SCERT class 6 Science Chapter 11 পোহৰ, ছাঁ আৰু প্ৰতিফলন free study material and class notes available here for free. So, if you are looking for class 6 Science text book questions-answers (ষষ্ঠ শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class six Science “পোহৰ, ছাঁ আৰু প্ৰতিফলন” Lesson 11 notes.
পোহৰ, ছাঁ আৰু প্ৰতিফলন
পাঠ ১১
অনুশীলনী
প্ৰশ্ন ১। অস্বচ্ছ বস্তুৰ বিষয়ে বুজি পাবলৈ তলৰ বাকচৰ আখৰবোৰ পুনৰ সজাই এটা বাক্য বনোৱা।
উত্তৰ— অস্বচ্ছ বস্তুবোৰে ছাঁ সৃষ্টি কৰে।
প্ৰশ্ন ২। তলত দিয়া বস্তু বা সঁজুলিবোৰ অস্বচ্ছ, স্বচ্ছ, ঈষৎ স্বচ্ছ আৰু দীপ্তিমান বা দীপ্তিহীন এইদৰে শ্ৰেণীবিভাগ কৰা :
বায়ু , পানী, এটুকুৰা শিলগুটি , এচটা এলুমিনীয়াম , এখন দাপোন , এখন কাঠৰ ব’ৰ্ড , এচটা পলিথিন , এখন চিডি , এখন চি.ডি. (C.D), ধোঁৱা, সমতল আইনা , কুঁৱলী , ৰঙাকৈ গৰম কৰা এটুকুৰা লো , এটা ছাটি , ধোঁৱা , এটা জ্বলি থকা টিউব লাইট , এখন বেৰ, এখিলা কাৰ্বন পেপাৰ, গেছ বাৰ্ণৰৰ শিখা , এখন কাৰ্ডব’ৰ্ড , এটা জ্বলি থকা টৰ্চ , এখন ছে’লফেন (পেপাৰ), এখন তাঁৰৰ জালি, কেৰাচীনৰ ষ্ট’ভ, সূৰ্য , জোনাকী পৰুৱা , চন্দ্ৰ ।
উত্তৰ— অস্বচ্ছঃ- এটুকুৰা শিলগুটি, এচটা এলুমিনিয়াম, এখন কাঠৰ ব’ৰ্ড, এখন চি.ডি, এখন বেৰ, এখিলা কাৰ্বন পেপাৰ।
স্বচ্ছঃ- বায়ু, পানী, এখন দাপোণ, এখন সমতল আইনা ।
ঈষৎ স্বচ্ছঃ- ধোঁৱা, পলিথিন।
দীপ্তিমানঃ- ৰঙাকৈ গৰম কৰা এটুকুৰা লো, এটা জ্বলি থকা টিউব লাইট, গেছ বাৰ্ণাৰৰ শিখা, এটা জ্বলি থকা টৰ্চ, কেৰাচিনৰ ষ্ট’ভ, সূৰ্য, জোনাকী পৰুৱা, চন্দ্ৰ ।
দীপ্তিহীনঃ- এটা ছাতি, এখন কাৰ্ডব’ৰ্ড, এখন তাঁৰৰ জালি, এখন ছে’লফেন(পেপাৰ), এটুকুৰা শিলগুটি, এচটা এলুমিনিয়াম, এখন কাৰ্ডব’ৰ্ড, এখন চি.ডি, এখন বেৰ, এখিলা কাৰ্বন পেপাৰ ।
প্ৰশ্ন ৩। এনে এটা আকৃতিৰ বস্তু তৈয়াৰ কৰাৰ কথা ভাবিব পাৰিনে যিটো এটা দিশত ৰাখিলে ঘূৰণীয়া ছাঁৰ সৃষ্টি কৰে আৰু আন এটা দিশত ৰাখিলে আয়তাকাৰ ছাঁৰ সৃষ্টি কৰে ?
উত্তৰ— পাৰি । এটা চিলিণ্ডাৰৰ সৈতে এনে ঘটনা সংঘটিত কৰিব পাৰি।
প্ৰশ্ন ৪। এটা সম্পূৰ্ণ আন্ধাৰ কোঠাত যদি তুমি তোমাৰ সন্মুখত দাপোনখন ধৰা তেতিয়া তোমাৰ প্ৰতিবিম্ব দেখা পাবানে ?
উত্তৰ— এটা সম্পূৰ্ণ অন্ধকাৰ কোঠাত আমি নিজৰ সন্মুখত এখন দাপোণ ৰাখিলে কোঠাটোত পোহৰৰ কোনো উৎস নথকাৰ বাবে আমি প্ৰতিবিম্ব দেখা নাপাওঁ ।
Sl. No. | Contents (Class 6 science) |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ? |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ |
Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিৰ্ৱতনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ-মাখ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত ধেমালি |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু |
Chapter 16 | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন |
জানো আহা
সাৰাংশ
- অস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে।
- স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে আৰু সেয়ে আমি এনে বস্তুৰ মাজেৰে স্পষ্টকৈ দেখোঁ ।
- ঈষৎ স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱেহে পাৰ হৈ যাব পাৰে।
- পোহৰৰ গতি পথত কোনো অস্বচ্ছ বস্তু থাকিলে ছাঁৰ সৃষ্টি হয়।
- সাধাৰন বস্তুৰ সহায়তেই পিনহ’ল কেমেৰা তৈয়াৰ কৰিব পাৰি আৰু ইয়াৰ সহায়ত সূৰ্য আৰু পোহৰ পৰি থকা অন্য বস্তুৰ প্ৰতিবিম্ব সৃষ্টি কৰিব পাৰি।
- দাপোণৰ দ্বাৰা প্ৰতিফলন ঘটাই পৰিষ্কাৰ প্ৰতিবিম্ব পাব পাৰি।
- প্ৰতিবিম্ব আৰু ছাঁ বহুত বেলেগ বেলেগ।
- পোহৰ সদায় সৰলৰেখাত গতি কৰে।
মূল শব্দ
দীপ্তিমান | Luminous |
দাপোণ | Mirror |
অস্বচ্ছ | Opaque |
পিনহ’ল কেমেৰা | Pinhole camera |
প্ৰতিফলন | Reflection |
ছাঁ | Shadow |
ঈষৎ স্বচ্ছ | Translucent |
স্বচ্ছ | Transparent |
অন্যান্য প্ৰশ্ন
প্ৰশ্ন ক) দীপ্তিমান বস্তু কাক বোলে?
উত্তৰ— সূৰ্যৰ দৰে নিজে পোহৰ দিব পৰা বা পোহৰ বিলাই দিব পৰা বস্তুবোৰক দীপ্তিমান বস্তু বোলে।
(adsbygoogle = window.adsbygoogle || []).push({});