পোহৰ Class 7 Science Chapter 15

SCERT Assam class 7 Science Chapter 15 পোহৰ (Light) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 15 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

SCERT Class 7 Science Chapter 15

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam পোহৰ class 7 Science chapter 15 free notes. You can also download SCERT class 7 science chapter 15 PDF version for free.

পোহৰ

পাঠ ১৫

অনুশীলনী (Exercises)

প্ৰশ্ন 1 ।  খালী ঠাই পূৰ কৰা

(a) যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক ——— প্ৰতিবিম্ব বোলে ।

উত্তৰ— যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক অসৎ প্ৰতিবিম্ব বোলে ।

(b)  এখন উত্তল ——— দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অসৎ আৰু লক্ষ্যবস্তুতকৈ সৰু হয় ।

উত্তৰ— এখন উত্তল দাপোণৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অসৎ আৰু লক্ষ্যবস্তুতকৈ সৰু হয় ।

(c)  এখন ——— দাপোণৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয় ।

উত্তৰ— এখন সমতল দাপোণৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয় ।

(d)  পৰ্দাত পাব পৰা প্ৰতিবিম্বক ——— প্ৰতিবিম্ব বোলে ।

উত্তৰ— পৰ্দাত পাব পৰা প্ৰতিবিম্বক সৎ প্ৰতিবিম্ব বোলে ।

(e)  অৱতল ——— দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি ।

উত্তৰ— অৱতল লেনছৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি ।

প্ৰশ্ন 2 ।  তলৰ উক্তিবোৰ সঁচা হ’লে ‘সত্য’ আৰু ‘মিছা’ হ’লে ‘অসত্য’ বুলি লিখা ।

(a) আমি উত্তল দাপোণৰ দ্বাৰা এটা বিৱৰ্ধিত আৰু থিয় প্ৰতিবিম্ব পাব পাৰোঁ । (সত্য/অসত্য)

উত্তৰ— অসত্য ।

(b) অৱতল লেনছৰ দ্বাৰা অসৎ প্ৰতিবিম্ব গঠন হয় । (সত্য/অসত্য)

উত্তৰ— সত্য ।

(c) অৱতল দাপোণৰ দ্বাৰা সৎ, বিৱৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ । (সত্য/অসত্য)

উত্তৰ— সত্য ।

(d) সৎপ্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। (সত্য/অসত্য)

উত্তৰ— অসত্য ।

(e) অৱতল দাপোণৰ দ্বাৰা সদায় সৎ প্ৰতিবিম্ব গঠন হয়। (সত্য/অসত্য)

উত্তৰ— অসত্য ।

প্ৰশ্ন 3 । 1ম স্তম্ভত দিয়া কথাবোৰ 2য় স্তম্ভৰ এটা বা একাধিক উক্তিৰ লগত মিলোৱা

স্তম্ভ 1 স্তম্ভ 2
(a) এখন সমতল দাপোণ (1) বিৱৰ্ধক কাচ হিচাপে ব্যৱহাৰ কৰা হয়।
(b) এখন উত্তল দাপোণ (2) বিস্তীৰ্ণ অঞ্চলত সিঁচৰিত হৈ থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে।
(c) এখন উত্তল লেনছ (3) দন্তচিকিৎসকে দাঁতৰ বিৱৰ্ধিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ  কৰে।
(d) এখন অৱতল দাপোণ (4) প্ৰতিবিম্ব সদায় ওলোটা আৰু বিৱৰ্ধিত।
(e) এখন অৱতল লেনছ (5) প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য বস্তুৰ সমান।
(6) প্ৰতিবিম্ব থিয় আৰু লক্ষ্য বস্তুৰ তুলনাত সংকুচিত।

উত্তৰ—

স্তম্ভ 1 স্তম্ভ 2
(a) এখন সমতল দাপোণ (5) প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য বস্তুৰ সমান।
(b) এখন উত্তল দাপোণ (6) প্ৰতিবিম্ব থিয় আৰু লক্ষ্য বস্তুৰ তুলনাত সংকুচিত।
(c) এখন উত্তল লেনছ (1) বিৱৰ্ধক কাচ হিচাপে ব্যৱহাৰ কৰা হয়।
(d) এখন অৱতল দাপোণ (3) দন্তচিকিৎসকে দাঁতৰ বিৱৰ্ধিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ  কৰে।
(e) এখন অৱতল লেনছ (6) প্ৰতিবিম্ব থিয় আৰু লক্ষ্য বস্তুৰ তুলনাত সংকুচিত।

প্ৰশ্ন 4 ।  এখন সমতল দাপোণৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা ।

উত্তৰ—  এখন সমতল দাপোণৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ হ’ল

(a) প্রতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ ।

(b) প্রতিবিম্ব অসৎ ।

(c) প্রতিবিম্ব পার্শ্বীয়ভাবে বিলােমিত (সোঁফাল বাওঁফাল আৰু বাওঁফাল সোঁফাল যেন দেখি) ।

(d) দাপােণৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্বত দাপােণৰ পিছফালে প্রতিবিম্ব গঠিত হয় ।

প্ৰশ্ন 5 ।  ইংৰাজী বৰ্নমালা নাইবা তোমালোকে জনা আন কোনো ভাষাৰ বৰ্ণমালাৰ সেইবোৰ বৰ্ণ বিচাৰি উলিওৱা যিবোৰৰ সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে । তোমালোকৰ ফলাফলৰ ওপৰত আলোচনা কৰা ।

উত্তৰ— ইংৰাজী বর্ণমালাৰ আখৰবােৰৰ যিবােৰ সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে, সেইবােৰ হ’ল— A , H , I , M , O , T , U , V , W , X , Y. এনে হােৱাৰ কাৰণ হ’ল এই আখৰবােৰ সমমিত অর্থাৎ বাওঁফাল আৰু সোঁফাল একে ।

প্ৰশ্ন 6 ।  অসৎ প্ৰতিবিম্ব মানে কি বুজা ? অসৎ প্ৰতিবিম্ব গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা ।

উত্তৰ— যেতিয়া দাপােণত গঠিত প্রতিবিম্ব পৰ্দাত ধৰিব নােৱাৰি তাকে অসৎ প্রতিবিম্ব বােলে ।

এখন অবতল লেনছৰ একেবাৰে ওচৰত যদি এডাল মমবাতি ৰখা হয়, তেতিয়া অসৎ প্ৰতিবিম্ব গঠন হয়।Class 7 science chapter 15

প্ৰশ্ন 7 ।  উত্তল আৰু অৱতল লেনছৰ মাজৰ দুটা পাৰ্থক্য লিখা ।

উত্তৰ— উত্তল লেনছে সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰে। কিন্তু লক্ষ্যবস্তুৰ লেনছৰ অতি ওচৰত সংস্থাপিত হ’লে প্ৰতিবিম্ব অসৎ, থিয় আৰু বিবৰ্ধিত হয় ।  আনহাতে অবতল লেনছে সদায় থিয়, অসৎ আৰু লক্ষ্যবস্তুৰ তুলনাত সংকুচিত প্ৰতিবিম্ব গঠন কৰে ।

Sl. No. Contents ( Class 7 science )
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

প্ৰশ্ন 8 ।  অৱতল আৰু উত্তল দাপোণৰ প্ৰত্যেকৰে একোটাকৈ ব্যৱহাৰ লিখা।

উত্তৰ— 1) অবতল দাপােণ চিকিৎসকে দাঁত, নাক, কাণ, ডিঙি আদি চাবলৈ ব্যৱহাৰ কৰে ।

2) উত্তল দাপােণ গাড়ী, স্কুটাৰৰ পাৰ্শ্ব দাপোণ হিচাপে গাড়ীৰ পিছফালৰ যানবাহনবোৰ চাবলৈ ব্যৱহাৰ কৰা হয় ।

প্ৰশ্ন 9 ।  কেনে প্ৰকৃতিৰ দাপোণে সৎ প্ৰতিবিম্ব গঠন কৰে ?

উত্তৰ— অবতল দাপােণে সৎ প্রতিবিম্ব গঠন কৰে ।

প্ৰশ্ন 10 ।  কেনে প্ৰকৃতিৰ লেনছে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে ?

উত্তৰ— অবতল লেনছে সদায় অসৎ প্রতিবিম্ব গঠন কৰে ।

11 নং প্ৰশ্নৰ পৰা 13 নং প্ৰশ্নলৈকে শুদ্ধ উত্তৰটো বাছি উলিওৱা :

প্ৰশ্ন 11 ।  লক্ষ্যবস্তুতকৈ ডাঙৰ, অসৎ প্ৰতিবিম্ব গঠন কৰিব পৰা বস্তু হ’ল

(a) অৱতল লেনছ                  (b) অৱতল দাপোন

(c) উত্তল দাপোণ                    (d) সমতল দাপোণ

উত্তৰ— (b) অৱতল দাপোন

প্ৰশ্ন 12 ।  ডেভিদে সমতল দাপোণ এখনত নিজৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি আছে। দাপোণ আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব ৪ মি। যদি তেওঁ দাপোণখনৰ ওচৰলৈ ১ মি আগবাঢ়ি যায়, তেন্তে ডেভিদ আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ’ব

(a) 3 মি.                                (b) 5 মি.

(c) 6 মি.                                (d) 8 মি.

উত্তৰ— (c) 6 মি.

প্ৰশ্ন 12 । গাড়ী এখনৰ পশ্চাৎবীক্ষণ দাপোনখণ এখন সমতল দাপোণ। এজন চালকে তেওঁৰ গাড়ীখন ২ মি/ছে দ্ৰুতিৰে পিছুৱাই আহিছে। চালকজনে তেওঁৰ পশ্চাৎবীক্ষণ দাপোণত পিছফালে ৰখাই থোৱা ট্ৰাক এখনৰ প্ৰতিবিম্ব দেখা পালে। ট্ৰাকখনৰ প্ৰতিবিম্বই চালকজনৰ ওচৰ চপাৰ দ্ৰুতি হ’ব

(a) 1 মি/ছে                                (b) 2 মি/ছে

(c) 4 মি/ছে                                (d) 8 মি/ছে

উত্তৰ— (c) 4 মি/ছে

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close