SCERT class 7 Assamese Chapter 2 কালিকা লগা পাট-কাপোৰ free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 2 ( পাঠ ২ কালিকা লগা পাট-কাপোৰ) solutions.
কালিকা লগা পাট-কাপোৰ
পাঠ ২
জানো আহা
শব্দ | অৰ্থ |
চহকী | ধনী |
দেখনিয়াৰ | সুঠাম আৰু দেখিবলৈ ধুনীয়া |
বনকৰা | বেজিৰে গুণাৰ ফুল তুলি শোভিত কৰা |
ৰূপান্তৰিত | গঢ় বা আকাৰ সলনি হোৱা |
পেৰা | ধন-বস্তু সুমুৱাই থোৱা সচাঁৰ লগোৱা বা নলগোৱা কাঠৰ বাকচ |
জকমকীয়া | নানা ৰঙৰ জিলিকনি থকা, চকমক কৰা |
প্ৰচলিত | চলি থকা |
সুশোভিত | সুসজ্জিত, অতি শোভাযুক্ত |
সৰহ | অধিক, বহুত, অনেক |
ক- পাঠভিত্তিক ক্ৰিয়া
ক্ৰিয়া-কলাপ
প্ৰশ্ন ১। পাঠটো শুদ্ধ উচ্চাৰণ আৰু যতি, বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা।
উত্তৰ— বহু যুগৰ আগতে আচিক নামৰ মাতৃপ্ৰধান দেশখনত এজন বৰ চহকী মানুহ আছিল। মানুহজনৰ এগৰাকীয়েই কন্যা সন্তান আছিল আৰু সময়ত এজন উপযুক্ত দেখনিয়াৰ ল’ৰা চাই, ছোৱালীজনীক বিয়া পাতিও দিছিল। বাপেকে বিয়াত ছোৱালীজনীক যথেষ্ট সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট কাপোৰো দিছিল। কাপোৰখনৰ এক বিশেষত্ব আছিল যে এক বিশেষ মন্ত্ৰ উচ্চাৰন নকৰাকৈ যদি কাপোৰখন কোনোবাই স্পৰ্শ কৰে, তেন্তে সেই ব্যক্তিজন চকুৰ পচাৰতে চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এই কথাটো কিন্তু ছোৱালীজনীৰ গিৰিয়েকে মুঠেই গম পোৱা নাছিল। কেইবছৰমানৰ পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈনীয়েক ঢুকাল আৰু তেতিয়া জীয়েক জোৱায়েক ঘৰৰ গৰাকী হৈ পৰিল। এদিন ছোৱালীজনীয়ে সেই বিশেষ কাপোৰখন ৰ’দত মেলি দি, মাছ ধৰিবলৈ গ’ল আৰু গিৰিয়েকক কাপোৰখন কোনো কাৰনতে নুচুবলৈ বাৰম্বাৰ সকিয়াই থৈ গ’ল। কিছুসময়ৰ পাছতে আকাশ কলীয়া ডাৱৰে আৱৰি ধাৰাষাৰ বৰষুণ আহিবলৈ ধৰিলে। তেতিয়া গিৰিয়েকে ঘৈনীয়েকৰ বাধাৰ কথা পাহৰি কাপোৰ খন ভিতৰলৈ নিবৰ বাবে হাত দিলে আৰু লগে লগেই মানুহজন এটা ডাঙৰ নানা বৰনীয়া জকমকীয়া পাহিৰে সুশোভিত ম’ৰা চৰাই হৈ পৰিল। সেই সময়তে ঘৈনীয়েক জনীও সেইখিনি ঠাইত উপস্থিত হৈ এই কাণ্ডটো দেখি মন্ত্ৰ উচ্চাৰনৰ কথা পাহৰি কাপোৰখনত হাত দিলে। তেতিয়া তাইও এজনী চৰাইৰ ৰূপ ল’লে। তেতিয়াৰ পৰা মেঘে গাজিলে বা বৰষুণ আহিবলৈ ধৰিলে ম’ৰা চৰায়ে চিঞৰিবলৈ ধৰে।
প্ৰশ্ন ২। উত্তৰ দিয়া।
(ক) চহকী মানুহজন কোন দেশৰ আছিল?
উত্তৰ— চহকী মানুহজন আচিক দেশৰ আছিল।
(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?
উত্তৰ— চহকী মানুহজনৰ ছােৱালীজনীৰ দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল ।
(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?
উত্তৰ— ছােৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাটৰ কাপােৰ দিয়া হৈছিল ।
(ঘ) কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?
উত্তৰ— কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কৈছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে কাপোৰখনত হাত দিয়া মানুহজন চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।
(ঙ) আচিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
উত্তৰ— আচিক সম্প্ৰদায়ৰ লোকসকল মাতৃপ্ৰধান জাতি আৰু এই সম্প্ৰদায়ত ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।
(চ) ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল?
উত্তৰ— ছোৱালীজনীয়ে কাপােৰখন ৰ’দত মেলি দি মাছ মাৰিবলৈ গৈছিল ।
(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ’ল?
উত্তৰ— কাপােৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশােভিত ময়ূৰ চৰাই (চিতৰী চৰাই)লৈ ৰূপান্তৰিত হ’ল ।
প্ৰশ্ন ৩। চমু উত্তৰ লিখা।
(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশেষত্ব কি আছিল?
উত্তৰ— বাপেকে ছােৱালীজনীক দিয়া বনকৰা পাটৰ কাপােৰখনৰ কালিকা লগা আছিল । মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে কাপোৰখনত হাত দিয়া মানুহজন চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এয়াই আছিল কাপোৰখনৰ বিশেষত্ব ।
(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিতৰী চৰাই লৈ ৰূপান্তৰিত হৈছিল?
উত্তৰ— কালিকা লগা পাটৰ কাপােৰখন ৰ’দত মেলি দি ছােৱালীজনীয়ে গিৰিয়েকক কোনাে কাৰণতে কাপােৰখন নুচুবলৈ কৈ মাছ মাৰিবলৈ গৈছিল । এনেতে ধাৰাসাৰ বৰষুণ অহাত ঘৈণীয়েকক চিঞৰি মতাতাে নহাত গিৰিয়েকে ঘৈনিয়েকৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ তাত হাত দিওতেই তেওঁ সুশােভিত তাত হাত দিওতেই চিতৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল।
(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ’ল?
উত্তৰ— গিৰিয়েকজনে কাপোৰখন চুই দিয়াত তেওঁ ততালিকে এটা ডাঙৰ আৰু নানা বৰনীয়া জকমকীয়া পাখিৰে সুশোভিত এটা ময়ূৰ চৰাই হৈ পৰিল। এই কাণ্ড দেখি ঘৈনীয়েকেও মন্ত্ৰষাৰ উচ্চাৰন কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাইও এজনী চৰাইৰ ৰূপ ল’লে।
প্ৰশ্ন ৪। তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা।
সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত, চলি থকা |
উত্তৰ— প্ৰচলিত → চলি থকা
দেখনিয়াৰ → সুঠাম আৰু দেখিবলৈ ধুনীয়া
চহকী → ধনী
সুশোভিত → সুসজ্জিত
সৰহ → বহুত
খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
প্ৰশ্ন ৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।
এই কাণ্ড দেখি ঘৈনীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল
উত্তৰ— এই কাণ্ড দেখি ঘৈনীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে । লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে । তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই; আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই । মতাটোৰ পাখি বেছি জকমকীয়া । কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল ।
SL. No. | Contents (Class 7 Assamese) |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপোৰ |
পাঠ-3 | পণ্ডিত আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ মানসিকতা |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্ৰত্যাহ্বান |
পাঠ-11 | গছ ভালপোৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
প্ৰশ্ন ৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসামাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা।
সমাপিকা ক্ৰিয়া | অসমাপিকা ক্ৰিয়া |
……………………………………………………………………………………………… | ……………………………………………………………………………………………… |
উত্তৰ—
সমাপিকা ক্ৰিয়া | অসমাপিকা ক্ৰিয়া |
আচিক দেশত এজন বৰ চহকী মানুহ আছিলসময়ত এজন দেখনিয়াৰ ডেকাৰ লগত তাইৰ বিয়া পতা হ’ল | এদিন ছােৱালীজনীয়ে কাপােৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিলেকাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈনীয়েকক চিঞৰি মাতিলে |
প্ৰশ্ন ৭। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা।
⇒ মই ঘৰলৈ যাম।
⇒ ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ।
⇒ পুৱা শুই উঠি মই বকুল ফুল বুটলিম।
⇒ মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে।
⇒ স্কুলৰ পৰা আহি মই কিছুপৰ টি ভি চাওঁ ।
সমাপিকা ক্ৰিয়া | অসমাপিকা ক্ৰিয়া |
মই ঘৰলৈ যাম | পুৱা শুই উঠি মই বকুলফুল বুটলিম । |
ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ । | স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ |
মা – দেউতাই সদায় খবৰ কাগজ পঢ়ে । |
গ- জ্ঞান সম্প্ৰসাৰণ (Class 7 Assamese)
জানো আহা-
⇒ পাঠত থকা ‘অচিক’, ‘চিতৰী’ আৰু ‘চেকে’ শব্দ তিনিটা গাৰো শব্দ। আচিকৰ অৰ্থ পাহাৰীয়া লোক, চিতৰীৰ অৰ্থ ম’ৰা চৰাই আৰু চেকে শব্দটোৰ অৰ্থ জাকৈ।⇒ আমাৰ অসমত বিভিন্ন ধৰনৰ মাছ মৰা সঁজুলি আছে। এই সঁজুলিবোৰৰ বিভিন্ন নাম। যেনে- জাকৈ, বৰশী, চেপা, পল, জাল, খোকা আদি। তেনেদৰে মাছ থ’বলৈ ব্যৱহৃত সঁজুলি খালৈ। বেছিভাগ সঁজুলিবেই বাঁহেৰে নিৰ্মিত। অসমত অঞ্চলভেদে এই সঁজুলিবোৰৰ নাম বেলেগ বেলেগ হয়। |
প্রশ্ন ৮। পুৰণিকালত তােমাৰ ককা–আইতাহঁতে কাপােৰ–কানি , বাচন–বৰ্তন পেৰাত ভৰাই থৈছিল ৷ তােমালােকে কাপােৰ–কানি , বাচন-বর্তন ক’ত থােৱা , তাৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰ— কাপােৰ–কানি থােৱা ঠাই → বাকচ, আলমাৰী, বিচনাৰ ভিতৰত আদি।
বাচন–বৰ্তন থােৱা ঠাই → ৰেক, বাকচ, আলমাৰী আদি।
প্ৰশ্ন ৯। ছবিখনত দিয়া সঁজুলিকেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা।
উত্তৰ— বৰশী, খালৈ আৰু পল। এই সঁজুলিকেইবিধ মাছ ধৰা আৰু মাছ থোৱা কামত ব্যৱহাৰ কৰা হয়।
জানো আহা
ম’ৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পখী।পদুম ফুল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল।ঢেকীয়াপতীয়া বাঘ আমাৰ ৰাষ্ট্ৰীয় জন্তু।অশোকস্তম্ভ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক।তিনি বৰণীয়া জাতীয় পতাকা আমাৰ ৰাষ্ট্ৰীয় পতাকা । |
ঘ- প্ৰকল্প
প্ৰশ্ন ১০। বাতৰি কাকতৰ শিশু পৃষ্ঠা/শিশু আলোচনী/ গল্প পুথি পঢ়ি তাৰ পৰা এটা গল্প স্পষ্ট আখৰেৰে কাগজত লিখিবা। লগতে গল্পটোৰ পৰা কি শিকিলা সেই বিষয়ে লিখি ডাঠ কাগজত লগাই শ্ৰেণী কক্ষত আৰি থোৱা। গল্পটোৰ লগত সংগতি থকা দুটামান চিত্ৰও লগাই দিবা।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সহায় লৈ নিজে কৰা।
প্ৰশ্ন ১১। অসমৰ শিপিনীয়ে তাঁত-শালত কি কি কাপোৰ বয়, তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ— গামোচা, চাদৰ, মেখেলা, ৰুমাল, দখনা, বিছনা চাদৰ, পৰ্দা ইত্যাদি।
প্ৰশ্ন ১২। উত্তৰ-পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ— খাচীয়া আৰু গাৰাে ।
(adsbygoogle = window.adsbygoogle || []).push({});