Class 7 Assamese Chapter 5 বিজ্ঞান আৰু ইয়াৰ মানসিকতা

SCERT class 7 Assamese Chapter 5 বিজ্ঞান আৰু ইয়াৰ মানসিকতা free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Assamese Chapter 5

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 5 ( পাঠ ৫ বিজ্ঞান আৰু ইয়াৰ মানসিকতা) solutions.

বিজ্ঞান আৰু ইয়াৰ মানসিকতা

পাঠ ৫

পাঠভিত্তিক ক্ৰিয়া

প্ৰশ্ন ১। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া ।

উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ চেষ্টা কৰা।

প্ৰশ্ন ২। উত্তৰ দিয়া।

(ক) ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল ?

উত্তৰ— ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো ভ্ৰাম্যভাষ ( ম’বাইল )ৰ যোগেদি প্ৰচাৰ হৈছিল ।

(খ) বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল ?

উত্তৰ— বুধবাৰে ছাত্ৰ-ছাত্ৰীসকল ছিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল ।

(গ) বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ কোন আহিছিল ? 

উত্তৰ— বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ চিকিৎসক ৰতন পায়েং আহিছিল ।

প্ৰশ্ন ৩। চমু উত্তৰ লিখা।

(ক) ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত ছিটা ল’লে কি হ’ব বুলি কৈছিল ?

উত্তৰ— ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত ছিটা ল’লে শিশুসকলৰ ভীষণ অপকাৰ হ’ব বুলি কৈছিল ।

(খ) জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল ?

উত্তৰ— জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়লৈ গৈ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক’তো নিজৰ লগৰীয়াবোৰক দেখা পোৱা নাছিল ।

(গ) সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিসক গৰাকীয়ে কি কি কৈছিল ?

উত্তৰ— সংক্রামক ৰােগ আৰু প্ৰতিৰােধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল যে— অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্রৱেশ কৰে । কিছুমান শক্তিশালী বীজাণুয়ে পলিঅ’, জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰােগৰ সৃষ্টি কৰে । সেইবােৰ বীজাণুৱে মানুহৰ দেহৰ ৰােগ প্ৰতিৰােধ ক্ষমতা সহজে হ্রাস কৰে । ছিটা প্রয়ােগ কৰি এই ভয়ানক বীজাণুবােৰৰ সংক্রমণ ৰােধ কৰিব পাৰি । উপযুক্ত সময়ত শৰীৰত ছিটা প্রয়ােগ কৰি আমাৰ শিশুসকলৰ ৰােগ প্ৰতিৰােধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্রয়ােজন ।

(ঘ) উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিবেশ সলনি কৰিছিল ? 

উত্তৰ— ছিটা ল’লে শিশুসকলৰ অপকাৰ হ’ব , এই উৰা বাতৰিটোৱে ৰতনপুৰ গাৱৰ শিশু তথা অভিভাৱকসকলক বৰ ভয় খুৱাইছিল । ফলত ল’ৰা-ছােৱালীৰ পিতৃ–মাতৃ, অভিভাৱকসকলে বুধবাৰে ছিটা দিয়া মানুহ স্কুললৈ আহিব বুলি নিজৰ নিজৰ ল’ৰা ছােৱালীক সেইদিনা স্কুললৈ নপঠোৱাৰ সিদ্ধান্ত লৈছিল ।

(ঙ) প্ৰধান শিক্ষক মহোদয়ে ছিটাৰ বিষয়ে জনাবলৈ  কি ব্যৱস্থা  গ্ৰহণ কৰিছিল ?

উত্তৰ— প্ৰধান শিক্ষক মহোদয়ে ছিটাৰ বিষয়ে জনাবলৈ এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু ডাক্তৰ পায়েংক মাতিছিল আৰু তেওঁ ছিটাৰ বিষয় বুজাই দিছিল ।

প্ৰশ্ন ৪। উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা

শব্দহাটপ্ৰাঙ্গণবীজাণু

সংক্ৰামক

প্ৰতিৰোধ

পুস্তিকা

অৰ্থবাধাএজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা, সোঁচৰাসৰু কিতাপ

চোতাল

নিদিৰ্ষ্ট দিনত বহুত মানুহ গোট খাই কিনা-বেচা কৰা ঠাই।

ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু

উত্তৰ—

শব্দ

হাট

প্ৰাঙ্গণ

বীজাণু

সংক্ৰামক

প্ৰতিৰোধ

পুস্তিকা

অৰ্থ

নিদিৰ্ষ্ট দিনত বহুত মানুহ গোট খাই কিনা-বেচা কৰা ঠাই।

চোতাল

ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু

এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা, সোঁচৰা

বাধা

সৰু কিতাপ

প্ৰশ্ন শংকৰ , তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ  সাজু হোৱা নাই কিয় কথাষাৰ কোনে , কাক আৰু কিয় কৈছিল?

উত্তৰ— কথাষাৰ জংকীয়ে সহপাঠী শংকৰক কৈছিল । জংকী বিদ্যালয়লৈ গৈ বিদ্যালয়ত কোনাে ল’ৰা-ছােৱালী নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ গৈ যেতিয়া দেখিলে যে শংকৰেও তেতিয়ালৈকে বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই তেতিয়াই জংকীয়ে শংকৰক উক্ত কথাষাৰ কৈছিল । 

প্রশ্ন ৬। ‘উৰাবাতৰিসমূহ সমাজৰ বাবে একপ্রকাৰ সোঁচৰা ৰােগ ।’— কথাষাৰৰ বিষয়ে দলত আলােচনা কৰি নিজৰ নিজৰ মতামত প্রকাশ কৰা ৷ 

উত্তৰ— সোঁচৰা ৰােগবােৰৰ প্ৰতিৰোধ নকৰিলে যেনেকৈ এজনৰ গাৰ পৰা আন হাজাৰজনৰ গালৈ বিয়পে ঠিক তেনেকৈ উৰাবাতৰিবোৰো এজন লোকৰ কাণৰ পৰা আন হাজাৰজন লোকৰ কাণলৈ বিয়পি পৰে। সোঁচৰা ৰোগসমূহে যেনেকৈ মানুহৰ শৰীৰত অপকাৰ কৰে ঠিক তেনেকৈ উৰাবাতৰিসমূহেও মানুহৰ মনত অপকাৰ কৰে । আনকি সোঁচৰা ৰোগৰ দৰে উৰাবাতৰিয়েও মানুহৰ মৃত্যু পৰ্য্যন্ত ঘটাব পাৰে।

খ- ভাষা অধ্যয়ন (Class 7 Assamese)

প্ৰশ্ন ৭। তলৰ বাকচত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা ।class 7 Assamese

উত্তৰ— দলং যোৰহাট আৰু মাজুলী সংযোগী দলংখন নিৰ্মাণ কৰিবলৈ আৰু কিছুবছৰ লাগিব ।

ৰং সূৰ্যৰ পোহৰত সাতটা ৰং থাকে ।

কলং কলং নৈখন আমাৰ কাষেৰে বৈ গৈছে ।

শিং শিং নথকা গৰুক লাউমুৰা গৰু বোলে ।

প্ৰশ্ন ৮। এটা শব্দত প্ৰকাশ কৰা

(ক) যি একেলগে পঢ়ে —————

উত্তৰ— সহপাঠী ।

(খ) যি জানিবলৈ ইচ্ছা কৰে —————

উত্তৰ— জিজ্ঞাসু ।

(গ)  গাঁৱৰ মুখিয়াল —————

উত্তৰ— গাঁওবুঢ়া ।

(ঘ)  কাৰো পক্ষ নোলোৱা —————

উত্তৰ— নিৰপেক্ষ ।

(ঙ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যােৱা বেমাৰ —————

উত্তৰ— সোঁচৰা বেমাৰ ।

প্ৰশ্ন ৯। বিপৰীতাৰ্থক শব্দ লিখা ।Class 7 Assamese chapter 5

উত্তৰ— আৰম্ভ– শেষ।
উপস্থিত– অনুপস্থিত।
অপকাৰ– উপকাৰ।
বাদ-অবাদ বা ধৰা ।
দিন ৰাতি।
মান্তি– অমান্তি।

প্ৰশ্ন ১০। পঢ়া আৰু দফাটোত থকা ‘ ং’ আৰু ‘ঙ’ৰ ব্যৱহাৰ শিকা

শংকৰৰ বান্ধৱীৰ নাম জংকী। জংকীৰ ঘৰ কলঙৰ পাৰত। কলং নৈৰ ওপৰত দলং আছে। কলঙেদি টুলুঙা নাও চলে। সেই নাৱত উঠি মাছমৰিয়াই মাছ মাৰে। দলঙৰ পৰা শংকৰহঁতে মাছ ধৰা চাই বৰ ৰং পাইছে। SCERT class 7 Assamese

গ- জ্ঞান সম্পসাৰণ (Class 7 Assamese)

জানো আহা 

উৰাবাতৰিঃ বিভিন্ন মাধ্যমৰ মাজেৰে প্ৰচাৰিত হােৱা অপ্রামাণিক উৎসৰপৰা ওলােৱা আৰু সত্যাসত্য নিৰূপণ নােহােৱা তথ্য বা খবৰক উৰাবাতৰি বােলে ।উৰাবাতৰি মৌখিক বা লিখিত দুয়ােধৰণৰে হ’ব পাৰে । উৰাবাতৰি মানুহৰ মুখে মুখে, বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপকভাৱে বিয়পি পৰে । এই ধৰণৰ মৌখিক, লিখিত আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে বিয়পা উৰাবাতৰিৰ বাবেই বিভিন্ন ঠাইত অঘটন ঘটিব ধৰিছে । সেইবাবে এনেধৰণৰ মুখে মুখে বাগৰি অহা উৰাবাতৰিৰ পৰা আমি সাৱধান হােৱা উচিত ।সামাজিক মাধ্যমঃ যি মাধ্যমৰ জৰিয়তে ৰাইজক জড়িত কৰিব পাৰি তাকে সামাজিক মাধ্যম বােলা হয়। ইয়াৰ জৰিয়তে চৌপাশে ঘটি থকা ঘটনাৰ পর্যৱেক্ষণ কৰা হয় । সামাজিক মাধ্যম বুলিলে আমি বাতৰি কাকত, অনাতাঁৰ ( ৰেডিঅ ’ ), দূৰদৰ্শন ( টিভি ) , ভ্রাম্যভাষ ( মােবাইল ), কম্পিউটাৰ, ইন্টাৰনেট, কথাছবি বা চিনেমা, ফেক্স, ই-মেইল ইত্যাদিকে বুজো। বেছিভাগ সামাজিক মাধ্যমৰ ইতিবাচক ভূমিকা অনস্বীকার্য কিন্তু কেতিয়াবা সামাজিক মাধ্যমে নেতিবাচক ভূমিকা লােৱাও দেখা যায়। সেইবাবে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষক, অভিভাৱক আৰু পিতৃ-মাতৃ সকলােৱে সচেতন হোৱা উচিত।

প্ৰশ্ন ১১। তোমালোকে পাঠত পাইছা যে ৰতনপুৰ গাৱঁত বুধবাৰে সাপ্তাহিক হাট বহে। তোমালোকে জনা েনে হাটৰ বিষয়ে পাচঁশাৰী লিখা।

উত্তৰ— নগাৱঁৰ ৰূপহীত বুধবাৰে সাপ্তাহিক হাট বহে । এইখন হৈছে অসমৰ আটাইতকৈ ডাঙৰ হাট। তালৈ নগাৱঁৰ বিভিন্ন অঞ্চলৰ বাহিৰেও ওচৰৰ কেইবাখনো জিলাৰ মানুহ সতেজ শাক–পাচলি বিক্ৰী কৰিবলৈ  আহে। ইয়াত শাক–পাচলিৰ লগতে গৰু-ছাগলীকে ধৰি সকলাে ধৰণৰ বস্তু বেচা–কিনা হয় ।  বাঁহ–বেতৰ বিভিন্ন সা-সামগ্ৰীও ইয়াত কিনিবলৈ পোৱা যায় ।

প্ৰশ্ন ১২। চিকিৎসক পায়েঙে ছিটা প্ৰয়োগ কৰাৰ উপকাৰিতাৰ বিষয়ে কোৱা কথাখিনি তুমি তোমাৰ অভিভাৱকৰ আগত কেনেদৰে প্ৰকাশ কৰিবা, দলত আলোচনা কৰি লিখা ।

উত্তৰ— চিকিৎসক পায়েঙে ছিটা প্রয়ােগ কৰাৰ উপকাৰিতাৰ বিষয়ে ৰাইজক সুন্দৰকৈ বুজাই দিছিল। তেওঁ কৈছিল যে-প্ৰতিদিনেই আমাৰ শৰীৰত বিভিন্ন বীজাণু প্রৱেশ কৰে । ইয়াৰ ভিতৰত কিছুমান শক্তিশালী বীজাণুয়ে শৰীৰত বিভিন্ন ধৰনৰ ৰোগ যেনে পলিঅ’, জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰােগৰ সৃষ্টি কৰে । শক্তিশালী হোৱা বাবে এইবােৰ বীজাণুৱে মানুহৰ দেহৰ ৰােগ প্ৰতিৰােধ কৰা ক্ষমতা সহজে হ্রাস কৰে । ছিটা প্রয়ােগ কৰি সেই ভয়ানক বীজাণুবােৰৰ সংক্রমণ ৰােধ কৰিব পাৰি । উপযুক্ত সময়ত শৰীৰত ছিটা প্রয়ােগ কৰি আমাৰ শিশুসকলৰ ৰােগৰ প্ৰতিৰােধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্রয়ােজন ।

প্রশ্ন ১৩। তােমাৰ অঞ্চলৰ যিকোনাে এটা সমস্যাৰ বিষয়ে বর্ণনা কৰি বাতৰিকাকতত প্ৰকাশৰ বাবে সম্পাদকলৈ এখন চিঠি লিখা । 

উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে লিখা ।

SL. No. Contents (Class 7 Assamese)
পাঠ-1 তেজৰে কমলাপতি
পাঠ-2 কালিকা লগা পাট-কাপোৰ
পাঠ-3 পণ্ডিত আনন্দৰাম বৰুৱা
পাঠ-4 জনমভূমি
পাঠ-5 বিজ্ঞান আৰু আমাৰ মানসিকতা
পাঠ-6 নোকোৱাৰ পৰিণাম
পাঠ-7 জতুৱাৰ জঁট
পাঠ-8 মিছাইল মানৱ
পাঠ-9 অসম
পাঠ-10 প্ৰত্যাহ্বান
পাঠ-11 গছ ভালপোৱা ককাৰ খং
পাঠ-12 নামৰ বেবেৰিবাং
পাঠ-13 প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14 বিদ্যা
পাঠ-15 গড়গাঁও

প্রশ্ন ১৪। তুমি যদি কেতিয়াবা উৰাবাতৰিৰে প্ৰৰোচিত হোৱা, তেনেহ’লে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় ল’বা কোৱা।

উত্তৰ— কেতিয়াবা যদি মই উৰাবাতৰিৰে প্ৰৰিচিত হওঁ তাৰপৰা পৰিত্ৰাণ পাবলৈ ধৈর্যসহকাৰে সেই বাতৰিৰ সত্যাসত্য নিৰূপণ কৰিবলৈ চেষ্টা কৰিম। অসমীয়াত এষাৰ ফকৰা যোজনা আছে- শুনা কথাত নিদিবা কাণ, দেখিলেও ল’বা তিনিটা প্ৰমান। এই কথাষাৰ মনতে আওৰাই ভৱিষ্যতে যাতে কোনো উৰাবাতৰিয়ে মোক প্ৰৰোচিত কৰিব নোৱাৰে, তাৰবাবে নিজকে প্ৰস্তুত কৰি তুলিম ।

প্ৰশ্ন ১৫। ছবিখন চাই এটা কাহিনী লিখা।Class 7 Assamese chapter 5

উত্তৰ— কিবা কাৰণত বিদ্যুৎ প্রবাহিত হৈ থকা দুডাল তাঁৰ ছিঙি ৰাস্তাৰ কৃত্ৰিম বানপানীত পৰি আছে ।  যদি কোনােবাই নোৱাৰাকৈ সেই পানীখিনি বা তাঁৰদুডাল স্পর্শ কৰে তেনেহ’লে মৃত্যু মুখত পৰিব । ছবিখনত দুটি ল’ৰা–ছােৱালীয়ে বিদ্যুৎ প্রবাহিত তাঁৰ দুডাল দেখি ভীষণ ভয় খাইছে আৰু বিদ্যুৎ বিভাগত কামকৰা চৌধুৰী খুড়াকক কথাটো ক’বলৈ ওলাইছে । এনে পৰিস্থিতিত ওচৰৰ বিদ্যুৎ কর্মীক খবৰ দিয়াতো খুবেই প্ৰয়োজনীয়।। বিদ্যুৎ কর্মী আহি নােপােৱা পর্যন্ত জনা মানুহ এজন তাত ৰখীয়া হৈ থাকিব লাগে যাতে আন কোনােৱে আহি তাত বিপদত নপৰে ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close