-কাজ নকৰি শুই বহি থকা এচাম ধোদক বাধ্যতামূলকভাৱে নিয়োগ কৰি নিৰ্মাণ কৰাইছিল ৷ সেয়েহে সেই আলিটোৰ নাম ধোদৰ আলি  হ’ল ৷

প্ৰশ্ন ৪ ৷ উত্তৰ দিয়া

(ক)  গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছে ?

ত্তৰ— ‘গড়গাঁও’ কবিতাটি বিনন্দচন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল ৷

(খ)  গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায় ?

ত্তৰ— ‘গড়গাঁও’ কবিতাটিৰ ৰচকজনক ‘ধ্বনি কবি’ বুলি জনা যায় ৷

(গ)  মাৰ-নাও বুলিলে কি বুজা ?

ত্তৰ— মাৰ–নাও বুলিলে যােৰ নাও বুলি বুজো ৷

(ঘ)  কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা ৷

ত্তৰ— কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হ’ল- বিলত নগৰ সজা, নগৰত নৈ বোৱা, ধােদে ৰাজ আলি বন্ধা, হাঁহ কণীৰে দেও ইটাৰে কাৰেংঘৰ বন্ধা, গড় বন্ধা, বঠা নাথাকিলেও হাতেৰে বৰনাও চলোৱা ৷

(ঙ)  গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে ?

ত্তৰ— আহোম স্বৰ্গদেউ সকলৰ ঐতিহ্যৰ চানেকি গড়গাঁও ৷ গড়গাঁৱৰ কথা শুনিলে কবি অভিভূত হৈ পৰে ৷ প্ৰজাসকলে স্বৰ্গদেউৰ ইচ্ছামতে যি প্ৰয়োজন তাকেই কৰিব পৰা সামৰ্থৰ বাবে গড়গাঁৱৰ প্ৰতি কবি আৱেগ প্ৰৱণ হৈ সেই ঐতিহ্যৰ কথা শুনি তল যোৱাৰ কথা ভাবিছে ৷

প্ৰশ্ন ৫ ৷ চমু উত্তৰ দিয়া ৷

(ক)  ‘দিখৌৰ সোঁতত যোৱা, ভটীয়নী বল পোৱা, উভতিব খোজে মাৰ-নাও’ ৷

— মাৰ নাও উভতিব খোজাৰ কাৰণ কি ?

ত্তৰ— গড়গাঁৱৰ কীর্তি আৰু ৰূপ সৌন্দর্য চাবলৈকেই ভটীয়নী সোঁতত জোৰেৰে গৈ থকা মাৰ নাওবােৰাে উভতি আহিব খােজে ।

(খ)  ‘ওলট্-পালট্ দেশ, কথাৰে নহয় শেষ, কটাৰীৰো ডাবে তাৰ কাটে’ বুলি কবিয়ে কি বুজাব খুজিছে ?

ত্তৰ— আহােম ৰজাসকলৰ প্ৰচেষ্টাত দেশখনে আজি এক ৰূপ, কালি এক ৰূপ লৈছিল আৰু ইয়াৰ কীর্তি-কাহিনী কৈ শেষ কৰিব নােৱাৰা ধৰণৰ আছিল ৷ ইয়াৰ মানুহৰ কাৰণে সকলাে কামেই কৰাটো সম্ভৱ আছিল, আনকি তেওঁলোকে বনোৱা কটাৰীৰ ডাৱে তাৰ কটাটোও সম্ভৱ আছিল ৷

(গ)  ‘নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি, আদেশ মাথোন হয় ‘সাজ’

— কবিতাফাকিত থকা ‘সাজ’ শব্দই কি বুজাইছে ?

ত্তৰ— কবিতাফাকিত থকা ‘সাজ’ শব্দই প্ৰজাই ৰজাৰ আদেশ পালন কৰা বুজাইছে ৷ ৰজাৰ আদেশত প্ৰজাই দিন-ৰাতিৰ চিন্তা নকৰাকৈ, খোৱা-শোৱাৰ কথা চিন্তা নকৰাকৈ ৰজাৰ নিৰ্দেশ পালন কৰিবলৈ ব্যাকুল হৈ পৰে ৷

(ঘ)  অহা যোৱা নাই তাত শেষ;

জনে জনে ভিন ভিন বেশ ৷

— এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে ?

ত্তৰ— গড়গাঁৱৰ কীর্তি কাহিনী আৰু মনােৰম ৰূপ দৃশ্য চাবলৈ নানানধৰণৰ বেশ ভুষাৰে অনবৰত মানুহ তালৈ অহা–যােৱা কৰি থাকে ৷ মানুহৰ সোঁতৰ অন্ত নপৰে ৷

প্ৰশ্ন ৬ ৷  কবিতাটোৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা ৷

ত্তৰ— গড়গাঁৱৰ অতীত কীর্তি আৰু গৌৰৱময় ঐতিহ্য আছে ৷ এই কীর্তি আৰু ঐতিহ্যই ‘গড়গাঁও’ কবিতাটিত প্রকাশ পাইছে ৷

গড়গাঁৱৰ কীর্তি-কাহিনী আৰু গৌৰৱৰ কথা শুনি দিখৌৰ সোঁতত তীব্র বেগেৰে ভটিয়াই যােৱা মাৰ-নাওবােৰো গড়গাঁওখনে এবাৰ চাবলৈ উভতি আহিব খােজে ৷ ইয়াত শত্রু–মিত্ৰৰ, ভেদাভেদৰ কোনাে চিন নাই ৷ বাঘে গৰুৱে শান্তিৰে একে ঘাটে পানী খােৱাৰ দৰে শত্রু–মিত্র সকলাে মিলা–প্ৰীতিৰে থাকি কাম কৰি আছে ৷ ইয়াৰ মানুহবােৰ সদায় স্বাধীনচিতীয়া , শিৰ সদায় উচ্চ ৷ তাকে দেখি বিদেশীয়ে আচৰিত হয় ৷ গড়গাঁৱৰ কীর্তি–কাহিনী আৰু গৌৰৱৰ কথা কৈ শেষ কৰিব নােৱাৰি ৷ ইয়াত সৌন্দর্য আৰু কীৰ্তিবােৰ চাবলৈ অহৰহ মানুহ আহিয়েই আছে, গৈয়েই আছে ৷

এই দেশত কাম নকৰা, কাম নোহোৱা লোকৰ নামেই নাই ৷ কাম নকৰা লোকক কাপুৰুষ বুলি গণ্য কৰা হয় ৷ ইয়াৰ প্ৰজাসকলে বিলক নগৰ কৰিব পাৰে, নগৰেদি নৈ বোৱাই নিব পাৰে আৰু ধোদসকলেও ৰাজ আলি বান্ধিব পাৰে ৷ লানি নিছিগা বনুৱাই হাঁহকণীৰ আঠাৰে চটা চটা ইটাৰে কাৰেং আদি নির্মাণ কৰিব পাৰে ৷ মানুহবােৰৰ গাত অপাৰ শক্তি ৷ বঠা নহ’লেও হাতেৰেই নাও বায়, অস্ত্র নহ’লেও দাঁতেৰেই অস্ত্ৰৰ কাম কৰে ৷ গড়গঞাৰ প্ৰতাপ দেখিলে আজিও কবিৰ বুকু ভয়তে কপি উঠে ৷

কবি বিনন্দ্ৰ চন্দ্ৰ বৰুৱাদেৱে গড়গাৱৰ ঐতিহ্য, প্ৰজাৰ দেশপ্ৰেম, স্বৰ্গদেউৰ সুশাসনৰ লগতে শৃংখলাবদ্ধ সমাজ ব্যৱস্হাৰ ওপৰত আলোকপাত কৰিছে ৷

SL. No. Contents (Class 7 Assamese)
পাঠ-1 তেজৰে কমলাপতি
পাঠ-2 কালিকা লগা পাট-কাপোৰ
পাঠ-3 পণ্ডিত আনন্দৰাম বৰুৱা
পাঠ-4 জনমভূমি
পাঠ-5 বিজ্ঞান আৰু আমাৰ মানসিকতা
পাঠ-6 নোকোৱাৰ পৰিণাম
পাঠ-7 জতুৱাৰ জঁট
পাঠ-8 মিছাইল মানৱ
পাঠ-9 অসম
পাঠ-10 প্ৰত্যাহ্বান
পাঠ-11 গছ ভালপোৱা ককাৰ খং
পাঠ-12 নামৰ বেবেৰিবাং
পাঠ-13 প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14 বিদ্যা
পাঠ-15 গড়গাঁও

প্ৰশ্ন ৭ ৷  তলৰ দফাত থকা খালী ঠাই পূৰ কৰা ৷

(ক)  বিদেশীৰ চকু থিৰ, —— ওখ শিৰ,

—— মানুহৰ দেশ;

উজুটিত ভাগে ——, কোঢ়ালত হৰে মাত,

অহা-যোৱা নাই —— শেষ;

জনে জনে —— বেশ ৷

ত্তৰ— বিদেশীৰ চকু থিৰ, স্বদেশীৰ ওখ শিৰ,

দেও-লগা মানুহৰ দেশ;

উজুটিত ভাগে দাঁত, কোঢ়ালত হৰে মাত,

অহা-যোৱা নাই তাত শেষ;

জনে জনে ভিন্ ভিন্ বেশ ৷

(খ)  সকলোৰে আছে ——,  নোহোৱাৰ নাই নাম,

—— সদা পায় লাজ;

নাই দিন, নাই ——, নাই পানী, —— মাটি,

আদেশ —— হয় ‘সাজ’

ইচ্ছা —— স্বৰ্গমহাৰাজ ৷

ত্তৰ— সকলোৰে আছে কাম,  নোহোৱাৰ নাই নাম,

কাপুৰুষে সদা পায় লাজ;

নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি,

আদেশ মাথোন হয় ‘সাজ’

ইচ্ছা যেনে স্বৰ্গমহাৰাজ ৷

প্ৰশ্ন ৮ ৷ পাঠৰ পৰা অন্ত্যধ্বনিৰ মিল থকা শব্দবোৰ লিখা ৷

ত্তৰ— পাঠত থকা অন্ত্যধ্বনিৰ মিল থকা শব্দবােৰ –

উদাহৰণ— দেশ  ——— বেশ

গড়গাঁও তল যাওঁ, মাৰ-নাও
শেষ দেশ, বেশ
কাটে খালে, ঘাটে
ঘাটে বাটে
লাজ সাজ
কাম নাম
ৰাতি মাটি
ফালি মাটি
হয় বয়
দাঁত তাত

প্ৰশ্ন ৯ ৷ ‘ক’ অংশত দিয়া শব্দবোৰ ‘খ’ অংশৰ অৰ্থৰ লগত মিলোৱা ৷

‘ক’ অংশ ‘খ’ অংশ
ভটীয়নী শক্তিপোৱা
বল পোৱা তল ওপৰ হোৱা বা কৰা
মাৰ-নাও বহুলোকে একেলগে কৰা হাই-উৰুমি
ওলট্-পালট্ নিৰ্মাণ কৰা, প্ৰস্তুত কৰা
বিদেশী নৈৰ ভাটি বা নামনিলৈ বৈ থকা
শিৰ পৰদেশৰ, যিটো নিজৰ দেশৰ নহয়
কোঢ়াল এলেহুৱা, বন বাৰী নকৰি বহি থকা মানুহ
সাজ এখনৰ দাঁতিত আন এখন বান্ধি লোৱা যোৰা-নাও
ধোদ মূৰ

ত্তৰ—

‘ক’ অংশ ‘খ’ অংশ
ভটীয়নী নৈৰ ভাটি বা নামনিলৈ বৈ থকা
বল পোৱা শক্তিপোৱা
মাৰ-নাও এখনৰ দাঁতিত আন এখন বান্ধি লোৱা যোৰা-নাও
ওলট্-পালট্ তল ওপৰ হোৱা বা কৰা
বিদেশী পৰদেশৰ, যিটো নিজৰ দেশৰ নহয়
শিৰ মূৰ
কোঢ়াল বহুলোকে একেলগে কৰা হাই-উৰুমি
সাজ নিৰ্মাণ কৰা, প্ৰস্তুত কৰা
ধোদ এলেহুৱা, বন বাৰী নকৰি বহি থকা মানুহ

ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

প্ৰশ্ন ১০ ৷  উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া—

Class 7 Assamese chapter 15

ত্তৰ—

বিশেষ্য বিশেষণ
বিদেশ বিদেশী
স্বদেশ স্বদেশী
দেশ দেশী
পৰদেশ পৰদেশী
সুখ সুখী
কপাহ কপাহী
আকাশ আকাশী
গোলাপ গোলাপী
বাদাম বাদামী
দুখ দুখী

প্ৰশ্ন ১১ ৷ বাক্য ৰচনা কৰা ৷

বাৰ (সপ্তাহৰ বাৰ)             পাৰ  (নদীৰ পাৰ)             টকা  (টকা-পইচা)

বাৰ (অ) (সংখ্যা)              পাৰ (অ) (চৰাই)             টকা (বাঁহৰ এবিধ বাদ্য)

ত্তৰ—

বাৰ এসপ্তাহত সাত বাৰ থাকে ৷

পাৰ বাৰিষাৰ বানপানীয়ে প্ৰতিবছৰে দিচাং নৈৰ পাৰ খহায় ৷

টকা মানুহ টকা পইছাৰ অবিহনেও সুখী হ’ব পাৰে ৷

বাৰ এবছৰত বাৰ মাহ থাকে ৷

পাৰ পাৰ এবিধ পোহনীয়া চৰাই ৷

টকা টকা বাঁহেৰে নিৰ্মিত এবিধ সৰল বাদ্য ৷

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close