SCERT Assam অসমৰ নদ-নদী class 8 Social Science Chapter 7 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 7 “অসমৰ নদ-নদী” Lesson 7 free notes. you can also download class 8 social science chapter 7 PDF for free.
অসমৰ নদ-নদী
পাঠ ৭
অনুশীলনী :
প্ৰশ্ন ১। চমু উত্তৰ দিয়া—
(ক) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?
উত্তৰ— ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম চেমা-য়ুং-দুং (Chema-yung-dung)।
(খ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ— ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য ২৯০৬ কিল’মিটাৰ।
(গ) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে।
উত্তৰ— ব্ৰহ্মপুত্ৰৰ উৎস তিব্বতত (চীন) আছে।
(ঘ) উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা?
উত্তৰ— উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি V ( ভি আখৰটোৰ ) আকৃতিৰ ।
(ঙ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?
উত্তৰ— ব্ৰহ্মপুত্ৰ নৈ তিব্বত (চীন), ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ গৈছে।
প্ৰশ্ন ২। শুদ্ধ উত্তৰটো লিখা—
(ক) গিৰিখাত নিম্নভূমি/ মোহনা/ উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।
উত্তৰ— গিৰিখাত উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।
(খ) নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত/ সমভূমি/ মালভূমিত দেখা যায়।
উত্তৰ— নৈৰ গুম্ফিত ৰূপ সাধাৰণতে সমভূমিত দেখা যায়।
(গ) প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/ পৰিবহণ/ অৱক্ষেপণৰ ফলত সৃষ্টি হয়।
উত্তৰ— প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ অৱক্ষেপণৰ ফলত সৃষ্টি হয়।
(ঘ) বৰাক নৈ অসমৰ ২/৩/৪ খন জিলাৰ মাজেৰে বৈ গৈছে।
উত্তৰ— বৰাক নৈ অসমৰ ৩ খন জিলাৰ মাজেৰে বৈ গৈছে।
প্ৰশ্ন ৩। সোঁফালৰ লগত বাওঁফাল মিলোৱা—
চাংপো | একা-বেকাঁ গতি পথ |
অৰুণাচল প্ৰদেশ | মাজুলী |
সৰ্পিল | চিয়াং |
কলং | তিব্বত |
নদীদ্বীপ | সুঁতি |
উত্তৰ—
চাংপো | তিব্বত |
অৰুণাচল প্ৰদেশ | চিয়াং |
সৰ্পিল | একা-বেকাঁ গতি পথ |
কলং | সুঁতি |
নদীদ্বীপ | মাজুলী |
প্ৰশ্ন ৪। চমু টোকা লিখা—
(ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য
উত্তৰ— নৈৰ উচ্চগতি বা প্ৰাথমিক গতি পাৰ্বত্য উচ্চ ভূমিতে সীমাবদ্ধ। নৈৰ এই অংশ পৰ্বতৰ উৎসস্থলত আৰম্ভ হৈ সমভূমিত নমাৰ আগলৈকে ধৰা হয় । পাহাৰ পৰ্বতৰ থিয় ঢালেদি বৈ আঁহোতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয়। এই অংশত নদীয়ে সোঁতত শিল, বালি, মাটি কঢ়িয়াই আনে। নদীৰ গতিপথ ইংৰাজী v আখৰৰ দৰে হয়। ঠায়ে ঠায়ে গভীৰ গিৰিখাতৰো সৃষ্টি হয়। এই অংশত নৈৰ মূখ্য কাৰ্য হৈছে খনন আৰু পৰিবহন।
(খ) নৈৰ মধ্যগতি অংশৰ কাৰ্য
উত্তৰ— নৈ এখন পাৰ্বত্য অংশৰ পৰা নামি আহি সমভূমি অঞ্চলত প্ৰবেশ কৰাৰ পৰাই মধ্য বা সমভূমি অংশ আৰম্ভ হয় । কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা বাবে নৈৰ এই অংশত সোঁতৰ গতিবেগ যথেষ্ট কমি যায় । সোঁত কম হোৱা কাৰণত পাৰ্বত্য অঞ্চলৰ পৰা পৰিবাহিত মাটি, বালি, শিল আদি নৈৰ বুকুত অৱক্ষেপন কৰে । খৰালি কালত অৱক্ষেপনৰ ফলত চৰ চাপৰিৰ সৃষ্টি হয় আৰু এইবোৰত ঠেকা খাই নদীখনৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে।
(গ) নৈৰ নিম্নগতি অংশৰ কার্য ।
উত্তৰ— নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। এই অংশত নদীৰ গতিপথৰ ঢাল অত্যন্ত কমি যায় । ফলত সোঁতৰ গতি অতি ধীৰ হৈ পৰে। নদীৰ ক্ষয় সাধন আৰু বহন শক্তি একেবাৰে নাথাকে । নৈৰ সোঁতে লৈ অহা বোকা, মাটি, বালি আহি নদীৰ মুখত ত্ৰিকোণ আকৃতিৰ বৃহৎ বলিচৰৰ সৃষ্টি কৰে । ইয়াকে ব–দ্বীপ বুলি কোৱা হয় । নৈৰ এই অংশৰ প্ৰধান কাৰ্য হল অৱক্ষেপন ।
(ঘ) বৰাক নৈৰ গতিপথ ।
উত্তৰ— নাগালেণ্ড, মণিপুৰ সীমান্তবৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে । উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ-পশ্চিম দিশে বৈ অহা বৰাক নৈখনে মণিপুৰ–মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে । অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পিছতে ই পশ্চিমলৈ ঘূৰি অসমত সোমাই ।
বৰাক নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰে বৈ গৈছে । ভাৰত বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয় । তাৰে এভাগে কুছিয়াৰ আৰু আনভাগে সুৰমা নাম লৈ বাংলাদেশত সোমায় । কিছুদূৰ গতি কৰাৰ পিছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে । বৰাক নৈখন দীঘলে প্ৰায় ৯০০ কিল’মিটাৰ। অসম আৰু বাংলাদেশ অংশত ইয়াৰ গতিপথ অতি সৰ্পিল।
প্ৰশ্ন ৫। উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি কি নামেৰে জনা যায় লিখা।
উত্তৰ— ব্ৰহ্মপুত্ৰ নৈখন তিব্বতৰ চেমা-য়ুং-দুং নামৰ হিমবাহটোৰ পৰা ওলাই ভাৰত বাংলাদেশৰ মাজেৰে বিভিন্ন নাম লৈ বৈ গৈ বংগোপসাপৰত পৰিছে। এই নামবোৰ হৈছে-তিব্বতত চাংপো, অৰুণাচল প্ৰদেশত চিয়াং, অসমত ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত পদ্মা নামেৰে জনা যায়।
প্ৰশ্ন ৬। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভূ-চিত্ৰাৱলীৰ সহায় লৈ তলত দিয়া অবয়ৱসমূহ বহুওৱা।
১। অৰুণাচল হিমালয় | ১১। দিবং |
২। বৰাইল পৰ্বত | ১২। লোহিত |
৩। কাৰ্বি মালভূমি | ১৩। পাগলদিয়া |
৪। খাছীয়া-জয়ন্তীয়া পাহাৰ | ১৪। মনাহ |
৫। নগা পাহাৰ | ১৫। দিখৌ |
৬। মণিপুৰ | ১৬। ধনশিৰি |
৭। মিজোৰাম | ১৭। বৰাক |
৮। গাৰোপাহাৰ | ১৮। জাতিংগা উপনৈ |
৯। ব্ৰহ্মপুত্ৰ | ১৯। ধলেশ্বৰী |
১০। সোৱণশিৰি | ২০। সোণাই |
উত্তৰ— শ্ৰেণী শিক্ষকৰ সহায় লৈ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
প্ৰশ্ন ৭। নৈ বা উপনৈৰ দাঁতি–কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা ।
উত্তৰ— নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক এৰাব নোৱাৰা সম্বন্ধ গঢ় লৈ উঠে। খোৱা পানীৰ পৰা আৰম্ভ কৰি গা–পা ধোৱা, বাচন–বৰ্তন ধোৱা, কাপোৰ–কানি ধোৱা তথা কৃষিকাৰ্যৰ বাবে নৈৰ দাঁতি–কাষৰীয়া অঞ্চলৰ মানুহ সেই নৈ বা উপনৈৰ পানীৰ ওপৰতে নিৰ্ভৰশীল। ইয়াৰ লগতে একাংশ লোকে এই নৈ বা উপনৈতে মাছ ধৰি জীৱিকা নিৰ্বাহ কৰে। মুঠতে নদীৰ পাৰত বসবাস কৰা মানুহৰ নৈখনৰ লগত এক নিবিড় সম্পৰ্ক গঢ়ি উঠে।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
প্ৰশ্ন ৮। বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
প্ৰশ্ন ৯ । গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈ সমূহৰ নাম লিখা । প্ৰয়োজন বোধে শিক্ষক আৰু ভূ – চিত্ৰাবলীৰ সহায় লবা ।
উত্তৰ— গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈ সমূহ- দিখৌ, সোৱনশিৰি, জীয়াভৰলী, ধনশিৰি, মানাহ আদি।
অন্যান্য প্ৰশ্ন (Class 8 Social Science Chapter 7)
প্ৰশ্ন ১। ব্ৰহ্মপুত্ৰৰ অসম অংশৰ প্ৰাচীন নাম কি আছিল?
উত্তৰ— লৌহিত্য।
প্ৰশ্ন ২। নৈৰ গুম্ফিত ৰূপ বুলিলে কি বুজা?
উত্তৰ— খৰালি কালত চৰ-চাপৰিবোৰত বাধা পাই নৈৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে। ইয়াকে নৈৰ গুম্ফিত ৰূপ বোলে।
প্ৰশ্ন ৩। ব্ৰহ্মপুত্ৰৰ এটা স্থায়ী চৰৰ নাম লিখা।
উত্তৰ— আলোপতি।
মনত ৰাখিবলগীয়া কথা : (SCERT Class 8 Social Science)
♦ ব্ৰহ্মপুত্ৰ নৈক বিভিন্ন অংশত বিভিন্ন নামেৰে জনা যায়, যেনে- চাংপো, চিয়াং, দিহং, ব্ৰহ্মপুত্ৰ আদি।
♦ বহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য ২৯০৬ কিল’মিটাৰ।
♦ বহ্মপুত্ৰ নৈৰ অসম অংশত প্ৰায় ৯০ খন প্ৰধান উপনৈ আছে।
♦ তিব্বত আৰু অৰুণাচল প্ৰদেশৰ উচ্চভূমি অঞ্চলত ব্ৰহ্মপুত্ৰ নৈৰ তলি খনন আৰু গেদ পৰিবহণ অধিক।
♦ বহ্মপুত্ৰৰ অসম অংশত গেদ পৰিবহণ ক্ষমতা কম। পাৰ্শ্বখনন আৰু অৱক্ষেপণ অধিক।
♦ মধ্যগতি আৰু নিম্নগতি অংশত ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ গতিপথ সৰ্পিল আৰু গুম্ফিত।
♦ বহ্মপুত্ৰৰ দুয়োপাৰে অসংখ্য সৰু-বৰ, স্থায়ী-অস্থায়ী চৰ-চাপৰি দেখা যায়।
♦ বাংলাদেশত বহ্মপুত্ৰ নৈয়ে প্ৰথমে গংগাৰ লগত আৰু পিছত মেঘনা নৈৰ লগত লগ লাগি বংগোপসাগৰত পৰে।
♦ ব্ৰহ্মপুত্ৰৰ গতিপথত নিমাতীৰ পৰা ধুবুৰীলৈ বছৰটোৰ প্ৰায় সকলো সময়তে জাহাজ চলাচল কৰিব পাৰে।
♦ ব্ৰহ্মপুত্ৰৰ দুয়োকাষে থকা পাৰঘাটবোৰৰ পৰা স্থানীয়ভাৱে যন্ত্ৰচালিত নাঁও চলা-চল কৰে।
♦ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে প্ৰতিবছৰে বানপানীৰ সময়ত দুয়োপাৰে এৰি থৈ যোৱা পলসে কৃষি উৎপাদনত সহায় কৰে।
♦ অসমৰ নৈ-উপনৈসমূহে প্ৰতিবছৰে সৃষ্টি কৰি অহা বানপানী আৰু গৰাখহনীয়াই যথেষ্ট ক্ষতি কৰি আহিছে।
♦ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ কেইখনমান প্ৰধান উপনৈত পৰিৱেশ-পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে।
♦ বৰাক নৈ প্ৰায় ৯০০ কিল’মিটাৰ দীঘল।
♦ বৰাক নৈৰ অসম অংশত প্ৰায় ২৭খন উপনৈ আছে।
♦ বৰাক নৈৰ মধ্য আৰু নিম্নগতি অঞ্চলত বহুতো জলাহ দেখা যায়।
অসমৰ নদ-নদী Class 8 Social Science FAQ
Where I can find অসমৰ নদ-নদী Class 8 Social science Answers?
You can find all the answers at eStudyAssam.com
ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান?
ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য ২৯০৬ কিল’মিটাৰ।
ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে।
ব্ৰহ্মপুত্ৰৰ উৎস তিব্বতত (চীন) আছে।