SCERT class 6 Social Science Chapter 10 আদি প্ৰস্তৰ যুগ free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 10 “আদি প্ৰস্তৰ যুগ” Lesson 8 free notes.
আদি প্ৰস্তৰ যুগ
পাঠ নং ১০
অনুশীলনী :
প্ৰশ্ন (১) উত্তৰ লিখা :―
(ক) আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল?
উত্তৰ— আদিম যুগৰ মানুহে প্ৰকৃতিত পোৱা বিভিন্ন গছৰ ফল-মূল, ফলৰ সৰ, বীজ, পাত আদি খাইছিল। এইসমূহৰ উপৰি নানা ধৰনৰ পতংগ, পলু, চৰাই-চিৰিকতি, পোক, জলাশয়ৰ মাছ আৰু বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি তাৰ মঙহ খাইছিল ।
(খ) আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল ?
উত্তৰ— আদিম মানুহে খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘৰি ফুৰিছিল।
গ) বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি কি ক্ষেত্ৰত মিল আৰু অমিল আছে ?
উত্তৰ— বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত থকা মিল অমিলবোৰ তলত উল্লেখ কৰা হ’ল-
মিল :
- নতুন আৰু নেদেখা ঠাই দেখাৰ হাবিয়াস
অমিল :
- বৰ্তমান সময়ৰ মানুহে ভ্ৰমন গাইগুটীয়াকেও কৰে কিন্তু আদিম মানুহে দল বান্ধিহে ভ্ৰমন কৰিছিল।
ঘ) আদিম যুগৰ মানুহে শিলকে কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল ?
উত্তৰ— কাৰণ সেই সময়ত শিল সহজভাৱে পোৱা গৈছিল আৰু মানুহে লোহাকে আদি কৰি বেলেগ ধাতুৰে বনোৱা সঁজুলিৰ ব্যৱহাৰ নাজানিছিল।
ঙ) বর্তমান শিলক কি কি কামত ব্যৱহাৰ কৰা হয় তাৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।
উত্তৰ— বৰ্তমান সময়ত শিল বিভিন্ন কামত ব্যৱহাৰ কৰা হয় । তাৰ ভিতৰত প্ৰধানকৈ ঘৰ নিৰ্মাণ, দলং নিৰ্মাণ, ৰাস্তা ঘাট নিৰ্মাণ, মথাউৰি নিৰ্মাণ আদি কাৰ্যত শিল ব্যৱহাৰ কৰা হয় ।
চ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল ?
উত্তৰ— আদিম মানুহে খাদ্যৰ সন্ধানত হাবিত ঘূৰি ফুৰোতে হয়তো ঘটনাক্ৰমে শিলে শিলে ঘহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিঙতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল । এনেকৈয়ে জুইৰ আৱিষ্কাৰ হৈছিল আৰু তেতিয়াৰ পৰাই হয়তো তেওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল ।
ছ) আদিম মানুহে জুই কি কি কামত ব্যৱহাৰ কৰিছিল?
উত্তৰ— আদিম মানুহে জুই প্ৰধানকৈ মাংস পুৰি বা সেকি খাবলৈ আৰু খাদ্য বস্তু সিজাই খাবৰ বাবে ব্যৱহাৰ কৰিছিল। ইয়াৰ লগতে তেওঁলোকে শীতৰ প্ৰকোপৰপৰা হাত সাৰিবলৈ, হিংস্ৰ জন্তুক আতৰাই পঠিয়াবলৈ আৰু তেওঁলোকে বাস কৰা গুহাত পোহৰ আৰু আৰু উত্তাপ সৃষ্টি কৰিবলৈও জুই ব্যৱহাৰ কৰিছিল।
জ) আদিম মানুহে সংগ্ৰহ কৰা খাদ্য কিয় সাঁচি থোৱা নাছিল? ব্যাখ্যা কৰা।
উত্তৰ— আদিম মানুহে প্ৰকৃতিৰপৰা তেওঁলোকৰ খাদ্য সংগ্ৰহ কৰিছিল আৰু কেতিয়াবা চিকাৰো কৰিছিল । কিন্তু তেওঁলোকে সংগ্ৰহ কৰা খাদ্য সাঁচি ৰখাৰ প্ৰয়োজন বোধ কৰা নাছিল বা হয়তো সাঁচি থ’ব লাগে বুলি নাজানিছিল। আদিম মানুহে সংগ্ৰহ কৰা খাদ্য সাঁচি নৰখাৰ অন্য এটা কাৰন হৈছে সেইসময়ত খাদ্য সাঁচি ৰখাৰ কোনো ব্যৱস্থা নাছিল।
অন্যান্য প্ৰশ্ন (Class 6 Social Science)
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
চমু উত্তৰ দিয়া
প্ৰশ্ন (ক) আদিম মানুহে ক’ত বাস কৰিছিল?
উত্তৰ— গছৰ খোৰোং বা গুহাত বাস কৰিছিল।
প্ৰশ্ন (খ) আদিম মানুহে কেনেধৰনৰ সাজ-পাৰ পৰিধান কৰিছিল?
উত্তৰ— আদিম মানুহে গছৰ বাকলি, জন্তুৰ ছাল, নোম আদিৰ দ্বাৰা তৈয়াৰী পোছাক ব্যৱহাৰ কৰিছিল।
(adsbygoogle = window.adsbygoogle || []).push({});