SCERT Assam class 7 Social Science Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 20
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 20 “অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা” Lesson 20 free notes. You can even download SCERT Assam class 7 social science chapter 20 PDF.
অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
পাঠ ২০
অনুশীলনী:
প্ৰশ্ন ১। চমু উত্তৰ লিখা—
(ক) স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায় ?
উত্তৰ— স্বাস্থ্যৱান ব্যক্তি বুলিলে নিৰােগী আৰু কার্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বােলে ।
(খ) আশাকৰ্মী নিয়োগৰ উদ্দেশ্য কি ?
উত্তৰ— আশা কৰ্মী নিয়োগৰ উদ্দেশ্য হৈছে তেওঁলোকে যাতে নিজৰ এলেকাৰ গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সু-পৰামৰ্শ আদি দিব পাৰে আৰু লগতে স্বাস্থ্যকেন্দ্ৰত উপলব্ধ স্বাস্থ্য সম্পৰ্কীয় সেৱা প্ৰাপ্ত কৰাত সহায় কৰে ।
(গ) ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা ।
উত্তৰ— ছোৱালী শিক্ষাৰ বাবে চৰকাৰে ২০০৪ চনতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (KGVB) নামে আবাসিক বিদ্যালয় স্থাপন কৰিছিল।
(ঘ) কিষান কলচেন্টাৰৰপৰা কি সেৱা উপলব্ধ হয় ?
উত্তৰ— কিষান কলচেন্টাৰৰপৰা কৃষকসকলে ২৪ ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা-পৰামৰ্শ লাভ কৰিব পাৰে ।
প্ৰশ্ন ২। উত্তৰ লিখা—
(ক) আন্ত:গাঁঠনিমূলক কাম-কাজ মানে কি ? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্ত:গাঁঠনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহন কৰিছে ?
উত্তৰ— অর্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহ যেনে ৰাস্তা–ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যােগাযােগ ব্যৱস্থা, জলসিঞ্চন, খােৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যােগান, টেলিফোন সেৱা আদি বজবুত কৰাৰ বাবে যিবোৰ কাম কৰা হয় তাকেই আন্তঃগাঁথনিমূলক কাম বুলি কোৱা হয় ।
যিহেতু আন্ত:গাঁঠনি উন্নয়নৰ অবিহনে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন হ’ব নোৱাৰে, সেইবাবে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে । উন্নয়নৰ এক উল্লেখনীয় বুনিয়াদ হৈছে যাতায়াত ব্যৱস্থা । ইতিমধ্যে চৰকাৰে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ কৰিবলৈ লৈছে । প্রধানমন্ত্ৰীৰ গ্ৰামচড়ক যােজনাৰ অধীনত গাঁৱৰ ৰাস্তা ঘাটবােৰ পৰ্কীকৰণ কৰা হৈছে । ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তেও জবকার্ড দি দুখীয়া নিবনুৱা আদিক ৰাস্তা–ঘাট নির্মাণ আৰু মেৰামতিৰ কামত লগাইছে । লগতে ৰে’ল পথৰ সম্প্ৰসাৰণ, দ্রুত ৰে’লসেৱা প্ৰৱর্তন, নদীৰ ওপৰত সংযােগী দলং আদি নির্মাণ কৰি উলিয়াইছে ।
আনহাতে শিক্ষাৰ অধিকাৰ আইন – ২০০৯ প্ৰৱৰ্তন কৰি জাতি, বর্ণ, ধর্ম, লিংগ নির্বিশেষে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ দেশৰ সকলাে শিশুৰ বাবে প্রাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিছে । সর্বশিক্ষা অভিযান মিছনৰ জৰিয়তে বিদ্যালয় ভাৱনবােৰ আকর্ষণীয়কৈ নিৰ্মাণ কৰা হৈছে । গ্রাম্য পানী যােগান আঁচনিৰ অধীনত গাঁও অঞ্চলত ভালেমান চিকিৎসালয় স্থাপন কৰিছে । জননী সুৰক্ষা যােজনাৰ অধীনত মাতৃ আৰু নৱজাত শিশুৰ কল্যাণৰ বাবে বহুতাে সা–সুবিধা প্রদান কৰিছে । ১০৮ নম্বৰত ফোন কৰি আকস্মিক চিকিৎসাৰ সুবিধা ল’ব পৰাৰ ব্যৱস্থা কৰিছে । কৃষিৰ ক্ষেত্ৰতাে চৰকাৰে উন্নত জলসিঞ্চন ব্যৱস্থা, ট্ৰেক্টৰ, পাৱাৰটিলাৰ, মৰণা মৰা যন্ত্ৰ, উন্নত সাৰ যোগানৰ দ্বাৰা যথেষ্ট আধুনিক আৰু বিজ্ঞানসন্মত কৰি তুলিছে। । এইদৰে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ।
(খ) যাতায়ত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহনা যোগায় ?
উত্তৰ— যাতায়াত ব্যৱস্থা সমাজ এখনৰ উন্নতিৰ প্ৰথম খলপ । কৃষি, উদ্যোগ, সেৱা আদি সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলত: নিৰ্ভৰ কৰে উন্নত যাতায়ত ব্যৱস্থাৰ ওপৰত। যাতায়ত ব্যৱস্থা উন্নত আৰু বিজ্ঞানসন্মত হ’লে মেচিন, কেচাঁমাল আদি অতি সহজে আৰু কম সময়ত ইঠাইৰপৰা সিঠাইলৈ সৰবৰাহ কৰিব পৰা যায় । লগতে বস্তুৰ আমদানি-ৰপ্তানিও খৰতকীয়া হয় ।
(গ) প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে ?
উত্তৰ— প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান একেবাৰে নুন্যতম ব্যয়ত কম্পিউটাৰ বা ম’বাইল ফোনৰ জৰিয়তে বহুতো সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছো । সুলভ ইন্টাৰনেটৰ সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তিয় অনুস্থান-প্ৰতিস্থানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে । লগতে ইন্টাৰনেটৰ সুবিধা প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন উৎসৰ জৰিয়তে ঘৰৰপৰাই শিক্ষা লাভ কৰিব পৰা হৈছে।
যোগাযোগ ব্যৱস্থাৰ উন্নিতকৰণে বেপাৰ-বানিজ্য, শিক্ষা, স্বাস্থ্যখণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষা আদি সকলো খণ্ডতে যথেষ্ট প্ৰভাৱ পেলায়। উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তে অধিক তথ্যৰ যোগান ধৰে, যাৰ ফলত মানুহে বহু কঠিন কামো সহজে সম্পন্ন কৰিব পাৰে। সেয়েহে চৰকাৰে দেশৰ আৰু জনসাধাৰণৰ উন্নতিৰ গতি ক্ষিপ কৰিবলৈ যোগাযোগৰ মাধ্যমসমূহক শক্তিশালী কৰাত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।
প্ৰশ্ন ৩। খালী ঠাই পূৰ কৰা—
(ক) _______ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে _______ উন্নয়ন সম্ভৱ হ’ব নোৱাৰে ।
উত্তৰ— আন্ত:গাঁঠনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ’ব নোৱাৰে ।
(খ) দেশৰ মুঠ _______ উৎপাদন তথা চৰকাৰৰ _______ সংগ্ৰহত ৰে’ল সেৱাৰ অৱদান অন্যতম ।
উত্তৰ— দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰে’ল সেৱাৰ অৱদান অন্যতম ।
(গ) সংবিধানে _______ শিক্ষাক শিশুৰ _______ অধিকাৰ হিচাপে স্বীকৃতি দিছে ।
উত্তৰ— সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে ।
(ঘ) উন্নত _______ ব্যৱস্থাই কম সময়তেই আমাক অধিক _______ যোগান ধৰে ।
উত্তৰ— উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তেই আমাক অধিক তথ্যৰ যোগান ধৰে ।
(ঙ) _______ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট _______ আৰু উন্নয়নমুখী কৰি তুলিছে ।
উত্তৰ— বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে ।
প্ৰশ্ন ৪। প্ৰকল্প :
তোমাৰ অঞ্চলত চৰকাৰে কি কি ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰি অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ চেষ্টা কৰিছে তাক তলত দিয়া ধৰণে তালিকাভুক্ত কৰা।
ক্ষেত্ৰ | চৰকাৰী আঁচনি |
উত্তৰ— শ্ৰেণী শিক্ষকৰ সহায় লৈ নিজে কৰা ।
অতিৰিক্ত প্ৰশ্নোত্তৰ
প্ৰশ্ন ১। ‘ৰোড নেটৱৰ্ক’ৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত কোন স্থানত পৰে ?
উত্তৰ— ‘ৰোড নেটৱৰ্ক’ৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত পৰে।
প্ৰশ্ন ২। পৰিবহন উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ কোন চনত কৰা হয় ?
উত্তৰ— ১৯৫৩ চনত।
প্ৰশ্ন ৩। ‘মৃত্যুঞ্জয় সেৱা’ৰ যোগেদি কি সুবিধা প্ৰদান কৰা হয় ?
উত্তৰ— ‘মৃত্যুঞ্জয় সেৱা’ৰ যোগেদি ১০৮ নম্বৰত ফোন কৰি আকস্মিক দুৰ্ঘটনা বা মাৰাত্মক ৰোগত আক্ৰান্ত সকলক এম্বুলেঞ্চ সেৱা প্ৰদান কৰা হয়।
প্ৰশ্ন ৪। ভাৰতত কিমানটা ৰাষ্ট্ৰীয় জলপথ আছে ?
উত্তৰ— ভাৰতত ১১১ টা ৰাষ্ট্ৰীয় জলপথ আছে ।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 20)
♦ চৰকাৰ হ’ল দেশ এখনৰ মুৰব্বী অনুষ্ঠান ।
♦ দেশৰ উন্নয়ন আৰু জনসাধাৰনৰ কল্যাণ সাধন কৰাটোৱে হ’ল চৰকাৰ এখনৰ মূল লক্ষ্য ।
♦ দেশৰ উন্নয়ন আৰু কল্যান নিৰ্ভৰ কৰে জনসাধাৰণৰ জীৱন-ধাৰণৰ মানৰ ওপৰত ।
♦ আন্ত:গাঁঠনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভব হ’ব নোৱাৰে।
♦ অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহ যেনে— ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়ত, যোগাযোগ, জনসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি আন্ত:গাঁঠনিমূলক সা-সুবিধাৰ ভিতৰত পৰে।
♦ দেশৰ উন্নয়নৰ প্ৰথম খলপ হ’ল যাতায়ত ব্যৱস্থাৰ উন্নয়ন ।
♦ সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা হৈছে শিক্ষা ।
♦ স্বাস্থ্যৱান ব্যক্তিয়েহে দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে ।
♦ কৃষি হ’ল আমাৰ দেশৰ প্ৰধান জীৱিকাৰ ক্ষেত্ৰ ।
♦ উন্নত যোগাযোগ ব্যৱস্থাই অনেক তথ্যৰ যোগান ধৰে যাৰ ফলত মানুহে বহুতো দুৰুহ কাম সহজে সম্পন্ন কৰিব পাৰে ।
(adsbygoogle = window.adsbygoogle || []).push({});