SCERT class 6 Social Science Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ free study material and class notes available here for free. So, if you are looking for class 6 Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 4 “পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ” Lesson 4 free notes.
পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
পাঠ নং ৪
অনুশীলনী :
প্ৰশ্ন (১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা―
(ক) পৃথিৱীৰ প্ৰধান চাৰিটা মণ্ডল কি কি ?
উত্তৰ— পৃথিৱীৰ প্ৰধান চাৰিটা মণ্ডল হৈছে- স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল ।
(খ) পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম কি কি ?
উত্তৰ— পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম হৈছে- এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া, এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ ।
(গ) সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি ?
উত্তৰ— ওচেনিয়া ।
(ঘ) বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি ?
উত্তৰ— বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম ট্ৰপ’স্ফিয়েৰ, ষ্ট্ৰেট’স্ফিয়েৰ, মেছ’স্ফিয়েৰ আৰু থাৰ্মস্ফিয়েৰ ।
(ঙ) জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয় ?
উত্তৰ— বয়ুমণ্ডলে জীৱৰ শ্বাস-প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় বায়ু যোগান ধৰে। লগতে সমগ্ৰ জীৱ জগতক সূ্ৰ্যৰ পৰা বিকিৰিত অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰপৰা ৰক্ষা কৰে। এইবোৰ কাৰনতেই জীৱৰ বাবে বায়ুমণ্ডল অতি প্ৰয়োজনীয়।
(চ) মহাসাগৰসমূহৰ নাম কি কি?
উত্তৰ— মহাসাগৰসমূহৰ নাম হৈছে- প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ ।
(ছ) জীৱমণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে ?
উত্তৰ— জীৱমণ্ডলত মানুহে অপৰিকল্পিতভাৱে ঘৰ দুৱাৰ, কল-কাৰখানা, আদিৰ নিৰ্মাণ কৰি জীৱমণ্ডলৰ অন্তৰ্গত বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰিছে যাৰ বাবে বায়ুত কাৰ্বনডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈছে । আৰু গোটেই পৃথিৱীতে তাপ বৃদ্ধি হৈ গোলকীয় উষ্ণতা বৃদ্ধি হৈছে । ইয়াৰ বাহিৰেও জধে-মধে গছ কাটি বা কৃষিকাৰ্যৰ বাবে অৰণ্যভূমি পৰিষ্কাৰ কৰি অৰণ্যত থকা প্ৰাণীৰ বাসস্থানৰ অভাৱ ঘটাইছে।
প্ৰশ্ন (২) শুদ্ধ উত্তৰটোত √ চিন দিয়া―
(ক) এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা―
(১) এণ্ডিজ (২) হিমালয় (৩) য়ুৰাল
উত্তৰ— (৩) য়ুৰাল
(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ―
(১) নাইট্ৰ’জেন (২) অক্সিজেন (৩) কাৰ্বন-ডাই-অক্সাইড
উত্তৰ— (১) নাইট্ৰ’জেন
(গ) কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো―
(১) বায়ুমণ্ডল (২) জলমণ্ডল (৩) স্থলমণ্ডল
উত্তৰ— (৩) স্থলমণ্ডল
(ঘ) আটাইতকৈ বৃহৎ মহাদেশখন হ’ল―
(১) আফ্ৰিকা (২) এছিয়া (৩) অষ্ট্ৰেলিয়া
উত্তৰ— (২) এছিয়া
প্ৰশ্ন (৩) জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিবেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত ? দলত আলোচনা কৰি লিখা।
উত্তৰ— জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিবেশ ৰক্ষা কৰিবলৈ আমি পৃথিৱীৰ সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্রত যথেষ্ট সচেতন হ’ব লাগিব, লগতে জধে-মধে গছ কটা কাৰ্য বা কৃষিকাৰ্যৰ বাবে অৰণ্যভূমি ধ্বংস কৰা কাৰ্য বন্ধ কৰিব লাগিব, তেতিয়াহে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য ৰক্ষা হ’ব আৰু পৃথিৱীখন জীৱৰ বসবাসৰ বাবে উপযোগী হৈ থাকিব ।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
অন্যান্য প্ৰশ্ন (Class 6 Social Science)
প্ৰশ্ন ১) জীৱৰ বসবাসৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ কি কি?
উত্তৰ— জীৱৰ বসবাসৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ হ’ল- বায়ু, পানী, মাটি, তাপ আৰু পোহৰ।
প্ৰশ্ন ২) আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি?
উত্তৰ— এছিয়া।
প্ৰশ্ন ৩) ভাৰতবৰ্ষ কোনখন মহাদেশত অৱস্থিত?
উত্তৰ— এছিয়া মহাদেশত।
প্ৰশ্ন ৪) পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা কোনখন মহাদেশত অৱস্থিত?
উত্তৰ— আফ্ৰিকা মহাদেশত।
প্ৰশ্ন ৫) পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদী কোন মহাদেশত আছে?
উত্তৰ— আফ্ৰিকা মহাদেশত।
প্ৰশ্ন ৬) পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজান কোন মহাদেশত আছে?
উত্তৰ— দক্ষিণ আমেৰিকা।
প্ৰশ্ন ৭) আটাইতকৈ সৰু মহাদেশখনৰ নাম লিখা।
উত্তৰ— ওচেনিয়া।
প্ৰশ্ন ৮) সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত এখন মহাদেশৰ নাম লিখা।
উত্তৰ— উত্তৰ আমেৰিকা।
প্ৰশ্ন ৯) পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰখনৰ নাম কি?
উত্তৰ— প্ৰশান্ত মহাসাগৰ।
প্ৰশ্ন ১০) কোনখন মহাসাগৰৰ জলভাগ বছৰটোৰ প্ৰায়ভাগ সময় বৰফ হৈ থাকে?
উত্তৰ— উত্তৰ মহাসাগৰৰ।
চমু উত্তৰ দিয়া।
(ক) বতাহ বুলিলে কি বুজা?
উত্তৰ— বায়ু সদায় উচ্চ চাপ থকা অঞ্চলৰ পৰা নিম্ন চাপ থকা অঞ্চললৈ গতি কৰে। এইদৰে চলাচল কৰা বায়ুকে বতাহ বুলি কয়।
(খ) গোলকীয় উষ্ণতা বৃদ্ধি বা Global Warmimg বুলিলে কি বুজা?
উত্তৰ— মানুহে অপৰিকল্পিতভাৱে ঘৰ দুৱাৰ, কল-কাৰখানা, আদিৰ নিৰ্মাণ কৰাৰ ফলত জীৱমণ্ডলৰ অন্তৰ্গত বায়ু, পানী, মাটি যথেষ্টভাৱে প্ৰদূষিত হৈছে আৰু ইয়াৰ ফলত বায়ুৰ এটি গুৰুত্বপূৰ্ণ উপাদান কাৰ্বন-ডাই-অক্সাইডৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি হৈছে। কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে গোটেই পৃথিৱীতে তাপ বৃদ্ধি কৰে। এনে কাৰ্যৰ ফলত ধৰাপৃষ্ঠত তাপ বৃদ্ধি হোৱাকে গোলকীয় উষ্ণতা বৃদ্ধি বা Global Warmimg বোলে।
(adsbygoogle = window.adsbygoogle || []).push({});