SCERT class 6 Science Chapter 12 বিদ্যুৎ আৰু বৰ্তনী free study material and class notes available here for free. So, if you are looking for class six Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class six Science “বিদ্যুৎ আৰু বৰ্তনী” Lesson 12 notes.
বিদ্যুৎ আৰু বৰ্তনী
পাঠ ১২
অনুশীলনী
প্ৰশ্ন ১। খালী ঠাই পূৰণ কৰা :
(ক) বৈদ্যুতিক বৰ্তনী এটা বিছিন্ন কৰিবলৈ যি আঁহিলা ব্যৱহাৰ কৰা হয় তাক ——— বোলে।
উত্তৰ— বৈদ্যুতিক বৰ্তনী এটা বিছিন্ন কৰিবলৈ যি আঁহিলা ব্যৱহাৰ কৰা হয় তাক চুইচ বোলে।
(খ) এটা বিদ্যুৎ কোষত দুটা মেৰু থাকে।
উত্তৰ— এটা বিদ্যুৎ কোষত দুটা মেৰু থাকে।
প্ৰশ্ন ২। তলৰ বাক্যসমূহক ‘শুদ্ধ’ বা ‘অশুদ্ধ’ হিচাপে চিহ্নিত কৰা :
(ক) ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’ব পাৰে।
উত্তৰ— শুদ্ধ ।
(খ) বৈদ্যুতিক বৰ্তনী এটা সাজিবলৈ এডাল ধাতুৰ তাঁৰৰ সলনি এডাল মৰাপাটৰ ৰছীও ব্যৱহাৰ কৰিব পাৰি।
উত্তৰ— অশুদ্ধ ।
(গ) এডোখৰ থাৰ্মকলৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’ব পাৰে ।
উত্তৰ— অশুদ্ধ ।
প্ৰশ্ন ৩। চিত্ৰ ১২.১৩ ত দেখুওৱা সজ্জাটোত কিয় বাল্বটো নজ্বলে ব্যাখ্যা কৰা ।
উত্তৰ— উক্ত বিদ্যুৎ বৰ্তনীটো তৈয়াৰ কৰোঁতে স্ক্ৰু-ড্ৰাইভাৰ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ এটা মূৰ বিদ্যুৎৰ অপৰিবাহী। গতিকে সজ্জাটোত থকা বাল্বটো নজ্বলে।
প্ৰশ্ন ৪। চিত্ৰ ১২.১৪ত বাল্বটো জ্বলিবলৈ তাঁৰ দুডালৰ মুক্ত মূৰ দুটা ক’ত সংযোগ কৰিব লাগিব দেখুৱাবলৈ চিত্ৰ ১২.১৪টো সম্পূৰ্ণকৈ আঁকা।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
প্ৰশ্ন ৫। বৈদ্যুতিক ছুইচ এটা ব্যৱহাৰ কৰাৰ কাৰণ কি? কিছুমান বৈদ্যুতিক সঁজুলিৰ নাম লিখা য’ত ছুইচ সংযোগ কৰি থোৱা থাকে।
উত্তৰ— কোনো এটা বৈদ্যুতিক বৰ্তনী বিচ্ছিন্ন বা সংযোগ কৰিবলৈ ছুইচ ব্যৱহাৰ কৰা হয় ।
ছুইচ সংযোগ কৰি থোৱা কিছুমান বৈদ্যুতিক সঁজুলিৰ নাম হ’ল- টৰ্চ, টেবুল ফেন, টেলিভিচন, টেপ ৰেকৰ্ডাৰ আদি।
প্ৰশ্ন ৬। ছেফটি পিনৰ সলনি পেঞ্চিলৰ দাগ মচা ৰবৰ এডাল ব্যৱহাৰ কৰি চিত্ৰ ১২.১৪ত দিয়া বৰ্তনীটো সম্পূৰ্ণ কৰিলে বাল্বটো জ্বলি উঠিবনে?
উত্তৰ— চেফটি পিনৰ সলনি পেঞ্চিলৰ দাগ মচা ৰবৰ ব্যৱহাৰ কৰি বৰ্তনীটো সম্পূৰ্ণ কৰিলে বাল্বটো পুনৰ জ্বলি নুঠিব। কাৰণ, পেঞ্চিলৰ দাগ মচা ৰবৰ এডাল বিদ্যুৎৰ অপৰিবাহী।
প্ৰশ্ন ৭। চিত্ৰ ১২.২৫ ত দেখুওৱা বাল্বটো জ্বলিবনে ?
উত্তৰ— জ্বলিব, কাৰন বাল্বত সংযোজিত তাঁৰডাল বেটাৰীৰ ধনাত্মক আৰু ঋণাত্মক দুয়ো মেৰুত সংযোজিত হৈ আছে ।
প্ৰশ্ন ৮। এটা বস্তুৰ ক্ষেত্ৰত ‘পৰিবাহীতা টেষ্টাৰ’ (Conduction tester) ব্যৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গ’ল। সেই বস্তুটো পৰিবাহী নে অপৰিবাহী পদাৰ্থ ব্যাখ্যা কৰা।
উত্তৰ— যিহেতু বাল্বটো জ্বলি উঠিছে ইয়াৰ অৰ্থ বস্তুটো বিদ্যুৎ পৰিবাহী ।
প্ৰশ্ন ৯। এজন ইলেক্ট্ৰিচিয়ানে তোমাৰ ঘৰৰ ছুইচ এটা মেৰামতি কৰাৰ সময়ত তেওঁ হাতত কিয় ৰবৰৰ হাতমোজা(Rubber gloves) পিন্ধি লোৱা উচিত? ব্যাখ্যা কৰা।
উত্তৰ— আমাৰ শৰীৰ বিদ্যুৎৰ পৰিবাহী । কিন্তু ৰবৰ বিদ্যুতৰ অপৰিবাহী । সেয়ে কোনো অঘটন নঘটিবৰ বাবে ইলেক্ট্ৰিচিয়ানজনে ৰবৰৰ হাতমোজা পিন্ধি লোৱা উচিত।
প্ৰশ্ন ১০। মেৰামতি কামত ইলেক্ট্ৰিচিয়ানে ব্যৱহাৰ কৰা স্ক্ৰু-ড্ৰাইভাৰ আৰু চেপেনা আদিৰ নিচিনা আঁহিলাৰ নালবোৰত সাধাৰণতে প্লাষ্টিকৰ আৱৰণ থাকে। কিয় এই আৱৰণ দিয়া হয় তুমি ব্যাখ্যা কৰিব পাৰিবানে?
উত্তৰ— প্লাষ্টিক বিদ্যুতৰ অপৰিবাহী । সেয়ে স্কু-ড্ৰাইভাৰ আৰু চেপেনা যন্ত্ৰ আদিৰ নিচিনা আহিলাৰ নালবোৰত প্লাষ্টিকৰ আৱৰণ লগোৱা হয় যাতে কাম কৰি থাকোতে অসাৱধানতাবশত শৰীৰৰ মাজেৰে বিদ্যুত প্ৰৱাহিত হৈ কোনো ধৰনৰ দূৰ্ঘটনা সংঘটিত হ’ব নোৱাৰে।
জানো আহা
সাৰাংশ
- বৈদ্যুতিক কোষ হ’ল বিদ্যুতৰ এটা উৎস।
- এটা বৈদ্যুতিক কোষৰ দুটা মেৰু থাকে, এটাক ধণাত্মক (+ চিহ্ন) আৰু আনটোক ঋণাত্মক (- চিহ্ন) মেৰু বোলে।
- এটা বৈদ্যুতিক বাল্বত এডাল ফিলামেন্ট থাকে যিডাল বাল্বটোৰ দুয়ো মেৰুৰ লগত সংযোগ হৈ থাকে।
- এটা বাল্বৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’লে বাল্বটো জ্বলি উঠে।
- এটা বন্ধ বৈদ্যুতিক বৰ্তনীত বৈদ্যুতিক কোষৰ এটা মেৰুৰ পৰা আনটো মেৰুলৈ বিদ্যুৎ প্ৰৱাহিত হয়।
- ছুইচ এবিধ সৰল আঁহিলা যাক বৈদ্যুতিক বৰ্তনী এটা সম্পূৰ্ণ কৰিবলৈ বা বিচ্ছিন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়।
- যিবোৰ পদাৰ্থই সিহঁতৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’বলৈ দিয়ে সেইবোৰক পৰিবাহী বোলে।
- যিবোৰ পদাৰ্থই সিহঁতৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’বলৈ নিদিয়ে সেইবোৰক অপৰিবাহী বোলে।
মূল শব্দ
বাল্ব (বৈদ্যুতিক চাকি) | Bulb |
পৰিবাহী | Conductors |
বৈদ্যুতিক কোষ | Electric cell |
বৈদ্যুতিক বৰ্তনী | Electric circuit |
ফিলামেন্ট | Filament |
অপৰিবাহী পদাৰ্থ | Insulator |
ছুইচ | Switch |
মেৰুBulb | Terminal |
অন্যান্য প্ৰশ্ন (Class 6 Science)
Sl. No. | Contents (Class 6 science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
প্ৰশ্ন ক) দুটা বিদ্যুৎৰ পৰিবাহী আৰু দুটা বিদ্যুৎৰ অপৰিবাহী বস্তুৰ নাম লিখা।
উত্তৰ— দুটা বিদ্যুৎৰ পৰিবাহী বস্তু হৈছে- কাঠৰ টুকুৰা, ৰবৰ ।
দুটা বিদ্যুৎৰ অপৰিবাহী বস্তু হৈছে- মুদ্ৰা, লোৰ গজাল।
প্ৰশ্ন খ) বৈদ্যুতিক কোষ ব্যৱহাৰ হোৱা ৩ট যন্ত্ৰ বা আহিলাৰ নাম লিখা।
উত্তৰ— হাতঘড়ী, কেমেৰা, ম’বাইল ফোন।
(adsbygoogle = window.adsbygoogle || []).push({});