উদ্ভিদৰ প্ৰজনন Class 7 Science Chapter 12

SCERT Assam class 7 Science Chapter 12 উদ্ভিদৰ প্ৰজনন (Reproduction in Plants) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 12 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Science Chapter 12

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam উদ্ভিদৰ প্ৰজনন class 7 Science chapter 12 free notes. You can also download SCERT class 7 science chapter 12 PDF version for free.

উদ্ভিদৰ প্ৰজনন

পাঠ ১২

অনুশীলনী (Exercises)

প্ৰশ্ন (1) খালী ঠাই পূৰ কৰা

(a)  উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে _______ বোলে।

উত্তৰ— উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে অংগজ প্রজনন বোলে ।

(b)  এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক _______ বোলে।

উত্তৰ— এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক একলিংগী ফুল বোলে ।

(c)  একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেনু একেপাহ বা এনেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিক হোৱাকে _________ বুলি জনা যায় ।

উত্তৰ— একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেনু একেপাহ বা এনেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিক হোৱাকে পৰাগযােগ বুলি জনা যায় ।

(d)  পুং আৰু স্ত্ৰী জননকোষৰ মিলনক _________ বোলে।

উত্তৰ— পুং আৰু স্ত্ৰী জননকোষৰ মিলনক নিষেচন বোলে।

(e)  বীজৰ বিস্তাৰণ ________, ________আৰু _________ জৰিয়তে হয় ।

উত্তৰ— বীজৰ বিস্তাৰণ বায়ু, পানী আৰু প্ৰাণীৰ জৰিয়তে হয় ।

প্ৰশ্ন (2) অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া । 

উত্তৰ— অযৌন প্রজননৰ বিভিন্ন পদ্ধতিবােৰ হ’ল-

(i) অংগজ প্রজননউদ্ভিদৰ শিপা, কাণ্ড,পাত আৰু মুকুলৰ পৰা নতুন উদ্ভিদৰ জন্ম হােৱাকে অংগজ প্রজনন বােলে । অংগজ প্ৰজননৰ দ্বাৰা উদ্ভিদ গজিবলৈ অতি কম সময় লয় আৰু বীজৰ পৰা জন্ম হোৱা গছতকৈ এইবোৰে ফল আৰু ফুল সোনকালে ধাৰণ কৰে । জবা, গােলাপ, কুঁহিয়াৰ আদিৰ ডাল কাটি মাটিত পুতি থলে তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় । আনহাতে আদা, হালধি, আলু আদিৰ দৰে কাণ্ডৰ পৰাও নতুন উদ্ভিদ হয় । ডালিয়া, মিঠা আলু আদিৰ মূলৰ পৰাও নতুন উদ্ভিদৰ সৃষ্টি হয় । আকৌ সাগৰফেনাৰ নিচিনা কিছুমান উদ্ভিদৰ মূল গছৰপৰা ছিগি যোৱা যিকোনো অংশই নতুন গছৰ জন্ম দিব পাৰে।

(ii) মুকুলনইষ্ট আদিৰ দৰে এককোষী জীৱৰ তাৰ কোষৰ পৰা একোটা অংশ টেমুনাৰ দৰে ওলাই আহে । ইয়াক মুকুল বােলে । এই মুকুল ক্রমান্বয়ে বৃদ্ধি আৰু বিকাশ হয় । পাছত ই মূল ইষ্ট কোষটোৰ পৰা পৃথক হৈ পৰি নতুন ইষ্ট কোষত পৰিণত হয় । আকৌ মাজে মাজে মুকুলৰ পৰা আন মুকুলৰ সৃষ্টি হৈ মুকুল শৃংখল সৃষ্টি কৰে আৰু এনেদৰে খুব কম সময়ৰ ভিতৰতে বহুসংখ্যক ইষ্টকোষৰ সৃষ্টি হয়।

(iii) বিভাজনবন্ধ পানীত থকা শেলাইয়ে এই প্ৰক্ৰিয়াৰ বংশ বিস্তাৰ কৰে। যেতিয়া পানী আৰু পোষক দ্ৰব্য যথেষ্ঠ পৰিমানে পায় তেতিয়া শেলাইবোৰৰ বৃদ্ধি হয় আৰু বিভাজনৰ দ্বাৰা ইহঁত খৰতকীয়াকৈ সংখ্যাত বাঢ়ি যায় আৰু খুব কম সময়ৰ ভিতৰতে বহু ঠাই আগুৰি পেলায়।

(iv) ৰেণু গঠনৰেণু গঠন হৈছে অযৌন প্ৰজননৰ আন এটা পদ্ধতি আৰু ৰেণুবোৰ হ’ল অযৌন প্ৰজনন অংগ । প্ৰতিটো ৰেণু প্ৰতিকূল অৱস্থা যেনে উচ্চ উষ্ণতা আৰু নিম্ন আৰ্দ্ৰতা আদিৰ পৰা ৰক্ষা পাবলৈ এখন কঠিন ৰক্ষাকাৰী আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। অনুকূল অৱস্থাত এই ৰেণু অংকুৰিত হয় আৰু প্ৰতিটো ৰেণুৰ পৰা এডাল নতুন ভেঁকুৰজাতীয় উদ্ভিদৰ বিকাশ হয়। মছ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদে ৰেণুৰ দ্বাৰা প্ৰজনন ঘটায় ।

প্ৰশ্ন (3) যৌন প্ৰজনন বুলিলে তুমি কি বুজা বহলাই লিখা।

উত্তৰ— যৌন প্ৰজননত পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন ঘটে । গতিকে যৌন প্রজননৰ বাবে পুৰুষ আৰু স্ত্রী এই দুয়ােটা ফুলৰে প্রয়ােজন । এই মিলন প্ৰক্ৰিয়াটোকেই নিষেচন বুলি কোৱা হয় । ইয়াৰ ফলত যোজন কোষ গঠন হয় পৰৱৰ্তী সময়ত যোজন কোষটো ভ্ৰণলৈ বিকশিত হয়। নিষেচনৰ পিছত গৰ্ভাশয়টো এটা ফললৈ ৰূপান্তৰিত হয় আৰু ফুলৰ আন অংশবোৰ মৰহি যায়। এই প্ৰক্ৰিয়াত পুংস্তৱকৰ পৰাগমুণ্ডৰ পৰা পৰাগৰেণু আহি স্ত্রীস্তবকৰ গৰ্ভমুণ্ডত পৰি তাৰ গৰ্ভদণ্ডৰ মাজেৰে গৰ্ভাশয়ত থকা ডিম্বাণুত সােমায়। ডিম্বাণুক পৰাগ ৰেণুক নিষেচিত কৰে ।

প্ৰশ্ন (4) অযৌন আৰু যৌন প্রজননৰ মাজৰ প্রধান পার্থক্যসমূহ বৰ্ননা কৰা।

উত্তৰ— অযৌন আৰু যৌন প্রজননৰ মাজৰ প্রধান পার্থক্যসমূহ হ’ল—

অযৌন প্রজনন যৌন প্রজনন
বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় । বীজ নোহোৱাকৈ নতুন উদ্ভিদৰ সৃষ্টি হয় ।
যোজন কোষ গঠন নহয় । যোজন কোষ গঠন হয় ।
নতুন উদ্ভিদৰ সৃষ্টিৰ বাবে পুৰুষ  আৰু স্ত্রী উভয় জনন কোষৰ প্ৰয়োজন একেটা লিংগৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয়

প্ৰশ্ন (5) এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰা । 

প্ৰশ্ন (6) স্ব-পৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজৰ পাৰ্থক্য লিখা ?

উত্তৰ— স্ব-পৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজৰ পার্থক্যসমূহ হ’ল—

স্ব-পৰাগযোগ ইতৰ পৰাগযোগ
একেটা ফুলৰে পৰাগৰেণু সেই ফুলৰে গর্ভমুণ্ডত পৰি পৰাগযােগ ঘটে বোৰ এপাহ ফুলৰ পুংকেশৰৰপৰা একে ধৰণৰ আন ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়।
কোনাে বাহকৰ প্ৰয়োজন নহয় পৰাগৰেণু কঢ়িয়াবলৈ বাহকৰ প্রয়ােজন
উভয়লিংগী ফুলৰ ক্ষেত্ৰতহে সম্ভৱ একলিংগী ফুলৰ ক্ষেত্ৰতহে সম্ভৱ

প্ৰশ্ন (7) ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখা ?

উত্তৰ— পৰাগযােগৰ দ্বাৰা ফুলৰ পৰাগৰেণু স্ত্রীস্তৱকৰ গর্ভমুণ্ডত পৰে । গর্ভমুণ্ডত এই ৰেণু অংকুৰিত হয় আৰু তাৰ পৰা পৰাগনলী ওলাই গর্ভমুণ্ডৰ মাজেৰে গৈ গর্ভকোষত সােমায় । পৰাগনলীৰ মাজেৰে পুংজনন কোষ গৈ ডিম্বাণু পায় । পুংজনন কোষ গৈ স্ত্রী জননকোষৰ লগত মিলন হয় । তাত দুয়াে জনন কোষৰ সংযােজন ফলত যোজন কোষ ( zygote )ৰ সৃষ্টি হয় । যোজন কোষ সৃষ্টি হােৱা প্রক্রিয়াটোৱেই হৈছে নিষেচন ।

প্ৰশ্ন (8) বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা । 

উত্তৰ— বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ তলত উল্লেখ কৰা হ’ল

বীজৰ বিস্তাৰণে উদ্ভিদক বিভিন্ন ধৰণে উপকৃত কৰে। যেনে- নিজৰ পুলিবোৰৰ মাজত সূৰ্যৰ পোহৰ, পানী আৰু খনিজ লৱণৰ বাবে হ’ব লগা প্ৰতিযোগিতাত বিস্তাৰণে বাধা দিয়ে। লগতে নতুন নতুন আবাসস্থলীত গঢ়ি উঠি উদ্ভিদবিধৰ বহুল বিস্তাৰণত সহায় কৰে।

বিস্তাৰণত মূখ্য ভূমিকা গ্ৰহণ কৰে বায়ু, পানীৰ লগতে প্ৰাণীয়ে।চজিনা, মেপল আদি গছৰ পাখিযুক্ত বীজবোৰ বতাহৰ দ্বাৰা বহুদূৰলৈ উৰি যায়। আকৌ বাহিৰ ফালে আঁহযুক্ত আৱৰণ থকা নাৰিকলৰ দৰে বীজবোৰ পানীৰ দ্বাৰা বিস্তাৰণ হয়। আনহাতে অগৰা, ইউৰেনা আদি গছৰ বীজবোৰ প্ৰানীৰ দেহত লাগি ধৰি প্ৰাণীৰ দ্বাৰা বহু দূৰলৈ বিস্তাৰণ হয়। কেতিয়াবা আকৌ জোকাৰণিৰ দ্বাৰা ফাটি গৈও কিছুমান বীজৰ বিস্তাৰণ হয়। উদাহৰণ- এৰা গুটি আৰু ডেমডেউকা আদি।Class 7 Science Chapter 12

Sl. No. Contents ( Class 7 science )
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

প্ৰশ্ন (9) 1নং স্তম্ভৰ লগত  2নং স্তম্ভ মিলোৱা :

1নং স্তম্ভ 2নং স্তম্ভ
(a) মুকুল (i) মেপল
(b) চকু (ii) সৰ্পিল শেলাই
(c) বিভাজন (iii) ইষ্ট
(d) পাখি (iv) পাউৰুটীত হোৱা ভেঁকুৰ
(e) ৰেণু (v) আলু
(vi) গোলাপ

উত্তৰ—

1নং স্তম্ভ 2নং স্তম্ভ
(a) মুকুল (iii) ইষ্ট
(b) চকু (v) আলু
(c) বিভাজন (iv) পাউৰুটীত হোৱা ভেঁকুৰ
(d) পাখি (i) মেপল
(e) ৰেণু (vi) গোলাপ

প্ৰশ্ন (10) শুদ্ধ উত্তৰটোত ( ✔) চিন দিয়া । 

(a) এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ’ল

(i) পাত           (ii) কাণ্ড              (iii) শিপা    (iv) ফুল

উত্তৰ— (iv) ফুল ।

(b) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বুলি জনা যায় ?

(i) নিষেচন            (ii) পৰাগযোগ           (iii) প্ৰজনন     (iv) বীজৰ গঠন

উত্তৰ— (i) নিষেচন ।

(c) পুৰঠ ডিম্বাশয়ে গঠন কৰে

(i) বীজ           (ii) পুংকেশৰ           (iii) স্ত্ৰীকেশৰ         (iv) ফল

উত্তৰ— (i) বীজ ।

(d) ৰেণুধাৰী উদ্ভিদ হ’ল

(i) গোলাপ              (ii) পাউৰুটীৰ ভেঁকুৰ               (iii) আলু                (iv) আদা

উত্তৰ— (i) গোলাপ ।

(e) পাতেগজাৰ প্ৰজনন ঘটোৱা অংগটো হ’ল-

(i) কাণ্ড              (ii) পাত               (iii) শিপা      (iv) ফুল

উত্তৰ— (ii) পাত

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close