ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Class 8 Social Science Chapter 8

SCERT Assam ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ class 8 Social Science Chapter 8 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 8 “ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ” Lesson 8 free notes. you can also download class 8 social science chapter 8 PDF for free.

ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

পাঠ ৮

প্ৰশ্ন ১। চমু উত্তৰ দিয়া

(ক)  স্কেল বা মাপনী বুলিলে কি বুজা?

উত্তৰ— মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে দুখন ঠাইৰ মাজৰ দূৰত্বৰ অনুপাতকেই স্কেল বা মাপনী বোলে।

(খ) ভৌগৌলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰ— যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে  ভৌগৌলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়।

প্ৰশ্ন ২। শুদ্ধ উত্তৰটোত √ চিন দিয়া

() দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল

(১) ইৰাট’স্থেনিচে,   (২) ট’লেমিয়ে,   (৩) কাৰ্লৰিটাৰে

উত্তৰ— (২) ট’লেমিয়ে ()

(খ)  ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল

(১) নিৰুপক ভগ্নাংশ,     (২) ৰৈখিক স্কেল,    (৩) ভাষাৰ স্কেল

উত্তৰ— (১) নিৰুপক ভগ্নাংশ ()

(গ)  আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে

(১) মিছৰত,    (২) মেছ’পটেমিয়াত,    (৩) চীনত

উত্তৰ— (২) মেছ’পটেমিয়াত

প্ৰশ্ন ৩। বহলাই লিখা

মানচিত্ৰ অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা?

উত্তৰ— সভ্যতাৰ একেবাৰে আৰম্ভণিৰপৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছোপটেমিয়াত (বৰ্তমানৰ ইৰাক)। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰতো এনে ধৰণৰ মানচিত্ৰ তৈয়াৰ কৰি উলিওৱা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পৰ্বত – পাহাৰ, নদ – নদী, ৰাস্তা – ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল ।

প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল । তেওঁ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল।  ইউৰোপত ছপা যন্ত্ৰ আৱিস্কাৰ হোৱাৰ পাছত মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আহিল। আমাৰ ভাৰততো খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰাই মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় । ভাৰতৰ ৰজা–মহাৰজা সকলে তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্ৰ তৈয়াৰ কৰিছিল যদিও আমাৰ দেশত ইংৰাজসকলেই পোনপ্ৰথমে মানচিত্ৰ প্ৰস্তুতকৰণত বিজ্ঞানসন্মত কৌশলৰ সূচনা কৰে । বৰ্তমান যুগত দূৰসংবেদন প্ৰযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুত মানচিত্ৰ তৈয়াৰ কৰাতো সম্ভৱ হৈ উঠিছে।

sl. No. contents (class 8 social science)
  ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
  ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
  অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য

অন্যান্য প্ৰশ্ন (Class 8 Social Science Chapter 8)

Class 8 social science chapter 8প্ৰশ্ন ১। মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ— মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল তিনিপ্ৰকাৰৰ- (১) ভাষা বা উক্তিৰ স্কেল, (২) নিৰূপক ভগ্নাংশৰ স্কেল আৰু (৩) ৰৈখিক স্কেল।

প্ৰশ্ন ২। দূৰ সংবেদন প্ৰক্ৰিয়া বুলিলে কি বুজা?

উত্তৰ— কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আঁতৰৰ পৰাই নিৰীক্ষণ কৰি বা জোখ-মাখ লৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰিব পৰা প্ৰযুক্তি কৌশলকে দূৰ সংবেদন প্ৰক্ৰিয়া বোলে।

প্ৰশ্ন ৩। জি পি এছৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰ— মহাসাগৰৰ বিশাল বুকুত জাহাজ চলোৱা আৰু জৰীপ কাৰ্যত জি পি এছ ব্যৱহাৰ কৰা হয়।

মনত ৰাখিবলগীয়া কথা ঃ

যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাকেই মানচিত্ৰ বিদ্যাত স্কেল বা মাপনী বুলি কোৱা হয়।

মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল তিনি প্ৰকাৰৰ (১) ভাষা বা উক্তিৰ স্কেল, (২) নিৰূপক ভগ্নাংশৰ স্কেল আৰু (৩) ৰৈখিক স্কেল

কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আতঁৰৰ পৰাই নিৰীক্ষণ কৰি বা জোখ-মাখ লৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰিব পৰা কৌশলকে দূৰ সংবেদন বোলা হয়।

স্থানিক তথ্য প্ৰযুক্তি বুলি ক’লে সাধাৰণতে দূৰ সংবেদন, ভৌগৌলিক তথ্য ব্যৱস্থা আৰু গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা এই তিনিটা পদ্ধতিক সামৰি লোৱা হয়।

যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগৌলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়। ই এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰভিত্তিক ব্যৱস্থা।

ভূ-পৃষ্ঠত ঠাইৰ অৱস্থান সম্বন্ধীয় তথ্য, অৰ্থাৎ দ্ৰাঘিমাংশ, অক্ষাংশ, উচ্চতা আদি নিৰ্ণয় কৰিবলৈ গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা প্ৰয়োগ কৰা হয়।

ইংৰাজসকলে ভাৰতত বিজ্ঞানসন্মত মানচিত্ৰ প্ৰস্তুতিৰ সূচনা কৰে।

ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ FAQ

Where I can find পাঠ-৮ ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Answers?

You can find all the answers at eStudyAssam.com

স্কেল বা মাপনী বুলিলে কি বুজা?

যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাকে মানচিত্ৰ বিদ্যাত স্কেল বা মাপনী বোলে।

আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক’ত উদ্ধাৰ হৈছে?

মেছ’পটেমিয়াত (বৰ্তমানৰ ইৰাক)।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close