গুপ্ত সাম্ৰাজ্যৰ উত্থান Class 7 Social Science Chapter 11

SCERT Assam class 7 Social Science Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 11 “গুপ্ত সাম্ৰাজ্যৰ উত্থান” Lesson 11 free notes. You can even download SCERT Assam class 7 social science chapter 11 PDF.

গুপ্ত সাম্ৰাজ্যৰ উত্থান

পাঠ ১১

অনুশীলনী :

প্ৰশ্ন ১। উত্তৰ লিখা

(ক) কোনে গুপ্তবংশ প্রতিষ্ঠা কৰিছিল?

উত্তৰ— শ্ৰীগুপ্তই গুপ্তবংশ প্ৰতিষ্ঠা কৰিছিল।

(খ) কোনজন গুপ্ত সম্রাটে প্রথম মহাৰাজাধিৰাজ উপাধি লৈছিল?

উত্তৰ— চন্দ্রগুপ্তই প্ৰথমে মহাৰাজাধিৰাজ উপাধি লৈছিল।

(গ) এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম কি?

উত্তৰ— এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হৈছে- পণ্ডিত হৰিসেন।

(ঘ) গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম কি?

উত্তৰ— গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম হৈছে- তাম্ৰলিপ্তি।

(ঙ) সমুদ্রগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰ— সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হৈছে- পুষ্যবৰ্মণ।

প্ৰশ্ন ২। ক্ৰম অনুসৰি লিখা

ফাহিয়ান      শ্রীগুপ্ত      হৰিসেন       পুষ্যবর্মণ        স্কন্দগুপ্ত

উত্তৰ— শ্রীগুপ্ত     পুষ্যবর্মণ      হৰিসেন      ফাহিয়ান      স্কন্দগুপ্ত।

প্ৰশ্ন ৩। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা :

(ক) প্রথম চন্দ্রগুপ্তই কামৰূপ, ডবাক জয় কৰিছিল।

উত্তৰ— অশুদ্ধ ।

(খ) গুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল।

উত্তৰ— শুদ্ধ।

(গ) গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল।

উত্তৰ— অশুদ্ধ ।

(ঘ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে’— এই ধাৰণাতো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল।

উত্তৰ— অশুদ্ধ ।

(ঙ) কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল।

উত্তৰ— শুদ্ধ।

প্ৰশ্ন ৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’ অংশ ‘খ’ অংশ
ক)  চ’পৰাখ)  হৰিসেনগ)  ভৰত

ঘ)  বৰাহমিহিৰ

ঙ)  সুশ্ৰুত

ক)  এলাহাবাদ প্ৰশস্তিখ)  বৃহৎ সংহিতাগ)  চিকিৎসা শাস্ত্ৰবিদ

ঘ)  বন্দৰ

ঙ)  নাট্যশাস্ত্ৰ

উত্তৰ—

‘ক’ অংশ ‘খ’ অংশ
ক)  চ’পৰাখ)  হৰিসেনগ)  ভৰত

ঘ)  বৰাহমিহিৰ

ঙ)  সুশ্ৰুত

ঘ)  বন্দৰক)  এলাহাবাদ প্ৰশস্তিঙ)  নাট্যশাস্ত্ৰ

খ)  বৃহৎ সংহিতা

গ)  চিকিৎসা শাস্ত্ৰবিদ

প্ৰশ্ন ৫।  চমুকৈ লিখা

(ক)  গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল ?

উত্তৰ— গুপ্ত ৰাজত্বকালত সোন আৰু ৰূপৰ মুদ্ৰাৰ লগতে কড়ী মুদ্ৰাৰো প্ৰচলন আছিল।

(খ)  গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ— গুপ্তসকলে ৰপ্তানি কৰা সামগ্রীবোৰ হৈছে মছলা, হাতী দাঁতেৰে তৈয়াৰী বস্তু, চন্দন কাঠ, মণি-মুকতা, ঔষধি গছ, সুগন্ধি দ্ৰব্য, আৰু জীৱ-জন্তু ।

(গ) গুপ্ত ৰাজত্বকালত কি কি বৃত্তিধাৰীৰ লোকে বাস কৰিছিল ?

উত্তৰ— গুপ্ত ৰাজত্বকালত তলত উল্লেখিত বৃত্তিধাৰীৰ লোকসকলে বাস কৰিছিলকৃষক, বণিয়া বা ব্যৱসায়ী, সামৰিক বাহিনী, ব্ৰাহ্মণ আৰু বৌদ্ধ ভিক্ষু, জ্যোৰ্তিবিদ, সাহিত্যিক, চিকিৎসক, দাৰ্শনিক, ভাস্কৰ্য শিল্পী ।

(ঘ) গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্যকলাৰ নিদর্শন উল্লেখ কৰা।

উত্তৰ— গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্যকলাৰ নিদর্শন হৈছে— সাঁচিৰ বিষ্ণু মন্দিৰ , দেওগড়ৰ দশাৱতাৰ মন্দিৰ , আইহােলৰ দুর্গা মন্দিৰ , সাৰনাথৰ ধ্যানমগ্ন বুদ্ধ , মথুৰাৰ থিয় দি থকা বুদ্ধমূর্তি আদি ।

(ঙ) অজন্তা-ইলােৰাৰ চিত্রাংকনসমূহৰ বৈশিষ্ট্য কি ?

উত্তৰ— অজন্তা-ইলােৰাৰ চিত্রাংকনসমূহৰ বৈশিষ্ট্য হৈছেএইবোৰে গুপ্তযুগৰ গৰিমা স্মৰণ কৰায়।

(চ) অসমৰ ক’ত ক’ত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয় ?

উত্তৰ— তেজপুৰৰ দ’ পৰ্বতীয়া, নগাঁওৰ মিকিৰ আতী আৰু বৰগংগা,  গুৱাহীটীৰ কামাখ্যা, দুধনৈৰ বৰনদী পাৰা আদিত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয় ।

প্ৰশ্ন ৬।  সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ— সাহিত্য–সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তযুগৰ ৰজাসকলৰ অৱদান অপৰিসীম । গুপ্ত ৰজাসকলৰ পৃষ্ঠপােষকতা লাভ কৰা ভাষা-সংস্কৃতিয়ে সেই সময়ত জাতীয়তাবােধ বিকাশত সহায় কৰিছিল । সংস্কৃত ভাষাই উচ্চ শ্রেণীৰ ভাষাৰ মর্যাদা লাভ কৰিছিল । মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখা দত্তই বিভিন্ন ৰচনাৰে গুপ্তযুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । এই যুগতেই হৰিসেনৰ এলাহাবাদ প্রশস্তি লিখা হৈছিল । পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্রন্থসমূহ এই যুগত পুনৰ মুদ্রিত হৈছিল ।

দ্বিতীয় চন্দ্রগুপ্তৰ দিনত ন–গৰাকী সাহিত্যিকে সাহিত্যৰ সমাহাৰ ঘটাইছিল । সাহিত্য–সংস্কৃতিৰ নিচিনাকৈ বিজ্ঞান, জ্যোর্তিবিদ্যা আৰু গণিত শাস্ত্রই গুপ্ত যুগত প্ৰসাৰতা লাভ কৰিছিল । আর্যভট্টই ‘আর্যভট্টীয়’ নামৰ পুথি ৰচনা কৰিছিল । পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু পৃথিৱীৰ ছাঁটো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্র গ্রহণ হয় । এই দুটা বৈজ্ঞানিক ব্যাখ্যা আর্যভট্টই গুপ্তযুগতেই উদ্ভাৱন কৰিছিল । এই যুগতেই বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল । জ্যোতিশাস্ত্রবিদ বৰাহমিহিৰে ‘বৃহৎসংহিতা’ নামৰ পুথি ৰচনা কৰিছিল । চৰক আৰু সুশ্রুত— এই যুগৰ দুজন উল্লেখযােগ্য চিকিৎসা শাস্ত্রবিদ আছিল ।

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

মনত ৰাখিবলগীয়া কথা

খ্ৰীষ্টীয় তৃতীয় শতিকাত গুপ্ত ৰাজবংশৰ অধীনত উত্তৰ ভাৰতৰ বহুতো সৰু-বৰ ৰাজ্য একত্ৰিত হৈ এক বিশাল গুপ্ত সামাজ্য গঠন হৈছিল।

প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্ত গুপ্ত ৰাজবংশৰ উল্লেখযোগ্য সম্ৰাট আছিল।

গুপ্ত ৰাজত্বকালত সম্ৰাটেই সাম্ৰাজ্যৰ মুৰব্বী আছিল যদিও শাসনৰ ক্ষেত্ৰত কিছু বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছিল।

গুপ্তযুগত জল আৰু স্থল উভয় পথেদি বিদেশৰ লগত ভাৰতৰ ব্যৱসায়-বাণিজ্য চলিছিল।

সাহিত্য-সংস্কৃতি, শিল্প, চিত্ৰকলা, ভাস্কৰ্য আৰু বিজ্ঞানে গুপ্তযুগত ব্যাপক প্ৰসাৰতা লাভ কৰিছিল।

গুপ্তসকলৰ ভাস্কৰ্য, চিত্ৰকলাৰ প্ৰভাৱ অসমতো পৰিছিল।

অতিৰিক্ত প্ৰশ্ন (Class 7 Social Science Chapter 11)

Class 7 Social Science Chapter 11প্ৰশ্ন (ক) গুপ্ত বংশৰ দ্বিতীয়জন সম্ৰাটৰ নাম কি ?

উত্তৰ— ঘটোৎকচ।

প্ৰশ্ন (খ) দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্ব কালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক নামৰ কি ?

উত্তৰ— ফাহিয়ান।

প্ৰশ্ন (গ) গুপ্ত যুগত বিচাৰ ব্যৱস্থা কেইটা ভাগত ভাগ কৰা হৈছিল আৰু কি কি ?

উত্তৰ— গুপ্ত যুগত দুটা ভাগত ভাগ কৰা হৈছিল- সাধাৰণ আৰু অপৰাধমূলক ।

প্ৰশ্ন (ঘ) আৰ্যভট্টীয় নামৰ পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰ— আৰ্যভট্টই ।

প্ৰশ্ন (ঙ) ভাৰতৰ ইতিহাসৰ কোনটো যুগক ‘স্বৰ্ণযুগ’ বুলি কোৱা হয় ?

উত্তৰ— গুপ্তযুগক ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close