SCERT Assam class 7 Social Science Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 16
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 16 “মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ” Lesson 16 free notes. You can even download SCERT Assam class 7 social science chapter 16 PDF.
মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
পাঠ ১৬
অনুশীলনী :
প্ৰশ্ন ১। উত্তৰ দিয়া—
(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকাৰ্য আৰম্ভ কৰিছিল ?
উত্তৰ— ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্রীঃৰ পৰা শাসনভাৰ আৰম্ভ কৰিছিল ।
(খ) পাণিপতৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰ— পাণিপতৰ প্ৰথম যুদ্ধ ১৫২৬ চনত সংঘটিত হৈছিল ।
(গ) ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল ?
উত্তৰ— ঔৰংগজেৱে মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল ।
(ঘ) মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্ব্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল ?
উত্তৰ— মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা মােগল সম্রাটসকলৰ হাতত ন্যস্ত আছিল ।
(ঙ) মনচবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ— মনচবদাৰী প্ৰথা আকবৰে প্ৰৱৰ্তন কৰিছিল ।
প্ৰশ্ন ২। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা—
(ক) ভাৰতবৰ্ষত মোগলসকলে ১২০৬ খ্ৰী:ৰপৰা ১৮৫৭ খ্ৰী:লৈ ৰাজত্ব কৰিছিল ।
উত্তৰ— অশুদ্ধ ।
(খ) মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ চুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল ।
উত্তৰ— অশুদ্ধ ।
(গ) বাবৰৰ ৰাজ্য বংগৰপৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল ।
উত্তৰ— শুদ্ধ ।
(ঘ) মিৰজুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ ।
উত্তৰ— শুদ্ধ ।
(ঙ) মনচবদাৰ শব্দটোৱে মাটিৰ মালিকক বুজায় ।
উত্তৰ— অশুদ্ধ ।
প্ৰশ্ন ৩। খালি ঠাই পূৰণ কৰা—
(ক) ________ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট ।
উত্তৰ— আকবৰ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট ।
(খ) মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল ________ নীতি-নিৰ্দেশনা মতে ।
উত্তৰ— মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি-নিৰ্দেশনা মতে ।
(গ) মোগলসকলে কৰ-কাটলৰ বাবে মাটিক ________ ভাগত ভাগ কৰিছিল ।
উত্তৰ— মোগলসকলে কৰ-কাটলৰ বাবে মাটিক চাৰি ভাগত ভাগ কৰিছিল ।
(ঘ) ________ খ্ৰী:ত মহামতি ‘আকবৰে’ মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে ।
উত্তৰ— ১৫৭৭ খ্ৰী:ত মহামতি ‘আকবৰে’ মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে ।
(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল ________ জন ।
উত্তৰ— আকবৰৰ শাসনকালত মনচবদাৰ আছিল ২৯ জন ।
প্ৰশ্ন ৪। চমু উত্তৰ লিখা—
(ক) একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন কোন কোন আছিল ?
উত্তৰ— একত্রিত ভাৰতবৰ্ষৰ সপােন আংশিকভাবে কার্যকৰী কৰিবলৈ সক্ষম হােৱা সম্রাট দুজন আছিল— মহামতি অশােক আৰু আকবৰ ।
(খ) ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি ক’ৰপৰা ক’লৈ আছিল ?
উত্তৰ— ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল ।
(গ) মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন ?
উত্তৰ— মােগলৰ প্রাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবােৰ হ’ল— দিৱান, ফৌজদাৰ আৰু ফটোৱাল ।
(ঘ) মোগলসকলৰ শাসন কালত মাটিক কেই ভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি ?
উত্তৰ— মোগলসকলৰ শাসন কালত মাটিক চাৰি ভাগত ভগোৱা হৈছিল আৰু সেই ভাগবোৰ হৈছে—
১। পােলাজ (যিবিলাক মাটিত প্রতিবছৰে খেতি হয়),
২। পাৰাউটি (যি বিলাক মাটিত মাজে সময়ে খেতি বন্ধ কৰি মাটিখিনি উর্বৰ কৰা হয়)
৩। চাচ্চাৰ (যি মাটিত ৩/৪ বছৰ খেতি কৰা নহয়), আৰু
৪। বানজাৰ (যি মাটি ৫ বছৰ বা তাতােধিক কাল খেতি নােহােৱাকৈ পৰি থাকে)
(ঙ) মনচবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল ?
উত্তৰ— মনচবদাৰসকলক পদমৰ্যাদা অনুসৰি পাৰিতোষিক দিয়া হৈছিল।এই পাৰিতোষিক নগদ ধনৰ পৰিবৰ্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল।
(চ) মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল ?
উত্তৰ— মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে চাৰিটা পদ্ধতিৰ প্ৰচলন আছিল—
(ক) দহচাল বা দহবছৰীয়া পদ্ধতি, (খ) জাবটি পদ্ধতি, (গ) ঘালা বকচী আৰু (ঘ) নাচাক বা কাণকূট পদ্ধতি ।
প্ৰশ্ন ৫। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা—
(ক) মোগলসকলৰ বিচাৰ ব্যৱস্থা । (খ) মনচবদাৰী প্ৰথা ।
উত্তৰ— (ক) মোগলসকলৰ বিচাৰ ব্যৱস্থা—
মোগল ৰাজত্ব কালত সম্ৰাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা কোৰাণৰ নীতি-নিৰ্দেশনা মতে পৰিচালিত হৈছিল। গাওঁ পৰ্যায়ত পঞ্চায়তে বাছি দিয়া লোকৰ দ্বাৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল। চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা সীমিত আছিল বাবে যিকোনো বিচাৰ নিস্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল, যিহেতু সম্ৰাটেই আছিল শাসনৰ সৰ্বময় শক্তি।
(খ) মনচবদাৰী প্ৰথা— মনচবদাৰী প্ৰথা মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা। মনচব হ’ল এটা আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হ’ল পদ বা স্থান। সেয়ে মনচবদাৰ শব্দটোৱে পদ মৰ্যাদা বা উপাধি বুজোৱা হৈছিল। ১৫৭৭ খ্ৰী:ত মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল।মনচবদাৰসকলে সামৰিক আৰু অসামৰিক দুয়ো ক্ষেত্ৰতে প্ৰয়োজন সাপেক্ষে সেৱা আগবঢ়াবলগীয়া হৈছিল। উত্তৰাধিকাৰ সূত্ৰে কোনেও মনচবদাৰ হ’ব নোৱাৰিছিল। তেওঁলোকৰ নিয়োগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্ৰাটৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। মনচবদাৰসকলক পদমৰ্যাদা অনুসৰি পাৰিতোষিক দিয়া হৈছিল।এই পাৰিতোষিক নগদ ধনৰ পৰিবৰ্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
মনত ৰাখিবলগীয়া কথা- (Class 7 Social Science Chapter 16)
♦ মোগলসকলে ১৫২৬ খ্ৰী:ৰপৰা ১৮৫৭ খ্ৰী:লৈ ভাৰতত শাসন কৰিছিল ।
♦ ভাৰতবৰ্ষত চুলতানী আমোলৰ সময়ছোৱা হ’ল ১২০৬ খ্ৰী:ৰপৰা ১৫২৬ খ্ৰী:লৈ। আকৌ মোগল সম্ৰাটসকলৰ শাসনৰ সময় ১৫২৬ খ্ৰী:ৰপৰা ১৮৫৭ খ্ৰী:লৈ ।
♦ ১৫২৬ খ্ৰী:ৰ পাণিপতৰ প্ৰথম যুদ্ধত বাবৰে লোডী বংশৰ চুলতান ইব্ৰাহিম লোডীক যুদ্ধত হৰুৱাই মোগল সাম্ৰাজ্যৰ পাতনি মেলে ।
♦ বাবৰ, হুমায়ুন, আকবৰ, জাহাংগীৰ, ছাহজাহান আৰু ঔৰংগজেৱ মোগল সাম্ৰাজ্যৰ উল্লেখযোগ্য সম্ৰাট ।
♦ ঔৰংগজেৱৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি সৰ্বাধিক হৈছিল ।
♦ ১৭০৭ খ্ৰী:ত সম্ৰাট ঔৰংগজেৱৰ মৃত্যুৰ সময়ৰপৰা মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হয় ।
♦ বৰ্তমান ভাৰতৰ শাসন কালত মোগল শাসন ব্যৱস্থাৰ কিছু প্ৰভাৱ পৰা দেখা যায় ।
♦ ছেৰছাহৰ শাসন ব্যৱস্থা ভাৰতৰ ইতিহাসৰ এটি উল্লেখনীয় অধ্যায় ।
♦ মোগল সম্ৰাটসকলৰ শাসন ব্যৱস্থাৰ কিছুমান বিশেষ বৈশিষ্ট্য আছিল ।
♦ মনচবদাৰী প্ৰথা আৰু জায়গীৰদাৰী প্ৰথা মোগল শাসনকালৰ দুটা উল্লেখযোগ্য উপাদান ।
♦ মোগল সম্ৰাটসকল নিজেই মাটিৰ গৰাকী আছিল যদিও উপযুক্ত কৰৰ বিনিময়ত খেতিয়ক শ্ৰেনীয়ে মাটি ভোগ কৰিছিল ।
♦ কৃষি আৰু হস্তশিল্প মোগল অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ দিশ ।
♦ ১৭৩৯ খ্ৰী:ত নাদিৰ ছাহে ভাৰত আক্ৰমণ কৰিছিল ।
(adsbygoogle = window.adsbygoogle || []).push({});