Class 6 Social Science Chapter 16 মৌৰ্য সাম্ৰাজ্য

SCERT class 6 Social Science Chapter 16 মৌৰ্য সাম্ৰাজ্য free study material and class notes available here for free. So, if you are looking for class 6 Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 16 “মৌৰ্য সাম্ৰাজ্য” Lesson 16 free notes.

মৌৰ্য সাম্ৰাজ্য

পাঠ নং ১৬

অনুশীলনী :

প্ৰশ্ন ১) উত্তৰ লিখা―

ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?

উত্তৰ— মৌৰ্য বংশ ।

খ) মৌৰ্য সাম্ৰাজ্যেৰ উত্থানৰ বিষয়ে আমি কি কি সমলৰপৰা জানিব পাৰো ?

উত্তৰ— মৌৰ্য সাম্ৰাজ্যেৰ উত্থানৰ বিষয়ে আমি বিভিন্ন সমলৰ পৰা জানিব পাৰো । সেইবোৰ হ’ল কৌটিল্যৰ অৰ্থশাস্ত্ৰ, ইণ্ডিকা পুথি, বৌদ্ধ আৰু জৈন সাহিত্য , মুদ্ৰা ইত্যাদি । ইয়াৰ উপৰি মৌৰ্য সম্ৰাট অশোকৰ শিলালিপি , স্তম্ভলিপি , মৌৰ্য যুগৰ স্থাপত্য-ভাস্কৰ্যৰ ধ্বংসাৱশেষ আদিৰ পৰাও মৌৰ্য ৰাজত্বকালৰ সবিশেষ বিৱৰণ পাব পাৰি ।

(গ) চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ কি কি আছিল ?

উত্তৰ— চন্দ্ৰগুপ্তমৌৰ্যই অনেক প্ৰজাহিতকৰ কাম কৰিছিল । ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক হ’ল সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্য । তেওঁক দিনতেই তক্ষশীলাৰ পৰা পাটলি পুত্ৰলৈ এটি ডাঙৰ অলিবাট বান্ধোৱা হৈছিল । সাম্ৰাজ্যৰ নিৰাপত্তা আৰু যোগাযোগৰ বাবে এই অলিবাটটো অতিশয় গুৰুত্বপূৰ্ণ আছিল । তেওঁৰ শাসনকালত সাম্ৰাজ্যৰ বিভিন্ন ঠাইত হ্ৰদ , জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল । বৰ্তমান গুজৰাট ৰাজ্যৰ অন্তৰ্গত সুদৰ্শন হ্ৰদ তেওঁৰ শাসনকালতে খন্দোৱা হৈছিল।

(ঘ) চাণক্য কোন ? তেওঁ চন্দ্ৰগুপ্তক কিদৰে সহায় কৰিছিল ?

উত্তৰ— চাণক্য আছিল প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু, দাৰ্শনিক, অৰ্থনীতিবিদ আৰু ৰাজ-উপদেষ্টা । তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।

ঙ) সম্ৰাট অশোকক কিয় ‘ৰাজৰ্ষি অশোক’ বোলা হয় ?

উত্তৰ— সম্ৰাট অশোক এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈয়ো সন্ন্যাসীৰ দৰে জীৱন-যাপন কৰাৰ বাবে তেওঁক ‘ৰাজৰ্ষি অশোক’ বোলা হয়।

চ) সম্ৰাট অশোকে শিলালিপি সমূহ কি কি ভাষাত লিখিছিল ?

উত্তৰ— সম্ৰাট অশোকে শিলালিপি সমূহ খৰোষ্ঠী আৰু ব্ৰাহ্মী ভাষা বা লিপিত লিখিছিল ।

ছ) মৌৰ্য শিল্পকলাৰ নিদর্শসমূহ ক’ত ক’ত দেখিবলৈ পোৱা যায় ?

উত্তৰ— মৌৰ্য শিল্পকলাৰ নিদর্শসমূহ শিলৰ স্তম্ভ, তাত খোদিত কৰা লিপিসমূহ, স্তূপ, বৌদ্ধবিহাৰ সমূহ আৰু সাৰনাথৰ অশোক স্তম্ভ আদিত দেখিবলৈ পোৱা যায়।

জ) মৌৰ্য যুগত সমাজ ব্যৱস্থা কেনে আছিল ?

উত্তৰ— মেগাস্থিনিচৰ ‘ইণ্ডিকা’ আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা মৌৰ্যযুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে বহু কথা জানিব পাৰি । দাস প্ৰথাৰ লগতে চাৰিবৰ্ণ প্ৰথা তেতিয়াও চলি আছিল । অৱশ্যে মৌৰ্যসকলৰ দিনত এই বৰ্ণ প্ৰথাৰ কিছু পৰিৱৰ্তন দেখা গৈছিল । সমাজত ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ বৃদ্ধি পাইছিল । বণিক শ্ৰেণীৰ প্ৰাধান্য বৃদ্ধি এই যুগৰ এটা উল্লেখনীয় পৰিৱৰ্তন আছিল । সাঁচি স্তূপৰ লিপিত বণিক শ্ৰেণীয়ে ধন সম্প্ৰতি দান কৰাৰ কথা উল্লেখ আছে । অশোকৰ শিলালিপিত দাস প্ৰথাৰ প্ৰচলনৰ উল্লেখ আছে । সমাজত মহিলাৰ স্থান উচ্চ নাছিল ।

প্ৰশ্ন ২) শুদ্ধ / অশুদ্ধ বিচাৰ কৰা―

ক) কৌটিল্যৰ আন এটা নাম চাণক্য আছিল ।

উত্তৰ— শুদ্ধ ।

খ) মেগাস্থিনিচে ‘অৰ্থশাস্ত্ৰ’ লিখিছিল ।

উত্তৰ— অশুদ্ধ।

গ) সম্ৰাট অশোকে নিজ সন্তানক বিদেশত বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিল ।

উত্তৰ— শুদ্ধ ।

ঘ) তৃতীয় বৌদ্ধ মহামেল চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল ।

উত্তৰ— অশুদ্ধ।

ঙ) উপগুপ্ত সম্ৰাট অশোকৰ ধৰ্মগুৰু আছিল ।

উত্তৰ— শুদ্ধ ।

প্ৰশ্ন ৩) দলত আলোচনা কৰি লিখা―

(ক) মৌৰ্য শাসন প্ৰণালীৰ লগত বৰ্তমান শাসন প্ৰণালীৰ  কোনখিনিত মিল আছে ?

মৌৰ্য শাসন প্ৰণালী বৰ্তমান শাসন প্ৰণালী
মৌৰ্য শাসন প্ৰণালীত ৰাজ্য বা প্ৰদেশ পৰিচালনাৰ বাবে পৌৰসভা গঠন কৰা হৈছিল। বৰ্তমান শাসন প্ৰণালীতো পৌৰ সভা আছে।
প্ৰজাৰ সুবিধাৰ বাবে আলিবাট বনাইছিল। বৰ্তমান শাসন প্ৰণালীটো ৰাস্তা-ঘাট নিৰ্মাণত যথেষ্ট গুৰুত্ব দিয়া হয়।
কৃষিৰ বাবে জলসিঞ্চনৰ সুব্যৱস্থা কৰি দি কৃষিৰ উৎপাদন বঢ়োৱাত সহায় কৰিছিল। বৰ্তমান শাসন  প্ৰণালীটো কৃষিৰ উৎপাদন বঢ়োৱাত যথেষ্ট গুৰুত্ব দিয়া হয়।
প্ৰতিটো বিভাগ পৰিচালনাৰ বাবে একোজন অধ্যক্ষ নিয়োগ কৰা হৈছিল। বৰ্তমান শাসন  প্ৰণালীত প্ৰতিটো বিভাগ পৰিচালনাৰ বাবে একোজন মন্ত্ৰী নিয়োগ কৰা হয়।

(খ) ঐতিহাসিক সমলবোৰৰ কোনখিনি লিখিত আৰু কোনখিনি প্ৰত্নতাত্বিক সমলত পৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা ।

লিখিত সমল প্ৰত্নতাত্বিক সমল
১)২)৩)

৪)

১)২)৩)

৪)

উত্তৰ—

লিখিত সমল প্ৰত্নতাত্বিক সমল
১) বিভিন্ন কিতাপ-পত্ৰ২) স্তম্ভলিপি৩) শিলালিপি

৪) লিপি থকা শিলৰ স্তম্ভ

১) স্থাপত্য-ভাস্কৰ্যৰ ধ্বংসাৱশেষ২) মুদ্ৰা৩) আ-অলংকাৰ

৪) বাচন-বৰ্তন

Class 6 Social Science Chapter 16

class 6 social science

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

প্ৰশ্ন ৪) পাঠত থকা মানচিত্ৰ পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা―

ক) চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য ক’ৰ পৰা ক’লৈ বিস্তৃত আছিল ?

উত্তৰ— বেঙ্গলৰ পৰা আফগানিস্তানলৈকে বিস্তৃত আছিল।

খ) কলিংগ , উজ্জয়িনী আৰু পাটলিপুত্ৰ বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্যৰ অন্তৰ্ভুক্ত ?

উত্তৰ— কলিংগ উৰিষ্যাত , উজ্জয়িনী মধ্যপ্ৰাদেশত আৰু পাটলিপুত্ৰ বিহাৰত অৱস্থিত ।

গ) অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা ।

উত্তৰ— কেৰালা আৰু জম্মু কাশ্মীৰ ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close