বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ Class 7 Science Chapter 8

SCERT Assam class 7 Science Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ (Winds, Storms and Cyclones) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 8 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Science Chapter 8

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ class 7 Science chapter 8 free notes.

বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ

পাঠ-৮

অনুশীলনী (Exercises)

প্ৰশ্ন (1) তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা :

(a)  বতাহ হ’ল বায়ুৰ ———- অৱস্থা।

উত্তৰ— বতাহ হ’ল বায়ুৰ গতিশীল অৱস্থা।

(b)  ভূ-পৃষ্ঠত উত্তাপৰ ———- বাবে বতাহৰ উৎপত্তি হয় ।

উত্তৰ— ভূ-পৃষ্ঠত উত্তাপৰ তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয় ।

(c)  ভূ-পৃষ্ঠৰ ওচৰৰ ঠাইবোৰত ———- বায়ু ঊৰ্দ্ধমুখী হয় আৰু ———- বায়ু অধোগামী হয় ।

উত্তৰ— ভূ-পৃষ্ঠৰ ওচৰৰ ঠাইবোৰত গৰম বায়ু ঊৰ্দ্ধমুখী হয় আৰু ঠান্ডা বায়ু অধোগামী হয় ।

(d) বায়ু ———- চাপ অঞ্চলৰ পৰা ———- চাপ অঞ্চললৈ হয় ।

উত্তৰ— বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ হয় ।

প্ৰশ্ন (2) কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা ।

উত্তৰ— (a) গছৰ শুকান পাত সৰি পৰা দিশ চাই বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি ।

(b) এমুঠি ধূলি বা  ধোঁৱা উৰুৱাই  বতাহ বলা দিশ সহজে নিৰ্ণয় কৰিব পাৰি।

প্ৰশ্ন (3) তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য’ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছিল । (পাঠ্যপুথিত দিয়াবোৰৰ বাহিৰে)

উত্তৰ— (a) বেলুন এটা ফুলাই গৈ থাকিলে এসময়ত বায়ুৰ চাপ সহ্য কৰিব নোৱাৰি বেলুনটো ফাটি যায় ।

(b) পানীপূর্ণ গিলাছ এটা ডাঠ কাগজ এখনেৰে ঢাকি দিয়াৰ পিছত, ওলােটাই দিলেও কাগজখন তললৈ সৰি নপৰে । প্লেটখনৰ ওপৰত বায়ুৱে দিয়া চাপৰ বাবে এনে হয়।

প্ৰশ্ন (4) তুমি এটা ঘৰ কিনিব বিচাৰিছা। খিৰিকী থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিবানে ? তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা ।

উত্তৰ— নিবিচাৰোঁ । কাৰণ আমি সকলোৱা জানো যে গৰম বায়ু পাতল আৰু ঊৰ্ধ্বগামী হয়। যদি ঘৰটোত কোনো ভেন্টিলেটৰ নাথাকে তেতিয়া ভিতৰৰ গৰম বায়ু ওলাই যাব নোৱাৰিব । ফলত ঘৰটো গৰম হৈ থাকিব । ‌‌

প্ৰশ্ন (5) ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দৰ্শোৱা ।

উত্তৰ— যদি ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা কৰি দিয়া নহয়, তেতিয়া দ্ৰুতগতিত অহা বায়ুৰ হেচাঁত বা চাপত এইবোৰ ফাটি নষ্ট হৈ যাব। কিন্তু যেতিয়া বেনাৰ বা হৰ্ডিঙত ফুটা কৰি দিয়া হয়, তেতিয়া সেই ফুটাৰে দ্ৰুতগতিত অহা বায়ু পাৰ হৈ যাব, ফলত এইবোৰ নষ্ট নহ’ব।

প্ৰশ্ন (6) তোমাৰ গাঁও বা চহৰত ঘূৰ্ণিবতাহ আহিলে ওচৰ চুবুৰীয়াক কি দৰে সহায় কৰিবা ?

উত্তৰ— আমাৰ গাঁও বা চহৰত ঘূৰ্ণিবতাহ আহিলে ওচৰ চুবুৰীয়াক তলত দিয়া ধৰণে সহায় কৰিব পাৰি-

(a) তেওঁলোকক সুৰক্ষিত স্থানত আশ্ৰয় লোৱাৰ ব্যৱস্থা কৰিম।

(b) ঘৰচীয়া জীৱ-জন্তুক সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰিম।

(c) তিতা হাতে বিদ্যুতৰ চুইছ স্পর্শ নকৰিবলৈ আৰু লগতে যান-বাহন আদি গছৰ কাষত ৰখাই নথবলৈ ক’ম।

(d) আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসাকেন্দ্ৰৰ দৰে জৰুৰী সেৱাসমূহৰ ফোন নম্বৰ তেওঁলোকক যোগান ধৰিম।

প্ৰশ্ন (7) ঘূৰ্ণিবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক ?

উত্তৰ— ঘূৰ্ণিবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ তলত দিয়া ধৰণে আগতীয়া পৰিকল্পনাৰ কৰাৰ আৱশ্যক-

(a) স্পর্শকাতৰ ঠাইসমূহৰ বাসিন্দাসকলক আগতীয়াকৈ আগতীয়াকৈ সেই ঠাইৰ পৰা স্থানান্তকৰণ ।

(b) স্পর্শকাতৰ ঠাইসমূহৰ বাসিন্দাসকলৰ বাবে আগতীয়াকৈ আশ্রয় শিবিৰ স্থাপন কৰি থােৱা ।

(c) বিশুদ্ধ খোৱা পানী তথা খাদ্য মজুত ৰাখিব লাগিব ।

(d) টি.ভি তথা ৰেডিঅ’ত প্ৰচাৰ কৰা সতৰ্ক বাণীবোৰ সাবধানে শুনিব লাগিব।

প্ৰশ্ন (8) তলৰ কোনখন ঠাই ঘূৰ্ণিবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই-

(i)  চেন্নাই   (ii)  মাঙ্গালুৰু (মাঙ্গালোৰ)  (iii)  অমৃতসৰ (iv)  পুৰী

উত্তৰ— (iii)  অমৃতসৰ ।

প্ৰশ্ন (9) তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ ?

(i) শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়।

(ii) গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়।

(iii) এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুস্ৰোতে ঘূৰ্ণিবতাহ সৃষ্টি কৰে।

(iv) ভাৰতৰ উপকূলবোৰ ঘূৰ্ণিবতাহপ্ৰৱণ নহয়।

উত্তৰ— (i) শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়।

Sl. No. Contents ( Class 7 science )
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

Class 7 science chapter 8

তোমালোকে কি শিকিলা (What did you learn ?)

আমাৰ চৌপাশৰ বায়ুৱে চাপ প্ৰয়োগ কৰে।বায়ু তাপ পালে প্ৰসাৰিত আৰু শীতল হ’লে সংকুচিত হয়।গৰম বায়ু উৰ্দ্ধগামী হয়, আনহাতে তুলনামূলকভাৱে শীতল বায়ু ভূ-পৃষ্ঠলৈ অধোগামী হয়।গৰম বায়ু উৰ্দ্ধগামী হ’লে সেই ঠাইত বায়ুৰ চাপ কমে আৰু সেই ঠাইলৈ শীতল বায়ু বৈ আহে।গতিপ্ৰাপ্ত বায়ুক বতাহ বোলে।উত্তাপৰ তাৰতম্যই হ’ল বতাহ বলাৰ মূল কাৰণ।পানীৰ বাষ্প কঢ়িয়াই অনা বতাহে বৰষুণ দিয়ে।

তীব্ৰ গতি সম্পন্ন বতাহ আৰু বায়ু চাপৰ পাৰ্থক্যই ঘূৰ্ণিবতাহৰ জন্ম দিব পাৰে।

কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ দৰে উন্নত প্ৰযুক্তবিদ্যাৰ বাবে ঘূৰ্ণিবতাহৰ খতিয়ান ৰখাটো সহজসাধ্য হৈছে।

আত্ম-সহায়েই (self-help) হ’ল সৰ্বোত্তম পন্থা। গতিকে সাম্ভাব্য ঘূৰ্ণিবতাহৰ পৰা ৰক্ষা পাবলৈ আগতীয়াকৈ যথাযথ পৰিকল্পনা কৰি সাজু হৈ থকা উচিত।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close