SCERT class 7 Social Science Chapter 1 ভূ পৃষ্ঠত সময় গণনা free study material and class notes PDF available here for free. So, if you are looking for class seven Assamese text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 1
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 1 “ভূ পৃষ্ঠত সময় গণনা” Lesson 1 free notes. You can even download SCERT Assam class 7 social science PDF.
ভূ পৃষ্ঠত সময় গণনা
পাঠ ১
অনুশীলনী
প্ৰশ্ন ১। চমু উত্তৰ দিয়া—
(ক) দ্রাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান ?
উত্তৰ— দ্রাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা ৩৬০ ডাল।
(খ) ভাৰতীয় মান সময়ৰ দ্রাঘিমাংশ কিমান ?
উত্তৰ— ভাৰতীয় মান সময়ৰ দ্রাঘিমাংশ ৮২°৩০′ পূব দ্ৰাঘিমাৰেখা।
(গ) পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘন্টা সময়ৰ প্ৰয়োজন ?
উত্তৰ— পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ ২৪ ঘণ্টা সময়ৰ প্ৰয়োজন।
(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়ক কি বোলে?
উত্তৰ— গ্রীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্রাঘিমাৰেখাৰ স্থানীয় সময়ক গ্রীনিজ মান সময় বোলে ।
(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কি?
উত্তৰ— কৌণিক দূৰত্ব জোখৰ একক হৈছে ডিগ্রী (º), মিনিট (‘), চেকেণ্ড (”) আদি ৷
প্ৰশ্ন ২ । খালী ঠাই পূৰ কৰা—
(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ______ কোণ কৰি থাকে।
উত্তৰ— পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০° কোণ কৰি থাকে।
(খ) দ্রাঘিমাৰেখাৰ মান বা জোখক ______ বোলে।
উত্তৰ— দ্রাঘিমাৰেখাৰ মান বা জোখক দ্রাঘিমাংশ বোলে।
(গ) প্রাথমিক দ্রাঘিমাৰেখাৰ কৌণিক দূৰত্ব ______ দ্রাঘিমাংশ।
উত্তৰ— প্রাথমিক দ্রাঘিমাৰেখাৰ কৌণিক দূৰত্ব ০° দ্রাঘিমাংশ।
(ঘ) মধ্যাহ্ন সূৰ্যৰপৰা পূৱফালে ১৫° আঁতৰত থকা ঠাইখনত ______ বাজিব।
উত্তৰ— মধ্যাহ্ন সূৰ্যৰপৰা ঠাই এখন ১৫° আঁতৰি গ’লে ঠাইখনত ১টা বাজিব।
প্ৰশ্ন ৩। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা—
(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়।
উত্তৰ— অশুদ্ধ ।
(খ) ভ্ৰমণকাৰীয়ে পূৱ দিশৰ পৰা ১৮০° অতিক্রম কৰাৰ সময়ত ১ দিন যোগ দি ল’ব লাগে।
উত্তৰ— অশুদ্ধ ।
(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়।
উত্তৰ— শুদ্ধ ।
(ঘ) ১৮০° দ্রাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।
উত্তৰ— শুদ্ধ ।
(ঙ) গ্রীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্রাঘিমাংশত অৱস্থিত।
উত্তৰ— শুদ্ধ ।
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ ১
প্ৰশ্ন ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) ভ্ৰমণকাৰীয়ে গ্রীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে।
উত্তৰ— ভ্ৰমণকাৰীয়ে গ্রীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ হোৱা বুলি অনুভৱ কৰে।
(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূর্যোদয় হয়। গতিকে মুম্বাই পূব/পশ্চিম দ্রাঘিমাংশত অৱস্থিত।
উত্তৰ— গ্রীনিজতকৈ মুম্বাইত আগতে সূর্যোদয় হয়। গতিকে মুম্বাই পূব দ্রাঘিমাংশত অৱস্থিত।
(গ) প্রাথমিক দ্রাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্রাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া/পিছপৰা।
উত্তৰ— প্রাথমিক দ্রাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্রাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া ।
(ঘ) ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮৩°২০′/৯০°/৮২°৩০′ পূব দ্রাঘিমাৰেখাডালক গ্ৰহণ কৰা হৈছে।
উত্তৰ— ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮২°৩০′ পূব দ্রাঘিমাৰেখাডালক গ্ৰহণ কৰা হৈছে।
(ঙ) আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময়/গ্রীনিজ মান সময়/ভাৰতীয় মান সময় মতে চলে।
উত্তৰ— আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে।
প্রশ্ন ৫। পার্থক্য লিখা—
(ক) অক্ষৰেখা আৰু দ্রাঘিমাৰেখা।
উত্তৰ—
অক্ষৰেখা | দ্রাঘিমাৰেখা |
অক্ষৰেখা ৰেখাবোৰ বৃত্তাকাৰ । | দ্ৰাঘিমাৰেখাবোৰ বৃত্তাকাৰ নহয়। |
অক্ষৰেখাবোৰ বিষুৱৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা হৈছে। | দ্রাঘিমাৰেখাবোৰ পৃথিৱীৰ উপৰিভাগত পূৱা-পশ্চিমাকৈ কল্পনা কৰা হৈছে। |
কোনো এখন ঠায়ে বিষুৱৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখেই হ’ল সেই ঠাইখনৰ অক্ষাংশ। | বিষুৱৰেখাৰ ওপৰত প্ৰাথমিক দ্রাঘিমাৰেখাৰ পৰা যিকোনো স্থানৰ কৌণিক দূৰত্বই হ’ল ঠাইখনৰ দ্রাঘিমাংশ। |
(খ) স্থানীয় সময় আৰু মান সময় ।
উত্তৰ—
স্থানীয় সময় | মান সময় |
কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে। | দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্রাঘিমাৰেখা এডালৰ স্থানীয় সময়ক সমগ্র দেশখনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয়। ইয়াক সেই দেশখনৰ মান সময় বোলে। |
বিভিন্ন ঠাইৰ স্থানীয় সময় ভিন ভিন হোৱা দেখা যায়। | এখন দেশৰ মান সময় দেশখনৰ সকলো ঠাইতে একে হোৱা দেখা যায়। |
প্ৰশ্ন ৬। সমাধান কৰা—
(ক) গ্রীনিজত মান সময়মতে ৭ বাজিলে কোনো এখন ঠাইত দুপৰীয়া ১২ বাজে। ঠাইখনৰ দ্ৰাঘিমাংশ নির্ণয় কৰা ৷
উত্তৰ— গ্ৰীনিজত মান সময়মতে ৭ বাজিলে আন এখন ঠাইত দুপৰীয়া ১২ বাজে।
গতিকে ঠাইখন আৰু গ্ৰীনিজৰ সময়ৰ পাৰ্থক্য ১২ – ৭ = ৫ ঘণ্টা।
যিহেতু, গ্ৰীনিজ আৰু ঠাইখনৰ মাজত স্থানীয় সময়ৰ ব্যৱধান ৫ ঘণ্টা, গতিকে ঠাইখনৰ দ্ৰাঘিমাংশ হ’ব ১৫ × 5 = ৭৫°
আকৌ যিহেতু ঠাইখনত গ্রীনিজতকৈ আগেয়ে দুপৰীয়া হয়, সেয়েহে ঠাইখন গ্ৰীনিজৰ পূৱত অৱস্থিত । গতিকে ঠাইখন ৭৫° পূৱ দ্রাঘিমাংশত অৱস্থিত।
(খ) দুপৰীয়া ১২ বজাত নিউয়ৰ্ক (৭৫° প.) চহৰৰ পৰা লচএঞ্জেল্চ (১১৮° প.) লৈ এটি অনাতাৰ বাৰ্তা প্ৰেৰণ কৰিলে। লচত্ৰঞ্জেল্চৰ স্থানীয় সময় মতে কেই বজাত বার্তাটি প্ৰেৰণ কৰিছিল?
উত্তৰ— দিয়া আছে, নিউয়ৰ্ক আৰু লচএঞ্জেল্চ গ্ৰীনিজৰ পশ্চিমত অৱস্থিত।
নিউয়ৰ্ক আৰু লচএঞ্জেল্চৰ দ্রাঘিমাংশৰ পাৰ্থক্য হ’ব–১১৮°– ৭৫° = ৪৩° |
গতিকে ঠাইদুখনৰ স্থানীয় সময়ৰ পাৰ্থক্য হ’ব,
৪৩° × ৪ মিনিট= ১৭২ মিনিট
= ১৭২/ ৬০ মিনিট
= ২ ঘণ্টা ৫২ মিনিট
গতিকে নিউয়র্কত ১২ বাজিলে লচএঞ্জেল্চৰ স্থানীয় সময় হ’ব, ১২ + ২ঘ. ৫২ মি.= ২ বাজি ৫২ মি.।
অৰ্থাৎ লচএঞ্জেল্চৰ স্থানীয় সময়মতে ২ বাজি ৫২ মিনিটত নিউয়র্কে উক্ত বাৰ্তাটি প্ৰেৰণ কৰিছিল।
(গ) নতুন দিল্লীৰ (৭৭° পূ.) স্থানীয় সময়মতে দিনৰ ৯ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখন ধুবুৰী (৯০° পূ.) চহৰৰ স্থানীয় সময়মতে কেতিয়া অনুষ্ঠিত হ’ব?
উত্তৰ— নতুন দিল্লী আৰু ধুবুৰী দুয়োখন ঠাই গ্ৰীনিজৰ পূৱে অৱস্থিত। সেয়ে দুয়োখন ঠাইৰ দ্রাঘিমাংশৰ পাৰ্থক্য হ’ব, ৯০° – ৭৭° = ১৩°।
এতেকে দুয়োখন ঠাইৰ স্থানীয় সময়ৰ পাৰ্থক্য হ’ব-
১৩° × ৪ মিনিট = ৫২ মিনিট।
গতিকে নতুন দিল্লীৰ স্থানীয় সময়মতে দিনৰ ৯ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখন ধুবুৰী চহৰৰ স্থানীয় সময়মতে ৯ বাজি ৫২ মিনিটত অনুষ্ঠিত হ’ব।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
অতিৰিক্ত প্ৰশ্ন (Class 7 Social Science Chapter 1)
প্রশ্ন ১। অক্ষাংশ কাক বোলে?
উত্তৰ— অক্ষৰেখাবোৰৰ মান বা জোখক অক্ষাংশ বোলে।
প্রশ্ন ২। দ্রাঘিমাংশ কাক বোলে?
উত্তৰ— দ্রাঘিমাৰেখাবোৰৰ মান বা জোখক দ্রাঘিমাংশ বোলে।
প্রশ্ন ৫। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে?
উত্তৰ— পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০° কোণ কৰে।
প্রশ্ন ৬। প্রাথমিক বা মুখ্য দ্রাঘিমাৰেখা কাক বোলে ?
উত্তৰ— দ্রাঘিমাংশ নিৰ্ণয়ৰ বাবে গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্রাঘিমা ৰেখাডালক প্ৰাথমিক বা মুখ্য দ্রাঘিমাৰেখা বোলে।
প্ৰশ্ন ৭। জি পি এছ বুলিলে কি বুজা ?
উত্তৰ— জি পি এছ (Global Positioning System) এটা সৰু যন্ত্ৰ যাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ, দ্রাঘিমাংশ আৰু ঠাইখনৰ সমুদ্র পৃষ্ঠৰপৰা উচ্চতা কিমান তাক নির্ণয় কৰিব পাৰি।
(adsbygoogle = window.adsbygoogle || []).push({});