SCERT Assam মৌলিক অধিকাৰ class 8 Social Science Chapter 23 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 23 “মৌলিক অধিকাৰ” Lesson 23 free notes. you can also download class 8 social science chapter 23 PDF for free.
মৌলিক অধিকাৰ
পাঠ ২৩
প্ৰশ্ন ১। চমু উত্তৰ দিয়া—
ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?
উত্তৰ— নাগৰিক সকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যি বিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰ সমূহকে মৌলিক অধিকাৰ বোলা হয় ।
খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণাৰ জন্ম হৈছিল ?
উত্তৰ— আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণাৰ জন্ম হৈছিল ।
গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰ সমূহৰ উল্লেখ আছে ?
উত্তৰ— সংবিধানৰ তৃতীয় অধ্যায়ত ১৪ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰ সমূহৰ উল্লেখ আছে ।
ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় ?
উত্তৰ— ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ কৰা হয় ।
ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?
উত্তৰ— ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ।
প্ৰশ্ন ২। খালী ঠাই পূৰ কৰা—
ক) অস্পৃশ্যতা এক সামাজিক ………………………. ।
উত্তৰ— অস্পৃশ্যতা এক সামাজিক ব্যাধি ।
খ) ভাৰতবৰ্ষ এখন ধৰ্ম …………………….. ৰাষ্ট্ৰ ।
উত্তৰ— ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ।
গ) মৌলিক অধিকাৰ সমূহ সংবিধানৰ এক অবিচ্ছেদ্য ……………………. ।
উত্তৰ— মৌলিক অধিকাৰ সমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ ।
ঘ) মৌলিক অধিকাৰ নাগৰিকৰ ……………………. বিকাশত সহায় কৰে ।
উত্তৰ— মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে ।
প্ৰশ্ন ৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
ক) দেশৰ জৰুৰী কালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে/ নোৱাৰে ।
উত্তৰ— দেশৰ জৰুৰী কালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব নোৱাৰে ।
খ) মৌলিক অধিকাৰৰ পৰা নাগৰিক সকল বঞ্চিত হলে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে/ নোৱাৰে ।
উত্তৰ— মৌলিক অধিকাৰৰপৰা নাগৰিকসকল বঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে।
গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনুৱালৈকে সকলো সমান হয়/ নহয় ।
উত্তৰ— আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনুৱালৈকে সকলো সমান হয় ।
ঘ) চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ–ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে/ নোৱাৰে ।
উত্তৰ— চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ–ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে ।
ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা–সংস্কৃতি ৰক্ষা কৰিব পাৰে / নোৱাৰে ।
উত্তৰ— সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব পাৰে ।
প্ৰশ্ন ৪। সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভূক্ত কৰাৰ কাৰণ কি লিখা।
উত্তৰ— সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণবোৰ হৈছে—
- মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয়।
- মৌলিক অধিকাৰে চৰকাৰৰ স্বেচ্ছাচাৰিতাত বাধা প্ৰদান কৰি জনসাধাৰণৰ স্বাধীনতা সুৰক্ষিত কৰে।
- মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্য নথকাৰ বাবে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে নাৰী-পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভোগ কৰিব পাৰে।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
মনত ৰাখিবলগীয়া কথা (Class 8 Social Science Chapter 23)
♦ ৰাষ্ট্ৰৰ নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু স্বচ্ছন্দভাৱে জীয়াই থাকিবলৈ পোৱা সা-সুবিধাৰ বাতাৱৰণেই হ’ল অধিকাৰ।
♦ ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত অধিকাৰসমমূহক মৌলিক অধিকাৰ বোলে।
♦ এই মৌলিক অধিকাৰসমূহ উলংঘা কৰিলে তাৰ প্ৰতিকাৰৰ বাবে বিশেষ ব্যৱস্থা আছে।
♦ ভাৰতৰ সংবিধানৰ ১৪নং অনুচ্ছেদৰপৰা ৩৫ নং অনুচ্ছেদলৈ ৬ প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। এই অধিকাৰসমূহ তালিকা কৰি মনত ৰাখা-
সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ
♦ মৌলিক অধিকাৰৰপৰা সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ ঘটোৱা হৈছে।
♦ মৌলিক অধিকাৰৰ প্ৰধান বৈশিষ্ট্য হ’ল-
(ক) মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ।
(খ) মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।
(গ) মৌলিক অধিকাৰসমূহ বৈষম্যমূলক নহয়।
(ঘ) নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰে।
(ঙ) সাংবিধানিক প্ৰতিকাৰৰ জৰিয়তে মৌলিক অধিকাৰ ৰক্ষা কৰিব পাৰি।
(adsbygoogle = window.adsbygoogle || []).push({});