আমাৰ চৌপাশৰ বজাৰ Class 7 Social Science Chapter 18

SCERT Assam class 7 Social Science Chapter 18 আমাৰ চৌপাশৰ বজাৰ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Social Science Chapter 18

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 18 “আমাৰ চৌপাশৰ বজাৰ” Lesson 18 free notes. You can even download SCERT Assam class 7 social science chapter 18 PDF.

আমাৰ চৌপাশৰ বজাৰ

পাঠ ১৮

অনুশীলনী :

প্ৰশ্ন ১।   চমু উত্তৰ লিখা

(ক)  বিনিময় প্ৰথা কাক বোলে ?

উত্তৰ— সামগ্ৰীৰ সলনি আনৰ লগত সামগ্ৰী আদান-প্ৰদান বা বিনিময় কৰা প্ৰাচীন প্ৰথাটোকে বিনিময় প্ৰথা বোলে ।

(খ)  বজাৰ মানে কি ?

উত্তৰ— বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিদিষ্ট ঠাইকে বুজো, যত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মখামুখি হয় আৰু টকা-পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা -বেচা কৰা হয় । চমুকৈ বজাৰ হৈছে মুদ্ৰাৰ মাধ্যমত সামগ্ৰী আৰু সেৱাৰ কিনা-বেচা কৰা এক ব্যৱস্থা ।

(গ)  দৈনিক বজাৰৰ সুবিধাসমূহ কি কি ?

উত্তৰ— দৈনিক বজাৰৰ সুবিধাসমূহ হ’ল

১)  দৈনিক বজাৰৰ দোকানবোৰ দিনটোৰ এক নিৰ্দিষ্ট সময়ত খোলা হয় আৰু বন্ধ কৰা হয় ।

২) গ্ৰাহকৰ সুবিধাৰ বাবে এই দোকানবোৰৰ একোটা নিৰ্দিষ্ট নাম থাকে ।

৩) এই দোকানবোৰত বিজ্ঞানসন্মত জোখ-মাখ পদ্ধতি ব্যৱহাৰ কৰা হয়।

৪)  এটা নিৰ্দিষ্ট দিনৰ বাদে দৈনিক বজাৰৰ দোকানসমূহ নিতৌ খোলা থকাৰ বাবে যিকোনো বস্তু প্ৰয়োজন হ’লে সহজেই সংগ্ৰহ কৰিব পাৰি ।

(ঘ)  বস্তুৰ দাম বা দৰ মানে কি ?

উত্তৰ— বস্তু এবিধ ক্ৰয় কৰাৰ বাবদ ইয়াৰ মূল্য হিচাপে যি মুদ্ৰা পৰিশোধ কৰা হয় তাকে বস্তুৰ দাম বা দৰ বোলা হয় ।

(ঙ)  সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয় ?

উত্তৰ— সাপ্তাহিক বজাৰত স্থায়ী ঘৰ নাথাকে আৰু আৰু সামগ্ৰীসমূহ বিক্ৰেতাই নিজৰ ঘৰতেই মজুত কৰি ৰখাৰ বাবে ঘৰ ভাৰা, বিজুলি শক্তি, কৰ্মচাৰী ইত্যাদিৰ খৰছ নাথাকে বা নগণ্য হয়, সেইবাবেই সাপ্তাহিক বজাৰত বস্তুৰ দাম কম হয় । আন এটা কাৰণ হৈছে সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ কেইবাখনো দোকান থাকে ।

(চ)  জোনবিল মেলা কিহৰ বাবে বিখ্যাত ?

উত্তৰ— জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত।

প্ৰশ্ন ২।  উত্তৰ লিখা

(ক)  দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে ?

উত্তৰ—

দৈনিক বজাৰ সাপ্তাহিক বজাৰ
দৈনিক বজাৰ সপ্তাহৰ এটা নিৰ্দিষ্ট দিনৰ বাদে নিতৌ খোলা থাকে । সাপ্তাহিক বজাৰ সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰতহে  খোলা থাকে।
দৈনিক বজাৰত স্থায়ী ঘৰ নাথাকে । সাপ্তাহিক বজাৰত স্থায়ী ঘৰ নাথাকে।
দৈনিক বজাৰত বস্তুৰ দাম বেছি হয়। সাপ্তাহিক বজাৰত বস্তুৰ দাম তুলনামুলকভাৱে দৈনিক বজাৰতকৈ কম হয়।
সাপ্তাহিক বজাৰৰ দোকানবোৰৰ কোনো নাম নাথাকে ।  দৈনিক বজাৰৰ দোকানবোৰৰ একোটা নিৰ্দিষ্ট নাম থাকে ।

(খ) বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কি দৰে পূৰ কৰে ?

উত্তৰ— আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰপৰাই কিনোহঁক। সেইবাবে বজাৰবিলাক আমাৰ দৈনন্দিন জীৱনৰ লগত ওত:প্ৰোতভাৱে জড়িত। বিভিন্ন ধৰণৰ বজাৰবিলাকৰ ভিতৰত ঘাইকৈ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰেই উল্লেখযোগ্য । দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তুৰ প্ৰয়োজন হ’লে এই বজাৰবোৰৰ পৰাই সংগ্ৰহ কৰিব পাৰো। আনহাতে সাপ্তাহিক বজাৰত স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী যেনে ধান, চাউল, শাক-পাচলি, ফল-মূল আদিৰ লগতে গৰু, ম’হ, ছাগলী, হাঁহ, পাৰ, কাঠ আৰু বাঁহ-বেতৰ সামগ্ৰী আদিবোৰ উপলব্ধ হয় । অৰ্থাৎ একে ঠাইৰপৰা আমি প্ৰয়োজনীয় সামগ্ৰীসমূহ একেলগে কিনিব পাৰোঁ । আজিকালি ইন্টাৰনেট সেৱাৰ জৰিয়তে অনলাইন শ্বপিং কৰিও নিত্য ব্যৱহাৰ্য প্ৰায় সকলো দ্ৰব্যকিনিব পৰা সুবিধা হৈছে।

(গ)  পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা ।

উত্তৰ— পাইকাৰী বিক্ৰেতাই উৎপাদনকাৰীৰপৰা বৃহৎ পৰিমাণৰ সামগ্ৰী কম দামত কিনি খুচুৰা বিক্ৰেতাক যোগান ধৰে । পাইকাৰী  বিক্ৰেতাৰ  সামগ্ৰীসমূহৰ দাম কম যদিও অধিক সামগ্ৰী বিক্ৰী কৰাৰ ফলত অধিক ধন লাভ কৰে । খুচুৰা বিক্ৰেতা বা ফেৰিৱালাবোৰে পাইকাৰী বিক্ৰেতাৰপৰাই বস্তু ক্ৰয় কৰি গ্ৰাহকক যোগান ধৰে ।

(ঘ)  বজাৰ শৃংখল মানে কি ?

উত্তৰ— বজাৰবোৰ শৃংখলাবদ্ধভাৱে পৰিচালনা হ’বলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰ শৃংখল বোলে।

প্ৰশ্ন ৩।  শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক)  গ্ৰাহকে বস্তু ক্ৰয় কৰে

(i)  পাইকাৰী বিক্ৰেতাৰপৰা   (ii) খুচুৰা বিক্ৰেতাৰপৰা       (iii)  উৎপাদনকাৰীৰপৰা ।

উত্তৰ— (ii) খুচুৰা বিক্ৰেতাৰপৰা ।

(খ)  বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ’লে ব্যৱসায়ীজনৰ

(i)  লাভ হয়    (ii)  লোকচান হয়    (iii)  একো নহয়

উত্তৰ— (i) লাভ হয় ।

(গ)  ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক

(i)  পাইকাৰী বিক্ৰেতা    (ii)  খুচুৰা বিক্ৰেতা      (iii)  হকাৰ বা ফেৰীৱালা বোলে ।

উত্তৰ— (iii)  হকাৰ বা ফেৰীৱালা বোলে ।

(ঘ)  সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয়-বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে

(i)  বিক্ৰী বৃদ্ধি কৰা    (ii)  লাভ অৰ্জন কৰা      (iii)  লোকচান কৰা ।

উত্তৰ— (ii)  লাভ অৰ্জন কৰা ।

প্ৰশ্ন ৪।  খালী ঠাই পূৰ কৰা

(ক)  _________ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো ।

উত্তৰ— মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো ।

(খ)  বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম _________ হয় ।

উত্তৰ— বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয় ।

(গ)  _________ বজাৰৰ পুৰণি ব্যৱস্থা ।

উত্তৰ— বিনিময় প্ৰথা বজাৰৰ পুৰণি ব্যৱস্থা ।

(ঘ)  উৎপাদনকাৰীৰপৰা _________ বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে ।

উত্তৰ— উৎপাদনকাৰীৰপৰা পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে ।

(ঙ)  _________ হৈছে বস্তু কিনা-বেচাৰ মাধ্যম ।

উত্তৰ— মুদ্ৰা হৈছে বস্তু কিনা-বেচাৰ মাধ্যম ।

(চ)  ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ’লে _________ হয় ।

উত্তৰ— ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ’লে লোকচান হয় ।Class 7 Social Science chapter 18

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

প্ৰশ্ন ৫।  প্ৰকল্প

তুমি বাস কৰা অঞ্চলত থলুৱাভাৱে উৎপাদিত বিক্ৰীযোগ্য সামগ্ৰীসমূহৰ এখন তালিকা প্ৰস্তুত কৰি সেই সামগ্ৰীসমূহ কোন কোন বজাৰলৈ পঠিওৱা হয় বৰ্ননা কৰা।

উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ।

মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 18)

বিনিময় প্ৰথাত সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।

মুদ্ৰা হিচাপে বিবেচিত হ’বলৈ কোনো এবিধ বস্তু বা সামগ্ৰীক বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰিব লাগিব। ই হৈছে মুদ্ৰাৰ প্ৰাথমিক কাৰ্য তথা বৈশিষ্ট্য ।

বজাৰ বুলিলে মুদ্ৰাৰ মাধ্যমত সামগ্ৰী আৰু সেৱাৰ কিনা-বেচা কৰা ব্যৱস্থাটোকে বুজোঁ ।

দৈনিক বজাৰসমূহ স্থায়ীবিধৰ বজাৰ। এনে বজাৰ সপ্তাহটোৰ প্ৰায়ভাগ দিনতে খোলা থাকে।

বস্তু এটা ক্ৰয় কৰাৰ বাবে মুদ্ৰাৰ মাধ্যমত যি মূল্য প্ৰদান কৰোঁ তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয়।

একেবিধ সামগ্ৰীৰ দাম স্থান, মান আৰু কাল ভেদে বেলেগ বেলেগ হ’ব পাৰে।

সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ বা হাট সপ্তাহটোৰ যিকোনো এটা বা দুটা নিৰ্দিষ্ট দিন বা বাৰত বহে।

সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰত কিছুমান বস্তুৰ দাম দৈনিক বজাৰৰ তুলনাত কিছু কম হয়।

পাইকাৰী বিক্ৰেতাই উৎপাদনকাৰীৰপৰা সামগ্ৰী ক্ৰয় কৰে।

পাইকাৰী বিক্ৰেতাই একেধৰণৰ বস্তু একেলগে সৰহসংখ্যকে কিনে।

খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰপৰা সামগ্ৰী ক্ৰয় কৰে।

বস্তুৰ পাইকাৰী দাম খুচুৰা দামতকৈ কম।

বিক্ৰেতাবোৰে নিজে ক্ৰয় কৰা দামতকৈ বেছি দামত বস্তু বিক্ৰী কৰি লাভ অৰ্জন কৰে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close