SCERT Assam class 6 Social Science Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 17 “আমাৰ মৌলিক প্ৰয়োজনসমূহ” Lesson 17 free notes.
আমাৰ মৌলিক প্ৰয়োজনসমূহ
পাঠ নং ১৭
অনুশীলনী :
প্ৰশ্ন ১) মানুহৰ মৌলিক প্ৰয়োজনসমূহ কি কি ? এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয় ?
উত্তৰ— মানুহৰ মৌলিক প্ৰয়োজনসমূহ হৈছে- আহাৰ , সাজ-পাৰ আৰু বাসস্থান । এইবিলাকৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱ নহয়। মানুহৰ জীৱন-ধাৰণৰ বাবে অপৰিহাৰ্য বা এৰাব নোৱাৰা প্ৰয়োজন হোৱা বাবে এইবোৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়।
প্ৰশ্ন ২) পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি ?
উত্তৰ— ভিন ভিন ভৌগৌলিক পৰিবেশ, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰভেদে মানুহৰ মুখ্য আহাৰ বেলেগ বেলেগ হয় ।
প্ৰশ্ন ৩) অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায় ?
উত্তৰ— অসমৰ প্ৰধান খাদ্য হৈছে ভাত । ইয়াৰ উপৰি ভাতৰ লগত গ্ৰহণ কৰা মাছ, মাংস, নানাবিধ ব্যঞ্জন, কণী আদি মুখ্য আহাৰ হিচাপে হিচাপে গ্ৰহণ কৰে ।
প্ৰশ্ন ৪) বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন সাজ-পাৰ পৰিধান কৰে ?
উত্তৰ— জাতীয় পৰম্পৰা, ধৰ্মীয় বিশ্বাস, ভৌগোলিক অৱস্থান, জলবায়ু, বৃত্তি, সৌন্দৰ্যবোধ আদিৰ ভিন্নতাৰ বাবে মানুহে বিভিন্ন সাজ-পাৰ পৰিধান কৰে ।
প্ৰশ্ন ৫) মানুহৰ বাসস্থানসমূহ ঠাইভেদে বেলেগ বেলেগ হয় । ইয়াৰ কাৰনসমূহ শিক্ষকৰ লগত আলোচনা কৰি লিখা ।
উত্তৰ— ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বেলেগ বেলেগ প্ৰকাৰৰ ঘৰ সাজে । উদাহৰণ স্বৰূপে অসমত প্ৰচুৰ পৰিমাণৰ বাঁহ , খেৰ , কাঠ আদি পোৱা যায় । জাৰ আৰু জহৰ প্ৰকোপ বেছি হোৱা বাবে বিহাৰ , উত্তৰ প্ৰদেশ , মধ্য প্ৰদেশ আদি ৰাজ্যৰ মানুহে মাটিৰে ঘৰ সাজে । ইয়াৰ উপৰি জলমগ্ন অঞ্চল বা হ্ৰদ আদি থকা ঠাইত মানুহে নাৱতে ঘৰ সাজি লয় । এইবিলাকক নৌকাগৃহ বোলে । তুন্দা অঞ্চলৰ এক্সিম’সকলে বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজি লয় । উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ জন্তু , সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সাজে ।
প্ৰশ্ন ৬) খালি ঠাই পূৰ কৰা ―
ক) আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি ―――― আৰু ―――― গ্ৰহণ কৰোঁ ।
উত্তৰ— আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি খাদ্য আৰু পানী গ্ৰহণ কৰোঁ ।
খ) মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা ―――― ভাবে কোৱা আহাৰক ―――― আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয় ।
উত্তৰ— মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা নিয়মীয়া ভাবে খোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয় ।
গ) শীত, তাপ, ৰ’দ, ধূলি-মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু ―――― নিবাৰণৰ বাবে মানুহক ―――― ৰ প্ৰয়োজন হয় ।
উত্তৰ— শীত, তাপ, ৰ’দ, ধূলি-মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু লজ্জা নিবাৰণৰ বাবে মানুহক সাজপাৰৰ প্ৰয়োজন হয় ।
ঘ) সাজপাৰে মানুহৰ ―――― আৰু ―――― দাঙি ধৰে ।
উত্তৰ— সাজপাৰে মানুহৰ ৰুচিবোধ আৰু ব্যক্তিত্ব দাঙি ধৰে ।
ঙ) বাসস্থান বা ঘৰে মানুহক ―――― বিপদৰ পৰা ৰক্ষা কৰি ―――― নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰা ।
উত্তৰ— বাসস্থান বা ঘৰে মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰা ।
চ) উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ জন্তু ―――― আদিৰ পৰা ৰক্ষা পাবলৈ ―――― সাজে ।
উত্তৰ— উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ জন্তু, সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সাজে ।
প্ৰশ্ন ৭) শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা―
ক) পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত ।
উত্তৰ— অশুদ্ধ ।
খ) দিনটোত দুবেলা নিয়মীয়া ভাবে খোৱা আহাৰক উপ আহাৰ বোলে ।
উত্তৰ— অশুদ্ধ ।
গ) সাজ-পাৰ অবিহনে সভ্য জীৱন-যাপন সম্ভৱ নহয় ।
উত্তৰ— শুদ্ধ ।
ঘ) গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰ প্ৰচলন কম ।
উত্তৰ— অশুদ্ধ ।
ঙ) মৰুভূমি অঞ্চলৰ মানুহে ঈগলু সাজি বসবাস কৰে ।
উত্তৰ— শুদ্ধ ।
চ) উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায় ।
উত্তৰ— শুদ্ধ ।
অন্যান্য প্ৰশ্ন (Class 6 Social Science Chapter 17)
প্ৰশ্ন ক) কেঁচামাল বুলিলে কি বুজা?
উত্তৰ— আহাৰ, সাজ-পাৰ বাসস্থানৰ অভাৱ পূৰ কৰাৰ বাবে যি সমূহ প্ৰয়োজনীয় সামগ্ৰী আমি প্ৰকৃতিৰ পৰা পাওঁ, সেইবোৰকে কেঁচামাল বোলে।
প্ৰশ্ন খ) ভাৰতৰ কোনকেইখন ৰাজ্যৰ মানুহৰ প্ৰধান আহাৰ ৰুটি?
উত্তৰ— পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ অদি ৰাজ্যৰ মানুহৰ প্ৰধান আহাৰ ৰুটি।
প্ৰশ্ন গ) এস্কিম’সকলে সজা বৰফৰ ঘৰক কি বুলি কোৱা হয়?
উত্তৰ— ঈগলু।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
প্ৰশ্ন ঘ) মৌলিক প্ৰয়োজনসমূহ পূৰ কৰাৰ বাবে আহৰণ কৰা বস্তুৰ উৎসসমূহৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ—
প্ৰয়োজনসমূহ | উৎসসমূহ |
খাদ্য বা আহাৰ | শষ্য, ফল-মূল, মাছ-মাংস, শাক-পাচলি, গাখীৰ, কণী, পানী আদি। |
সাজ-পাৰ | কপাহ, এৰী, মুগা, পাট, ঊণসূতা, মৰাপাট আদি। |
বাসস্থান | গছ, বাঁহ, খেৰ, মাটি, শিল, বালি, লোহা, চিমেন্ট আদি। |