সাগৰ-মহাসাগৰ Class 8 Social Science Chapter 5

SCERT Assam সাগৰ-মহাসাগৰ class 8 Social Science Chapter 5 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 5 “সাগৰ-মহাসাগৰ” Lesson 5 free notes. you can also download class 8 social science chapter 5 PDF for free.

সাগৰ-মহাসাগৰ

পাঠ ৫

অনুশীলনী :

প্ৰশ্ন ১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা

(ক)  মহাসাগৰীয় সোঁতৰ সৃ্ষ্টিৰ কাৰণবোৰ কি কি?

উত্তৰ— পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ(বা নিয়মিত বতাহ), পানীৰ উষ্ণতা, লৱনতা আৰু চাপৰ তাৰতম্য আদি কাৰণত মহাসাগৰীয় সোঁতৰ সৃষ্টি হয় ।

(খ)  গৰম পানীৰ সোঁত বুলিলে কি বুজা?

উত্তৰ— গৰম পানীৰ সোঁত বুলিলে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠ প্ৰবাহ ৰূপেৰে শীত মণ্ডললৈ প্ৰবাহিত হোৱাকে বুজায়।

অথবা

উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠ প্ৰবাহ ৰূপেৰে শীত মণ্ডললৈ প্ৰবাহিত হয় । ইয়েই হল গৰম পানীৰ সোঁত ।

(গ)  সাগৰীয় জীৱবোৰ কেইপ্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে?

উত্তৰ— সাগৰীয় জীৱবোৰ তিনিপ্ৰকাৰৰ আৰু সেইবোৰ হৈছে- প্লেংকটন বা প্লৱক, বেনথ’জ আৰু নেকটন । লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱকবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে ।

(ঘ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে?

উত্তৰ— সাগৰৰ যি অঞ্চলত উদ্ভিদ প্লৱক প্ৰচুৰ পৰিমাণে থাকে, তেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে।

প্ৰশ্ন ২। কাৰন দৰ্শোৱা

(ক)  নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।

উত্তৰ— পূৰ্ণিমা আৰু অমাবস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্ৰায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণৰ ফলত বাসন্তী জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে । ফলত ই শক্তিশালী হৈ পৰে।

আনহাতে নাটনি জোৱাৰ সময়ত অৰ্থাৎ সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্থান কৰে। এই দুটা চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামুখি হোৱা ঠাইতো জোৱাৰ হয়। ফলত নাটনি জোৱাৰৰ ঢৌ বাসন্তী জোৱাৰৰ দৰে সিমান ওপৰলৈ নুঠে আৰু শক্তিশালী নহয়।

(খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।

উত্তৰ— আজিকালি সাগৰৰ মাছ ধৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। সাগৰীয় মাছবোৰ ধৰি উপকূল অঞ্চলত লগে লগে শীতলীকৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয়। সেয়েহে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।

(গ) জাপানত সঘনাই ছুনামি হয়।

উত্তৰ— জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত ছুনামিৰ সৃষ্টি হয়।

(ঘ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।

উত্তৰ— অতীতৰ পৰাই মহাসাগৰবোৰে মানুহক পৰিবহণৰ সুবিধা প্ৰদান কৰি আহিছে। ই আটাইতকৈ সহজ আৰু কম খৰচী পৰিবহণ ব্যৱস্থা।চাৰিওপিনে মুক্ত আৰু সমান হোৱাৰ বাবে জাহাজবোৰে গধুৰ আৰু বৃহৎ পৰিমাণৰ মাল-বস্তু সহজে কঢ়িয়াই নিব পাৰে। লগতে পানীৰ ওপৰেৰে গতি কৰা জাহাজবোৰত শক্তি বা ইন্ধনৰ খৰছো তুলনামূলকভাৱে কম। ৰে’ল পৰিবহণ, পথ পৰিবহণ আৰু আকাশী পৰিবহণৰ ক্ষেত্ৰত থকা কিছুমান সিমাবদ্ধতাৰ বাবে বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট বুলি গণ্য কৰা হয়।

প্ৰশ্ন ৩। শুদ্ধ উত্তৰটোত √ চিন দিয়া

(১)  সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়

(ক) মেৰু অঞ্চলত    (খ) নিৰক্ষীয় অঞ্চলত     (গ) এটাও নহয়।

উত্তৰ— (ক) মেৰু অঞ্চলত।

(২)  দিনটোত দুবাৰ সাগৰৰ পানী উঠা-নমা কৰাকে

(ক) সাগৰীয় সোঁত   (খ) জোৱাৰ-ভাটা   (গ) ঢৌ বোলে।

উত্তৰ— (খ) জোৱাৰ-ভাটা বোলে।

(৩) ছুনামি শব্দৰ অৰ্থ হ’ল

(ক)  ভূমিকম্প   (খ)  সাগৰৰ ঢৌ    (গ)  পোতাশ্ৰয়ৰ ঢৌ।

উত্তৰ— (গ)  পোতাশ্ৰয়ৰ ঢৌ।

(৪)  সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ

(ক)  নেকটন    (খ)  বেনথ’জ    (গ)  প্লেংকটন শ্ৰেণীৰ।

উত্তৰ— (খ)  বেনথ’জ শ্ৰেণীৰ।

প্ৰশ্ন ৩। সোঁফালৰ লগত বাওঁফাল মিলোৱা

ক)  ডায়েটম 

খ) নিৰক্ষীয় অঞ্চলত

গ)  সাধাৰণ নিমখ 

ঘ)  সপ্তমী আৰু অষ্টমী তিথিত

ঙ)  মৎস্য ক্ষেত্ৰবোৰ

ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে।

খ) নাটনি জোৱাৰ হয়।

গ)  এবিধ উদ্ভিদ প্লেংকটন।

ঘ)  মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে।

ঙ)  পানীৰ ঘনত্ব কম হয়।

উত্তৰ—

ক)  ডায়েটম 

খ) নিৰক্ষীয় অঞ্চলত

গ)  সাধাৰণ নিমখ 

ঘ)  সপ্তমী আৰু অষ্টমী তিথিত

ঙ)  মৎস্য ক্ষেত্ৰবোৰ

গ)  এবিধ উদ্ভিদ প্লেংকটন।

ঙ)  পানীৰ ঘনত্ব কম হয়।

ঘ)  মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে।

খ)  নাটনি জোৱাৰ হয়।

ক)  উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে।

অন্যান্য প্ৰশ্ন (Class 8 Social Science Chapter 5)

সাগৰ-মহাসাগৰপ্ৰশ্ন ১। মহাসাগৰ কেইখন আৰু কি কি?

উত্তৰ— মহাসাগৰ পাঁচখন- প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।

প্ৰশ্ন ২। পৃথিৱীৰ বৰ্তমান বয়স কিমান?

উত্তৰ— ৪৫০০ নিযুত বছৰ।

প্ৰশ্ন ৩। শীতল আৰু গৰম পানীৰ সোঁত লগ লগা ঠাইৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ— এনে ঠাইত ধুমুহা আৰু ঘন কুঁৱলীৰ সৃষ্টি হয়।

প্ৰশ্ন ৪। ছুনামি কোন ভাষাৰ শব্দ আৰু ইয়াৰ অৰ্থ কি?

উত্তৰ— ছুনামি জাপানী ভাষাৰ শব্দ। জাপানী ভাষাত ছু (Tsu) মানে পোতাশ্ৰয় আৰু নামি (nai) মানে ঢৌ।

প্ৰশ্ন ৫। জোৱাৰ-ভাটা বুলিলে কি বুজা আৰু ইয়াৰ প্ৰধান কাৰন কি?

উত্তৰ— সাগৰৰ পানীৰ উঠা-নমা কৰাকে জোৱাৰ-ভাটা বোলে। ইয়াৰ প্ৰধান কাৰণ হ’ল পৃথিৱীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ, আৰু পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা অপকেন্দ্ৰিক শক্তি।

sl. No. contents (class 8 social science)
  ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
  ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
  অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য
মনত ৰাখিবলগীয়া কথা :

ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে। বেছি অংশ পানীয়ে আগুৰি আছে বাবেই আমাৰ পৃথিৱীখনক নীলা গ্ৰহ (Blue Planet) বুলিও কোৱা হয়।

পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ জলভাগক পাঁচটা ভাগত ভাগ কৰা হৈছে। ইয়াৰে একোটা ভাগেই একোখন মহাসাগৰ।

পৃথিৱীৰ সকলোবোৰ সাগৰ আৰু উপসাগৰেই বিশাল মহাসাগৰবোৰৰ একো একোটা অংশ।

পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোৰ ওখ অংশবোৰে কালক্ৰমত স্থলমণ্ডলৰ ৰুপ লয় আৰু নিম্ন অংশবোৰত পানী জমা হৈ মহাসাগৰৰ সৃষ্টি হয়।

পৃথিৱীৰ আৱৰ্তন, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য আদিয়ে সাগৰ-মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে।

উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয়। ইয়েই হ’ল শীতল বা ঠাণ্ডা পানীৰ সোঁত।

সাগৰৰ বুকুৰ অগভীৰ অঞ্চলবোৰত মাছৰ খাদ্য প্লেংকটন বা প্লৱক যথেষ্ট পৰিমাণে পোৱা যায়। এনে অঞ্চলবোৰ পৃথিৱীৰ উৎকৃষ্ট মৎস্যক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে।

ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌক ছুনামি বুলি কোৱা হয়।

জোৱাৰ-ভাটাৰ প্ৰধান কাৰন হ’ল পৃথিৱীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ আৰু পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা অপকেন্দ্ৰিক শক্তি।

সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক তিনি ভাগত ভাগ কৰিব পাৰি- প্লেংকটন বা প্লৱক, বেনথ’জ আৰু নেকটন।

মহাসাগৰৰ বুকুৰ খনিজ দ্ৰব্যবোৰৰ ভিতৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আটাইতকৈ গুৰুত্বপূৰ্ণ।

বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য ব্যৱস্থা।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close