SCERT Assam class 7 Social Science Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
SCERT Assam Class 7 Social Science Chapter 14
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 14 “মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ” Lesson 14 free notes. You can even download SCERT Assam class 7 social science chapter 14 PDF.
অনুশীলনী :
প্ৰশ্ন ১। উত্তৰ দিয়া—
ক) সমল বুলিলে কি বুজা ?
উত্তৰ— ইতিহাস অধ্যয়ন কৰিবৰ বাবে প্ৰয়োজন হোৱা সঠিক, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য য’ৰপৰা আহৰণ কৰা হয় তাকেই সমল বোলে।
খ) লিখিত সমল মানে কি ?
উত্তৰ— ইতিহাস অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য, আন নথিভূক্ত তথ্য আদিক লিখিত সমল বোলা হয়।
গ) তুৰ্কী-আফগানসকল ক’ৰ পৰা ভাৰতলৈ আহিছিল ?
উত্তৰ— তুৰ্কী-আফগানসকল মধ্য এচিয়াৰপৰা ভাৰতলৈ আহিছিল ।
ঘ) UNSECO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা ।
উত্তৰ— ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা ।
ঙ) ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে ?
উত্তৰ— ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহে এনে সমলসমূহৰ ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰি আহিছে ।
প্ৰশ্ন ২। খালী ঠাই পূৰ কৰা—
ক) আবুল ফজলে ——– ৰচনা কৰিছিল ।
উত্তৰ— আবুল ফজলে আইন ই আকবৰী ৰচনা কৰিছিল ।
খ) ইবন বটুটা ——– দেশৰ পৰিব্ৰাজক আছিল ।
উত্তৰ— ইবন বটুটা মৰক্কো দেশৰ পৰিব্ৰাজক আছিল ।
গ) প্ৰাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান ——– চহৰত আছে ।
উত্তৰ— প্ৰাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান হাম্পী চহৰত আছে ।
ঘ) ৰংঘৰ ——– জিলাত আছে ।
উত্তৰ— ৰংঘৰ শিৱসাগৰ জিলাত আছে ।
ঙ) ৰূপী নামৰ মুদ্ৰা চুলতান ——– প্ৰচলন কৰিছিল ।
উত্তৰ— ৰূপী নামৰ মুদ্ৰা চুলতান ছেৰছাহে প্ৰচলন কৰিছিল ।
প্ৰশ্ন ৩। শুদ্ধনে অশুদ্ধ বিচাৰ কৰা—
ক) জয়পুৰৰ দূৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য প্ৰকাশ নকৰে ।
উত্তৰ— অশুদ্ধ ।
খ) গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থৰ ৰচনা কৰিছিল ।
উত্তৰ— শুদ্ধ ।
গ) কানাই বৰশী শিলালিপি মিজোৰামত আছে ।
উত্তৰ— অশুদ্ধ ।
ঘ) মুদ্ৰা হ’ল এক প্ৰত্নতাত্বিক সমল ।
উত্তৰ— অশুদ্ধ ।
ঙ) ৰাইগড় দূৰ্গ মাৰাথাসকলৰ ঐতিহাসিক স্মৃতিচিহ্ন ।
উত্তৰ— অশুদ্ধ ।
প্ৰশ্ন ৪। পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা—
তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম | মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্ন | তিনিজন দেশীয় লেখকৰ নাম |
উত্তৰ—
তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম | মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্ন | তিনিজন দেশীয় লেখকৰ নাম |
ইবন বটুটা, আলবেৰুনী, আৰু মাৰ্ক প’ল’ | তাজমহল, ফাটেহপুৰ চিক্ৰি আৰু লালকিল্লা | জিয়াউদ্দিন বাৰানী, আবুল ফজল আৰু গুলবদন বেগম |
প্ৰশ্ন ৫। ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি বিজয়নগৰ, কোচ ৰাজ্য, আহোম ৰাজ্য আৰু মাৰাথাসকলৰ অৱস্থিতি নিৰ্ণয় কৰা ।
উত্তৰ—
প্ৰশ্ন ৬। মধ্যযুগত নিৰ্মিত পাচঁটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা ।
উত্তৰ— তাজমহল, ফাটেহপুৰ চিক্ৰি, লালকিল্লা, যন্তৰ-মন্তৰ আৰু কুটুবক্ষেত্ৰ ।
অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Class 7 Social Science Chapter 14)
প্ৰশ্ন ১। আইন ই আকবৰী কোনে ৰচনা কৰিছিল ?
উত্তৰ— আবুল ফজলে ।
প্ৰশ্ন ২। হুমায়ুননামা কোনে ৰচনা কৰিছিল ?
উত্তৰ— গুলবদন বেগমে।
প্ৰশ্ন ৩। খিলিজি বংশৰ মুদ্ৰাত কোনজন চুলতানৰ নাম দেখিবলৈ পোৱা যায় ?
উত্তৰ— আল্লাউদ্দিন খিলিজি ।
প্ৰশ্ন ৪। UNESCO কি ?
উত্তৰ— UNESCO হৈছে ৰাষ্ট্ৰসংঘৰ এক শাখা সংস্থা ।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
মনত ৰাখিবলগীয়া কথা :
♦ ভাৰতৰ ইতিহাসৰ কালছোৱাক তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে- প্ৰাচীনযুগ, মধ্যযুগ আৰু আধুনিকযুগ।
♦ মধ্য এচিয়াৰপৰা তুৰ্কী-আফগানসকলৰ আগমনৰ সময়ৰপৰা ভাৰতত মধ্যযুগৰ আৰম্ভনি বুলি কোৱা হয়। বিভিন্ন সমলৰপৰা মধ্যযুগৰ ভাৰতবৰ্ষৰ বিষয়ে জানিব পাৰি।
♦ এনে সমলসমূহৰ ভিতৰত বিভিন্ন লেখকৰ লিখনি, পৰিব্ৰাজকৰ টোকা, মুদ্ৰা, স্মৃতিচিহ্ন, শিলালিপি, চিত্ৰকলা আদি উল্লেখযোগ্য।
♦ ভাৰতৰ ঐতিহ্য সম্বলিত এনে সমলসমূহৰ ৰক্ষণাবেক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বিষয়।
♦ ঐতিহাসিক স্মৃতিচিহ্নসমূহে দেশৰ পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।
(adsbygoogle = window.adsbygoogle || []).push({});