অম্ল, ক্ষাৰক আৰু লৱণ Class 7 Science Chapter 5

SCERT Assam class 7 Science Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ (Acid, Bases and Salt) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 5 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam অম্ল, ক্ষাৰক আৰু লৱণ class 7 Science Lesson 5 free notes.

অম্ল, ক্ষাৰক আৰু লৱণ (Class 7 Science)

অনুশীলনী (Exercises) :

প্ৰশ্ন (1) অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য (Differences) লিখা ।

উত্তৰ— অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-

অম্ল ক্ষাৰক
1) অম্লৰ সৱাদ টেঙা 1) ক্ষাৰকৰ সোৱাদ তিতা
2) অম্লই নীলা লিটমাছ ৰঙা কৰে 2) ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে
3) অম্লই হাই’ড্রজেন আয়ন মুক্ত কৰে । 3) ক্ষাৰকে হাইড্র’ক্সিল আয়ন মুক্ত কৰে ।
4) অম্ল চুলে চাবোন পানীৰ দৰে নালাগে। 4) ক্ষাৰক চুলে চাবোন পানীৰ দৰে লাগে।

প্ৰশ্ন (2) খিৰিকী পৰিষ্কাৰৰ নিচিনা বহুতো ঘৰুৱা বস্তুত এম’নিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে। ই কি প্ৰকৃতিৰ?

উত্তৰ— আমি সকলোৱে জানো যে ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। গতিকে এম’নিয়াৰ প্ৰকৃতি ক্ষাৰকীয়।

প্ৰশ্ন (3) লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা। এই দ্ৰৱৰ ব্যৱহাৰ কি?

উত্তৰ— লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম ছত্ৰক শৈৱাল (Lichen)। কোনো এটা দ্ৰৱ অম্ল নে ক্ষাৰক নিৰ্ধাৰণ কৰিবৰ বাবে লিটমাছ ব্যৱহাৰ কৰা হয়।

প্ৰশ্ন (4) পাতিত পানী (distilled water) আম্লিক/ক্ষাৰকীয়/প্রশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা?

উত্তৰ— পাতিত পানী প্রশম। পাতিত পানীত ৰঙা বা নীলা লিটমাছ কাগজ এখন ডুবাই দিলে, ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়। ইয়াৰ পৰাই বুজিব পাৰি যে পাতিত পানী প্ৰশম।

প্ৰশ্ন (5) এটা উদাহৰণসহ প্ৰশমন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰ— অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক প্ৰশমন প্ৰক্ৰিয়া বোলে। এই প্ৰক্ৰিয়াত পানী আৰু লৱণ উৎপন্ন হোৱাৰ লগতে তাপো উৎপন্ন হয়।

উদাহৰণস্বৰূপে ছ’ডিয়াম হাইড্র’ক্সাইড (NaOH) ৰ লগত হাইড্র’ক্লৰিক এছিড(HCI)ৰ বিক্রিয়া ঘটি ছ’ডিয়াম ক্ল’ৰাইড (NaCl) আৰু পানী (H₂O) উৎপন্ন হয় । বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো তলত দিয়া ধৰণে লিখিব পাৰি-

NaOH + HCI –> NaCl + H₂O + Heat

ছ’ডিয়াম হাইড্র’ক্সাইড + হাইড্র’ক্লৰিক এছিড –> নিমখ + পানী + তাপ

প্ৰশ্ন (6) তলৰ বাক্যটো শুদ্ধ হ’লে ‘শু’ আৰু অশুদ্ধ হ’লে ‘অ’ চিন দিবা।

(a) নাইট্ৰিক এছিডে ৰঙা লিটমাছ কাগজ নীলা কৰে। (শু/অ)

উত্তৰ— অ ।

(b) ছ’ডিয়াম হাইড্র’ক্সাইডে নীলা লিটমাছ ৰঙা কৰে । (শু/অ)

উত্তৰ— অ ।

(c) ছডিয়াম হাইড্র’ক্সাইড আৰু হাইড্র’ক্লৰিক এছিড পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে। (শু/অ)

উত্তৰ— শু ।

(d) সূচক হ’ল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায়। (শু/অ)

উত্তৰ— শু ।

(e) ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় (tooth decay) ৰোগ হয়।

উত্তৰ— অ ।

প্ৰশ্ন (7) ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে । কিন্তু দুর্ভাগ্যবশতঃ এইবােৰত লেবেল নাই। এই পানীয় বিলাক তেওঁ গ্রাহকৰ চাহিদা অনুযায়ী যােগান ধৰিব লাগে। এজন গ্রাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্রশম পানীয় লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিবা ?

উত্তৰ— ডেকাই কোনজনক কোনটো পানীয় বটল দিব, সেইটো তেওঁ লিটমাছ কাগজেৰে এটা সৰু পৰীক্ষা কৰি থিৰাং কৰিব-

যিটো বটলৰ পানীয়ই লিটমাছৰ বৰণ নীলা কৰে , সেই বটলবােৰ ক্ষাৰকীয় । যিটো বটলৰ পানীয়ই লিটমাছৰ বৰণ ৰঙা কৰে ( বা নীলা লিটমাছ ৰঙা কৰে ) সেইবােৰ আম্লিক পানীয় । লিটমাছৰ বৰণৰ কোনাে সলনি নহ’লে সেইবােৰ বটলৰ পানীয় প্রশম হ’ব।

প্ৰশ্ন (8) কাৰণ ব্যাখ্যা কৰা।

(a) এছিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা।

উত্তৰ— এছিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট খাওঁ – কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু কষ্টৰ উপশম কৰে ।

(b) পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয়।

উত্তৰ— পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয় কাৰণ পৰুৱাৰ শুঙত থকা ফৰ্মিক এছিড আমাৰ ছালৰ ভিতৰলৈ সুমুৱাই দিয়ে। তেতিয়া কেলামাইন ব্যৱহাৰ কৰি অম্লৰ প্ৰভাৱ প্ৰশমিত কৰা হয়।

(c) কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়।

উত্তৰ— কাৰখানাৰ পৰা ওলােৱা বর্জিত পদার্থবােৰ বা আৱৰ্জনাত অম্ল থাকে। যদি এনেকৈয়ে আৱৰ্জনাবোৰ জলাশয়লৈ বৈ যাবলৈ দিয়া হয় তেনেহ’লে এই অম্লই পানীত থকা মাছকে আদি কৰি অন্য জীৱসমূহ মৰি যাব। সেয়েহে, কাৰখানাৰ আৱৰ্জনাসমূহ ক্ষাৰকীয় দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয়।

প্ৰশ্ন (9) তোমাক তিনিটা জুলীয়া পদাৰ্থ দিয়া হৈছে। এটা হাইড্ৰ’ক্লৰিক এছিড, আনটো ছ’ডিয়াম হাইড্ৰ’ক্সাইড আৰু তৃতীয়টো হ’ল চেনীৰ দ্ৰৱ। তুমি এইবোৰক কেনেকৈ চিনাক্ত কৰিবা ? তোমাৰ কেৱল হালধিৰ সূচকহে আছে।

উত্তৰ— হালধিৰ সূচকেৰে তলত দিয়া ধৰনেৰে দ্ৰৱ তিনিবিধ চিনাক্ত কৰিব পৰা যাব-

দ্ৰব্যৰ নাম হালধিৰ সংস্পৰ্শত বৰণ
(১) হাইড্র’ক্লৰিক এছিড (১) হালধিৰ ৰং নীলা হ’ব ।
(২) ছ’ডিয়াম হাইড্র’ক্সাইড (২) হালধিৰ ৰং ৰঙা হ’ব ।
(৩) চেনিৰ দ্ৰব । (৩) হালধিৰ ৰং একে থাকিব ।

প্ৰশ্ন (10) এখন নীলা লিটমাছ কাগজ এটা দ্ৰৱত ডুবাই দিয়া হ’ল। কাগজখন নীলা হৈয়ে থাকিল। দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা ব্যাখ্যা কৰা।

উত্তৰ— অম্লই নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে । যিহেতু দ্ৰৱটোৱে নীলা লিটমাছৰ ৰং সলনি কৰিব নােৱাৰিলে গতিকে ই অম্ল হ’ব নােৱাৰে । দ্ৰৱটো ক্ষাৰকীয় নহ’লে প্ৰশম হ’ৱ।

প্ৰশ্ন (11) তলৰ বাক্যকেইটা পঢ়ি চোৱা।

(a) অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবোৰ সূচকৰ ৰং সলনি কৰে।

(b) যদি এটা সূচকৰ ৰং অম্লত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয়।

(c) যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং অম্লত সলনি নহয়।

(d) অম্ল আৰু ক্ষাৰকত ৰং সলনি হােৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে ।

উক্তিবোৰৰ কোনবোৰ শুদ্ধ

(i) চাৰিওটা (ii) ‘ক’ আৰু ‘ঘ’ (iii) ‘খ’ আৰু ‘গ’ (iv) কেৱল ‘ঘ’

উত্তৰ— (ii) ‘ক’ আৰু ‘ঘ’

Class 7 Science Chapter 5

Sl. No. Contents (Class 7 science)
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

তোমালোকে কি শিকিলা (What have you learn)Class 7 science chapter 5

অম্লৰ সোৱাদ টেঙা। ক্ষাৰৰ সোৱাদ তিতা আৰু চুলে চাবোনৰ দৰে লাগে।অম্লই নীলা লিটমাছ ৰঙা কৰে। ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে।যিবোৰ দ্ৰব্য ক্ষাৰকীয় নহয় বা আম্লিকও নহয় তাক প্ৰশম দ্ৰৱ বোলে।যিবোৰ দ্ৰব্যৰ দ্ৰৱই আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম দ্ৰৱত বেলেগ বেলেগ ৰং দেখুৱায়, সেইবোৰক সূচক বোলে।এটা অম্ল আৰু এটা ক্ষাৰকে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে আৰু এটা লৱণ উৎপন্ন কৰে। লৱণ এটা আম্লিক, ক্ষাৰকীয় বা প্ৰশম হ’ব পাৰে।
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close