Class 6 Social Science Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ

SCERT class 6 Social Science Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 9 “কি, ক’ত, কেতিয়া আৰু কেনেকৈ” Lesson 9 free notes.

কি, ক’ত, কেতিয়া আৰু কেনেকৈ

পাঠ নং ৯

অনুশীলনী :

প্ৰশ্ন (১) উত্তৰ লিখা :―

(ক) ইতিহাস কাক বোলে?

উত্তৰ— অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিবৰণীসমূহকে ইতিহাস বোলে ।

(খ) সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়?

উত্তৰ— সাধুকথা হৈছে কোনো ধৰণৰ সত্যতা নথকা ইচ্ছাকৃতভাৱে সাজি উলিওৱা কিছুমান লোককথা বা কাহিনী । আনহাতে ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৰ বিৱৰণী।

(গ) ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি ?

উত্তৰ— ইতিহাস অধ্যয়নৰ সমলবোৰ হৈছে- ভগ্নাৱশেষ, শিলালিপি, তামৰ লিপি, চিত্ৰ-ভাস্কৰ্য, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী আদি।

(ঘ) বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমলনে ? যদি হয়, সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত ?

উত্তৰ— হয় । বেদ, পুৰাণ, মহাভাৰত আদিও ইতিহাস অধ্যয়নৰ এক উল্লেখযোগ্য সমল । এইবোৰ সমলৰ ওপৰত যুগুতোৱা বিবৰণৰ দ্বাৰা সকলো ঘটনাৰ সত্যাসত্য নিৰূপণ নহবও পাৰে বাবে এইবোৰ সাহিত্য সমলৰ অন্তৰ্গত ।

(ঙ) বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা ?

উত্তৰ— অতীতকালত পূৰ্বপূৰুষসকলৰ আৰ্থ-সামাজিক আৰু ধৰ্মীয় ব্যৱস্থা, সাজ-পোছাক, মানুহৰ খাদ্যভাস, বাসস্থান, আ-অলংকাৰ আদিৰ বিষয়ে থুলমূলকৈ জানিবলৈ হ’লে ইতিহাস অধ্যয়ন কৰিব লাগিব । আমাৰ নিজৰ ঐতিহ্য, পৰম্পৰা, কলা সংস্কৃতিৰ বিষয়ে আস্থা আৰু সন্মান প্ৰদৰ্শনৰ বাবে ইতিহাস অধ্যয়ন অত্যন্ত আৱশ্যক বুলি ভবা হয় । ইতিহাসে অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ত ঘটা ঘটনাৱলীৰ লগতে মানৱ জীৱনৰ পৰিৱৰ্তনৰ বিভিন্ন দিশ সামৰি লয় । গতিকে ইতিহাস অধ্যয়নৰ যোগেদি আমি অতীতৰ মানুহৰ খাদ্যাভাষ, বাসস্থান, সাজ-পোছাক, আ-অলঙ্কাৰ আদিৰ বিষয়ে জানিব পাৰো। মুঠতে অতীতৰ সকলো বিষয়ৰ কথা জানিবলৈ হ’লে আমি ইতিহাস অধ্যয়ন কৰিব‌ই লাগিব ।

(চ) বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি ?

উত্তৰ— বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায় । ইয়াত সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়ে উল্লেখ নাথাকে । আনহাতে, ইতিহাস হ’ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী । ইতিহাসত অতীতৰ মানৱ সমাজৰ সকলো দিশ সামৰি লোৱা এক গ্ৰহনযোগ্য বৰ্ণনা থাকে, যিটো বুৰঞ্জীত নাথাকে ।

প্ৰশ্ন ২) তুমি জনা যিকোনো এটি আখ্যান বা সাধুকথা দলত আলোচনা কৰা।

উত্তৰ—                                            জল-দেৱতা আৰু খৰিকটীয়াৰ সাধু

বহু দিনৰ আগতে এখন গাওঁত এজন খৰিকটীয়া আছিল ৷ সি দিনৰ দিনটো হাবিত খৰি কাটি সেই খৰি বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে ঘৰখন পোহপাল দি আছিলে ৷ এদিনাখনৰ কথা খৰিকটীয়াই এখন নৈৰ পাৰৰ হাবিত খৰি কাটি থাকোঁতে হঠাৎ তেওঁৰ হাতৰ পৰা কুঠাৰখন সুলকি নৈত পৰিল ৷ সেই কুঠাৰখনেই খৰিকটীয়াৰ পৰিয়ালটোৰ একমাত্ৰ জীৱিকাৰ উপায় আছিল ৷কুঠাৰখন এনেদৰে পানীত পৰাত তেওঁ উপায়বিহীন হৈ নৈৰ পাৰতে বহি কান্দিবলৈ ধৰিলে ৷ খৰিকটীয়াই এনেদৰে কান্দি থাকোঁতেই এজন জল দেৱতা পানীৰ পৰা সোণৰ কুঠাৰ এখন হাতত লৈ উঠি আহি খৰিকটীয়াৰ সন্মুখত থিয় হ’ল – জল-দেৱতাই সুধিলে – “হে খৰিকটীয়া এই খনেই তোমাৰ হেৰুৱা কুঠাৰ নেকি ?”
খৰিকটীয়াই জল-দেৱতাৰ হাতত থকা সোণৰ কুঠাৰখনৰ ফালে চাই ক’লে – “হে জল-দেৱতা এই খন মোৰ কুঠাৰ নহয় ৷”
উত্তৰটো শুনি জল-দেৱতাই পানীত বুৰ মাৰি এইবাৰ এখন ৰূপৰ কুঠাৰ লৈ উঠি আহি খৰিকটীয়াক দেখুৱালে ৷ খৰিকটীয়াই এইখনো তেওঁৰ নহয় বুলি ক’লে ৷ এইবাৰ জল-দেৱতাই পুনৰ পানীত বুৰ মাৰি খৰিকটীয়াৰ আচল কুঠাৰখন আনি দেখুৱালে ৷ খৰিকটীয়াই নিজৰ কুঠাৰখন দেখি নিজৰ চকুলো ৰখাব নোৱাৰিলে আৰু তেওঁ ভঙা ভঙা মাতেৰে ক’লে হয় এইখনেই তেওঁৰ কুঠাৰ ৷খৰিকটীয়াৰ এই সাধুতাত জল-দেৱতা সন্তুষ্ট হৈ তিনিওখন কুঠাৰেই তেওঁক দি দিলে ৷
খৰিকটীয়াই হাবিৰ পৰা আহি তেওঁৰ লগত ঘটা ঘটনাটি গাওঁৰ মানুহৰ আগত প্ৰকাশ কৰাত আন এজন মানুহে নৈখনৰ পাৰত আহি নিজৰ ইচ্ছাকৃতভাৱে লগত লৈ আহা কুঠাৰখন পানীত পেলাই কান্দিবলৈ ধৰিলে ৷তেতিয়া জল-দেৱতাই আগৰ দৰেই এখন সোণৰ কুঠাৰ হাতত লৈ উঠি আহি দেখুৱালে ৷ খৰিকটীয়াজনে সেইখনেই তাৰ কুঠাৰ বুলি ক’লে ৷ খৰিকটীয়াজনৰ এই মিঁছা কথাত জল-দেৱতাৰ খঙ উঠিল আৰু তেওঁ কুঠাৰখনৰ সৈতে পানীত বুৰ মাৰিলে আৰু উঠি নাহিল ৷ ফলত বেচেৰাই নিজৰ কুঠাৰখনো হেৰুৱাবলগীয়া হ’ল ৷
(নীতি শিক্ষা – সততাই জীৱন ৷ আনৰ বস্তুৰ প্ৰতি লোভ কৰিলে নিজৰ খিনিও হেৰুৱাব লগীয়া হয় ৷ )
Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

অন্যান্য প্ৰশ্ন (Class 6 Social Science)

Social Science Class 6প্ৰশ্ন ক) চমু উত্তৰ দিয়া―

১) অসমীয়া বুৰঞ্জী শব্দটো মুলতঃ কোন ভাষাৰ?

উত্তৰ— টাই ভাষাৰ।

২) বেদ কেইখন আৰু কি কি?

উত্তৰ— বেদ চাৰিখন- ঋকবেদ, যৰ্জুবেদ, অৰ্থববেদ আৰু সামবেদ।

প্ৰশ্ন খ) খালি ঠাই পূৰ কৰা―

১) যিসকল ব্যক্তিয়ে প্ৰাচীন সামগ্ৰীৰ অধ্যয়ন কৰে তেওঁলোকক ———- বোলে ।

উত্তৰ— যিসকল ব্যক্তিয়ে প্ৰাচীন সামগ্ৰীৰ অধ্যয়ন কৰে তেওঁলোকক প্ৰত্নতত্ববিদ বোলে ।

২) যিশুখ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনিক ———- বোলে।

উত্তৰ— যিশুখ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনিক খৃষ্টপূৰ্ব বোলে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close