SCERT Assam class 7 Social Science Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 24
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 24 “গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম” Lesson 24 free notes. You can even download SCERT Assam class 7 social science chapter 24 PDF.
গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
পাঠ ২৪
অনুশীলনী :
প্ৰশ্ন ১। চমু উত্তৰ লিখা—
(ক) প্ৰচাৰ মানে কি ?
উত্তৰ— প্ৰচাৰ বুলিলে যিকোনাে খবৰ, আদেশ, অনুৰােধ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰপৰা আন এখন ঠাইলৈ সম্প্রসাৰিত হােৱাকে বুজায় ।
(খ) প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি ?
উত্তৰ— প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ হৈছে- (ক) মুদ্ৰিত মাধ্যম : বাতৰি কাকত, আলোচনী (খ) সামাজিক মাধ্যম : ৱাটটএপ, ফেইচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম (গ) বৈদ্যুতিন মাধ্যম : টেলিভিচন, ৰেডিঅ’, ম’বাইল ফোন ৷
(গ) গণমাধ্যম কাক কয় ? উদাহৰণ দিয়া ৷
উত্তৰ— যিবোৰ প্ৰচাৰ মাধ্যমৰ পৰিসৰ ব্যাপক অৰ্থাৎ অতি কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ-বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে সেইবোৰকে গণমাধ্যম বোলে ৷ গণমাধ্যমৰ উদাহৰণ হৈছে— চলচ্চিত্র, বাটৰ নাট, পুতলা নাচ, নাটক, গীত–মাত আদি ৷
(ঘ) প্ৰাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি ?
উত্তৰ— প্ৰাচীন কালত ঢোল পিটি, কাঁহ-ঘণ্টা বজাই প্ৰচাৰ কাৰ্য চলাইছিল।
(ঙ) ছপাশাল পোণ প্ৰথমে কোনে আৰু কেতিয়া আৱিস্কাৰ কৰিছিল ?
উত্তৰ— ছপাশাল জোহান গুটেনবার্গে ১৬ শ শতিকাত আৱিস্কাৰ কৰিছিল ।
প্ৰশ্ন ২। উত্তৰ লিখা—
(ক) প্ৰচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰ আৰু কি কি ? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে ?
উত্তৰ— প্ৰচাৰ মাধ্যম প্রধানকৈ তিনি প্রকাৰৰ— মুদ্ৰিত বা ছপা মাধ্যম, সামাজিক মাধ্যম আৰু বৈদ্যুতিন মাধ্যম ।
(খ) গণতন্ত্ৰ সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায় ?
প্ৰশ্ন ৩। খালী ঠাই পূৰ কৰা—
(ক) ________ ব্যৱস্থাৰ লগত জড়িত সকলাে উপাদানেই প্রচাৰৰ একোটা একোটা মাধ্যম ।
উত্তৰ— যােগাযােগ ব্যৱস্থাৰ লগত জড়িত সকলাে উপাদানেই প্রচাৰৰ একোটা একোটা মাধ্যম ।
(খ) মানুহৰ মাজত ________ হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয় ।
উত্তৰ— মানুহৰ মাজত অন্তর্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয় ।
(গ) ________ ছপাশাল আৱিষ্কাৰ কৰিছিল ।
উত্তৰ— জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল ।
(ঘ) কম্পিউটাৰক অসমীয়াত ________ যন্ত্ৰ বুলি কোৱা হয় ।
উত্তৰ— কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয় ।
(ঙ) গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ ________ হৈছে প্ৰচাৰ মাধ্যম ।
উত্তৰ— গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যােগসূত্র হৈছে প্ৰচাৰ মাধ্যম ।
প্রশ্ন ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ / সৈনিক শিল্পী বুলি কোৱা হয় ।
উত্তৰ— জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি কোৱা হয় ।
(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে মাইক / ঢােলৰ সহায় লৈছিল ।
উত্তৰ— অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে ঢােলৰ সহায় লৈছিল ।
(গ) মুদ্রিত মাধ্যমসমূহ হ’ল ৰেডিঅ’/ কিতাপ ।
উত্তৰ— মুদ্রিত মাধ্যমসমূহ হ’ল কিতাপ ।
(ঘ) অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক আর্কিমিডিছ / মার্কনি ।
উত্তৰ— অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক মার্কনি ।
(ঙ) ইলেকট্র’নিক মাধ্যম হ’ল বাতৰিকাকত / কম্পিউটাৰ ।
উত্তৰ— ইলেকট্র’নিক মাধ্যম হ’ল কম্পিউটাৰ ।
প্ৰকল্প
তোমালোকৰ অঞ্চলত দেখা কেইখনমান চৰকাৰী বিগ পনৰ ফলক চাই আঁচনিকেইখনৰ নাম তালিকাভুক্ত কৰা ৷ আঁচনিবোৰৰ অধীনত চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষক-অভিভাৱকৰ লগত আলোচনা কৰি একোটিকৈ টোকা লিখা ৷
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ৷
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 24)
♦ প্ৰচাৰ বুলিলে যিকোনাে খবৰ, আদেশ, অনুৰােধ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰপৰা আন এখন ঠাইলৈ সম্প্রসাৰিত হােৱাকে বুজায় ।
♦ সমাজ আৰু সভ্যতাৰ ক্ৰমবিকাশত প্ৰচাৰ মাধ্যম এক অবিচ্ছেদ্য অংগ ৷
♦ প্ৰচাৰ মাধ্যম দুই প্ৰকাৰৰ— মুদ্ৰিত আৰু ইলেকট্ৰ’নিক ৷
♦ মুদ্ৰিত প্ৰচাৰ মাধ্যম সমূহ হ’ল— বাতৰিকাকত, আলোচনী, কিতাপ আদি ৷
♦ ইলেকট্ৰ’নিক মাধ্যমসমূহ হ’ল— ৰেডিঅ’, টেলিফোন, ম’বাইলফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদি ৷
♦ ইন্টাৰনেট হৈছে বহুসংখ্যক কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা দ্ৰুততম যোগাযোগ ব্যৱস্থা ৷
♦ গণতন্ত্ৰত প্ৰচাৰ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷
♦ জনমত গণতান্ত্ৰিক শাসনব্যৱস্থাৰ বুনিয়াদস্বৰূপ ৷
(adsbygoogle = window.adsbygoogle || []).push({});