প্ৰাণীৰ পৰিপুষ্টি Class 7 Science Chapter 2

SCERT Assam class 7 Science Chapter 2 প্ৰাণীৰ পৰিপুষ্টি (Nutrition in Animals) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 2 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam প্ৰাণীৰ পৰিপুষ্টি class 7 Science Lesson 2 free notes.

প্ৰাণীৰ পৰিপুষ্টি

পাঠ ২

অনুশীলনী (Exercises) :

প্ৰশ্ন (1) খালী ঠাই পূৰ কৰা (Fill in the blanks)

(a) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ’ল ————-, ————-, ————-, ————- আৰু ————-

উত্তৰ— মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ’ল আহাৰ গ্ৰহণপাচনশোষণপৰিমিশ্ৰণ আৰু মলত্যাগ

(b) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল ————-

উত্তৰ— মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল যকৃৎ (Liver) ।

(c) পাকস্থলীয়ে হাইড্ৰ’ক্ল’ৰিক এছিড আৰু ————- ৰস উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে।

উত্তৰ— পাকস্থলীয়ে হাইড্ৰ’ক্ল’ৰিক এছিড আৰু পাচক ৰস উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে।

(d) ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰৱৰ্ধ থাকে যাক ————- বোলে।

উত্তৰ— ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰৱৰ্ধ থাকে যাক ভিলাই (Villi) বোলে।

(e) এমিবাৰ খাদ্য ————-ত হজম হয়।

উত্তৰ— এমিবাৰ খাদ্য খাদ্য ৰিক্তিকা (Food vacuole)ত হজম হয়।

প্ৰশ্ন (2) যদি বাক্যবোৰ সঁচা হয় ‘শু’ চিন দিবা আৰু মিছা হ’লে ‘অ’ চিন দিবা

(a) শ্বেতসাৰ পাচন পাকস্থলীত আৰম্ভ হয়। (শু/অ)

উত্তৰ— অ ।

(b) জিভাই লালটিৰ লগত খাদ্য মিহলোৱাত সহাৰ কৰে। (শু/অ)

উত্তৰ— শু ।

(c) পিত্তাশয়ে অস্থায়ীভাবে পিত্তৰস জমা কৰে। (শু/অ)

উত্তৰ— শু ।

(d) ৰোমন্থকে গিলি থোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে। (শু/অ)

উত্তৰ— শু ।

প্ৰশ্ন (3) নিম্নলিখিত শুদ্ধ উত্তৰত ‘ √ ‘  চিন দিয়া

(a) স্নেহ পদাৰ্থ সম্পূৰ্ণভাবে হজম হয়।

(i) পাকস্থলীত (ii) মুখত (iii) ক্ষুদ্ৰান্ত্ৰত (iv) বৃহদন্ত্ৰত

উত্তৰ— (iii) ক্ষুদ্ৰান্ত্ৰত

(b) পাচন নোহোৱা আহাৰৰপৰা পানীৰ প্ৰধানকৈ শোষণ হয়

(i) পাকস্থলীত (ii) খাদ্য নলীত (iii) ক্ষুদ্ৰান্ত্ৰত (iv) বৃহদন্ত্ৰত

উত্তৰ— (iv) বৃহদন্ত্ৰত

প্ৰশ্ন (4) স্তম্ভ 1 ত দিয়া বিষয়বোৰ স্তম্ভ 2ৰ লগত মিলোৱা :

স্তম্ভ 1 স্তম্ভ 2
খাদ্যৰ উপাদান পাচনৰ ফলাফল
কাৰ্ব’হাইড্ৰেইট ফেটি এছিড আৰু গ্লিছাৰল
প্ৰ’টিন চেনি
স্নেহ পদাৰ্থ এমিন’ এছিড

উত্তৰ—

স্তম্ভ 1 স্তম্ভ 2
খাদ্যৰ উপাদান পাচনৰ ফলাফল
কাৰ্ব’হাইড্ৰেইট চেনি
প্ৰ’টিন এমিন’ এছিড
স্নেহ পদাৰ্থ ফেটি এছিড আৰু গ্লিছাৰল

প্ৰশ্ন (5) ভিলাই কি? সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি?

উত্তৰ— ভিলাই হৈছে ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰত থকা হাজাৰ হাজাৰ আঙুলী সদৃশ বাহিৰলৈ ওলোৱা অংশ বিশেষ।

অৱস্থিতি— ক্ষুদ্ৰান্ত্ৰৰ অন্তৰ্ভাগৰ বেৰত থাকে।

কাৰ্য— ভিলাইয়ে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে লগতে ইয়াৰ পৃষ্ঠ ভাগে পাচন হোৱা খাদ্য বস্তুবোৰ শোষণ কৰে।

প্ৰশ্ন (6) পিত্তৰস ক’ত উৎপন্ন হয়? খাদ্যৰ কোনটো উপাদানক ই হজম কৰায়?

উত্তৰ— পিত্তৰস যকৃতত উৎপন্ন হয় ।  ই খাদ্যৰ চৰ্বী বা স্নেহপদাৰ্থ হজম কৰায় ।

প্ৰশ্ন (7) ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব হাইড্ৰেটটোৰ নাম লিখা।

উত্তৰ— ছেলুল’জ ।

প্ৰশ্ন (8) আমি কিয় গ্লুক’জৰ পৰা ততালিকে শক্তি পাওঁ?

উত্তৰ— গ্লুকজ হ’ল সৰলতম কার্ব’হাইড্রেট । ইয়াৰ অণু আমাৰ দেহৰ কোষত অক্সিজেনৰ সহায়ত সহজে কার্বন-ডাই-অক্সাইড আৰু পানীলৈ ভাঙি যায়, আৰু শক্তি উৎপন্ন হয় । সেইবাবে আমি আমি গ্লুকজৰ পৰা ততালিকে শক্তি পাওঁ।

প্ৰশ্ন (9) তলত দিয়াবোৰৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত

(a) খাদ্যৰ শোষণত ————

উত্তৰ— ক্ষুদ্রান্ত্র ।

(b) খাদ্য চোবোৱাত ————

উত্তৰ— মুখ গহ্বৰ ।

(c) বেক্টেৰিয়া ধ্বংস কৰাত ————

উত্তৰ— পাকস্থলী ।

(d) খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত ————

উত্তৰ— ক্ষুদ্ৰান্ত্ৰ ।

(e) মল সৃষ্টি হোৱাত ————

উত্তৰ— বৃহদন্ত্ৰ ।

প্ৰশ্ন (10) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা।

উত্তৰ— সাদৃশ্য :- এমিবা আৰু মানুহ  উভয়ৰে খাদ্য পাচনৰ বাবে পাচক ৰস নিঃসৰণ হয়, যি খাদ্যখিনিক সৰল উপাদানলৈ ভাঙি দিয়ে।

পাৰ্থক্য:- এমিবাই খাদ্য বস্তু খাদ্য ৰিক্তিকাত হজম কৰে আৰু মানুহে পাকস্থলীত।

প্ৰশ্ন (11) স্তম্ভ 1 ৰ বিষয়বোৰৰ লগত স্তম্ভ 2 ৰ উপযুক্ত বিষয়বোৰ মিলোৱা—

স্তম্ভ 1 স্তম্ভ 2
(a) লালটি গ্ৰন্থি (a) পিত্তৰস নি:সৰণ হয়
(b) পাকস্থলী (b) পাচন নোহোৱা খাদ্যৰ সঞ্চয়
(c)  যকৃৎ (c) লালটি নিঃসৰণ হয়।
(d) মলাশয় (d) এছিড বাহিৰ কৰে।
(e) ক্ষুদ্ৰান্ত্ৰ (e) পাচন সম্পূৰ্ণ হয়।
(f) বৃহদন্ত্ৰ (f) পানীৰ শোষণ
  (g) মল ত্যাগ কৰা।

উত্তৰ—

স্তম্ভ 1 স্তম্ভ 2
(a) লালটি গ্ৰন্থি (c) লালটি নিঃসৰণ হয়।
(b) পাকস্থলী (d) এছিড বাহিৰ কৰে।
(c)  যকৃৎ (a) পিত্তৰস নি:সৰণ হয়
(d) মলাশয় (b) পাচন নোহোৱা খাদ্যৰ সঞ্চয়
(e) ক্ষুদ্ৰান্ত্ৰ (e) পাচন সম্পূৰ্ণ হয়।
(f) বৃহদন্ত্ৰ (f) পানীৰ শোষণ
   

প্ৰশ্ন (12) চিত্ৰ 2.11 ত পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰা ।

উত্তৰ—

SCERT Class 7 Science

প্ৰশ্ন (13) আমি কেৱল কেঁচা (Raw), পাত জাতীয় শাক-পাচলি (Leafy vegetables) / ঘাঁহ (Grass) খাই জীয়াই থাকিব পৰিমনে? আলোচনা কৰা।

উত্তৰ— হয় আমি মাত্ৰ কেঁচা পাতজাতীয় শাক পাচলি খাইয়াে জীয়াই থাকিব পাৰো । ঊদ্ভিদৰ দৰে আমি মানুহে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব  নোৱাৰো। সকলো প্ৰাণীয়েই খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদে প্রস্তুত কৰা কাৰ্ব’হাইড্রেট জাতীয় খাদ্য খাই আমি জীৱন ধাৰণ কৰাে । কার্ব’হাইড্রেটে শক্তি যােগান ধৰে । তাৰােপৰি কাৰ্ব’হাইড্রেট সংশ্লেষিত হৈ শ্বেতসাৰ আৰু প্রটিনাে উদ্ভিদে তৈয়াৰ কৰে । গতিকে মাত্র উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি জীৱন ধাৰণ কৰিব পাৰাে ।

কিন্তু মানুহে ৰোমন্থক প্ৰাণীৰ দৰে ঘাঁহ খাব নোৱাৰে। কাৰন ঘাঁহত থকা ছেলুল’জ নামৰ কৰ্ব’হাইড্ৰেট বিধ মানুহকে ধৰি বহু প্ৰাণীয়ে হজম কৰিব নোৱাৰে।

Sl. No. Contents (Class 7 science)
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

অন্যান্য প্ৰশ্ন Class 7 Science

প্ৰশ্ন (ক) পাচন কি?

উত্তৰ— পাচন হৈছে খাদ্যৰ জটিল উপাদানবোৰ সৰল দ্ৰব্যলৈ পৰিৱৰ্তিত কৰা পক্ৰিয়া।

প্ৰশ্ন (খ) মানুহৰ শৰীৰৰ কোন কেইটা গ্ৰন্থীয়ে পাচক ৰস নিঃসৰণ কৰে।

উত্তৰ— লালটি গ্ৰন্থি, যকৃৎ আৰু অগ্ন্যাশয়।

প্ৰশ্ন (গ) বৃহদন্ত্ৰৰ কাম কি?

উত্তৰ— বৃহদন্ত্ৰৰ কাম হৈছে পাচন নোহোৱা খাদ্যবস্তুৰ পৰা পানী আৰু লৱণ শোষণ কৰা।

তোমালোকে কি শিকিলা (What you have learnt)

প্ৰাণীৰ পৰিপুষ্টিত পৰিপোষকৰ প্ৰয়োজনীয়তা, খাদ্য খোৱাৰ ধৰণ আৰু দেহত ইয়াৰ ব্যৱহাৰ কি সেয়া অন্তৰ্ভুক্ত কৰা হয়।

মানুহৰ পাচনতন্ত্ৰত খাদ্যনলী আৰু নিঃসৰনকাৰী গ্ৰন্থিবোৰ থাকে। ইয়াত (ক) মুখ গহ্বৰ (খ) গ্ৰাসনলী (গ) পাকস্থলী (ঘ) ক্ষুদ্ৰান্ত্ৰ (ঙ) বৃহদন্ত্ৰ যি মলাশয়ত শেষ হয় (চ) পায়ু থাকে। প্ৰধান পাচক গ্ৰন্থি যিবোৰে পাচক ৰস নিঃসৰণ কৰে সেইবোৰ হ’ল (1) লালটি গ্ৰন্থি (2) যকৃৎ আৰু (3) অগ্ন্যাশয়। পাকস্থলীৰ বেৰ আৰু ক্ষুদ্ৰান্ত্ৰৰ বেৰেও পাচক ৰস নিঃসৰণ কৰে।

বিভিন্ন জীৱৰ খাদ্য খোৱাৰ প্ৰণালী বেলেগ বেলেগ।

পাচন এক জটিল প্ৰক্ৰিয়া য’ত (ক) আহাৰ গ্ৰহণ (খ) পাচন (গ) শোষণ (ঘ) পৰিমিশ্ৰণ (ঙ) মলত্যাগ কাৰ্য জড়িত হৈ থাকে।

কাৰ্ব’হাইড্ৰেট জাতীয় খাদ্য যেনে- শ্বেতসাৰৰ পাচন মুখ গহ্বৰত আৰম্ভ হয়। প্ৰ’টিনৰ পাচন পাকস্থলীত আৰম্ভ হয়। যকৃতৰ পৰা নিঃসৰণ হোৱা পিত্তৰস, অগ্ন্যাশয়ৰ পৰা অগ্ন্যাশয় ৰস আৰু ক্ষুদ্ৰান্ত্ৰৰ বেৰৰ পৰা নিঃসৰণ হোৱা পাচক ৰসৰ দ্বাৰা খাদ্যৰ সকলোবোৰ উপাদানৰ পাচন ক্ষুদ্ৰান্ত্ৰত সম্পূৰ্ণ হয়। হজম হোৱা আহাৰবোৰ ক্ষুদ্ৰান্ত্ৰত থকা তেজৰ নলীকাবোৰে শোষণ কৰে।

শোষিত পদাৰ্থবোৰ শৰীৰৰ বিভিন্ন অংশলৈ পৰিৱাহিত হয়। বৃহদন্ত্ৰত পাচন নোহোৱা আহাৰৰপৰা পানী আৰু কিছুমান লৱণ শোষিত হয়।

পাচন নোহোৱা আৰু শোষণ নোহোৱা অৱশেষবোৰ মল আকাৰে শৰীৰৰ বাহিৰলৈ পায়ুৰে ওলাই যায়।

ঘাঁহ খোৱা প্ৰাণী যেনে- গৰু, ম’হ আৰু হৰিণা ক ৰোমন্থক প্ৰাণী বোলে। সিহঁতে পাত জাতীয় খাদ্যবোৰ লৰালৰিকৈ গিলি থয় আৰু ৰোমন্ঠত সহায় কৰে। পিছত খাদ্যখিনি মুখলৈ উলিয়াই আনি আৰামত পাগুলিয়াই থাকে।

এমিবাই অস্থায়ী চলনাংগ ভৰি বা কূটপদ ৰ সহায়ত খাদ্য গ্ৰহণ কৰে। খাদ্যবস্তুবোৰ খাদ্য-ৰিক্তিকাত হজম হয়।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close