আমাৰ পৰিৱেশ Class 7 Social Science Chapter 4

SCERT class 7 Social Science Chapter 4 আমাৰ পৰিৱেশ free study material and class notes PDF available here for free. So, if you are looking for class seven Assamese text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Social Science Chapter 4

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 4 “আমাৰ পৰিৱেশ” Lesson 4 free notes. You can even download SCERT Assam class 7 social science chapter 4 PDF.

আমাৰ পৰিৱেশ

পাঠ ৪

অনুশীলনী :

প্ৰশ্ন ১। উত্তৰ দিয়া :

(ক)  পৰিৱেশ মানে কি ?

উত্তৰ— আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ’দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদুলি, গাওঁ, চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই পৰিৱেশ। চমুকৈ পৰিৱেশ হ’ল আমাৰ চাৰিওফালৰ উপাদানবিলাকৰ সমন্বয়ত গঢ়ি উঠা এটা অৱস্থা।

(খ)  পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি, উদাহৰণ দি লিখা।

উত্তৰ— পৰিৱেশ দুই প্ৰকাৰৰ- প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ।

আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্ৰকৃতিসৃষ্ট পৰ্বত-পাহাৰ, নদ-নদী, সাগৰ, ৰ’দ, বতাহ, মাটি, উদ্ভিদ, প্ৰাণী আদিয়ে যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই প্ৰাকৃতিক পৰিৱেশ। আনহাতে মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱসৃষ্ট পৰিৱেশ বোলে। যেনে- ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং আদি।

(গ)  পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি ?

উত্তৰ— পৰিৱেশৰ প্ৰধান উপাংশসমূহ হৈছে- জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ। পৰিৱশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে। আনহাতে বায়ু, পানী, মাটি হ’ল অজৈৱিক উপাংশ।

(ঘ)  মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয় ?

উত্তৰ— মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱ সৃষ্ট পৰিৱেশ বোলে । মানুহে নিজৰ সুবিধা মতে প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্ৰহ কৰি বিভিন্ন ধৰণৰ বস্তু যেনে  ঘৰ-দুৱাৰ,  ৰাস্তা-ঘাট, দলং আদি বনায়  । সেইদৰেই মানৱ সৃষ্ট পৰিৱেশ সৃষ্টি হয় ।

প্ৰশ্ন ২। শুদ্ধ উত্তৰত √ চিন দিয়া

(ক)  কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয় ?

(১)  মাটি   (২)  শিক্ষানুষ্ঠান  (৩)  পৰিবহণ ব্যৱস্থা

উত্তৰ— (১)  মাটি ।

(খ)  কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয় ?

(১)  পৰ্বত   (২)  ঘৰ   (৩)  নদী

উত্তৰ— (২)  ঘৰ

(গ) তলৰ কোনবোৰে পৰিৱেশ ক্ষতি কৰে ?

(১) গছ-গছনি   (২)  কল-কাৰখানাৰ আৱৰ্জনা   (৩)  খাদ্য শস্যৰ বৃদ্ধি  (৪)   জনসংখ্যা বৃদ্ধি    (৫)  জীৱ-জন্তু ধ্বংস।

উত্তৰ— (২)  কল-কাৰখানাৰ আৱৰ্জনা,  (৪)   জনসংখ্যা বৃদ্ধি,    (৫)  জীৱ-জন্তু ধ্বংস।

প্ৰশ্ন ৩। বাঁওফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা ।

বাঁওফাল সোঁফাল
(ক)  অমাৰ চৌপাশ (ক)  মাটি
(খ)  জলমণ্ডল (খ)  বায়ু
(গ)  স্থলমণ্ডল (গ)  পৰিৱেশ
(ঘ)  জীৱমণ্ডল (ঘ)  পানী
(ঙ)  বায়ুমণ্ডল (ঙ)  জীৱ-জগত

উত্তৰ—Class 7 Social Science Chapter 4

বাঁওফাল সোঁফাল
(ক)  অমাৰ চৌপাশ (গ)  পৰিৱেশ
(খ)  জলমণ্ডল (ঘ)  পানী
(গ)  স্থলমণ্ডল (ক)  মাটি
(ঘ)  জীৱমণ্ডল (ঙ)  জীৱ-জগত
(ঙ)  বায়ুমণ্ডল (খ)  বায়ু

প্ৰশ্ন ৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে ৮০টা মান শব্দৰ ভিতৰত লিখা।

উত্তৰ— পৰিৱেশত থকা আটাইবােৰ প্ৰাণী , উদ্ভিদ , ভেঁকুৰ , বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে । জৈৱিক উপাংশৰ সকলাে উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি বর্তি থাকে । উদাহৰণ স্বৰূপে সেউজীয়া উদ্ভিদে সৌৰ শক্তিৰ সহায়ত জীয়াই থাকে । তৃণভােজী প্রাণীয়ে ইহঁতক খাদ্য হিচাপে খায় । সেই প্রাণীক আকৌ মাংসহাৰীয়ে খায় । উদ্ভিদ, তৃণভোজী আৰু মাংসাহাৰীৰ মৃত্যু হ’লে জীৱাণুয়ে পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা গ’ল যে জৈৱিক উপাংশৰ উপাদানসমূহে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে ।

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

Class 7 social science

প্ৰশ্ন ৫। তুমি কেনেকুৱা পৰিৱেশত থাকিবলৈ বিচৰা চমুকৈ লিখা। (১০০ টা মান শব্দৰ ভিতৰত ।)

উত্তৰ— প্ৰদূষণমুক্ত পৃথিৱী এখনত আমি বাস কৰিবলৈ বিচাৰিম।

কল–কাৰখানাৰ ধোঁৱাই প্ৰদূষিত নকৰা পৰিৱেশ এটাত বাস কৰিবলৈ বিচাৰিম।

অস্বাস্থ্যকৰ নলা–নর্দমা নথকা পৰিৱেশ এটাত বাস কৰিবলৈ বিচাৰিম।

সেউজীয়া গছ-গছনিৰে ভৰা নির্মল বায়ু চলাচল কৰা পৰিৱেশ এটাত জীয়াই থাকিব বিচাৰিম।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close