মোগলযুগ : সমাজ আৰু সংস্কৃতি Class 7 Social Science Chapter 17

SCERT Assam class 7 Social Science Chapter 17 মোগলযুগ : সমাজ আৰু সংস্কৃতি free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

SCERT Assam Class 7 Social Science Chapter 17

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 17 “মোগলযুগ : সমাজ আৰু সংস্কৃতি” Lesson 17 free notes. You can even download SCERT Assam class 7 social science chapter 17 PDF.

মোগলযুগ : সমাজ আৰু সংস্কৃতি

পাঠ ১৭

অনুশীলনী :

প্ৰশ্ন ১।  উত্তৰ দিয়া

(ক) চাচাৰামৰ সমাধি কোনে নিৰ্মান কৰিছিল ?

উত্তৰ— চাচাৰামৰ সমাধি ছেৰছাহে নিৰ্মান কৰিছিল ।

(খ) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰ— আকবৰৰ দিনত অট্টালিকা সজাওতে ৰঙা শিলৰ গুৰি বিশেষভাৱে ব্যৱহাৰ কৰা হৈছিল ।

(গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত ?

উত্তৰ— তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত ।

(ঘ) ময়ুৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি ?

উত্তৰ— ময়ুৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম বেবদন খাঁ ।

(ঙ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায় ?

উত্তৰ— অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায় ।

(চ) কি দুটা ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল ?

উত্তৰ— হিন্দুস্থানী আৰু পাৰ্ছী ভাষাৰ সংমিশ্ৰনত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল ।

প্ৰশ্ন ২।  শুদ্ধ উত্তৰ বাছি উলিওৱা

(ক)  ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে/আকবৰে/বাবৰে ।

উত্তৰ— ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল আকবৰে

(খ)  তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে/ শুধ বগা মাৰ্বলেৰে/ইটা-চিমেন্টেৰে ।

উত্তৰ— তাজমহল নিৰ্মাণ কৰা হৈছিল শুধ বগা মাৰ্বলেৰে

(গ) অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল ৰমানন্দ/গুৰু নানক/শংকৰদেৱ ।

উত্তৰ— অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল শংকৰদেৱ

(ঘ) মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ/ ছাহজাহানৰ/ঔৰংগজেৱৰ শাসন কালত ।

উত্তৰ— মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসন কালত ।

(ঙ) তুৰ্কী ভাষাৰ ‘তুজুক-ই-বাবৰী’ নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ/আকবৰ/হুমায়ুন ।

উত্তৰ— তুৰ্কী ভাষাৰ ‘তুজুক-ই-বাবৰী’ নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ

প্ৰশ্ন ৩।  খালি ঠাই পূৰ কৰা

(ক) পাণিপতৰ কাবুলবাগ আৰু চম্বলৰ _______ বাবৰে নিৰ্মাণ কৰিছিল ।

উত্তৰ— পাণিপতৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল ।

(খ) _______ৰ শাসন কালক মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায় ?

উত্তৰ— ছাহজাহানৰ শাসন কালক মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায় ।

(গ) জাহাংগীৰৰ দিনত _______ শিল্পৰ চৰম বিকাশ হৈছিল।

উত্তৰ— জাহাংগীৰৰ দিনত মোগল চিত্ৰ শিল্পৰ চৰম বিকাশ হৈছিল ।

(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম _______ ।

উত্তৰ— আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম পাৰ্ছী প্ৰকাশ ।

(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল _______।

উত্তৰ— অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ

প্ৰশ্ন ৪।  ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা

(ক) এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্ৰকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল ?

উত্তৰ— জাহাংগীৰৰ শাসন কালত মােগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল । জাহাংগীৰ নিজেও এজন চিত্ৰপ্ৰেমী আছিল । কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্ৰাধান্য দিবলৈ তেওঁ চিত্ৰকৰ সকলক আহ্বান জনাইছিল । তেওঁৰ দিনত ক্ষুদ্র চিত্রশিল্পইও এক সুকীয়া আসন দখল কৰিছিল । অকল এয়াই নহয় জাহাংগীৰৰ দিনত ভাৰতৰ বিভিন্ন প্ৰান্তত চিত্রশিল্পৰ বিদ্যালয়ো গঢ় লৈ উঠিছিল । বিখ্যাত চিত্ৰকৰ যেনে মনচুৰ, মুৰাদ, বিষণদাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল ।

(খ) মোগলযুগৰ স্থাপত্য, কলা-সংস্কৃতিলৈ ছাহজাহানৰ অৱদান ।

উত্তৰ— ছাহজাহানৰ ৰাজত্ব কালত মােগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল । কলা-সংস্কৃতিৰ যোগেদি নদন-বদন হৈ পৰাৰ বাবে এই কালছোৱাক মোগল স্থাপত্যৰ ‘স্বৰ্ণযুগ’ বুলি কোৱা হয়। তেওঁ যমুনা নদীৰ পাৰত শুধ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা তাজমহল পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত এটা। কেৱল এয়াই নহয়, আগ্ৰাৰ দুৰ্গৰ ভিতৰতো ছাহজাহানে বহুতো অট্টালিকা নিৰ্মাণ কৰিছিল। তেওঁ ছাহজাহানবাদ নামেৰে সম্পূৰ্ণ মাৰ্বলৰ কাৰুকাৰ্যৰে এখন অপূৰ্ব চহৰো নিৰ্মাণ কৰিছিল । দুষ্পাপ্য হীৰা, মুকুতা, পান্না আদিৰে সু-সজ্জিত পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন ছাহজাহানৰ ৰাজত্ব কালতে সাজি উলিওৱা হৈছিল। দিল্লীৰ বাহিৰতো যেনে লাহোৰ, কাশ্মীৰ আদি ঠাইত বহু বিতোপণ তেওঁ বহু বিতোপণ অট্টালিকা আৰু মছজিদ নিৰ্মাণ কৰাইছিল।

(গ) আকবৰৰ ধৰ্ম নীতিয়ে মোগলযুগক কেনেদৰে প্ৰভাৱিত কৰিছিল ?

উত্তৰ— সম্রাট আকবৰ গােড়া মুছলমান হ’লেও ধৰ্মৰ ক্ষেত্ৰত তেওঁ এক উদাৰ নীতি গ্রহণ কৰিছিল । সেয়েহে পিছলৈ এখন বিশাল সাম্রাজ্যৰ অধিপতি হােৱাৰ ক্ষেত্ৰত আকবৰৰ ধর্মনীতিয়ে বিশেষভাৱে অৰিহণা যােগাইছিল । তেওঁ ইবাদতখানা বা প্রার্থনাগৃহ সাজি তালৈ অন্য ধর্মৰ লােককো ধর্মীয় আলােচনাৰ বাবে নিমন্ত্রণ জনাইছিল । সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল আৰু উপলব্ধি কৰিছিল যে সকলো ধৰ্মৰে মূল কথাবোৰ একে। সেয়েহে সকলো ধৰ্মৰ মুল কথাবোৰ লৈ তেওঁ দীন-ই-ইলাহী নামৰ এক নতুন ধৰ্মমত উলিয়াইছিল। আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাধীনতা দিয়াটো তেওঁৰ ধৰ্মনীতি এক প্ৰধান বৈশিষ্ট্য আছিল ।

(ঘ) মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম লিখা ।

উত্তৰ— মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম হৈছেহুমায়ুনৰ ভগ্নী তথা হুমায়ুন নামাৰ লেখিকা গুলবদন বেগম, জাহাংগীৰৰ সাম্ৰাজ্ঞী নুৰজাহান বেগম, ছাহজাহানৰ পত্নী মমতাজ মহল, যোধাবাই, মানবাই, জগত গোঁসাই আদি ।

প্ৰশ্ন ৫।  মোগলযুগৰ ভাৰতৰ স্থাপত্যসমূহৰ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা ।

উত্তৰ— মোগলযুগৰ ভাৰতৰ স্থাপত্যসমূহ যেনে লালকিল্লা, তাজমহল, হুমায়ুনৰ সমাধি আদি স্থাপত্যসমূহৰ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা। প্ৰয়োজন হ’লে শ্ৰেণী শিক্ষকৰ সহায় ল’বা ।

প্ৰশ্ন ৬।  তলত দিয়া ছবিবোৰৰ ওপৰত তোমাৰ নিজৰ বহীত দহোটাকৈ বাক্য লিখাClass 7 social science

উত্তৰ— কামাখ্যা মন্দিৰ : গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ হৈছে ৫১ খন শক্তিপীঠৰ এখন । কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। কিছুমান ধর্মপুথিমতে কামাখ্যা মন্দিৰ প্রাচীন কামৰূপৰ সোঁমাজত আছিল । এই মন্দিৰ হৈছে অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ । প্ৰতি বছৰে আষাঢ় মাহত ইয়াত অম্বুবাচী মেলা উৎযাপন কৰা হয় । এই সময়ত তিনিদিনৰ বাবে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। এই তিনিদিন ভাৰতৰ ভিন্ন প্ৰান্ত তথা বিদেশৰ পৰা অহা লাখ লাখ ভক্তই কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম-কীৰ্তন কৰে। অম্বুবাচীৰ নিবৃত্তিৰ দিনা ভক্তসকললৈ ৰক্তবস্ত্ৰ আগবঢ়োৱা হয় ।

হুমায়ুনৰ সমাধি : হুমায়ুনৰ সমাধি মোগল ৰাজত্ব কালৰ এক উল্লেখযোগ্য কীৰ্তিচিহ্ন । এই সমাধি দিল্লীত আছে । ১৫৬২ খ্ৰীষ্টাব্দত হুমায়ুনৰ পত্নী হামিদা বানু বেগমে এই সমাধিস্থল নিৰ্মাণ কৰে । ইয়াৰ নক্সা প্ৰস্তুত কৰিছিল পাৰ্ছী স্থপতিবিদ মিৰাক মিৰ্জা গিয়াথে । ১৯৯৩ চনত ইয়াৰ সাংস্কৃতিক গুৰুত্বৰ বাবে ই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান লাভ কৰে । হুমায়ুনৰ সমাধিৰ উপৰিও এই সমাধি ক্ষেত্ৰত ৰাজপৰিয়ালৰ প্ৰায় ১৫০ জন সদস্যৰ সমাধি অৱস্থিত। সমাধিক্ষেত্ৰটো চাৰিকোণীয়া আৰু ইয়াৰ উচ্চতা ৪২.৫ মিটাৰ। গোটেই সমাধিটো বগা পাথৰেৰে আবৃত আৰু ছত্ৰ শোভিত।

কুতুবমিনাৰ : কুতুবমিনাৰ মোগল ৰাজত্ব কালৰ এক উল্লেখযোগ্য কীৰ্তিচিহ্ন । ই দিল্লীত অৱস্থিত । লাল বেলেপাথৰেৰে নিৰ্মিত এই মিনাৰটোৰ উচ্চতা ৭২.৫ মিটাৰ । ১১৯২ চনত কুতুবউদ্দিন আইবকে এই মিনাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । ইলটোতমিচৰ ৰাজত্বকালত মিনাৰৰ কাম শেষ হয় । কুটুব মিনাৰ হৈছে ইটাৰে নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ ওখ মিনাৰ । ইছলামিক স্থাপত্য আৰু শিল্পকৌশলৰ এক অনবদ্য প্ৰতিফলন হিচাবে এই প্ৰাংগন ইউনেস্কো বিশ্ব ঐতিহাসিক স্থানৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে।

মুদ্রা : মুদ্রা হৈছে সামগ্ৰী বা সেৱা বিনিময়ৰ এক অন্যতম মাধ্যম । প্ৰাচীন কালৰ পৰা কেইবাটাও স্তৰ অতিক্ৰম কৰি মুদ্ৰাই আজিৰ ৰূপ পাইছে । বিনিময় প্ৰথাৰ পৰৱৰ্তী স্তৰত জন্তুক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল । জন্তুমানৰ অৱসানৰ পাছত সোন,ৰূপ আদি ধাতুক মুদ্ৰা হিচাবে ব্যৱহাৰ কৰিছিল । ধাতু মুদ্ৰাৰ প্ৰধান অসুবিধা হ’ল কঢ়িয়াই ফুৰিবলৈ অসুবিধা । মুদ্ৰিত ধাতু মানৰ পাছত কাগজী মুদ্ৰাৰ সৃষ্টি হ’ল।

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

অতিৰিক্ত প্ৰশ্নোত্তৰ (Class 7 Social Science Chapter 17)

(১) ১৫ আগষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে

(ক) লালকিল্লাত              (খ) কুটুবমিনাৰত

(গ) সংসদ ভৱনত            (ঘ) তাজমহলত

উত্তৰ— (ক) লালকিল্লাত ।

(২) বাবৰৰ পুত্ৰৰ নাম

(ক) ছাহজাহান                (খ) হুমায়ুন

(গ) জাহাংগীৰ                 (ঘ) আকবৰ

উত্তৰ— (খ) হুমায়ুন ।

(৩) মোগল স্থাপত্যৰ ‘স্বৰ্ণযুগ’ বুলি কোৱা হয়

(ক) বাবৰৰ ৰাজত্বকাল        (খ) আকবৰৰ ৰাজত্বকাল

(গ) ছাহজাহানৰ ৰাজত্বকাল      (গ) জাহাংগীৰৰ ৰাজত্বকাল

উত্তৰ— (গ) ছাহজাহানৰ ৰাজত্বকাল ।

(৪) পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল

(ক) হুমায়ুনৰ দিনত        (খ) ছাহজাহানৰ দিনত

(গ) জাহাংগীৰৰ দিনত      (ঘ) আকবৰৰ দিনত

উত্তৰ— (খ) ছাহজাহানৰ দিনত ।

(৫) বাবৰে ‘তুজুক-ই-বাবৰী’ নামৰ আত্মজীৱনীমূলক গ্ৰন্থখন লিখি উলিয়াইছিল

(ক) তুৰ্কী ভাষাত       (খ) আৰৱী ভাষাত

(গ) সংস্কৃত ভাষাত     (ঘ) হিন্দী ভাষাত

উত্তৰ— (ক) তুৰ্কী ভাষাত ।

(৬)  আকবৰে উলিওৱা নতুন ধৰ্মমতৰ নামটো হৈছে

(ক) মীন-ই-ইলাহী      (খ) দীন-ই-ইলাহী

(গ) ফৰিদ-ই-ইলাহী     (ঘ) জামাত-ই-ইলাহী

উত্তৰ— (খ) দীন-ই-ইলাহী ।

Class 7 Social Science chapter 17

মনত ৰাখিবলগীয়া কথা- (Class 7 Social Science Chapter 17)

 মোগলযুগত ভাৰতৰ স্থাপত্য-ভাস্কৰ্য আৰু চিত্ৰকলাই পূৰ্ণ বিকাশ লাভ কৰিছিল।

মোগলযুগৰ সাহিত্যই ভাৰতৰ ইতিহাসত এক গৌৰৱোজ্জল অধ্যায়ৰ সূচনা কৰিছিল।

মোগলৰ শাসন কালত সংস্কৃত আৰু অন্যান্য প্ৰাদেশিক ভাষাসমূহৰ উত্তৰণ ঘটিছিল।

নিৰ্মাতা হিচাপে ছাহজাহানে ভাৰতৰ স্থাপত্য শিল্পৰ জগতত এক সুকীয়া স্থানৰ অধিকাৰী হৈছিল।

মোগলযুগত অনুবাদ সাহিত্যইও বিশেষ সমাদৰ লাভ কৰিছিল।

ভক্তিবাদ আৰু চুফিবাদৰ উত্থান মোগল শাসনৰ এক উল্লেখযোগ্য দিশ আছিল।

মোগল সমাজ ব্যৱস্থা ইৰাণী, তুৰাণী, আফগানী, মোগল আৰু স্থানীয় হিন্দু সকলেৰে গঢ় লৈ উঠিছিল।

মোগলযুগত ৰজাঘৰীয়া মহিলাসকলেও উচ্চ স্থান পাইছিল।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close