SCERT Assam class 7 Science Chapter 14 বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া (Electric current and its effect ) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 14 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Science Chapter 14
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া class 7 Science chapter 14 free notes. You can also download SCERT class 7 science chapter 14 PDF version for free.
বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
পাঠ ১৪
অনুশীলনী (Exercises)
প্ৰশ্ন 1) বৈদ্যুতিক বৰ্তনীৰ নিম্নোক্ত উপাদানবোৰ চিহ্ন তোমাৰ টোকা-বহীত আঁকা। সংযোগী তাঁৰ, বন্ধ (Off) অৱস্থাত থকা ছুইচ, বাল্ব, কোষ, দি থোৱা অৱস্থাত থকা ছুইচ আৰু বেটাৰী।
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ।
প্ৰশ্ন 2) 14.21 চিত্ৰত দেখুওৱা বৰ্তনীটো বুজাবলৈ এটা বৰ্তনী চিত্ৰ আঁকা ।
প্ৰশ্ন 3) ১৪.২২ চিত্ৰত দেখুওৱা চাৰিটা কোষ এখন ব’ৰ্ডত আট খুৱাই লগোৱা হৈছে । চাৰিটা কোষৰ বেটাৰী এটা সাজিবলৈ সিঁহতৰ প্ৰান্তবোৰ তাঁৰেৰে কেনেকৈ সংযোজিত হোৱা উচিত তাক দেখুৱাই ৰেখা অংকন কৰা ।
প্ৰশ্ন 4) 14.23 চিত্ৰত দেখুওৱা বৰ্তনীত বাল্বটো জ্বলা নাই। তুমি ইয়াৰ কাৰণ উলিয়াব পাৰিবানে ? বাল্বটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সাল-সলনি ঘটোৱা ।
বাল্বটো জ্বলি নুঠাৰ কাৰণটো হৈছে বর্তনীটোত ব্যৱহাৰ কৰা বেটাৰিৰ দুয়ােটা কোষৰ ধনাত্মক প্ৰান্ত এটা আনটোৰ লগত সংযােগ হৈ আছে । এটা কোষৰ ধনাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযােগ কৰিলেহে বাল্বটো জ্বলি উঠিব । বাল্বটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সাল-সলনি তলত দেখুওৱা হ’ল-
প্ৰশ্ন ৫) বিদ্যুৎ প্ৰৱাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম লিখা ।
উত্তৰ— বিদ্যুৎ প্ৰৱাহৰ দুটা ক্ৰিয়াৰ নাম- (a) তাপৰ উৎপাদন আৰু (b) চুম্বক ক্ষেত্ৰৰ উৎপাদন।
প্ৰশ্ন 6) এডাল তাঁৰৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’লে তাঁৰডালৰ নিকটৱৰ্তী চুম্বক শলা এডাল উত্তৰ-দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয়। ব্যাখ্যা কৰা ।
উত্তৰ— এডাল তাঁৰৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’লে, তাঁৰডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ উৎপন্ন হয় । এই চুম্বক ক্ষেত্ৰই, চুম্বক শলাৰ চুম্বক ক্ষেত্ৰৰ লগত কৰা আন্ত:ক্রিয়াৰ ফলত চুম্বকশলাডাল উত্তৰ-দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয় ।
প্ৰশ্ন 7) 14.24 চিত্ৰত দেখুওৱা বৰ্তনীৰ ছুইচটো জপালে চুম্বক শলাৰ বিক্ষেপণ ঘটিবনে ?
উত্তৰ— চুম্বক শলাৰ বিক্ষেপণ নঘটে । কাৰণ বৰ্তনীৰ ছুইচটো কৰিলেও তাৰ মাজেৰে বিদ্যুৎ প্রবাহ নহয়, যিহেতু বৰ্তনীত কোনাে বিদ্যুৎ কোষ (Battery) সংযােগ কৰা হােৱা নাই ।
প্ৰশ্ন 8) খালী ঠাই পূৰ কৰা ।
(a) কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ ——— প্ৰান্ত নিৰ্দেশ কৰে ।
উত্তৰ— কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ ঋণাত্মক প্ৰান্ত নিৰ্দেশ কৰে ।
(b) দুটা বা তাতােধিক বিদ্যুৎ কোষৰ সংযোজনক ——— বোলে ।
উত্তৰ— দুটা বা তাতােধিক বিদ্যুৎ কোষৰ সংযোজনক বেটাৰি বোলে ।
(c) কোঠালি উত্তাপকৰ মাজেৰে প্ৰৱাহ চালিত কৰিলে ই ——— হয় ।
উত্তৰ— কোঠালি উত্তাপকৰ মাজেৰে প্ৰৱাহ চালিত কৰিলে ই লোহিত তপ্ত হয় ।
(d) বিদ্যুৎ প্ৰৱাহ হৈ তাপ উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক ——— বোলে ।
উত্তৰ— বিদ্যুৎ প্ৰৱাহ হৈ তাপ উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক ফিউজ বোলে ।
প্ৰশ্ন 9) তলৰ উক্তিবোৰ ‘ভুল’ হ’লে ভুলত আৰু শুদ্ধ হ’লে শুদ্ধত চিন দিয়া :
(a) দুটা কোষৰ এটা বেটাৰী সাজিবলৈ এটা কোষৰ ঋণাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰিব লাগে । (ভুল/শুদ্ধ)
উত্তৰ— ভুল ।
(b) ফিউজৰ মাজেৰে প্ৰৱাহিত বিদ্যুৎ মাত্ৰাধিক হ’লে ফিউজ তাঁৰ গলি গৈ ছিগি যায়। (ভুল/শুদ্ধ)
উত্তৰ— শুদ্ধ ।
(c) বিদ্যুৎ চুম্বকে লোহাৰ টুকুৰা এটাক আকৰ্ষণ নকৰে । (ভুল/শুদ্ধ)
উত্তৰ— ভুল ।
(d) বৈদ্যুতিক ঘন্টাত এটুকুৰা বিদ্যুৎ চুম্বক থাকে। (ভুল/শুদ্ধ)
উত্তৰ— শুদ্ধ ।
প্ৰশ্ন 10) এটা আৱৰ্জনা স্তুপৰ পৰা প্লাষ্টিকৰ মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কাৰ্যকৰী হ’ব বুলি তুমি ভাবানে ? ব্যাখ্যা কৰা।
উত্তৰ— এটা আৱৰ্জনা স্তুপৰ পৰা প্লাষ্টিকৰ মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ বিদ্যুৎ চুম্বকে মাত্র চুম্বকীয় পদার্থবােৰকহে আকর্ষণ কৰে । যিহেতু প্লাষ্টিক বেগবােৰ অচুম্বকীয় পদার্থ গতিকে এইবোৰক বিদ্যুৎ চুম্বকে আকর্ষণ নকৰে ।
প্ৰশ্ন 11) এজন বিজুলী মিস্ত্ৰীয়ে তোমালোকৰ ঘৰত কিবা মেৰামতিৰ কাম কৰি আছে। এটুকুৰা তাঁৰেৰে তেওঁ ফিউজটো সলাব খুজিছে। তুমি সন্মত হ’বানে ? তোমাৰ প্ৰতিক্ৰিয়াৰ কাৰণ ব্যাখ্যা কৰা।
উত্তৰ— মই সন্মত নহওঁ । কাৰণ ইলেক্টিক ফিউজ এবিধ বিশেষ ধাতুৰে তৈয়াৰী । অতিৰিক্ত বিদ্যুৎ চালিত হলে ই উত্তাপিত হৈ গলি চিঙি যায় আৰু ঘৰুৱা বৈদ্যুতিক সমঞ্জামবােৰ নষ্ট হৈ নাযায় । যদি এটুকুৰা তাঁৰেৰে ফিউজ বনাই দিয়া হয় তেন্তে বেছি পৰিমাণৰ বিদ্যুৎ তাৰ মাজেৰে প্রবাহিত হ’লেও, ফিউজডাল গলি চিঙি নাযায় ফলত ঘৰৰ বৈদ্যুতিক আহিলাবােৰ নষ্ট হৈ যাব ।
প্ৰশ্ন 12) ১৪.৪ চিত্ৰত দেখুৱাৰ দৰে এটা কোষ ৰখা সঁজুলি, এটা চুইছ আৰু এটা বাল্ব ব্যৱহাৰ কৰি জুবেদাই বৰ্তনী এটা সাজিলে। তাৰ পিছত তাই ছুইচ দিয়া সত্বেও বাল্বটো নজ্বলিল। বৰ্তনীৰ সাম্ভাৱ্য ভুলবোৰ নিৰ্ণয় কৰাত জুবেদাক সহায় কৰা ।
উত্তৰ— (1) বিদ্যুৎ কোষ (Battery) সংযোগ কৰিবলৈ পাহৰিব পাৰে।
(2) বিদ্যুৎ কোষ (battery)ৰ সংযােগ ভুল হ’ব পাৰে ।
(3) বাল্বটো ফিউজ হ’ব পাৰে ।
(4) তাঁৰৰ সংযােগস্থল ঢিলা হ’ব পাৰে ।
Sl. No. | Contents ( Class 7 science ) |
Chapter 1 | উদ্ভিদৰ পৰিপুষ্টি |
Chapter 2 | প্ৰাণীৰ পৰিপুষ্টি |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | তাপ |
Chapter 5 | অম্ল, ক্ষাৰক আৰু লৱণ |
Chapter 6 | ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন |
Chapter 7 | বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন |
Chapter 8 | বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ |
Chapter 9 | মাটি |
Chapter 10 | জীৱৰ শ্বাস-প্ৰশ্বাস |
Chapter 11 | প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ |
Chapter 12 | উদ্ভিদৰ প্ৰজনন |
Chapter 13 | গতি আৰু সময় |
Chapter 14 | বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া |
Chapter 15 | পোহৰ |
Chapter 16 | পানী : এক অমূল্য সম্পদ |
Chapter 17 | অৰণ্য : আমাৰ জীৱন ৰেখা |
Chapter 18 | বৰ্জিত পানীৰ কথা |
প্ৰশ্ন 13) 14.25 চিত্ৰত দেখুওৱা বৰ্তনীত
(a) ছুইচটো অফ অৱস্থাত যিকোনো বাল্ব জ্বলি উঠিবনে ?
(b) ছুইচ অন কৰিলে কি ক্ৰমত A, B আৰু C বাল্বকেইটা জ্বলিব ?
উত্তৰ— (a) ছুইচ অফ অৱস্থাত বাল্ব জ্বলি নুঠে।
(b) ছুইচ অন কৰিলে গোটেই কেইটা বাল্ব একেলগে জ্বলি উঠিব।
তোমালোকে কি শিকিলা (What you have learnt)
♦ বৈদ্যুতিক উপাদানবোৰ (Electric components) বুজাবলৈ চিহ্ন ব্যৱহাৰ সুবিধাজনক। এইবোৰ ব্যৱহাৰ কৰি বৈদ্যুতিক বৰ্তনী এটাক বৰ্তনী চিত্ৰ(Circuit diagram)ৰ দ্বাৰা বৰ্ণনা কৰিব পাৰি।
♦ তাঁৰ এডালৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’লে তাঁৰডাল উত্তপ্ত হয়। ইয়াক বিদ্যুৎ প্ৰৱাহৰ তাপীয় ক্ৰিয়া বোলে। এই ক্ৰিয়াৰ ব্যাপক প্ৰয়োগ আছে।
♦ কিছুমান বিশেষ পদাৰ্থৰ দ্বাৰা তৈয়াৰী তাঁৰৰ মাজেৰে অত্যধিক প্ৰবাহ চালিত হ’লে ইহঁত ততালিকে ছিগি যায়। এনেবোৰ পদাৰ্থ ব্যৱহাৰ কৰি বৈদ্যুতিক ফিউজ তৈয়াৰ কৰা হয়। ইহঁতে অগ্নিকাণ্ড আৰু বৈদ্যুতিক আহিলাৰ ক্ষতি প্ৰতিহত কৰে।
♦ তাঁৰৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’লে ই এডাল চুম্বকৰ দৰে আচৰণ কৰে।
♦ লোহাৰ টুকুৰা এটাৰ ওপৰত অন্তৰিত তাঁৰ পকাই তাঁৰৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে এডাল বিদ্যুৎ চুম্বক পোৱা যায়।
♦ বিভিন্ন আহিলাত বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা যায়।
(adsbygoogle = window.adsbygoogle || []).push({});