Class 6 Social Science Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি

SCERT class 6 Social Science Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 7 “অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি” Lesson 7 free notes.

অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি

পাঠ নং ৭

অনুশীলনী :

প্ৰশ্ন (১) উত্তৰ লিখা―

(ক) অসমৰ একেবাৰে পশ্চিম সীমাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

উত্তৰ— ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ।

(খ) চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি ?

উত্তৰ— চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য হৈছে―ইহঁতৰ পাত সদায় সেউজীয়া হৈ থাকে ।

(গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত ?

উত্তৰ— বাকসা্ আৰু চিৰাং জিলাত ।

(ঘ) প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা ?

উত্তৰ— মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন-পালন নোপোৱাকৈ প্ৰাকৃতিক ভাৱে ডাঙৰ-দীঘল হোৱা গছ-গছনিকে প্ৰাকৃতিক উদ্ভিদ বোলা হয় ।

প্ৰশ্ন (২) চমু উত্তৰ লিখা―

(ক) জলবায়ু বুলিলে কি বুজা ?

উত্তৰ— একোটা অঞ্চলৰ কমেও ৫০ বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আদ্ৰতাৰ গড় অৱস্থাটোক সেই অঞ্চলটোৰজলবায়ু বোলা হয়।

(খ) অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি?

উত্তৰ— অসমৰ প্ৰধান ঋতু ৪টা- গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত ।

(গ) বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি ?

উত্তৰ— বৰ্ষাকালত বংগ উপসাগৰৰ ওপৰেদি অহা দক্ষিণ পশ্চিম মৌচুমী বতাহ অসমৰ ওপৰেদি অহাৰ সময়ত এই বতাহে যথেষ্ট পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে । এইদৰে জলীয় ভাপ বহন কৰি অনা দক্ষিণ পশ্চিম মৌচুমী বায়ুয়ে অসমত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে সেই বাবে বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী বুলি কোৱা হয় ।

(ঘ) কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনে ধৰনৰ ?

উত্তৰ— যিকোনো এখন ঠাইৰ কৃষি সেই ঠাইখনৰ জলবায়ু আৰু মাটিৰ ওপৰত নিৰ্ভৰশীল । জলবায়ুৰ ওপৰত ভিত্তি কৰি এখন ঠাইৰ গোটেই বছৰটোক কেইবাটাও ঋতুত ভাগ কৰিব পাৰি, যেনে-গ্ৰীষ্ম, বৰ্ষা, শৰৎ, বৰ্ষা আদি। প্ৰতিটো ঋতুত বায়ুৰ চাপ-তাপ, বৰষুণৰ পৰিমাণ আদি বেলেগ বেলেগ বাবে ঋতু অনুসৰি ভিন ভিন খেতি কৰা হয়। এইক্ষেত্ৰ আমি যদি অসমক উদাহৰন হিচাপে লও তেন্তে দেখিম যে- বৰ্ষাকালত অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত যথেষ্ট বৰষুণ হয় আৰু উষ্ণতাও বেছি থাকে। সেয়েহে গ্ৰীষ্ম আৰু বৰ্ষাকালত এনে বতৰৰ উপযোগী খেতি, যেনে- ধান, মৰাপাট, লাউ আদিৰ খেতি কৰা হয়। ঠিক তেনেদৰে খৰালি কালত এনে বতৰৰ উপযোগী খেতি যেনে- ঘেঁহু, মাকৈ, সঁৰিয়হ আদিৰ খেতি কৰা হয়। আনহাতে শীতকালত তাপ আৰু বৰষুণৰ পৰিমাণ কম  বাবে তাপ আৰু পানী কম পৰিমানে লগা খেতি কৰা হয়। এনেকৈয়ে জলবায়ু আৰু কৃষিৰ মাজত এটা ওতঃপ্ৰোত সম্বন্ধ আছে।

(ঙ) চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্যসমূহ কি কি ?

উত্তৰ— চিৰসেউজীয়া উদ্ভিদৰ পাত সদায় সেউজীয়া হৈ থাকে আনহাতে পৰ্ণপাতী উদ্ভিদৰ পাত বছৰটোৰ ভিতৰত এবাৰ সৰি যায় আৰু কিছুদিন পাছত পুনৰ কুঁহিপাত ওলাবলৈ ধৰে । চিৰসেউজীয়া উদ্ভিদক গড়ে ২০০ চেন্টিমিটাৰতকৈ বেছি বৰষুণ লাগে আৰু পৰ্ণপাতী উদ্ভিদক ৮০ চেন্টিমিটাৰৰ পৰা ২০০ চেন্টিমিটাৰ গড় বৰষুণ লাগে ।

(চ) গছ-গছনি আমাক কিয় লাগে আলোচনা কৰা।

উত্তৰ— গছ-গছনি অমাৰ জীৱনত ব্যৱহাৰ হোৱা এবিধ প্ৰকৃতিৰ উপাদান। আমাৰ কামত আহে বাবে ইয়াক আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ ।  গছ-গছনিয়ে এৰি দিয়া অক্সিজেন গেছ আমি উশাহত ল‌ওঁ আৰু আমি উৎপন্ন কৰা কাৰ্বনডাই অক্সাইড গেছ গছ-গছনিয়ে শুহি লয়। গছ-গছনিৰ বাবেই আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ বহুপৰিমাণে নিয়ন্ত্ৰণ হয় । গছৰপৰাই আমি ঘৰ-দুৱাৰ, দলং, চকী-মেজ আদি তৈয়াৰ কৰি লওঁ ।

(ছ)  গছ-গছনি আৰু বণ্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা কি? আলোচনা কৰা।

উত্তৰ— প্ৰাকৃতিক উদ্ভিদ অবিহনে পৃথিৱীৰ উপৰিভাগ সৌন্দৰ্যহীন। পৃথিৱীৰ সৌন্দৰ্য ৰক্ষাৰ লগতে প্ৰাকৃতিক উদ্ভিদে প্ৰানী জগতক সুৰক্ষা দি আহিছে আৰু আমাৰ জীৱন-ধাৰণত বিশেষভাৱে সহায় কৰি আহিছে। মানুহৰ সকলো মৌলিক প্ৰয়োজনীয় সামগ্ৰী, খাদ্য সামগ্ৰী, ঔষধ আদি প্ৰাকৃতিক উদ্ভিদৰ পৰাই আহৰন কৰা হয়। কিন্তু জনসংখ্যা বাঢ়ি অহাৰ লগে লগে খেতি-বাতি কৰা, বাট-পথ নিৰ্মাণ, গাওঁ-চহৰ স্থাপনৰ বাবে জধে-মধে গছ-গছনি কটা, বনৰ জীৱ-জন্তু হত্যা কৰা, পাহাৰ কাটি দ ঠাই পূৰোৱা আদি কাৰ্য কৰা দেখা গৈছে।মানুহৰ এনে কাৰ্যই বণ্যপ্ৰাণীৰ বাসস্থান, খাদ্য আদিৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰাই নহয়, গোটেই পৰিবেশৰো ভাৰসাম্য নষ্ট কৰিছে।  ইয়াৰ উপৰি মূল্যৱান গছ-গছনি অবৈধভাৱে কাটি আৰু মূল্যৱান বনৰীয়া জীৱ-জন্তু চোৰাং চিকাৰী আৰু দুষ্ট প্ৰকৃতিৰ মানুহে হত্যা কৰি তাৰ অংগ-প্ৰত্যংগ অবৈধভাৱে বজাৰত বিক্ৰী কৰিছে। এনেবোৰ কাৰনতেই গছ-গছনি আৰু বণ্যপ্ৰাণী সংৰক্ষণৰ কথা চিন্তা কৰিবলগীয়া হৈছে।

প্ৰশ্ন (৩) খালী ঠাই পূৰ কৰা―

(ক) কোনো এটা অঞ্চলত কমেও ৫০ বছৰ সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আদ্ৰতা আদিৰ গড় অৱস্থাকে ………………… বুলি কোৱা হয় ।

উত্তৰ— কোনো এটা অঞ্চলত কমেও ৫০ বছৰ সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আদ্ৰতা আদিৰ গড় অৱস্থাকে জলবায়ু বুলি কোৱা হয় ।

(খ) জলবায়ুৰ বৈশিষ্টৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক ………………… ঋতুত ভাগ কৰা হৈছে।

উত্তৰ— জলবায়ুৰ বৈশিষ্টৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক চাৰিটা ঋতুত ভাগ কৰা হৈছে ।

(গ) ভাৰতৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান ………………… ।

উত্তৰ— ভাৰতবৰ্ষত চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান  প্ৰথম

(ঘ) ………………… বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

উত্তৰ— দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় ।

(ঙ) বৰ্তমান অসমত মুঠ ………………… খন অভয়াৰণ্য আছে।

উত্তৰ— বৰ্তমান অসমত মুঠ ১৭ খন অভয়াৰণ্য আছে।

(চ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ………………… বাবে বিখ্যাত ।

উত্তৰ— কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত ।

(ছ) শীতকালত দিন চুটি আৰু ৰাতি ………………… হয় ।

উত্তৰ— শীতকালত দিন চুটি আৰু ৰাতি দীঘল হয় ।

প্ৰশ্ন (৪) শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক) পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ’ল―

(১) চেৰাপুঞ্জী,  (২) মৌচিনৰাম,  (৩) শ্বিলং

উত্তৰ— (২) মৌচিনৰাম

(খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত ?

(১) গোলাঘাট,  (২) যোৰহাট,  (৩) মৰিগাঁও,  (৪) কামৰূপ

উত্তৰ— (১) গোলাঘাট

(গ) এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদ বিধ হ’ল―

(১) পৰ্ণপাতী,  (২) চিৰ সেউজীয়া,  (৩) তৃণভূমি

উত্তৰ— (১) পৰ্ণপাতী

(ঘ) উদ্ভিদে এৰি দিয়া গেছ বিধৰ নাম হ’ল―

(১) কাৰ্বন-ডাই-অক্সাইড,  (২) অক্সিজেন,  (৩) নাইট্ৰ’জেন

উত্তৰ— (১) কাৰ্বন-ডাই-অক্সাইড

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

প্ৰশ্ন (৫) সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজত কি কি পাৰ্থক্য আছে? লিখা।

উত্তৰ— (ক) সমভূমি অঞ্চলৰ কৃষি ভূমি সমূহ সাৰুৱা হোৱাৰ বাবে ই কৃষিকাৰ্যৰ বাবে যথেষ্ট উপযোগী, আনহাতে পাহাৰীয়া অঞ্চলৰ কৃষি ভূমি শিলাময় হোৱাৰ বাবে কৃষিৰ বাবে বিশেষ উপযোগী নহয়।

(খ) সমভূমি অঞ্চলত খেতিৰ উপযোগী মাটি যথেষ্ট উপলব্ধ, কিন্তু পাহাৰীয়া অঞ্চলত সমান ঠাই পাবলৈ টান বাবে কৃষি কাৰ্যৰ বাবে মাটিৰ অভাৱ হয়।

(গ) সমভূমি অঞ্চলত খেতিৰ বাবে প্ৰয়োজনীয় পানী সহজেই উপলব্ধ, আনহাতে পাহাৰীয়া ঠাইত খেতিৰ বাবে প্ৰয়োজনীয় পানী সহজলভ্য নহয় ।

অন্যান্য প্ৰশ্ন

Class 7 Social Scienceপ্ৰশ্ন (ক) বতৰ বুলিলে কি বুজা?

উত্তৰ— কোনো এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় বাস্পৰ আপেক্ষিক পৰিমাণ আদি লগ লাগি যি অৱস্থাৰ সৃষ্টি কৰে তাকেই বতৰ বুলি কোৱা হয় ।

প্ৰশ্ন (খ) জলবায়ু আৰু বতৰৰ মাজত পাৰ্থক্য কি?

উত্তৰ— বতৰ বুলিলে এখন নিৰ্দিষ্ট ঠাইৰ এক নিৰ্দিষ্ট দিন, সপ্তাহ, মাহ আদিৰ বায়ুমণ্ডলৰ অৱস্থাক বুজোঁ, জলবায়ু বুলিলে এখন ঠাইৰ ৪০-৫০ বছৰৰ বতৰৰ গড় অৱস্থাক বুজোঁ ।

প্ৰশ্ন (গ) কেইবিধমান চিৰসেউজীয়া উদ্ভিদৰ নাম লিখা।

উত্তৰ— নাগেশ্বৰ, হলং, গমাৰি, অগৰু, খোকন আদি।

প্ৰশ্ন (ঘ) কেইবিধমান পৰ্ণপাতী উদ্ভিদৰ নাম লিখা।

উত্তৰ— চেগুন, শাল, শিমলু, গমাৰি, শিলিখা আদি।

প্ৰশ্ন (ঙ) অসমৰ ৩ বিধ মূল্যবান বন্যপ্ৰাণীৰ নাম লিখা।

উত্তৰ— এশিঙীয়া গঁড়, হলৌ বান্দৰ আৰু দেওহাঁহ ।

প্ৰশ্ন (চ) অসমৰ অৰন্যমানৱ বুলি কাক জনা যায় ?

উত্তৰ— যাদৱ পায়েঙক ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close