SCERT Assam class 7 Social Science Chapter 15 দিল্লীৰ চুলতানী যুগ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
SCERT Assam Class 7 Social Science Chapter 15
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 15 “দিল্লীৰ চুলতানী যুগ” Lesson 15 free notes. You can even download SCERT Assam class 7 social science chapter 15 PDF.
দিল্লীৰ চুলতানী যুগ
পাঠ ১৫
অনুশীলনী :
প্ৰশ্ন ১। উত্তৰ দিয়া:—
ক) চুলতান মামুদে কেতিয়া আৰু কেইবাৰ ভাৰত আক্ৰমন কৰিছিল ?
উত্তৰ— চুলতান মামুদে আনুমানিক ১০০০ খ্ৰী:ৰ পৰা ১০২৭ খ্ৰী:ৰ ভিতৰত মুঠ সোতৰবাৰ ভাৰত আক্ৰমণ কৰিছিল।
খ) চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত ?
উত্তৰ— চাহাবুদ্দিন মহম্মদ ইতিহাসৰ পাতত মহম্মদ ঘোৰী নামেৰে বিখ্যাত ।
গ) তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?
উত্তৰ— তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ ক্ৰমে ১১৯১ খ্ৰী: আৰু ১১৯২ খ্ৰী: ত মহম্মদ ঘোৰী আৰু পৃথ্বীৰাজ চৌহানৰ হাতত হৈছিল।
ঘ) কুটুবমিনাৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল ?
উত্তৰ— কুটুবমিনাৰৰ নিৰ্মাণ চুলতান কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল আৰু ইলটুতমিছে শেষ কৰিছিল ।
ঙ) চুলতানী যুগৰ প্ৰধান মন্ত্ৰী আৰু তেওঁৰ দপ্তৰক কি বোলা হৈছিল ?
উত্তৰ— চুলতানী যুগৰ প্ৰধান মন্ত্ৰীক “উজীৰ” বোলা হৈছিল আৰু দপ্তৰক “দিবান-ই-উজাৰত” বোলা হৈছিল ।
চ) আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰনৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত কৰিছিল ?
উত্তৰ— আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব দিৱান-ই-ৰিয়াচত আৰু চাহান-ই-মন্দী নামৰ দুজন বিষয়াৰ ওপৰত ন্যস্ত কৰিছিল ।
প্ৰশ্ন ২। খালী ঠাই পুৰণ কৰা—
ক) ——— আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্ৰ মহিলা চুলতান ।
উত্তৰ— ৰেজিয়া চুলতানা আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্ৰ মহিলা চুলতান ।
খ) ——— জয় কৰা আল্লাউদ্দিন খিলজিয়েই একমাত্ৰ চুলতান ।
উত্তৰ— দক্ষিণ ভাৰত জয় কৰা আল্লাউদ্দিন খিলজিয়েই একমাত্ৰ চুলতান ।
গ) ইবন বটুটা ——— দিনত ভাৰতলৈ আহিছিল ।
উত্তৰ— ইবন বটুটা মহম্মদ বিন টোগলকৰ দিনত ভাৰতলৈ আহিছিল ।
ঘ) ——— আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া ।
উত্তৰ— আৰিজ-ই-মাবালিক আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া ।
ঙ) পাণিপতৰ প্ৰথম যুদ্ধ ——— খ্ৰী: ত হৈছিল ।
উত্তৰ— পাণিপতৰ প্ৰথম যুদ্ধ ১৫২৬ খ্ৰী: ত হৈছিল ।
প্ৰশ্ন ৩) শুদ্ধ উত্তৰ বাছি উলিওৱা—
ক) কুটুবুদ্দিন / ইলটুতমিছে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল ।
উত্তৰ— কুটুবুদ্দিনে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল ।
খ) আলাপ্তাগীন/মহম্মদ ঘোৰী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক ।
উত্তৰ— আলাপ্তাগীন গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক ।
গ) কামাখ্যা / সোমনাথ মন্দিৰ চুলতান মামুদে লুট-পাত কৰিছিল ।
উত্তৰ— সোমনাথ মন্দিৰ চুলতান মামুদে লুট-পাত কৰিছিল ।
ঘ) বাহলুল লোডী / ইব্ৰাহিম লোডী চুলতানী যুগৰ শেষ চুলতান ।
উত্তৰ— ইব্ৰাহিম লোডী চুলতানী যুগৰ শেষ চুলতান ।
ঙ) তুৰ্কী-আফগানসকলে ভাৰতত দুশবছৰ/ তিনিশ বিশ বছৰ ৰাজত্ব কৰিছিল ।
উত্তৰ— তুৰ্কী-আফগানসকলে ভাৰতত তিনিশ বিশ বছৰ ৰাজত্ব কৰিছিল ।
প্ৰশ্ন ৪) চুলতানী শাসনকালৰ ৰাজবংশ কেইটাৰ নাম ক্ৰমনুসাৰে লিখা ।
উত্তৰ— দাস বংশ ⇒ খিলজি বংশ ⇒ টোগলক বংশ ⇒ চৈয়দ বংশ ⇒ লোডী বংশ ।
প্ৰশ্ন ৫) কামৰূপৰ ৰজা পৃথু আৰু কুটুবুদ্দিনৰ সেনাপতি বখটিয়াৰ খিলজিৰ সংঘৰ্ষৰ কাৰণ কি আছিল ? এই সংঘৰ্ষৰ উল্লেখ ক’ত পোৱা যায় ?
উত্তৰ— কুটুবুদ্দিনৰ সেনাপতি বখটিয়াৰ খিলজিয়ে চীন দেশ জয়ৰ পৰিকল্পনা কৰিছিল। কিন্তু কামৰূপৰ মাজেৰে যাব লগা হোৱাত সেইসময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত যুদ্ধত লিপ্ত হ’ব লগা হৈছিল।
এই সংঘৰ্ষৰ উল্লেখ উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত পোৱা যায়।
প্ৰশ্ন ৬) চুলতানী আমোলত প্ৰচলিত তিনিটা কৰৰ নাম লিখা ।
উত্তৰ— চুলতানী আমোলত প্ৰচলিত তিনিটা কৰৰ নাম হ’ল— উৎপন্ন শস্যৰ ওপৰত দিব লগা কৰ, গৰু ম’হৰ ওপৰত দিবলগা কৰ আৰু ঘৰ-বাৰীৰ ওপৰত দিবলগীয়া কৰ।
প্ৰশ্ন ৭) আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা তিনিটা পদক্ষেপ উল্লেখ কৰা ।
উত্তৰ— আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা তিনিটা পদক্ষেপ তলত উল্লেখ কৰা হ’ল—
১) নতুনকৈ ব্যৱসায় কৰিবলৈ বিচৰা ব্যক্তিয়ে নাম পঞ্জীন কৰিহে ব্যৱসায় কৰিব পাৰিছিল।
২) দেশৰ অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি সাধাৰণ প্ৰজাক সকাহ দিছিল।
৩) খাদ্য-শস্য কৰ হিচাপে লৈ ৰাজভৰাঁলত জমা কৰিছিল আৰু প্ৰয়োজনৰ সময়ত সেইবোৰ ৰাজহুৱা ভাৱে বিতৰণৰ ব্যৱস্থা কৰিছিল।
প্ৰশ্ন ৮) চুলতানী যুগৰ তিনিটা স্মৃতিচিহ্নৰ নাম উল্লেখ কৰা ।
উত্তৰ— কুটুব মিনাৰ, আলাই দৰৱাজা আৰু বেগমপুৰী মছজিদ ।
প্ৰশ্ন ৯) দিল্লীৰ চুলতানসকলৰ পতনৰ চাৰিটা কাৰণ লিখা ।
উত্তৰ— দিল্লীৰ চুলতানসকলৰ পতনৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হ’ল—
১) চুলতানসকল কিছু পৰিমাণে স্বেচ্ছাচাৰী আছিল। ফলত ৰজা আৰু প্ৰজাৰ মাজত সমন্বয়ৰ অভাৱ দেখা গৈছিল।
২) চুলতানসকলে দাসসকলক অধিক বিশ্বাস কৰিছিল আৰু গুৰুত্বপূৰ্ণ পদবী দান কৰিছিল। পৰৱৰ্তী সময়ত এই দাসসকলেই অত্যাধিক ক্ষমতশালী হৈ চুলতানসকলৰ বিৰুদ্ধাচৰণ কৰা দেখা গৈছিল।
৩) ধৰ্মীয় নেতা আৰু আমিৰ-ওমৰাহসকলৰ অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিছিল।
৪) ৰাজ্য বিস্তাৰৰ নামত যুদ্ধ-বিগ্ৰহৰ সংখ্যা বাঢ়িছিল যদিও সেনাবাহিনীৰ উন্নয়নৰ ক্ষেত্ৰত চুলতানসকলে মনোযোগ দিয়া নাছিল।
প্ৰশ্ন ১০) চুলতান ফিৰোজছাহ টোগলকে স্থাপন কৰা চহৰ কেইখনৰ নাম লিখা ।
উত্তৰ— জৌনপুৰ, ফিৰোজাবাদ, ফাতেহাবাদ, ফিৰোজপুৰ আৰু হিচাৰফিৰোজা ।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Class 7 Social Science Chapter 15)
প্ৰশ্ন ১) তুৰ্কী-আফগানসকল প্ৰধানকৈ ক’ৰ অধিবাসী আছিল ?
উত্তৰ— মধ্য এচিয়াৰ অধিবাসী আছিল ।
প্ৰশ্ন ২। আফগানিস্তানৰ গজনী ৰাজ্য কোনে কেতিয়া স্থাপন কৰিছিল ?
উত্তৰ— আলপ্তগীন নামৰ এজন তু্ৰ্কী ক্ৰীতদাস বিষয়াই ৯৬২ খ্ৰী: ত গজনী ৰাজ্য স্থাপন কৰিছিল ।
প্ৰশ্ন ৩) মহম্মদ ঘোৰীয়ে ভাৰতত কোন পথেৰে স-সৈন্যে প্ৰৱেশ কৰিছিল ?
উত্তৰ— মহম্মদ ঘোৰীয়ে ভাৰতত হিমালয়ৰ গোমাল গিৰি পথেৰে স-সৈন্যে প্ৰৱেশ কৰিছিল ।
প্ৰশ্ন ৪) কাৰ অধিনত ভাৰতত চুলতানী যুগৰ আৰম্ভনি হয় ?
উত্তৰ— কুতুবুদ্দিন আইবাকৰ অধিনত ভাৰতত চুলতানী যুগৰ আৰম্ভনি হয় ।
প্ৰশ্ন ৫) দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ— কুতুবুদ্দিন আইবাকে ।
প্ৰশ্ন ৬) দাস বংশৰ শেষৰজন চুলতানৰ নাম কি আছিল ?
উত্তৰ— গিয়াচুদ্দিন বলবন ।
প্ৰশ্ন ৭) ইউৰোপৰ প্ৰখ্যাত পৰিব্ৰাজক মাৰ্কোপলো কাৰ শাসনকালত ভাৰতলৈ আহিছিল ?
উত্তৰ— গিয়াচুদ্দিন বলবনৰ শাসনকালত ।
প্ৰশ্ন ৮) খিলজি বংশৰ শ্ৰেষ্ঠ চুলতান কোন আছিল ?
উত্তৰ— আল্লাউদ্দিন খিলজি ।
প্ৰশ্ন ৯) টোগলক বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ— গিয়াছুদ্দিন টোগলকে।
প্ৰশ্ন ১০) মৰক্কোৰ পৰ্যটক ইবন বটুটা কাৰ দিনত ভাৰতলৈ আহিছিল ?
উত্তৰ— মহম্মদ বিন টোগলকৰ দিনত ।
প্ৰশ্ন ১১) চুলতানী যুগৰ শেষৰটো ৰাজবংশৰ নাম কি ?
উত্তৰ— লোডী বংশ ।
প্ৰশ্ন ১২) কোনজন চুলতানে সোনৰ মুদ্ৰাৰ প্ৰচলন ঘটাই তাত নিজৰ নাম খোদিত কৰাইছিল ?
উত্তৰ— আল্লাউদ্দিন খিলজিয়ে ।
প্ৰশ্ন ১৩) ইক্টা কি?
উত্তৰ— দাস, খিলজি আৰু টোগলক বংশৰ চুলতান সকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্য়ৰ বিভিন্ন অঞ্চল কিছুমান ভাগত ভাগ কৰিছিল। এই অঞ্চলবোৰক ইক্টা বোলা হয়।
মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 15)
♦ ভাৰতত তুৰ্কী শাসকসকলে তিনিশ বিশ বছৰ ৰাজত্ব কৰিছিল ।
♦ গজনীৰ চুলতান মামুদে সোতৰবাৰ ভাৰত আক্ৰমন কৰিছিল।
♦ তৰাইনৰ দ্বিতীয় যুদ্ধত ৰাজপুত ৰজা পৃথ্বীৰাজক পৰাস্ত কৰি মহম্মদ ঘোৰীয়ে ভাৰতত তুৰ্কী-আফগান সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল।
♦ তুৰ্কী-আফগানসকলৰ পাঁচটা ৰাজবংশই ভাৰত শাসন কৰিছিল।
♦ দাসবংশ চুলতানী যুগৰ প্ৰথম ৰাজবংশ আছিল।
♦ ৰেজিয়া চুলতানা দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ মহিলা।
♦ আল্লাউদ্দিল খিলজিয়ে নিজৰ নাম খোদিত কৰোৱাই সোনৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল।
♦ মহম্মদ বিন টোগলকৰ দিনত ইবন বটুটা ভাৰতলৈ আহিছিল।
♦ ইব্ৰাহিম লোডী চুলতানী আমোলৰ শেষৰজন চুলতান আছিল।
♦ দিল্লীৰ চুলতানসকলে প্ৰশাসন ব্যৱস্থাত সংস্কাৰ সাধন কৰিছিল।
♦ মহম্মদ বিন টোগলকে সাৰুৱা মাটিৰ ওপৰত বিশেষ কৰ আৰোপ কৰিছিল।
♦ আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰনৰ বাবে দিৱান-ই-ৰিয়াচত আৰু চাহান-ই-মন্দী নামৰ দুজন বিষয়া নিয়োগ কৰিছিল।
(adsbygoogle = window.adsbygoogle || []).push({});