SCERT class 6 Social Science Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ free study material and class notes available here for free. So, if you are looking for class 6 Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 6 “পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ” Lesson 6 free notes.
পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
পাঠ নং ৬
অনুশীলনী :
প্ৰশ্ন (১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা―
(ক) প্ৰধান ভূঅৱয়ৱকেইটা কি কি?
উত্তৰ— পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ কেইটা হৈছে- পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি।
(খ) পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য কি কি?
উত্তৰ—পৰ্বত বুলিলে প্ৰাকৃতিক ভাৱে থকা অতি ওখ ঠাইক বুজায় । আনহাতে, পৰ্বতৰ ওপৰৰ বহল সমান ঠাইয়েই হৈছে মালভূমি । পৰ্বতৰ থিয় শিখৰ থাকে। আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰভাগ বহল আৰু সমতল।
(গ) উৎপত্তিৰ ফালৰ পৰা পৰ্বত-পাহাৰক কি কি ভাগত ভাগ কৰা হয় ?
উত্তৰ— উৎপত্তিৰ ফালৰ পৰা পৰ্বত আৰু পাহাৰক তিনি ভাগত ভাগ কৰা হয়― আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত।
(ঘ) পৰ্বত-পাহাৰ মানুহৰ কি কি কামত আহে ?
উত্তৰ— অতীজৰে পৰা মানুহৰ জীৱন যাপনত পৰ্বত-পাহাৰে অনেক বৰঙণি যোগাই আহিছে । এই পৰ্বত-পাহাৰবোৰত থকা খনিজ সম্পদবোৰ আহৰণ কৰি মানুহে অনেক কামত খটুৱাইছে । পৃথিৱীৰ বেছিভাগ প্ৰধান নদীয়েই পৰ্বতৰ হিমবাহ আৰু নিজৰাৰ পৰা উৎপত্তি হোৱা । এনে জলভাণ্ডাৰৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰা হয় । আকৌ পাহাৰৰ এঢলীয়া ঢালত মানুহে ঢাপ কাটি ধান, গম, আলু, কচু, ফল-মূল আদিৰ খেতি কৰে। পৰ্বত-পাহাৰবোৰ বিভিন্ন প্ৰকাৰ উদ্ভিদ আৰু প্ৰাণীৰে চহকী । পৰ্বত-পাহাৰত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, ফল-মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশু খাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে । একোখন পৰ্বত আৰু ইয়াত থকা উদ্ভিদে ইয়াৰ ওচৰ-পাজৰ অঞ্চলৰ উষ্ণতা, বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ, নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে ।
(ঙ) সমভূমি কেনেকৈ গঠিত হয় ?
উত্তৰ— সমভূমি হ’ল চাপৰ, বিস্তৃত সমান ঠাই । পৃথিৱীৰ বেছিভাগ সমভূমিয়েই নৈ, জান-জুৰি আদিৰ দ্বাৰা গঠিত। নৈ, জান-জুৰিৰ বোৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে । লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি কৰে । আনহাতে নিম্ন ভূমিসমূহত গেদবোৰ জমা হোৱাৰ ফলত গভীৰতা কমি গৈ তাতো সমভূমিৰ সৃষ্টি হয় । আনহাতে, ভূ-আন্দোলনৰ ফলতো কোনো নিম্নভূমি উঠি আহি সমভূমিৰ ৰূপ ল’ব পাৰে ।
(চ) নদী উপত্যকা কিয় ঘন জনবসতিপূৰ্ণ ?
উত্তৰ— পৃথিৱীৰ প্ৰধান নৈসমূহে সৃষ্টি কৰা সমভূমি সমূহত জনবসতি আটাইতকৈ ঘন । ইয়াৰ প্ৰধান কাৰন হৈছে সমভূমি সমূহ বাৰিষা নৈয়ে দুয়োপাৰ পানীৰে ওপচাই পলস পেলোৱা বাবে কৃষিকাৰ্যৰ বাবে অতি উপযোগী । ইয়াৰ উপৰি বাট পথ নিৰ্মাণৰ বাবেও সুবিধাজনক । নিৰ্মাণ কাৰ্য আৰু পৰিবহনৰ সুবিধাৰ বাবে নদী উপত্যকা জনবসতিপূৰ্ণ ।
(ছ) পাৰ্বত্য অঞ্চলসমূহত সাধাৰণতে কিয় জনবসতি সেৰেঙা ?
উত্তৰ— পাৰ্বত্য অঞ্চলসমূহত জনবসতি সেৰেঙা হোৱাৰ কেইবাটাও কাৰন আছে। ইয়াৰ ভিতৰত মূখ্য কাৰন কেইটা হৈছে- কৃষি ভূমিৰ পৰিমাণ যথেষ্ট কম, খোৱা পানী সহজলভ্য নহয়, যাতায়তৰ অসুবিধা, ঘৰ দুৱাৰ নিৰ্মাণ কাৰ্যত অসুবিধা আদি।
প্ৰশ্ন (২) শুদ্ধটোত (√) চিন দিয়া―
(ক) পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ―
(১) উচ্চতা (২) ঢাল (৩) গঠন প্ৰক্ৰিয়া
উত্তৰ— (১) উচ্চতা
(খ) হিমবাহ থকা স্থান হ’ল―
(১) সমভূমি (২) পৰ্বত (৩) মৰুভূমি
উত্তৰ— (২) পৰ্বত
(গ) দাক্ষিণাত্য মালভূমিৰ অৱস্থান―
(১) চীনত (২) নেপালত (৩) ভাৰতত
উত্তৰ— (৩) ভাৰতত
প্ৰশ্ন (৩) খালী ঠাই পূৰ কৰা―
(ক) ৰ’দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন হ’লে তাক ………………………. প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয়।
উত্তৰ— ৰ’দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন হ’লে তাক বাহ্যিক প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয়।
(খ) হিমালয় আৰু আল্পচ একোখন ………………………. পৰ্বত ।
উত্তৰ— হিমালয় আৰু আল্পচ একোখন ভংগিল পৰ্বত ।
(গ) ………………………. অঞ্চলত যাতায়ত ব্যৱস্থা আটাইতকৈ সহজ সাধ্য ।
উত্তৰ— সমভূমি অঞ্চলত যাতায়ত ব্যৱস্থা আটাইতকৈ সহজ সাধ্য ।
(ঘ) বোৱতী পানীৰ সোঁতে ………………………. সৃষ্টিত বিশেষ ভূমিকা লয় ।
উত্তৰ— বোৱতী পানীৰ সোঁতে জলবিদ্যুৎ সৃষ্টিত বিশেষ ভূমিকা লয় ।
প্ৰশ্ন (৪) তলত দিয়া পৃথিৱীৰ মানচিত্ৰখনত কেইখনমান পৰ্বতমালাৰ অৱস্থান দিয়া আছে। ভূচিত্ৰাৱলী চাই প্ৰতিখনৰ কাষৰ খালী ঘৰত তলত দিয়া ক্ৰমিক নম্বৰসমূহ বহুওৱা―
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সহয় লৈ নিজে কৰা।
প্ৰশ্ন (৫) মানুহে পৰ্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি অপৰিকল্পিত ভাৱে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ’ব পাৰে, পাঠৰ আধাৰত এটি টোকা লিখা ?
উত্তৰ— দিনে দিনে জনসংখ্যা বাঢ়ি যোৱাৰ বাবেই হওক বা জীৱন-ধাৰণ প্ৰক্ৰিয়া সহজসাধ্য কৰাৰ বাবেই হওক মানুহে পৰ্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি কাটি অপৰিকল্পিত ভাৱে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, নলা-নৰ্দমা নিমাৰ্ণ কৰিবলৈ লৈছে। ফলত বন্ধ পানী ওলাই যাব নোৱাৰা অৱস্থা আৰু য’তে-ত’তে জাৱৰ-জোথৰ গোট খাই পৰিৱেশ দূষিত হৈছে। কৃষিকৰ্মৰ সম্প্ৰসাৰণ, ঘৰ দুৱাৰ নিৰ্মাণে অৰণ্যৰ গছ-গছনি ধ্বংস কৰিছে । ফলত হাবি-বননিত বাস কৰা ক্ষুদ্ৰ প্ৰাণী, কীট-পতঙ্গকে আদি কৰি প্ৰকাণ্ড হাতীটোলৈকে সকলো প্ৰাণীৰে বাসস্থান দিনে দিনে সংকুচিত হৈ আহিছে। এনেদৰে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলি থকা থাকিলে অতিমাত্ৰা উত্তাপ, বৃষ্টিপাত, খৰাং বতৰ আদিৰ সৃষ্টি হৈ আমাৰ ধুনীয়া ধৰণিখন জীৱকুলৰ বসবাসৰ বাবে অনুপযোগী হৈ পৰিব।
প্ৰশ্ন (৬) ভূচিত্ৰাৱলী চাই হিমালয় পৰ্বতৰপৰা উৎপত্তি হোৱা কেইখনমান নৈৰ নাম লিখা ।
উত্তৰ— ব্ৰহ্মপুত্ৰ, গংগা, সিন্ধু, মহানদী আদি।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
অন্যান্য প্ৰশ্ন (Class 6 Social Science)
প্ৰশ্ন (১) হিমবাহ বুলিলে কি বুজা ?
উত্তৰ— পৰ্বতৰ ঢালেৰে নামি অহা বৰফৰ খণ্ডকেই হিমবাহ বুলি কোৱা হয় ।
প্ৰশ্ন (২) উৎপত্তিৰ ফালৰ পৰা পৰ্বতক কেইটা ভাগত ভগাব পাৰি ?
উত্তৰ— উৎপত্তিৰ ফালৰ পৰা পৰ্বতক তিনিভাগত ভগাব পাৰি- আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত ।
প্ৰশ্ন (৩) আগ্নেয়গিৰি বা জ্বালামুখী বুলিলে কি বুজা ?
উত্তৰ— পৃথিৱীৰ ভিতৰিভাগত প্ৰায় গলিত অৱস্থাত থকা পদাৰ্থ সমূহ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূ-পৃষ্ঠৰ দুৰ্বল অংশইদি হঠাতে বাহিৰলৈ ওলাই আহে । পৃথিৱীৰ এই অৱস্থাকে বা জ্বালামুখী বা আগ্নেয়গিৰি বোলে ।
প্ৰশ্ন (৪) সঞ্চয়জাত পৰ্বত কাক বোলে ?
উত্তৰ— আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা জমা হৈ সৃষ্টি হোৱা পৰ্বতক সঞ্চয়জাত পৰ্বত বোলে ।
প্ৰশ্ন (৫) ভাৰতৰ পাঁচখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা ?
উত্তৰ— মুছৌৰী, মানালি, ছিমলা, দাৰ্জিলিং, শ্বিলং ।
প্ৰশ্ন (৬) পৃথিৱীৰ আটাইতকৈ উচ্চতম মালভূমিটোৰ কি ?
উত্তৰ— তিব্বত মালভূমি ।
প্ৰশ্ন (৭) দাক্ষিণাত্যৰ মালভূমি প্ৰধানকৈ কি খেতিৰ বাবে উপযোগী?
উত্তৰ— কপাহ খেতিৰ বাবে উপযোগী ।
(adsbygoogle = window.adsbygoogle || []).push({});