SCERT class 6 Social Science Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 18 “উন্নত জীৱনৰ প্ৰয়োজনসমূহ” Lesson 18 free notes.
উন্নত জীৱনৰ প্ৰয়োজনসমূহ
(আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন)
পাঠ নং ১৮
অনুশীলনী :
প্ৰশ্ন ১) মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি? উদাহৰণসহ লিখা।
উত্তৰ— মানুহৰ প্ৰয়োজন সমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি— ক) ব্যক্তিগত প্ৰয়োজন আৰু খ) সামাজিক প্ৰয়োজন ।
ক) ব্যক্তিগত প্ৰয়োজন : মানুহে ব্যক্তিগত ভাবে জীৱন অতিবাহিত কৰিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে , সেইবিলাকেই হ’ল ব্যক্তিগত প্ৰয়োজন । যেনে মানুহে নিজৰ সুবিধাৰ বাবে বিজুলী, ৰন্ধন গেছ, ফ্ৰিজ , কাপোৰ ধোঁৱা মেচিন, পাগঘৰৰ চিমনি আদিৰ দৰে অনেক বস্তু ব্যৱহাৰ কৰে যিবোৰ ব্যক্তিগত প্ৰয়োজনৰ ভিতৰত পৰে। জীৱিকা আৰু উপাৰ্জনভেদে ব্যক্তিগত প্ৰয়োজনবোৰ বেলেগ বেলেগ হয়।
খ) সামাজিক প্ৰয়োজন : সমাজত সুস্থ , সবল আৰু শান্তিপূৰ্ণ ভাবে জীয়াই থাকিবলৈ মানুহক যিবোৰ ব্যৱস্থা বা সামগ্ৰীৰ প্ৰয়োজন হয় , সেইবিলাকেই হল সামাজিক প্ৰয়োজন । যেনে জনস্বাস্থ্য , শিক্ষা , উন্নত মানৰ ৰাস্তা, ধৰ্ম সংস্কৃতি, মানৱীয় গুণ , সামাজিক নিৰাপত্তা আদি প্ৰধান ।
প্ৰশ্ন ২) মানুহৰ জীৱন ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে কেনেদৰে সহায় কৰে ? শিক্ষকৰ সৈতে আলোচনা কৰি লিখা ।
উত্তৰ— জীৱন ধাৰনৰ মান উন্নত কৰিবৰ বাবে মানুহে বিজুলী, ৰন্ধন গেছ , ফ্ৰিজ , কাপোৰ ধোঁৱা মেচিন , ধূলি-বালি আৰু মকৰাজাল আঁতৰোৱা মেচিন , পাগঘৰৰ চিমনি আদিৰ দৰে অনেক ব্যক্তিগত সামগ্ৰী ব্যৱহাৰ কৰে । উদাহৰণ হিচাপে ৰন্ধন গেছৰ দ্বাৰা ৰন্ধা কাৰ্য , ফ্ৰীজত বস্তু সংৰক্ষণ কৰা , কাপোৰ ধোঁৱা মেচিনৰ দ্বাৰা কাপোৰ চাফা কৰা , ধূলি-বালি আৰু মকৰাজাল আঁতৰোৱা মেচিনৰ দ্বাৰা ঘৰ চাফা কৰা , কাপোৰ ধোঁৱা মেচিনৰ দ্বাৰা কাপোৰ চাফা কৰা আদি কাম অতি সহজে আৰু কম সময়তে কৰিব পাৰি।
প্ৰশ্ন ৩) প্ৰদূষণ মুক্ত পৰিবেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত লবা ?
উত্তৰ— প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে বৃক্ষৰোপন , প্ৰকৃতি সংৰক্ষণ আৰু চাফ-চিকুণতাৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিম।
প্ৰশ্ন ৪) শিক্ষানুষ্ঠানৰপৰা তোমালোকে কেনেদৰে উপকৃত হব পাৰিছা বহলাই লিখা ।
উত্তৰ— শিক্ষানুষ্ঠানৰ পৰা আমি আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ লগতে সজ গুণ, সজ আদৰ্শৰ মাজেৰে কেনেকৈ জীৱনটো অতিবাহিত কৰিব পাৰো, সেয়াও শিকিব পাৰো । বিদ্যালয়ত অনুষ্ঠিত বছেৰেকীয়া খেল ধেমালিত অংশগ্ৰহণ কৰি আমাৰ সকলোৰে শাৰীৰিক, মানসিক, আৰু আধ্যাত্মিক উৎকৰ্ষন সাধন হৈছে । নিজকে এজন ভাল মানুহ আৰু আৰ্দশ নাগৰিক হিচাপে গঢ়লৈ উঠাত শিক্ষানুষ্ঠানৰ যথেষ্ট অৱদান আছে।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
Continue Class 6 Social Science Chapter 18
প্ৰশ্ন ৫) শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা—
ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰে প্ৰয়োজন নহয় ।
উত্তৰ— অশুদ্ধ ।
খ) আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰিছিল ।
উত্তৰ— অশুদ্ধ ।
গ) জীৱন ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনীয় সীমা দিনক দিনে বৃদ্ধি হয় ।
উত্তৰ— শুদ্ধ ।
ঘ) পুথিভঁৰাল জনস্বাস্থ্য বিভাগৰ অন্তৰ্গত বিষয় ।
উত্তৰ— অশুদ্ধ ।
ঙ) প্ৰদূষণমুক্ত পৰিবেশৰ বাবে বৃক্ষ ৰোপণৰ প্ৰয়োজনীয়তা আছে ।
উত্তৰ— শুদ্ধ ।
চ) সামাজিক প্ৰয়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো আৱশ্যকতা নাই ।
উত্তৰ— অশুদ্ধ ।
(adsbygoogle = window.adsbygoogle || []).push({});