SCERT class 7 Social Science Chapter 5 সম্পদ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 5
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 5 “সম্পদ” Lesson 5 free notes. You can even download SCERT Assam class 7 social science chapter 5 PDF.
সম্পদ
পাঠ ৫
প্ৰশ্ন ১। সম্পদ বুলিলে কি বুজা ? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা।
উত্তৰ— মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য সামগ্ৰীসমূহেই সম্পদ।
সম্পদৰ প্ৰধান ভাগ তিনিটা- প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট সম্পদ।
প্ৰশ্ন ২। ‘মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ।’ যুক্তি দৰ্শাই লিখা।
উত্তৰ— শাৰিৰীক বা মানসিকভাৱে কোনো উৎপাদনমূলক কাম কৰিবলৈ সক্ষম ব্যক্তিসকলেই মানৱ সম্পদ । বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ লগতে দেশৰ উন্নয়ন কৰিব পাৰে। এখন দেশৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে এখন দেশৰ উন্নতি বহু পৰিমাণে নিৰ্ভৰ কৰে। সেয়ে মানুহে নিজে সম্পদ হোৱাৰ লগতে আন প্ৰকৃতিক সম্পদসমূহৰো উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধি-বৃত্তি খটুৱাই উৎকৰ্ষ সাধন কৰিব পাৰে। সেয়েহে মানৱ শ্ৰেষ্ঠতম জৈৱিক সম্পদ।
প্ৰশ্ন ৩। তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি ? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ— যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়, সেয়াই প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদবোৰ হ’ল-
(i) নবীকৰণক্ষম সম্পদ,
(ii) অ-নবীকৰণক্ষম সম্পদ,
(iii) জৈৱিক সম্পদ,
(iv) অজৈৱিক সম্পদ,
(v) সৰ্বব্যাপী সম্পদ,
(vi) স্থানভিত্তিক সম্পদ,
(vii) প্ৰকৃত সম্পদ আৰু
(viii) সম্ভাৱনাপূৰ্ণ সম্পদ।
প্ৰাকৃতিক সম্পদবোৰ অতি উচ্চ হাৰত হ্ৰাস পাইছে আৰু সঠিক মাত্ৰাত ব্যৱহাৰ নকৰিলে এইবোৰ সোনকালে শেষ হৈ যাৱ। গতিকে পৰিৱেশক বিৰূপ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ এই সম্পদবোৰ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। এইবোৰ সংৰক্ষণৰ বাবে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ আমি হাতত ল’ব পাৰো-
1) পানীৰ অপচয় ৰোধ কৰিব লাগিব। ব্যৱহাৰ নোহোৱা সময়ত পানীৰ নলী বন্ধ কৰি থ’ব লাগিব।
2) বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব।
3) সৌৰ শক্তিৰ ব্যৱহাৰ বঢ়াব লাগিব।
4) প্লাষ্টিকৰ মোনা তথা অন্যান্য প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰিব লাগিব।
5) পেট্ৰল তথা ডিজেলত চলা যান-বাহনৰ পৰিৱৰ্তে ইলেকট্ৰিক যান-বাহণৰ বিক্ৰিত অধিক গুৰুত্ব দিব লাগিব।
6) মানুহ আৰু চৰকাৰে মাটিৰ খহনীয়া প্ৰতিহত কৰিবলৈ অধিক গছ ৰোপণৰ ওপৰত গুৰুত্ব দিব লাগিব।
প্ৰশ্ন ৪। দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা।
উত্তৰ— মানুহৰ জীৱনৰ প্ৰয়োজনীয়তা বৰ্তমান আৰু ভবিষ্যত উভয়তে পূৰাব পৰা ব্যৱসায়ক দীৰ্ঘম্যাদী উন্নয়ন বুজায়।
আমাৰ দৈনন্দিন কাম-কাজত ব্যৱহাৰ হৈ থকা প্ৰায় বিলাক সম্পদ সীমিত। অৰ্থাৎ এইবোৰ অবিৰতভৱে ব্যৱহাৰ কৰি থাকিলে পৃথিৱীৰ পৰা নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। আনকি সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু বিতৰণ নহ’লে উঠি অহা প্ৰজন্মই সেই সম্পদৰ সুবিধাখিনি নোপোৱাৰে সম্ভাৱনা অধিক। এইবোৰ বিষয় চালি জাৰি চাই ক’ব পাৰি যে সম্পদ সংৰক্ষণৰ বাবে দীৰ্ঘম্যাদী উন্নয়নৰ প্ৰয়োজনীয়তা আছে।
প্ৰশ্ন ৫। পাৰ্থক্য লিখি উলিওৱা
(ক) নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদ
উত্তৰ— যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়,তেনে সম্পদকেই নবীকৰণক্ষম সম্পদ বোলে। যেনে-মাটি, পানী,বায়ু।
অনবীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়েই এইবোৰ পুনৰ উৎপাদন নকৰে। যেনে-খনিজ পদাৰ্থ,তাম,লো, জীৱাশ্ম।
(খ) সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ
উত্তৰ— সকলোতে পোৱা সম্পদবোৰক সৰ্বব্যাপী সম্পদ বোলে। যেনে-বায়ু ।
এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাক স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। যেনে-লোৰ,আকৰ, কয়লা।
(গ) প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ
উত্তৰ— মানুহে সদব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ। যেনে- কয়লা।
যিবোৰ সম্পদৰ আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনীয়তা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাৱনীয়তাৰে উমান দিয়ে, তেনেবোৰক সম্ভাৱনাপূৰ্ণ সম্পদ বোলে। যেনে-বনৌষধি ক্ষেত্ৰত থকা সম্ভাৱনা।
প্ৰশ্ন ৬। শুদ্ধ উত্তৰটোত √ চিন দিয়া—
(ক) সম্পদ হ’বলৈ হ’লে তলৰ কোনটো প্ৰাসংগিক নহয় ?
(i) পৰিমাণ (ii) প্ৰয়োজন পূৰাব পৰা সামগ্ৰী (iii) ব্যৱহাৰৰ বাবে উপযোগী
উত্তৰ— (i) পৰিমাণ
(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয় ?
(i) পৰ্বত-পাহাৰ (ii) থকা ঘৰ (iii) জলবিদ্যুৎ
উত্তৰ— (i) পৰ্বত-পাহাৰ
প্ৰশ্ন ৭। তোমাৰ বাসস্থানৰ চৌপাশে থকা প্ৰাণী আৰু উদ্ভিদবোৰৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ সংৰক্ষণ কিয় প্ৰয়োজন লিপিবদ্ধ কৰা।
প্ৰাণী | সংৰক্ষণৰ প্ৰয়োজনীয়তা | উদ্ভিদ | সংৰক্ষণৰ প্ৰয়োজনীয়তা |
পোহনীয়া জীৱ-জন্তু। যেনে- গৰু, ম’হ | গাখীৰ, কৃষি কাম। | কলগছ | ফল |
ছাগলী | মাংসৰ বাবে | আম, কঠাঁল | ফল, খৰি, কাঠ |
কুকুৰ | পহৰাৰ বাবে | বাহঁ গছ | খৰাহী-পাচি, জেউৰা-জপনা ইত্যাদি। |
বনৰীয়া প্ৰাণী যেনে- বান্দৰ, শিয়াল, হাতী, জহামাল | পৰিবেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে | বিভিন্ন ফুল গছ যেনে- গোলাপ, তগৰ, ৰজনীগন্ধা | সৌন্দৰ্য বদ্ধনৰ বাবে |
বিভিন্ন প্ৰজাতিৰ মাছ | খাদ্যৰ বাবে | চালকুঁৱৰী | ছালৰ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে |
প্ৰশ্ন ৮। তলৰ তালিকাখনৰ আলমত স্থানীয় সম্পদসমূহৰ সংৰক্ষণৰ পৰিকল্পনা কৰোঁ আহা
সম্পদৰ উপাদানসমূহ | কেনেকৈ সংৰক্ষণ কৰিব | কাৰ সহায়ত বা সহযোগ লৈ কৰিব ? | কি কামত আহিব ? |
ৰাজহুৱা পুখুৰী, বিল, জলাশয় আদি | |||
ঐতিহ্যমূলক সমল (নাম উল্লেখ কৰিব) | |||
ওচৰৰ পাহাৰ, নৈ | |||
স্থানীয় সাংস্কৃতিক সমল | |||
সৃষ্টিশীল কাম-কাজ (কামৰ উল্লেখ কৰিব) |
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সহায় লৈ নিজে কৰা।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
মনত ৰাখিবলগীয়া কথা (Class 7 Social Science Chapter 5)
♦ মানুহৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰপৰা যোগান ধৰিব পৰা দ্ৰব্য বা সামগ্ৰীসমূহেই সম্পদ।
♦ সকলো দ্ৰব্য বা সামগ্ৰীয়ে সম্পদ নহয়। মানুহৰ প্ৰয়োজন পূৰাব পৰা আৰু উপযুক্তভাৱে ব্যৱহাৰ কৰিব পৰা দ্ৰব্য-সামগ্ৰীয়ে সম্পদ।
♦ সম্পদৰ প্ৰধানভাগ তিনিটা- প্ৰাকৃতিক, মানৱসম্পদ আৰু মানৱসৃষ্ট সম্পদ।
♦ প্ৰাচুৰ্য, উৎপত্তি, বিতৰণ আৰু উন্নয়নৰ ওপৰত ভিত্তি কৰি সম্পদসমূহৰ শ্ৰেণী বিভাজন কৰা হৈছে।
♦ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধি এখন দেশৰ মানৱে সৃষ্টি কৰা সম্পদৰ প্ৰধান কাৰক।
♦ প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাৱেক্ষণ দিয়াটোৱে সম্পদৰ সংৰক্ষণ।
♦ উপযুক্তভাৱে সম্পদ সংৰক্ষণ. কৰিবলৈ হ’লে কিছু নীতি-আচৰণবিধি মানি চলাটো প্ৰয়োজন।
♦ মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন।
(adsbygoogle = window.adsbygoogle || []).push({});
Thnx