SCERT Assam class 7 Social Science Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 23
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 23 “নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া” Lesson 23 free notes. You can even download SCERT Assam class 7 social science chapter 23 PDF.
নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
পাঠ ২৩
অনুশীলনী :
প্ৰশ্ন ১। চমু উত্তৰ লিখা—
(ক) বিধানসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে ?
উত্তৰ— বিধানসভাৰ সদস্যসকলক সংশ্লিষ্ট বিধানসভা সমষ্টিৰ ভােটাৰসকলে ভােট দি নির্বাচিত কৰে ৷
(খ) শাসক দল মানে কি ?
উত্তৰ— নিৰ্বাচনত সংখ্যাগৰিষ্টতা লাভ কৰি যিটো দলে চৰকাৰ গঠন কৰে সেই দলকে শাসক দল বোলে ৷
(গ) দেশত মধ্যকালীন নিৰ্বাচন কেতিয়া হয় ?
উত্তৰ— চৰকাৰ এখনৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হ’লে দেশত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয় ।
(ঘ) ৰাজ্য বিধানসভাৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰ— ৰাজ্য বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰ ।
(ঙ) দুটা ৰাষ্ট্ৰীয় দলৰ নাম লিখা ৷
উত্তৰ— ভাৰতীয় জাতীয় কংগ্রেছ আৰু ভাৰতীয় জনতা পার্টি ৷
(চ) অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা ৷
উত্তৰ— অসম গন পৰিষদ ৷
প্ৰশ্ন ২। উত্তৰ লিখা—
(ক) ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেধৰণৰ ? বৰ্ণনা কৰা ৷
উত্তৰ— ভাৰতত নিৰ্বাচন দুই ধৰণে অনুষ্ঠিত হয়- প্ৰত্যক্ষ নিৰ্বাচন আৰু পৰোক্ষ নিৰ্বাচন ৷ এই নির্বাচন অনুষ্ঠিত কৰিবলৈ কেন্দ্রীয় আৰু ৰাজ্যিক দুখন নির্বাচনী আয়োগ আছে ৷ এই আয়ােগে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলােচনা কৰি নিৰ্বাচনৰ তাৰিখ, কাৰ্যসূচী আদি প্রস্তুত কৰে । নির্বাচনৰ বাবে মনােনয়ন পত্র দাখিলৰ তাৰিখ, মনােনয়ন পত্ৰ পৰীক্ষা আৰু প্রত্যাহাৰৰ তাৰিখ, নির্বাচনৰ ফলাফল ঘােষণা কৰাৰ তাৰিখাে আয়ােগে নির্ধাৰণ কৰে । লগতে আয়ােগে নির্বাচন অনুষ্ঠিত হ’ব লগা ঠাইত কিছুমান আচৰণ বিধি বলবৎ কৰে । নির্বাচন আয়ােগে নির্বাচনৰ দিন ঘােষণা কৰাৰ পাছত ৰাজনৈতিক দলবােৰে তেওঁলােকৰ নিজ দলৰ প্রার্থী নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মনােনীত কৰে । নির্বাচন সুকলমে পৰিচালনা কৰিবৰ বাবে নির্বাচনী বিষয়াকো নিযুক্তি দিয়া হয় ।
(খ) গণতন্ত্ৰত ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ কি কি ?
উত্তৰ— গণতন্ত্ৰৰ এক অন্যতম অংগ হ’ল ৰাজনৈতিক দল ৷ গণতান্ত্ৰিক পদ্ধতিত ভোটাৰসকল যিদৰে অপৰিহাৰ্য ঠিক তেনেদৰে ৰাজনৈতিক দলসমূহো অপৰিহাৰ্য ৷ নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্ঠততা লাভ কৰি চৰকাৰ গঠন কৰে সেই দলক শাসক দল আৰু যিটো দলে দ্বিতীয় স্থানৰ লগতে মুঠ আসনৰ দহ শতাংশ আসন লাভ কৰে সেই দলটোক বিৰোধী দল বোলে ৷ গণতন্ত্ৰত ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হ’ল-
(১) নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৷
(২) জনসাধাৰণৰ মাজত ৰাজনৈতিক চেতনা জাগ্ৰত কৰা ৷
(৩) জনমত গঠন কৰা ৷
(৪) চৰকাৰ গঠন কৰি দেশখন সুচাৰুৰুপে পৰিচালনে কৰা ৷
(গ) গণতন্ত্ৰত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্ৰন কৰে ?
উত্তৰ— গণতন্ত্রত বিৰোধী দলে তলত দিয়া ধৰণেৰে চৰকাৰক নিয়ন্ত্রণ কৰে—
(i) ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্ৰতিযোগিতামূলক নির্বাচন অনুষ্ঠিত কৰাত সহায় কৰে।
(ii) চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কার্যকৰী নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহ কার্যকৰণৰ বাবে সুস্থ জনমত গঠন কৰে।
(iii) আইন প্রণয়নৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায় ।
(iv) প্রয়োজন সাপেক্ষে শাসক দলৰ দোষ-ত্রুটিবোৰ আঙুলিয়াই দিয়ে ।
(v) সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্রীসকলৰ পৰা বিৰোধী দলে কামৰ খতিয়ান বিচাৰে।
(ঘ) গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে নে ? যুক্তি দৰ্শোৱা ৷
উত্তৰ— নির্বাচন গণতান্ত্রিক শাসন ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ ৷ এখন গণতান্ত্রিক চৰকাৰ গঠন কৰিবৰ বাবে প্ৰত্যক্ষই হওক বা পৰোক্ষই হওক নির্বাচন অনুষ্ঠিত কৰিবই লাগিব ৷ কাৰণ নির্বাচনৰ যােগেদিযেই জনসাধাৰণে নিজৰ মন পছন্দৰ প্রার্থী নির্বাচিত কৰিব পাৰে । নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে চৰকাৰক নিজৰ নিয়ণন্ত্ৰণত ৰাখিব পাৰে, অন্যথা শাসকীয় দল স্বেচ্চাচাৰী হ’ব। নিৰ্বাচনে জনগণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে। লগতে ই দেশৰ নাগৰিকক ৰাজনৈতিক প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিবলৈও সুবিধা প্ৰদান কৰে ।
প্ৰশ্ন ৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) ভাৰতৰ উপৰাষ্ট্রপতি প্রত্যক্ষ / পৰোক্ষভাৱে নির্বাচিত হয় ।
উত্তৰ— ভাৰতৰ উপৰাষ্ট্রপতি পৰোক্ষভাৱে নির্বাচিত হয় ।
(খ) লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ / ১২৬ জন ।
উত্তৰ— লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ জন ।
(গ) তেলেগু দেশম পার্টী এটা আঞ্চলিক / ৰাষ্ট্ৰীয় দল ।
উত্তৰ— তেলেগু দেশম পার্টী এটা আঞ্চলিক দল ।
(ঘ) মুখ্যমন্ত্ৰীক ৰাজ্যপাল / ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে ।
উত্তৰ— মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে ।
(ঙ) বিধানসভাৰ কার্যকাল ৭ / ৫ বছৰ ।
উত্তৰ— বিধানসভাৰ কার্যকাল ৫ বছৰ ।
প্ৰশ্ন ৪। চমুটোকা লিখা—
(ক) সার্বজনীন প্রাপ্ত বয়স্ক ভোটাধিকাৰ
উত্তৰ— সকলাে দেশতে এটা নির্ধাৰিত বয়স পূর্ণ হােৱাৰ পাছতহে নাগৰিকসকলে ভোটাধিকাৰ লাভ কৰে ৷ গণতান্ত্রিক দেশসমূহত জাতি, বর্ণ, ধৰ্ম আৰু ভাষা নির্বিশেষে সকলাে প্রাপ্তবয়স্ক লােকক দিয়া প্রতিনিধি নির্বাচনৰ অধিকাৰকে সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ বােলা হয় । ভাৰতবৰ্ষত ১৮ বছৰ বয়সৰ ওপৰত সকলো নাগৰিকে ভোটদান কৰিব পাৰে ।
(খ) নির্বাচনী আয়োগ
উত্তৰ— ভাৰতবৰ্ষত নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্রপতিয়ে কেন্দ্ৰত এখন নির্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্রপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয়। নির্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্রস্তুত কৰে। নির্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্রত্যাহাৰৰ তাৰিখ, নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে ।
(গ) ৰাজনৈতিক দল
উত্তৰ— নির্দিষ্ট নীতিৰ ওপৰত প্রতিষ্ঠিত, একে আদৰ্শৰে অনুপ্রাণিত হৈ সাংগঠনিকভাৱে নাগৰিকসকলে যেতিয়া কোনাে সংস্থা গঢ়ি তােলে আৰু সাংবিধানিক উপায়েৰে চৰকাৰ গঠন কৰাৰ চেষ্টা চলায় তেতিয়া তাক ৰাজনৈতিক দল বুলি কোৱা হয় । ৰাজনৈতিক দল গণতন্ত্রৰ এক অবিচ্ছেদ্য অংগ । প্রতিনিধিমূলক গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । আমাৰ দেশত থকা ৰাজনৈতিক দলবােৰৰ কিছুমান ৰাষ্ট্ৰীয় দল আৰু কিছুমান আঞ্চলিক দল ৷ এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে মর্যাদা লাভ কৰিবলৈ হ’লে নির্বাচনী আয়ােগৰ স্বীকৃতিপ্রাপ্ত হােৱাৰ উপৰি তিনিখন বা ততােধিক ৰাজ্যৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবৰ বাবে , পঞ্জীয়নভুক্ত হ’ব লাগে । আনহাতে কোনাে ৰাজ্যৰ আঞ্চলিক স্বার্থত গুৰুত্ব দি অঞ্চলটোৰ আর্থ–সামাজিক , সাংস্কৃতিক বিকাশৰ উদ্দেশ্য আগত ৰাখি গঠন কৰা দলক আঞ্চলিক দল বােলে । অসম গণ পৰিষদ, আকালি দল (পঞ্জাব), তেলেগু দেশম পাৰ্টি আদি আঞ্চলিক দলৰ উল্লেখযোগ্য উদাহৰণ ৷
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
অতিৰিক্ত প্ৰশ্নোত্তৰ
প্ৰশ্ন ১। ভাৰতৰ লোকসভাৰ সদস্য সংখ্যা—
(ক) ৫২৫ (খ) ৫৩৫ (গ) ৫৪৫ (ঘ) ৫৬৫
উত্তৰ— (গ) ৫৪৫
প্ৰশ্ন ২। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কাৰ্যকাল—
(ক) ৫ বছৰ (খ) ৪ বছৰ (গ) ৬ বছৰ (ঘ) ১০ বছৰ
উত্তৰ— (ক) ৫ বছৰ ৷
প্ৰশ্ন ৩। তলৰ কোনটো ৰাষ্ট্ৰীয় দল নহয়—
(ক) ভাৰতীয় জাতীয় কংগ্ৰেছ (খ) অসম গণ পৰিষদ (গ) ভাৰতীয় জনতা পাৰ্টি (ঘ) বহুজন সমাজ পাৰ্টি
উত্তৰ— (খ) অসম গণ পৰিষদ ৷
প্ৰশ্ন ৪। অসম বিধানসভাৰ সদস্যৰ সংখ্যা—
(ক) ১২০ জন (খ) ১২৩ জন (গ) ১২৪ জন (ঘ) ১২৬ জন
উত্তৰ— (ঘ) ১২৬ জন ৷
মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 23)
♦ গণতান্ত্রিক শাসন ব্যৱস্থাত ভোটাৰসকলে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাংবিধানিক পদ্ধতিৰে তেওঁলোকৰ মাজৰ পৰা প্ৰতিনিধি বাছি পঠিওৱা প্ৰক্ৰিয়াটোকে নিৰ্বাচন বোলে ৷
♦ নিৰ্বাচন দুই প্ৰকাৰৰ- প্ৰত্যক্ষ আৰু পৰোক্ষ ৷
♦ নিৰ্দিষ্ট মতাদৰ্শক প্ৰাধান্য দি দেশব্যাপী অথবা ৰাজ্যব্যাপী থকা সংগঠনৰ ভিত্তিত একো একোটা ৰাজনৈতিক দল গঢ়ি উঠে ৷
♦ ৰাজনৈতিক দল দুই ধৰণৰ ৷ ৰাষ্ট্ৰী দল আৰু আঞ্চলিক দল ৷
♦ সমগ্ৰ দেশৰ নিৰ্বাচন পৰিচালনা কৰিবৰ বাবে এখন নিৰ্বাচনী আয়োগ থাকে ৷
♦ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰা দলক শাসক দল আৰু বাকী দলবোৰক বিৰোধী দল বোলে ৷
♦ অসম বিধানসভাৰ সদস্যৰ সংখ্যা ১২৬ গৰাকী ৷
♦ লোকসভাৰ সদস্য সংখ্যা ৫৪৫ গৰাকী ৷
♦ নিৰ্বাচনত যেতিয়া কোনো এটা দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব নোৱাৰে তেতিয়া কেইবাটাও দল লগলাগি মিত্ৰজোটঁ গঠন কৰে ৷
♦ চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হৈ পুণৰ নিৰ্বাচন হ’লে তেনে নিৰ্বাচনক মধ্যকালীন নিৰ্বাচন বোলে ৷
♦ বিৰোধী দলে জনসাধাৰণক সচেতন কৰি চৰকাৰী আইন প্ৰণয়নত সহায় কৰে ৷
(adsbygoogle = window.adsbygoogle || []).push({});