জনমভূমি Class 7 Assamese Chapter 4

SCERT class 7 Assamese Chapter 4 জনমভূমি free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 4 ( পাঠ ৪ জনমভূমি) solutions.

জনমভূমি

পাঠ ৪

ক- পাঠভিত্তিক ক্ৰিয়া

ক্ৰিয়া-কলাপ

প্ৰশ্ন ১। শুদ্ধ উচ্চাৰনেৰে ‘জনমভূমি’ কবিতাংশ আবৃত্তি কৰা।

উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে আবৃত্তি কৰিবলৈ চেষ্টা কৰা।

প্ৰশ্ন ২। কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া।

উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ চেষ্টা কৰা।

প্ৰশ্ন ৩। উত্তৰ দিয়া।

(ক)  কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে?

উত্তৰ— কবিয়ে জনমভূমিৰ কোলাত প্রথমে চকু মেলাৰ কথা কৈছে ।

(খ) কবিৰ ভাগৰুৱা আত্মাই কোনঠাইত শেষ জিৰণি ল’বলৈ ইচ্ছা প্রকাশ কৰিছে?

উত্তৰ— কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ কোলাত শেষ জিৰণি ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে ।

(গ) কবিয়ে পখী হৈ ক’ত বাহ ল’ম বুলি কৈছে?

উত্তৰ— কবিয়ে পখী হৈ উখ বিৰিখত (গছত) বাহ ল’ম বুলি কৈছে ।

(ঘ) কবিয়ে হিমালয় পর্বতৰ ক’ত আৰু কি হৈ ৰ’ব বুলি কৈছে?

উত্তৰ— কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত  গৈ মানসি বিলত ফুলি ৰ’ব বুলি কৈছে । (মানসী বিল মানে মানস সৰোবৰৰ কথা কোৱা হৈছে)

প্ৰশ্ন ৪। উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি লিখা।

উদাহৰণ :     পুৱাত                          সন্ধিয়াত

——-→——-                ——-→——-

——-→——-                ——-→——-

——-→——-                ——-→——-

উত্তৰ—

কোলাত ছায়াত
বিৰিখত গীতত
জেউতি আৰতি
বিলত চৰণত
বুকুত ওঁঠত

প্রশ্ন ৫। তলৰ শব্দবােৰ অর্থ মিলাই লিখা ।Class 7 Assamese

উত্তৰ—

শব্দ  অৰ্থ
পখী চৰাই
শীতলী চেঁচা, শীতল
সোনোৱালী সোণ-বৰণীয়া
মৰম চেনেহ
প্ৰথম আদি
টিং পৰ্বতৰ আগ বা ওখ ভাগ

প্রশ্ন ৬।   ‘মুদিম আকৌ চকু

তোমাৰ কোলাতে শুই

জীৱনৰ শেষ সন্ধিয়াত’ ।

ওপৰৰ কবিতাফাকিৰ গদ্যৰূপ হ’ল- জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা।

(ক)  সোনোৱালী মেঘ হৈ

ৰঙা হাঁহি বিৰিঙাম

শেঁতা পৰা দুখনি ওঁঠত।

উত্তৰ— সােণােৱালী মেঘ হৈ শেতা পৰা দুখনি ওঁঠত ৰঙা হাঁহি বিৰিঙাম ।

(খ)  আকাশৰ তৰা হৈ

ৰ লাগি চাই ৰ’ম

সেউজীয়া শুৱনি জেউতি।

উত্তৰ— আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি ৰ লাগি চাই ৰ’ম ।

প্রশ্ন ৭। পাঠত থকা জনমভূমি কবিতাংশৰ মূলভাব লিখা।

উত্তৰ— নিজৰ জন্মভূমি বা ওপজা ঠাইখন সকলোৰে আপোন। কবি নলিনীবালা দেৱীয়ে তেওঁৰ ওপজা ঠাইখনৰ প্ৰতি থকা গভীৰ চেনেহ, ভালপোৱা এই কবিতাটোৰ মাধ্যমেৰে সুন্দৰকৈ প্ৰকাশ কৰিছে। কবিয়ে যিখন ঠাইত জন্মগ্রহণ কৰিছে সেই ওপজা ঠাইতেই জীৱনৰ শেষ সন্ধিয়াত চকু মুদিব খুজিছে। আনকি মৃত্যুৰ পাছতো তেঁও ইয়াতই বাৰে বাৰে জনম ল’ব বিচাৰিছে। ইয়াৰ লগতে কবিয়ে পখী হৈ আকাশৰ বুকুত উৰি ফুৰাৰ কল্পনা কৰিছে আৰু ওখ বিৰিখত বাহ সাজি থাকি পুৱতিৰ লগে লগে বনৰীয়া সুৱদি গীত গাই গাই দেশমাতৃক জগাবলৈ ইচ্ছা কৰিছে।  আকাশত তৰা হৈ জনমভূমিৰ সেউজীয়া শুৱনি জেউতি একেথৰে চাইথাকিব , জোনাকত জনমভূমিৰে আৰতি কৰিব। হিমালয় পৰ্বতৰ শুকুলা টিঙত থকা মানসী বিলত (মানস সৰোবৰত) ফুল হৈ ফুলি থাকিব আৰু মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি দেশমাতৃৰ চৰণ ঢুলাবলৈ ইচ্ছা কৰিছে। নদী হৈ নিতৌ দেশমাতৃৰ চৰণ দুখনি পখালিবলৈ আৰু মাটি হৈ দেশমাতৃৰ বুকুত মিহলি হৈ যাবলৈ খুজিছে। আকৌ সোণোৱালী মেঘ হৈ জনমভূমিৰ শেঁতা পৰা ওঁঠ দুখনিত ৰঙা হাঁহি বিৰিঙাব খুজিছে। এইদৰে কবিয়ে তেওঁৰ জনমভূমিক জীৱনে মৰণে ভালপোৱাৰ কথা কবিতাটোৰ দ্বাৰা প্ৰকাশ কৰিছে।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৮। উপযুক্ত স্থানত যতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা।

পুঁৱতিৰ লগে লগে            জগাম তোমাক নিতে

বনৰীয়া সুৱদি গীতত

আকাশৰ তৰা হৈ             ৰ লাগি চাই ৰ’ম

  সেউজীয়া শুৱনি জেউতি

জোনাকত মিল হৈ            বিমান পথত ৰৈ

    ওৰে ৰাতি কৰিম আৰতি

উত্তৰ—                                                           পুঁৱতিৰ লগে লগে            জগাম তোমাক নিতে

  বনৰীয়া সুৱদি গীতত ।

আকাশৰ তৰা হৈ             ৰ লাগি চাই ৰ’ম

  সেউজীয়া শুৱনি জেউতি,

জোনাকত মিল হৈ            বিমান পথত ৰৈ

    ওৰে ৰাতি কৰিম আৰতি ।

প্রশ্ন ৯। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।Class 7 Assamese chapter 4

উত্তৰ—

শব্দ বিপৰীত অৰ্থ
জনম মৰণ
শেষ আদি, আৰম্ভনি
ছাঁ পোহৰ
ওখ চাপৰ
ৰাতি দিন
দুখীয়া ধনী

প্রশ্ন ১০। (ক) ছবিসমূহৰ তলত দিয়া শব্দবােৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা– জনমভূমি class 7

উত্তৰ— ৰঙা জবা, সেউজীয়া পাত, ক’লা ছাতি।

(খ) বন্ধনীৰ ভিতৰত থকা শব্দবােৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবােৰ বাছি ভাগে ভাগে লিখা ।

(ভাল, ল’ৰা, ক’লা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা । )

উত্তৰ—

বিশেষ্য পদ বিশেষণ পদ
ল’ৰা, কাউৰী, আকাশ, মাছ, পানী, গাখীৰ ভাল, ক’লা, নীলা, লেতেৰা, সৰু, বগা

গ- জ্ঞান সম্প্ৰসাৰণ (Class 7 Assamese)

প্রশ্ন ১১। কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা, লিখা।

উত্তৰ— মই আকাশত উৰিব পাৰিলে মােৰ জনমভূমিৰ মনােমােহা ৰূপটো ওপৰৰ পৰা চাবলৈ বিচাৰিম ।

প্রশ্ন ১২। জনমভূমিৰ দৰে স্বদেশপ্ৰেমমূলক কবিতা এটা সংগ্ৰহ কৰি আবৃত্তি কৰা

উত্তৰ—                                                                         মই অসমীয়া

জীৱনে-মৰণে মই চিৰদিন অসমীয়া

অসমীয়া দেহে প্ৰাণে মই,

জীয়াই থাকোঁতে মই অসমৰে অসমীয়া

মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।

অসমৰ হকে যুঁজি াসমৰ হকে মৰোঁ

ধৰ্ম মোৰ জাতি মোৰ

অসমীয়া প্ৰাণৰ আপোন

অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ

অসম প্ৰকৃতিয়ে ৰচা

চিনি পাম বুজি পাম

আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া।

প্রশ্ন ১৩। তুমি তোমাৰ অঞ্চলৰ বাবে কেনেধৰনৰ ভাল কাম কৰিবলৈ বিচৰা লিখা।

উত্তৰ— শ্ৰেণী শিক্ষকৰ সহায় লৈ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

SL. No. Contents (Class 7 Assamese)
পাঠ-1 তেজৰে কমলাপতি
পাঠ-2 কালিকা লগা পাট-কাপোৰ
পাঠ-3 পণ্ডিত আনন্দৰাম বৰুৱা
পাঠ-4 জনমভূমি
পাঠ-5 বিজ্ঞান আৰু আমাৰ মানসিকতা
পাঠ-6 নোকোৱাৰ পৰিণাম
পাঠ-7 জতুৱাৰ জঁট
পাঠ-8 মিছাইল মানৱ
পাঠ-9 অসম
পাঠ-10 প্ৰত্যাহ্বান
পাঠ-11 গছ ভালপোৱা ককাৰ খং
পাঠ-12 নামৰ বেবেৰিবাং
পাঠ-13 প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14 বিদ্যা
পাঠ-15 গড়গাঁও

ঘ— প্ৰকল্প

প্রশ্ন ১৪। তুমি জনা পাঁচগৰাকী দেশপ্ৰেমিকৰ নাম ছবিসহ সংগ্ৰহ কৰি তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা। ( সহায়ক উৎস হিচাপে পুথিঁভড়াল, বাতৰি কাকত, আলোচনী, বৈদ্যুতিক মাধ্যমৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা)।

উত্তৰ— ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কেইজনমান দেশপ্ৰেমিকৰ নাম যেনে পিয়লি ফুকন, কুশল কোঁৱৰ, ভোগেশ্বৰী ফুকননী, কনকলতা বৰুৱা, লাচিত বৰফুকনৰ নাম উল্লেখ কৰিছো। ছবিবোৰ আৰু তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে তোমালোকে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close