ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা Class 8 Social Science Chapter 6

SCERT Assam ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা class 8 Social Science Chapter 6 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 6 “ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা” Lesson 6 free notes. you can also download class 8 social science chapter 6 PDF for free.

ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা

পাঠ ৬

অনুশীলনী :

প্ৰশ্ন ১। চমু উত্তৰ লিখা

(ক)  আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা।

উত্তৰ— আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম হ’ল লো-তীখা উদ্যোগ।

(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা।

উত্তৰ— কয়লা।

(গ) ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা।

উত্তৰ— ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম হ’ল গুজৰাট।

(ঘ) ভাৰতত আটাইতকৈ অধিক পৰিমানে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা।

উত্তৰ— ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম হ’ল ৰে’লসেৱা ।

(ঙ) অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটিৰ নাম লিখা।

উত্তৰ— অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটিৰ নাম হ’ল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ ।

প্ৰশ্ন ২। শুদ্ধ উত্তৰটো লিখা

(ক)  অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত

(ক) তৃতীয়        (খ) দ্বিতীয়       (গ) প্ৰথম

উত্তৰ— (গ) প্ৰথম

(খ)  ভাৰতত প্ৰথমে ৰে’ল চলিছিল

(ক)  ১৮৩৫ চনত    (খ)  ১৯৩৫ চনত    (গ)  ১৮৫৩ চনত।

উত্তৰ— (গ)  ১৮৫৩ চনত।

(গ)  ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল

(ক)  ১নং ৰাষ্ট্ৰীয় ঘাইপথ     (খ)  ২নং ৰাষ্ট্ৰীয় ঘাইপথ     (গ)  ৭নং ৰাষ্ট্ৰীয় ঘাইপথ ।

উত্তৰ— (গ)  ৭নং ৰাষ্ট্ৰীয় ঘাইপথ ।

(ঘ)  ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ’ল

(ক)  অসম    (খ)  কেৰালা    (গ)  অন্ধ্ৰপ্ৰদেশ

উত্তৰ— (খ)  কেৰালা ।

প্ৰশ্ন ৩। উত্তৰ লিখা

(ক)  ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভূক্ত হয়নে?

উত্তৰ— ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ হৈছে- উত্তৰ-পূব উপদ্বীপীয় বলয়, মধ্য বলয়, দক্ষিণ বলয়, দক্ষিণ-পশ্চিম বলয়, উত্তৰ-পশ্চিম বলয় আৰু উত্তৰ-পূব তৈল বলয়।

হয়, অসম উত্তৰ-পূব তৈল বলয়ৰ অন্তৰ্ভূক্ত ।

(খ)  ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগৰ নাম।

উত্তৰ— ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগ হৈছে- ১। জামছেদপুৰৰ টাটা লো-তীখা উদ্যোগ, ২। বাৰ্ণপুৰ লো আৰু তীখা উদ্যোগ, ৩। ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো আৰু তীখা উদ্যোগ, ৪। ভিলাই তীখা উদ্যোগ আৰু ৫। বোকাৰো তীখা উদ্যোগ।

(গ) মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে?

উত্তৰ— মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠাৰ মূখ্য কাৰন হৈছে ইয়াৰ সমীপবর্তী অঞ্চলসমূহ যেনে মহাৰাষ্ট্ৰ, গুজৰাট আদিত প্ৰচুৰ পৰিমাণে কপাহ উৎপাদন হয়।

প্ৰশ্ন ৪। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন আনিছে লিখা।

উত্তৰ— বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন আনিছে। অতীজত মানুহে এঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়ি নাইবা হাতী,ঘোঁৰা, গাধ, ম’হ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল। ইয়াত সময়ো লাগিছিল অধিক আৰু ই কিছু কিছু ক্ষেত্ৰত কষ্টকৰো আছিল। কিন্তু বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল, জল আৰু আকাশ তিনিওটা ক্ষেত্ৰতে উন্নত পৰিবহণ ব্যৱস্থা সম্ভৱ হৈ উঠিছে।স্থলপথত অত্যাধুনিক সুবিধাযুক্ত গাড়ী-মটৰ, ৰে’লগাড়ী, জলপথেৰে ভিন্ন সুবিধাযুক্ত জাহাজ, যন্ত্ৰচালিত নাও আৰু আকাশী পথেৰে এঠাইৰ পৰা আনঠাইলৈ সহজতে কম সময়ত যাত্ৰা কৰাটো সম্ভৱ হৈ পৰিছে।

প্ৰশ্ন ৫। পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ। কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা।

উত্তৰ— ১। পৰিবহণ ব্যৱস্থাই এখন দেশৰ প্ৰগতি আৰু উন্নয়নত দিশ নিৰ্ণায়কৰ ভূমিকা লয়।

২। পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহৃত সামগ্ৰীসমূহ দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়।

৩। পৰিবহণ ব্যৱস্থাই লাখ লাখ মানুহক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীৱিকা উপাৰ্জনৰ পথ মোকোলাই দিছে।

sl. No. contents (class 8 social science)
  ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
  ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
  অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য

প্ৰশ্ন ৬। ভূ-চিত্ৰাৱলীৰ সহায়ত লিখা

(ক)  অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম।

উত্তৰ— ধুবুৰী, কোকৰাঝাৰ, বঙ্গাইগাঁও, কামৰূপ, নগাঁও, মৰিগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, শি‌ৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজী, উত্তৰ লক্ষীমপুৰ, তেজপুৰ, দৰং, ওদালগুৰি নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, দক্ষিণ শালমাৰা, বিজনী, বিজালী ইত্যাদি ǀ

(খ)  ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নাম।

উত্তৰ— ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য়কেইখনৰ নাম হ’ল- নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়।

() ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম 

উত্তৰ— ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে ধেমাজী জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম হৈছে মূৰ্কংচেলেক ৰে’লৱে ষ্টেচন।

SCERT Assam Class 6 Social Science Chapter 6

মনত ৰাখিবলগীয়া কথা :

Class 8 Social Science ভাৰতত সঞ্চিত হৈ থকা খনিজ সম্পদৰ বিতৰণৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ ছটা খনিজ বলয় চিনাক্ত কৰা হৈছে। সেইবোৰ হ’ল উত্তৰ-পূব উপদ্বীপীয় বলয়, মধ্য বলয়, দক্ষিণ বলয়, দক্ষিণ-পশ্চিম বলয়, উত্তৰ-পশ্চিম বলয় আৰু উত্তৰ-পূব তৈল বলয়।

অভ্ৰ, কয়লা আৰু আকৰিক লো উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত ক্ৰমে প্ৰথম, তৃতীয় আৰু চতুৰ্থ।

ভাৰতৰ মুম্বাই আৰু আহমেদাবাদ অঞ্চলত প্ৰধানকৈ বস্ত্ৰ উদ্যোগসমূহ অৱস্থিত।

ৰে’লসেৱাৰ সুপৰিচালনাৰ বাবে ভাৰতবৰ্ষক ১৬টা মণ্ডলত ভাগ কৰা হৈছে। অসমৰ ৰে’লপথছোৱা উত্তৰ-পূব সীমান্ত ৰে’লপথ সংমণ্ডলৰ অন্তৰ্গত।

দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালাৰু, হায়দৰাবাদ, থিৰুৱনন্তপুৰম, অমৃতসৰ, কোশী, আহমেদাবাদ, পানাজী আৰু গুৱাহাটীত একোটাকৈ আন্তৰ্জাতিক বিমান বন্দৰ আছে।

৭নং ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য ২,৩৬৯ কিল’মিটাৰ।

ভাৰতত প্ৰধান তিনিটা পাইপ লাইন পৰিবহণ ব্যৱস্থা আছে। অসমৰ পৰা সংযোজিত পাইপ লাইনটো হ’ল উজনি অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা কাণপুৰ-গুৱাহাটী-বাৰাউনী আৰু এলাহাবাদলৈ।

বহ্মপুত্ৰ আৰু গংগা নদী আমাৰ দেশৰ দুটা প্ৰধান আভ্যন্তৰীণ জলপথ।

ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা FAQ

Where I can find ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা questions-answers?

You can find all the answers at eStudyAssam.com

ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা।

গুজৰাট

এবিধ ইন্ধন খনিজৰ নাম লিখা।

প্ৰেট্ৰ’লিয়াম।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close