অসমৰ সম্পদ Class 7 Social Science Chapter 7

SCERT Assam class 7 Social Science Chapter 7 অসমৰ সম্পদ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Social Science Chapter 7

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 7 “অসমৰ সম্পদ” Lesson 7 free notes. You can even download SCERT Assam class 7 social science chapter 7 PDF.

অসমৰ সম্পদ

পাঠ ৭

অনুশীলনী :

প্ৰশ্ন ১।  উত্তৰ লিখা

(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি ?

উত্তৰ— পঞ্চগ্ৰাম কাগজ কল আৰু ধুবুৰীৰ জুইশলা উদ্যোগ।

(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম ।

উত্তৰ— নামেৰি আৰু মানাহ ।

(গ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি ?

উত্তৰ— অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হৈছে- কৃষি।

(ঘ) অসমৰ কোন ঠাইত গেছ ক্ৰকাৰ উদ্যোগ অৱস্থিত ?

উত্তৰ— ডিব্ৰুগড় জিলাৰ লেপেটকটাত গেছ ক্ৰকাৰ উদ্যোগ অৱস্থিত ।

(ঙ) ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল ?

উত্তৰ— ইংৰাজসকলে অসমৰ ডিগবৈত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল ।

প্ৰশ্ন ২। সচাঁ-মিছা লিখা

(ক)  অসমৰ ২০০ ছেণ্টিমিটাৰকতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া।

উত্তৰ— সচাঁ ।

(খ) শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত।

উত্তৰ— সচাঁ ।

(গ)  অসমৰ জিলাসমূহত খাল, বিল আদি বহুতো জলাশয় আছে।

উত্তৰ— সচাঁ ।

(ঘ) কপিলী বৰাক নৈৰ এখন উপ -নৈ।

উত্তৰ— মিছা ।

(ঙ) কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য।

উত্তৰ— মিছা ।

(চ) চাহ এবিধ ৰোপণ খেতি।

উত্তৰ— সচাঁ ।

প্ৰশ্ন ৩। উদ্ভিদৰ পৰা আমি কি কি পাওঁ ? এখন তালিকা কৰা ।

উত্তৰ—

অক্সিজেন বিভিন্ন খাদ্য সামগ্ৰী বিভিন্ন বনৌষধ
কাগজ বাহঁ-বেতৰ বিভিন্ন সামগ্ৰী প্লাইউড
খৰি খেৰ ৰবৰ
কাঠৰ আচবাব সুগন্ধি

প্ৰশ্ন ৪। বণ্য প্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন (৫০টা মান শব্দৰ ভিতৰত লিখা)।

উত্তৰ— মানুহৰ প্ৰয়োজনীয়তাবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত মানুহে জধে-মধে বন্যভূমি ধ্বংস কৰিছে। ফলত বন্যভূমিৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পাব ধৰিছে। এইবোৰ কাৰণতে ঠাই বিশেষ কিছুমান জীৱ-জন্তু আৰু উদ্ভিদ পৃথিৱীৰ পৰা বিলুপ্ত হ’ল। বৰ্তমান সময়ত অৰণ্যবোৰেই হৈছে বন্য প্ৰাণীৰ শেষ আশ্ৰয়স্হল । এইবোৰত প্ৰাণীসমূহ সুৰক্ষিত হৈ থাকে আৰু বংশবৃদ্ধিৰো সুবিধা পায়। সেইবাবে বণ্যপ্ৰাণী সমূহৰ বাবে অভয়াৰণ্যৰ প্ৰয়োজন।

প্ৰশ্ন ৫।  অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনি থকা ঠাই সমূহৰ নাম লিখা।

উত্তৰ— খাৰুৱা তেলৰ পুং থকা ঠাই- নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা,গেলেকী, বৰহোলা, দিহিং উপত্যকা,ডিগবৈ।

কয়লাখনি থকা ঠাইসমূহৰ নাম- উজনি অসমৰ মাৰ্ঘেৰিটা, লিডু, নাফুক, নাগিনিমৰা,কাৰ্বি আংলংৰ কয়লাজান, শিলভেটা, লংলৈ, শিঙিমাৰী আদি ।

প্ৰশ্ন ৬। ভূগৰ্ভজলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় ৫০টা শব্দৰ ভিতৰত লিখা।

উত্তৰ— ভূগৰ্ভৰ ভিতৰত সঞ্চিত থকা পানীয়ে ভূগৰ্ভজল । ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ । ভূগৰ্ভত সঞ্চিত পানী মানুহে খোৱাপানী, জলসিঞ্চন আৰু ঔদ্যোগিক কাম-কাজত ব্যৱহাৰ কৰে। লগতে ভূগৰ্ভৰ পানী মানুহে কৃষিকাৰ্যতো ব্যৱহাৰ কৰে।

প্ৰশ্ন ৭। অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা ।

(ক) ৩টা খাৰুৱা তেলৰ পুং

(খ) ৩টা কয়লাখনি

(গ) ২টা তেল শোধনাগাৰ

(ঘ) চুন শিল পোৱা এখন ঠাই

(ঙ) তাৰা বিল, শিৱসাগৰ পুখুৰী

(চ) এটি নদী বন্দৰ

(ছ) সোৱণশিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিঙ্গা, ধলেশ্বৰী উপনৈ।

উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা।

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 7)

class 7 social science chapter 7 অসমৰ অৰণ্যত বিভিন্ন প্ৰকাৰৰ মূল্যবান কাঠ, বাঁহ, ঔষধি উদ্ভিদ আদি পৱা যায়।

অসমৰ বনজ সম্পদৰ ওপৰত ভিত্তি কৰি বিভিন্ন উদ্যোগ গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা আছে।

অসমত দ্ৰুতগতিত বননি ধ্বংস কৰা কাৰ্যই পৰিৱেশৰ ওপৰত কু-প্ৰভাৱ পেলোৱাৰ লগতে জীৱকুলৰো বিপদ মাতি আনিছে।

অসমত খাৰুৱা তেল, কয়লা, চূনশিল, ছিলিমেনাইট, এছবেচটছ আদি পোৱা যায়।

অসমৰ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহ আৰু জলাশয়সমূহেই হ’ল পৃষ্ঠজলৰ মূল উৎস।

নদ-নদীৰ লগতে অসমৰ জলাশয়সমূহে মানুহৰ দৈনন্দিন ব্যৱহাৰৰ উপৰি জলসিঞ্চন, মীন পালন আদিৰ বাবে পানীৰ উৎস হিচাপে কাম কৰি আহিছে।

অসমৰ নদ-নদীসমূহত পৰিৱেশ অনুকুল বান্ধ দি জলবিদ্যুৎ উৎপাদনৰ বিপুল সম্ভাৱনীয়তা আছে।

অসমৰ বনাঞ্চল আৰু জলাশয়সমূহক পৰিৱেশ পৰ্যটনৰ (Eco-Tourism) ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ যথেষ্ট সুবিধা আছে।

অসমৰ ভূগৰ্ভ তথা ভূপৃষ্ঠ জলৰ ভাণ্ডাৰ যথেষ্ট বিশাল।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close